Saturday 25 August 2012

Hair- Care


চিন্তা আৰু চুলি


জুনমুন: - মাম্মী মাম্মী... পাপ্পাৰ কেলে চুলি ইমান কম? আগ তপা যে?

মাম্ম্মী: - পাপাই বেছি বেছি চিন্তা কৰে যে.. চিন্তা কৰিলে চুলি সৰেই | যিমান চিন্তা, সিমানেই চুলি-সৰণ |

জুনমুন: - অ’ ওৱাও.... | এতিয়া হে বুজিলোঁ তোমাৰ চুলিকোচা কিয় ইমান দীঘল | খিক খিক |

by Changmai#

ভাড়াঘৰ

ভাড়াঘৰৰ মালিক: মাহে ৫০০ টকা দিব ৷

ভাড়াতীয়া: সেইটো বাৰু ঠিকেই আছে, কিন্তু আপোনাৰ ঘৰত নিগনিয়ে নাচি আছে দেখোন ৷

ভাড়াঘৰৰ মালিক: চাল্লা.. ৫০০ টকাত নিগনিয়ে নানাচি কি শীলাই “শীলা কী জৱানী” নাচিব নেকি.....

contributed by Abhijit Dehingia

মুৰ্গী অৱতাৰ

কলিতাই এদিন খাই বৈ ফিটিং হৈ ঘৰলৈ উভতিলে | ইমানেই ফিটিং যে খবৰ নাই একো, চিধাই আহি বিচনাত লাং খাই দিলে |


অলপ পিছত কলিতাৰ আত্মা টো উৰি গৈ স্বৰ্গ পালেগৈ ... কলিতাই দেখে কথা বিষম | যেনে তেনে কাও বাও কৰি মেলি ভগৱানক কাকূতি কৰি আৰু এবাৰৰ বাবে চান্স এটা দিবলৈ সৈমান কৰিলে | ভগৱানে কলিতাক মুৰ্গী বনাই পৃথিৱীলৈ পঠাই দিলে |


কলিতা একদম খুচ... আহিয়েই কণী এটা পাৰিলে; খুব ভাল লাগি গ’ল মনটো | দ্বিতীয় কণীটো পাৰিবলৈ লৈছে হে, তেনেতে মূৰতে কোনোবাই টঙনিয়াই দিলে |



উঠি দেখে- বেলনা মাৰি হাতত লৈ উগ্ৰচণ্ডী কলিতানী:- গেলাসোপা খাই আহিছে তো আহিছেই, এতিয়া টোপনিতে বিচনাতে হাগুও কৰি দিছে... বিপ বিপ বিপ (মানে গালিবোৰ বিপ কৰি দিছোঁ ) বিপ বিপ |

by Changmai#