Friday 31 October 2014

যেতিয়া মই সৰু আছিলো

By: Rupalee Bharali Boruah

যেতিয়া মই সৰু আছিলো :-
• দুয়োখন হাত পিন্ধি থকা চোলাটোৰ ভিতৰলৈ ভৰাই মানুহক কৈ ফুৰিছিলো মোৰ হাত নাই... মোৰ হাত নাই...!!!

• যেতিয়াই হাৰিম বুলি গম পাওঁ তেতিয়াই লুডো খেল খন চিঞৰ বাখৰ কৰি পুনৰ আৰম্ভ কৰো.....!!!


• সেই চাৰি ৰঙৰ ৰিফিল থকা কলমটোৰ চাৰিওডাল ৰিফিলেৰে সেই একেলগে লিখিবলৈ কৰা ব্যৰ্থ চেষ্টা ....!!!

• দৰজাৰ চুকত কাৰোবাক ভয় খুৱাম বুলি লুকাই থকা.... আৰু কোনো নহিলে লাহেকৈ লাজ লাজকৈ উলাই অহা...!!!

• কোনোবাই মৰমেৰে চুম খাই কোলাত তুলি নি বিচনাত মৰমেৰে শুৱাই দিব বুলি মিছাতে কৰা টোপনিৰ অভিনয় .....!!!

• গাড়ীত গৈ থাকোতে জোনবাই টোৱে আমাৰ পিছে পিছে খেদি আহি আছে বুলি সকলোকে চিঞৰি চিঞৰি কোৱা ....!!!

• ঘৰৰ চুইছবোৰ্দত এটা চুইছ অন অফৰ মাজত ৰাখিবলৈ কৰা ব্যৰ্থ চেষ্টা ....!!!

• দুটোপাল বৰষুণৰ পানী ঘৰৰ চালৰ পৰা এটোপাল এটোপালকৈ নামি অহাত দুয়োটাৰ মাজত দুইটোপালকে ধৰি ৰাখিব বিচৰা ...!!!

• নিজৰ স্কুলবেগটোৰ ভিতৰত থকা টিফিনটো অতি সাৱধানে সাৱতি থকা..!!!

• পেটত গছপুলি গজিব বুলি কোনো এবিধ ফলৰ গুটি পেটলৈ নোযোৱাকৈ অতি সাৱধানে খোৱা ...!!!

• ৰেফ্ৰিজাৰেটৰৰ ভিতৰৰ লাইট টো নো কেনেকৈ বন্ধ হয় বুলি লাহে লাহে ফ্ৰিজৰ দৰজা বন্ধ কৰা ... !!!

• কিবা এটা বিচাৰি এটা কোঠালৈ সোমাই যোৱা আৰু কি আনিব গৈছিলো সেইটো পাহৰি পুনৰ ঘুৰি অহা....!!!!
.
.
.
.
.
.
.
.
আৰু তেতিয়াই ভাবো যে মই শিশু আৰু অতি সোনকালে ডাঙৰ হব লাগিব ...!!!
.
.
.
.
.
.
.
.
.
কিন্তু এতিয়া নিজকে ধিক্কাৰ দিও যে মই কিয় ডাঙৰ হলো..
.
.
.
.
.
.
.
আপোনাৰ মোৰ সেই সময় আমাৰ জীৱনৰ শ্ৰেষ্ঠ সময় ....!!!নহয়নে ???

মই জানো যে এই লেখনি পঢ়ি আপোনাৰ মূখত এটি মিঠা হাঁহি বিয়পি পৰিছে ...

শেষত মোক বহুতেই সৰু থাকোতে কৰা সেই প্ৰশ্নটো যে "তুমি ডাঙৰ হৈ কি হ'ব বিচৰা...???" তাৰ উত্তৰ মই আজি দিব বিচাৰো .....

মই আজিও সেই নাৰ্চাৰি..কেজিৰ সেই উৎপতীয়া তুমন জনী হৈ যাব বিচাৰো .....

ঘূৰাই পাব বিচাৰো পুনৰ সেই এৰি থৈ অহা দিনবোৰ......... !!!!

পুৰনি>>>> সদায় <<<<< সোনালী

By: Dina R. Borah

হাইস্কুলখনলৈ পৰিদৰ্শনৰ বাবে জিলা সদৰৰ পৰা
ইন্সপেক্টৰ-অব-স্কুল আহিব ।


হেড চাৰকে ধৰি সকলো শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী, মেনেজিং কমিটিৰ
সভাপতি, সদস্য সকলোৰে বুকুৰ ঢপ ঢপনি , ব্যস্ততা , লৰা ঢপৰা,
বাঢ়িল।
তেখেত আহিল । আদৰণি হৈ গল । হেডচাৰৰ চকীতে বহি চাহ
মিঠাই খাই হাইস্কুলখনৰ সকলো ৰেকৰ্ড পাতি পৰীক্ষা কৰি ক্লাচ
চাবলৈ ওলাল । পিচে পিচে হেডচাৰ আৰু সকলো শিক্ষক শিক্ষয়ত্ৰী ।

সোমালগৈ নাইনৰ ক্লাচত । সকলোৰে বুকুত কপনি । কিবা সোধে
ছাত্ৰ ছাত্ৰীক ?
দুই এটা প্ৰশ্নৰ পিচত তেও এগৰাকী ছাত্ৰীক সুধিলে :-
ঃ তুমি কোৱাচোন Lotus ৰ অসমীয়া কি ?
তাইৰ ডিঙি শুকাই গল । তাই নাজানে অসমীয়াটো কি ? ভাবি ভাবি
ভৰিৰ বুঢ়া আঙুলিৰে মাতি খুচৰিবলৈ লাগিল ।

ইন্সপেক্টৰ:-
ঃ কোঁৱা কোঁৱা Lotus ৰ অসমীয়া কি নাজানা ?

ইংৰাজীৰ শিক্ষক বৰা চাৰে ইন্সপেক্টৰে দেখা নোপোৱাকৈ হাতদুখন
পদুম ফুলৰ আকৃতি কৰি কৰি স্কুলৰ সমুখত থকা পুখুৰীটোত ফুলি থকা
পদুম ফুল খিনিলৈ ইংগিতেৰে দেখুৱালে ।

ছাত্ৰীজনীয়ে পুখুৰীৰ ফালে বাৰে বাৰে চাই মতা ঘোঁৰা এটা চৰি থকাহে দেখা
পালে । সেয়ে সেই ফালে চাই২ তলমূৰকৈ কলে:-

ঃজানো চাৰ । কিন্তু কবলৈ লাজ লাগিছে ।

ইন্সপেক্টৰ:- লাজ লাগিছে কিয় ? কোঁৱা কোঁৱা ।

ছাত্ৰীজনীয়ে উপায় নাপায় হাতেৰেই পুখুৰীটোৰ ফালে টোঁৱাই
দেখুৱালে । ইনস্পেক্টৰে সেইফালে চাই পদুমফুলবোৰ দেখি কলে:-

ঃ গুড গাৰ্ল । শুদ্ধ উত্তৰ । কিন্তু লাজ কিয় কৰিলা সেইটোহে
বুজি নাপালো । বাৰু হব । ইংৰাজী কোনে পঢ়াই ?

ঃ মই চাৰ । বৰা চাৰে উত্তৰ দিলে।

ইন্সপেক্টৰ:-
ঃ বঢ়িয়া । গুড ।

ইনস্পেক্টৰ গলগৈ ।

ইন্সপেক্টৰ যোৱাৰ ইংৰাজীৰ বৰা চাৰে গৰ্বেৰে বুকু মুখ ফুলাই ক্লাচ
নাইনত সোমাই কলে:-
ঃ দেখিলি ইনস্পেক্টৰ চাৰে মোক কিমান প্ৰশংসা
কৰিলে। মই ইংগিত নিদিয়া হলেই এইজনীয়ে চব বৰবাদ কৰি
পেলালেহেতেন । Lotus ৰ অসমীয়া নাজানে ।
পিচে এতিয়া জানিলিতো ?

সকলো ছাত্ৰ ছাত্ৰীয়ে কলে :- হয় জানিলো চাৰ ।

বৰা চাৰে সুধিলে :- কচোন বাৰু চাওঁ Lotus ৰ অসমীয়া কি ?

সকলো ছাত্ৰ ছাত্ৰীয়ে একেমুখে চিঞৰি কলে :-
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
" ঘোঁৰাৰ কণী , চাৰ" ।,।।,

বৰা চাৰৰ গৰ্ববোৰ ওলাই কেনিবা ফাঁহি চিটিকা দিলে ।
সৰগ পৰা মানুহৰ দৰে বৰা চাৰ থৰ হৈ গল ।

Sunday 26 October 2014

ছোৱালী এজনী

By: Ashish Majumdar

বাবলু গ'ল বাবাজীৰ ওচৰলৈ!

বাবলু- বাবাজী ইমান দিনে ছোৱালী এজনী পটাব নোৱাৰিলোঁ
বাবাজী- তোমাক ছোৱালী লাগে?
বাবলু- (উৎসাহিত হৈ) হয়!
বাবাজী- ছোৱালীবোৰৰ কথা শুনি ভাল লাগে?
বাবলু- (লাজ লাজ কৈ) হয় হয় !!
বাবাজী- তুমি বিচৰা ছোৱালীবোৰে তোমাক আগুৰি থাকক?
বাবলু- (উত্তেজিত হৈ) বাবাজী আপুনি সৰৱজান! আপুনি মোৰ মনৰ কথা কৈ দিলে!!!!
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
বাবাজী- তেনেহ'লে সৌ চাৰি আলিটোত ফুচকা বেচা গৈ যোৱা!

নগেন

by: বিতোপন নাথ

১)নগেনঃভাবি আছো আমেৰিকা ফুৰি আহো ৷
খগেনঃকিমান টকা লাগিব???
নগেনঃএটকাও নালাগে ৷
খগেনঃকেনেকৈ??
নগেনঃভাবিবলৈ টকা নালাগে নহয় ৷

২)নগেনে মাকৰ লগত ফোনত কথা পাতিছে......
নগেনঃমা সুখবৰ আছে ৷
মাকঃকি খবৰ নগেন???
নগেনঃআমি দুজনৰ পৰা তিনিজন হ'লো ৷
মাকঃল'ৰা নে ছোৱালী???
নগেনঃ ল'ৰা নহয় ছোৱালীও নহয় মই দ্বিতীয় বিবাহ কৰিলো ৷
৩)নগেন প্ৰথমবাৰলৈ উৰাজাহাজত উঠিছে ৷
যেতিয়া উৰাজাহাজৰ আগৰ চকা কেইটা ওপৰলৈ উঠিল নগেনে পাইলটক এটা চৰ দি ক'লে “মই এনেই ভয় খাই অাছো তই আকৌ ষ্টান্ট দেখুৱাবলৈ আহিছ ৷

লৰা ছোৱালী কেইটা?

By: Shahanur Islam
আশীষদাৰ ঘৰত ভাৰাটীয়া হিচাবে থকা বেপাৰী জনক আশীষদাই এদিন সুধিয়ে পেলালে
আ: দা -- ইমান বছৰ হল তুমি ঘৰত নোযোৱা কিয়?
ভাৰাটীয়া--- বাবু সময়ে পোৱা নাই
আ: দা--- তোমাৰ লৰা ছোৱালী কেইটা?


'
'
'
'
'
'
'
'


'
ভাৰাটীয়া ---সেই আঠ বছৰ আগতে বিয়া পাতি থৈ আহিছো, মানুহজনীয়ে অকলে অকলে কিমান কৰিব, তথাপিতো তিনিটা লৰা ছোৱালী ৷ বাবু মই থকা হলে দুই চাৰিটা বেছি হলহেঁতেন ৷
:
:
শুনি আশীষদা হাফ বেহুচ

কাইলৈ মা আহিব

By: Ashish Majumdar 

ৰূপালীৰ গিৰিয়েক- হেৰা শুনাচোন..কাইলৈ মা আহিব। ট্রেনত ৰাতিপুৱা পাঁচ বজাত পাবহি।
ৰূপালী- চাৰি মাহ আগতে আহি গৈছিল হে! আকৌ আহিবলগীয়া হ'লেই নে? কাইলৈ দেওবাৰ, ভাবিছিলোঁ অলপ দেৰীলৈকে শুম....তোমাৰ মা দেওবাৰ দিনাখনেই আহিবলৈ পালে নে? তাকো পুৱা পাঁচটাতেই!
ইমান ৰাতিপুৱা টেক্সী ক'ৰ পৰা......
.
.


গিৰিয়েক- মোৰ মা নহয়, তোমাৰ মা আহিব।
ৰূপালী- ওৱাও! মা আহিব !!!! দুমাহেই হৈ গ'ল মাক লগ পোৱা! শুনা চোন মোৰ হাতত টেক্সীৱালাৰ নাম্বাৰ আছে। তাক ফোন এটা কৰি দিলেই সি ষ্টেছনত ৰৈ থাকিব। ভালেই হ'ল কাইলৈ দেও বাৰ। ল'ৰা ছোৱালী কেইটাৰো স্কুল নাই। সিহঁতেও আইতাকক আনিবলৈ যাব পাৰিব। মই লিষ্ট এখন দিছো তুমি পটককৈ বস্তু কেইটা লৈ আহাঁ চোন!

**হোষ্টেল লাইফ**

By: Dipu Borah

আজি কিবা এটা ভাগ্যৰ বলত এখন চেমিনাৰ এটেণ্ড বুলি সেই বহুবছৰৰ আগেয়ে শিক্ষাজীৱন এৰি থৈ অহা চহৰখনত পুনৰবাৰ উপস্থিত হলোহি....

চেমিনাৰ খনত মন নবহাত উলাই আহি অটো এখন লৈ পূৰ্বে এৰি থৈ অহা হোষ্টেল অভিমুখে লৈ যাবলৈ চালক জনক নিৰ্দেশ দিলো...


যিমানেই হোষ্টেলৰ কাষ চাপি গৈছো সিমানেই আবেগিক হৈ পৰিছো। সকলো ফালেই পৰিৱৰ্তন । আগৰ কেঁচা দোকান, শিলগুটি দিয়া পথসমূহ পকী হল, মুঠতে এই কেইবছৰতে বিৰাট পৰিবৰ্তন ....

অটো ৰোৱাৰ মাত্ৰেই দৌৰি গৈ ৰূম নং:-১০৫ সম্মুখত ৰৈ বন্ধ দুৱাৰত নক কৰিলো....... কোন বুলি সোধাত নিজকে প্ৰাক্তন আবাসী বুলি পৰিচয় দিয়াত দুৱাৰখন খুলি দি ভিতৰলৈ মাতিলে.......

ভিতৰ সোমাই সকলো এফালৰ পৰা পৰীক্ষা কৰি যাব ধৰিলো ...

সকলো একেই আছে...

সেই একে কাঠৰ পঢ়া টেবুল...

একেটা কাঠৰ আলমাৰি....

একেই ৰছিত উলমি থকা কাপোৰ..

একেই চিগাৰেটৰ গোন্ধ ....

একেই সেই পকী দেৱালত বলিউদৰ নায়িকাৰ উত্তেজক ফটো...

একেই সেইখন খিৰকি, যিখন খুলিলে ছোৱালী হোষ্টেলৰ গেটখন দেখা পোৱা যায়..

আৰু এইখন টো সেইখনেই কাঠৰ বিচনা যত মই তিনিবছৰ পাৰ কৰিলো....

সেইবুলি বিচনাখনৰ চাদৰ খন ডাঙি দিয়াত তলত এজনী ছোৱালী সোমাই থকা দেখি লৰাটোলৈ চালো.......

চাল্লা তাৰো সেই একেই পূৰণা দায়লগ.... "দাদা কিবা ভুল নুবুজে যেন... তাই মোৰ ভণ্টি হয় আৰু তাইৰ এপাত কাণফুলি হেৰুৱাত হে বিচনা তলত বিচাৰি আছে ...."

Friday 24 October 2014

চিনেমা

by: Bhaben Loying

আমি সকলোৱে কম-বেছি পৰিমাণে চিনেমা চাওঁ। মনোৰঞ্জনৰ লগতে আমি চিনেমাৰ পৰা বহুতো নজনা কথা জানিব পাৰোঁ। ৰ'ব, ৰ'ব……, ইয়াত আমি কোনো পঢ়া-লিখাৰ কথা কোৱা নাই, চিনেমাৰ কিছুমান আমোদজনক কথাহে ক'ব বিচাৰিছোঁ… এয়া মাথোঁ ভাৰতীয় চিনেমাৰে নহয় গোটেই বিশ্বৰে চিনেমাত সচৰাচৰ দেখিবলৈ পোৱা যায়…
আহকচোন চাওঁ কোন দেশৰ চিনেমাত কি, কি দেখিবলৈ পোৱা যায়……

১. চীন, কোৰিয়া আদি দেশৰ চিনেমাত কাৰাটে-কুংফু কৰা আৰু শিকোৱাৰ বাহিৰে যেন আৰু একোৱেই নাই!


২. আমেৰিকাৰ আধাতকৈ বেছি লোক এফবিআই/চিআইএ এজেন্ট অথবা গুপুত অভিযানৰ সতে জড়িত।

৩. আমেৰিকাৰ শিক্ষা ব্যৱস্থা বাস্কেট বল আৰু বেছবলক অগ্ৰাধিকাৰ দিবলৈহে যেন গঢ় লৈ উঠিছে

৪. বেলেগ গ্ৰহৰ প্ৰাণীবোৰৰ আমেৰিকা আক্ৰমণৰ প্ৰতি যেন এক বিশেষ ৰুচি আছে!

৫.যেন আমেৰিকাই পৃথিৱীৰ একমাত্ৰ ঠাই য'ত ৰূপ পৰিবৰ্তনকাৰী বিভিন্ন জন্তু আৰু ভেম্পায়াৰৰ দৰে অদ্ভূত প্ৰাণী পোৱা যায়।

এতিয়া আহকচোন চকু ফুৰাওঁ ভাৰতীয় চিনেমাৰ ওপৰত…

১.ভাৰতীয় চিনেমাৰ যমজ চৰিত্ৰবোৰৰ এটা চৰিত্ৰ নিশ্চিতভাৱে বদমাছ/গুণ্ডা হ'বই!

২. বোমা নিস্ক্ৰীয় কৰাৰ সময়ত যিডাল তাঁৰেই নাকাটক সেইডালেই যে সঠিক হ'ব সেয়া ধুৰূপ।

৩. মুখ্য অভিনেতাজনে গুণ্ডাৰ হাতেৰে মাধমাৰ খোৱাৰ সময়ত বিষ নহয় যদিও হিৰ'ইনে মালিচ কৰাৰ সময়ত কেঁকনি শুনিবলৈ পাবই পাব!!

৪.সকলোবোৰ পুলিচ অফিছাৰ বা ডিটেক্টভে চাকৰিৰ পৰা খেদা নোখোৱালৈকে প্ৰকৃত অপৰাধীৰ অপৰাধ প্ৰমাণ কৰিব নোৱাৰে!

৫. জনসমাগমৰ মাজতো যদি হিৰ'-হিৰ'ইনে ডান্স কৰে, উপস্থিত সাধাৰণ জনতায়ো তেওঁলোকৰ খোজত খোজ মিলাই নিৰ্ভুলকৈ ডান্স কৰিব পাৰে……

এনেধৰণৰ আৰু যদি আমোদজনক কিবা আছে সংযোগ কৰি যাওক………

(অনুবাদ)

আশীষ_দাৰ_বিবাহোত্তৰ_জীৱনৰ_কেইটামান_স্নেপশ্বট্‬

By: Bhaben Loying

আশীষ দাৰ বিয়াৰ কেইমাহমানৰ পিছৰ এটা আবেলি…… অফিচৰ পৰা অহাৰ পিছতেই বৌৱে ক'লে- "আপোনাক এটা কথা ক'বলৈ আছে… অতি শীঘ্ৰেই আমাৰ ঘৰৰ সদস্যৰ সংখ্যা দুজনৰ পৰা তিনিজনলৈ বৃদ্ধি হ'ব…"
কথাষাৰ শুনা মাত্ৰেই আশীষ দাই আনন্দতে বৌক আকোঁৱালি লৈ মৰম কৰিবলৈ ধৰিলে। তাকে দেখি বৌৱে ক'লে- "আপুনি এইকথাত সুখী হোৱা দেখি মই বৰ সন্তোষ পালোঁ… পিছে মা'ক আনিবলৈ ষ্টেচনলৈ আপুনি যাব নে মই আগবাঢ়ি যাওঁ?
©©©©©©©©©©©©©©©©©©©©©©©


আশীষ দাৰ দাম্পত্য জীৱনৰ কোনোবা এটা সুখী মুহুৰ্তত……

আশীষ দাঃ যদি তোমাৰ কিবা হৈ যায় মই পাগল হৈ যাম সোণ…

বৌঃ কিয়?, তুমি দ্বিতীয় বিবাহ নকৰা?

আশীষ দাঃ পাগলে যিকোনো কাম কৰিব পাৰে!!

@@@@@@@@@@@@@@@@@@@@@

("চাদী কা লাড্ডু" খোৱাৰ কেইবছৰ মানৰ পিছত সেই একেই আশীষ দা…)

বহুদিনৰ মূৰত পুৰণা বন্ধু পংকজ দাক লগ পাই……

আশীষ দাঃ কি খবৰ বন্ধু? বিবাহিত জীৱন কেনে চলিছে?

পংকজ দাঃ নক'বা আৰু বন্ধু, মোৰ পত্নী সাইলাখ সৌ সৰগৰ অপেশ্বৰী… পিছে তোমাৰ?

আশীষ দাঃ (দুখ মনেৰে) মোৰ গৰাকী এতিয়াও জীৱিত!!

@@@@@@@@@@@@@@@@@@@@@

এবাৰ ধৰ্মীয় প্ৰবচন শুনি ঘৰলৈ আহিয়েই বৌক কোলাত লৈ ঘূৰিবলৈ ধৰিলে……

বৌঃ কি কৰে হে! গুৰুৱে ৰোমাঞ্চ কৰিবলৈ উপদেশ দিছে নেকি?

আশীষ দাঃ নহয়, নিজৰ জীৱনৰ বোজা নিজেই উঠাই ল'বলৈ উপদেশ দিছে……

©©©©©©©©©©©©©©©©©©©©©©©

আশীষ দাঃ মোৰ পত্নীৰ বাবেই মই আজি ধাৰ্মিক হ'বলৈ বাধ্য হ'লোঁ……

পংকজ দাঃ সেয়া কেনেকৈ?

আশীষ দাঃ বিয়াৰ আগলৈকে স্বৰ্গ আৰু নৰকৰ ওপৰত ভৰসা নাছিল মোৰ…!!

(আশীষ দা, ক্ষেমিব!!)

সেনাপতি

by: Minaram Boruah

এখন ভাওনাত
ৰজা :-কোৱাচোন সেনাপতি মোৰ ৰাজ্যৰ খবৰ । কৰে নেকি কোনোবাই বিদ্ৰোহ আচৰণ । বাহিৰা শক্তিয়ে দিছে নেকি যুদ্ধৰ আহ্বান ?
সেনাপতি :-(মুখত সোপা দি) হোঁক
ৰজা:-কোৱা সেনাপতি সবিশেষ ভাঙি ।
সেনাপতি :-মুখেৰে নেতিবাচক ইংগিত ।

ৰজা :-(খঙেৰে) মূৰ্খ সেনাপতি ,যা বেগতে সমগ্ৰ ৰাজ্যৰ খবৰ লৈ আহগৈ ।


(মুখত সোপা দি সেনাপতি বাহিৰলৈ ওলাই যায় )


মন্ত্ৰীবৰ বলা আমিও প্ৰস্থান কৰো । (দুয়োৰে প্ৰস্থান)

ৰজাই সেনাপতিক বাহিৰত বিচাৰি ফুৰিছে দুপাত মান দিওঁ বুলি । পিছে সেনাপতিয়ে নামঘৰৰ পৰা কিছু দূৰত খাল এটাত আঁঠুকাঢ়ি হাউত হাউতকৈ বঁতিয়াই আছেগৈ । ৰজাই গেলাৰ গোন্ধ ত সেনাপতিৰ কাষেই চাপিব নোৱাৰিলে । ।

$$$ পায়েস $$$

by: Anuj Kumar Dasসদায়ে ঘৰলৈ মাতি নি পাৰ্টি এটা দিবলৈ নিভা'মেমক কামোৰি থকাত...এদিন বাধ্য হৈ আশীষ'দাক নিমন্ত্ৰণ দিলে ।
পিঠা পুলি, দৈ চিৰা, চা জলপান এগালমান বৰ পৰিতৃপ্তিৰে খাই উঠাৰ পাছত 'পায়েস'ৰ বাতি হাতত লৈ দু চামোচ মান খাই প্ৰফুল্ল চিত্তে কলেঃ-"নিভা.. পায়েস কণ বৰ সোৱাদ লগা হৈছে ! ..তোমাৰ হাতৰ বাহাদুৰীক মানিব লাগিব
কিন্তু !"
.
.
.
.
.


নিভা'মেমো নিজৰ প্ৰশংসা শুনি আত্মগৰ্বত ফুলি উঠি কৈ দিলেঃ-"নহয়...মানে কি যে
কয় ! আচলতে সেই চুৰুণী মেকুৰীজনীয়ে গাখীৰ সোপাত মূখ নিদিয়া হলে 'কিচমিছ-নাৰিকেল-কাজু বাদাম-ইলাচি'বোৰ দিলে আৰু testy হলহেঁতেন ! কিন্তু মেকুৰীজনীৰ বাবে একোৱেই নহল...তথাপিও আপুনি ভাল পোৱাৰ বাবে মই সুখী...হিঃ হিঃ হিঃ...আৰু অলপ দিওঁ নে ?"
.
.
.

নিভা'মেমৰ কথাত আশীষ'দাই কৰিলে-'বমি'

OWAQE...OWAQE...শব্দৰে কৰিলো সামৰণি ।

ধেমালিৰ চলেৰে

by: Hrishi Deka

ধেমালিৰ চলেৰে বহুদিন আগৰ ঘটনা এটা কব ওলাইছো ।

তেতিয়া হাইস্কুলত পঢ়ি আছিলো । দেৱালীৰ বাবে স্কুল বন্ধ । আমি প্ৰত্যেকে ঘৰত ভালদৰে দেৱালী পালিছো। মানে খুব বম ফুটাইছো, ফুৰ্তি কৰিছো।
দেৱালী শেষ , আকৌ স্কুল গৈছো। দেখিলো মোৰ এজন ভাল বন্ধু স্কুলত অহা নাই। কথাটো ইমান গভীৰ ভাৱে নললো। ক্লাছ কৰিলো, ঘৰ আহিলো। পিছদিনা যেতিয়া স্কুলত গৈ বন্ধুজনক নেদেখিলো, তেতিয়াহে অলপ চিন্তা লাগিল। কাৰণ সি এনেই স্কুল খতি কৰা লৰা নহয় । তাৰ ঘৰ স্কুলৰ ওপৰতে, সেয়ে মই আৰু মোৰ বন্ধু এজন তাৰ ঘৰত উপস্থিত হলো। সি শুইআছিল। । মুখত সেমেকা হাঁহি ।
আমি তাক স্কুল নহাৰ কাৰণ সুধিলো ।
এটি সেমেকা হাঁহি মাৰি উত্তৰ দিলে,' নকবি দোস্ত, আমি সেইদিনা দেৱালীৰ বম ফুটাই ফুৰ্তি কৰি আছিলো। জগমগ বম খুব ফুটাইছিলো। এবাৰ কি হল, এটা জগমগ বম দিয়াচলাই কাঠিৰে জ্বলাই দৌৰা দৌৰিৰ কোবত দিয়াচলাই বাকচটো দলিয়াই ভুলতে জ্বলি থকা বমটো চাৰ্টৰ পকেটত সোমাই ললো, তাৰ পিছত দেখিছই নহয় মোৰ বিলৈ।
তাৰ কথা শুনি আমাৰ হাঁহিমেই নে কান্দিম, এনেকুৱা অৱস্থা ।
:
( বন্ধু সকল আপোনালোকেও খুৱ ভালদৰে দেৱালীৰ আনন্দ উপভোগ কৰক,কিন্তু সাৱধানে। যাতে কোনো অঘটন নঘটে।
শেষত সকলোলৈ পোহৰৰ উৎসৱ দিপাৱলীৰ হিয়াভৰা ওলগ যাচিলো)।

অসমীয়া কৌতুক





$$ আকৌ আনন্দিতা $$

By: Anuj Kumar Das

বাছখনৰ ড্ৰাইভাৰক উদ্দেশ্য কৰি অলপ খঙেৰে আনন্দিতাই কলেঃ- "কি হে ড্ৰাইভাৰ'কাই...অলপ লক্ষ্য কৰি চলাব নোৱাৰানে ?...ইমান থেকেছনি খোৱাই নিছা !"
.
.
.
.
.
.
.
.
.
.


ড্ৰাইভাৰ'কাইঃ-"বাইদেউ ! ভীৰ কমিল আৰু চিটবোৰো খালী...বাছখন অথনিৰে পৰা ৰৈ আছে...আপুনি বয়ফ্ৰেণ্ডৰ কোচৰ পৰা নামি দিয়ক...থেকেচনি কমি যাব ।"
.
.
.

ড্ৰাইভাৰ'কাইৰ কথাত আনন্দিতা হল-SHOCKED.

দায় দোষ নধৰিবা I ONLY joked !

বেপাৰী

by: মমি কলিতা

এদিন শিৱই জপ কৰি থাকোতে সাগৰৰ হুৰ হুৰ বতাহত মৰুভূমিত পৰিল । চাৰিও ফালে দেখিলে বালিয়ে বালি । ভাঙৰ নিচাত থকা শিৱৰ পিয়াহত অন্ঠ কন্ঠ শুকাই আছিল ।আৰু চাৰিওফালে পানী বিচাৰিব ধৰিলে ।
এনেতে আহিল এজন গাখীৰ বেপাৰি । আৰু ভাঙৰ নিচাত থকা শিৱই গাখীৰ বেপাৰীক পানী অকন বিচাৰিলে ।

শিৱ= অ তই আহিলি ভালেই হল , মোক পানী অকন দেচোন ।পিয়াহত অন্ঠ কন্ঠ শুকাই গৈছে ।


গা: বেপাৰী= ধেত মোৰ তাত পানী নাই নহয় ।আৰু তই কৰ পৰা ভাওনাত ভাও ধৰি আহিছ , চাল্লা ভাঙৰ নিচাত কবই নোৱাৰে ।

শিৱ = পানী নাই যদি গাখীৰ অকণ হলেও হব ,আৰু মই আচলী শিৱ ।

গা: বেপাৰী= ধেত কৰ এইদাল ভাঙ খাই কব নোৱাৰে , তোক মই গাখীৰ দিম নেকি । ( বেপাৰী গুছি গল )
তেনেতে আহিল হাতত চুলাই বটল লৈ আন এজন চুলাই বেপাৰী ।

শিৱ = ঐ মোক অকণ পানী দেছোন ।

চুলাই বেপাৰী = হাঃ হাঃ হাঃ কৰ ভাওনাত ভাও ধৰি আহিছা ।আৰু মোৰ তাত চুলাই হে আছে , পানী নাই নহয় ।

শিৱ = হব চুলাই হলেও হব , মুঠতে তই মোৰ প্ৰাণ বচোৱা ।
চুলাই বেপাৰীয়ে শিৱক চুলাই দিয়াত শিৱৰ প্ৰাণ আহিল আৰু চুলাই বেপাৰীক বৰ দিলে ___
তই যিমানেই বেয়া চুলাই নেবেছা কিয় তোক বিছাৰি বিছাৰি মানুহে ঘৰত গৈ চুলাই খাব আৰু এই গাখীৰ বেপাৰীয়ে যিমানেই ভাল গাখীৰ দিওক সি ঘৰে ঘৰে গৈ গাখীৰ দিব লাগিব ।
আৰু তেতিয়াৰ পৰাই এই প্ৰথা চলি আছে ।

.....লৰা vs ছোৱালী .....

Rupalee Bharali Boruah

এজনী ছোৱালী বান্ধৱীৰ প্ৰতি:- মোক তোমাৰ সহায় লাগে..!!
.
১ম বান্ধৱী : তোমাক নো কি সহায় কৰিম মই টো নিজেই ব্যস্ত ..
.
২য়:- ঐ কাইলৈ কথা পাতিম.. আজি মায়ে সোনকালে ঘৰলৈ মাতিছে যাওঁ হা...
.
৩ য়:- তই কেতিয়াবা মোক সহায় কৰিছিলি জানো ... মোৰ পৰা আশা কৰিছ যে.. ??
.
.
.
.
এজন লৰা বন্ধুৰ প্ৰতি :- ঝেং এটা হল নহয়...
.
.
১ম বন্ধু :- মাত্ৰ তই ক কেইটা লৰা মাতিব লাগে ... এবাৰ কৈ দে..
.
.
২য়:- চাল্লা টাউনৰ মাজত খেদাই খেদাই পিতিম.. মাত্ৰ নামটো ক ..??
.
৩ য়:- কাৰ ইমান সাহস বে... তোৰ লগত ঝেং কৰে..???
.
.
.
.
.
( কোনোবাই পুৰুষক লৈ কৌতুক কৰে আৰু কোনোবাই মহিলাক লৈ... যি কি নহওক পুৰুষ আৰু মহিলা এজনৰ অবিহনে আনজনৰ জীৱন অসম্পূৰ্ণ )

বাবলু আৰু এজনী ছোৱালী

Ashish Majumdar

বাবলু আৰু এজনী ছোৱালীৰ মাজত ফেচবুক চেটিং!

ছোৱালী- kene asa?
বাবলু- (মহমহীয়া হৈ) ভালেই, তোমাৰ?
ছোৱালী- bhalei. tumi ki kori asa?
বাবলু - (উৎসাহিত হৈ) নাই এনেই আছোঁ
ছোৱালী- free asa jodi kotha ata kou ne?
বাবলু - (উত্তেজিত হৈ) কোৱা কোৱা!
ছোৱালী- ki dore kom bhabiei puwa nai...
বাবলু- (উশাহ চুটি হৈ আহিল) কোৱা কোৱা একো নাই!
ছোৱালী- kotha tu ba tumi ki dore luwa...!
বাবলু- (উশাহ বন্ধ হোৱাৰ উপক্রম) মই সহজ ভাৱেই ল'ম, কোৱা না !!
ছোৱালী- nai mane moi kobo khujisu...
বাবলু- (কম্পমান হৈ) কি ক'ব খুজিছা??
ছোৱালী- I LOVE YOU
.
.
.
.
(বাবলু প্রায় অজ্ঞান হোৱাৰ অৱস্থা) কিন্তু অজ্ঞান হোৱাৰ আগতেই আকৌ মেছেজ আহিল


ছোৱালী- ei msg tu axomiat likhi dia na please...ajonok dibo lage!

(বাবলুৰ মূৰত কোনোবাই পানী দিয়ক!)

কবিতা'ৰ বাপেক !

by: PinKu Barman'z

ঘূৰি ঘূৰি থাকোতে ৰাতি হোৱাত তেওঁলোকে অস্থায়ী ভাবে ৰাতি তো কটাবলৈ সৰু সৰুকৈ তম্বু পাতি ললে ।....
....দীপজ্যোতি আৰু ৰূপম একেলগে এটা তম্বুত আছিল ! তেতিয়া ৰাতি ২মান বাজিছে চাগে ! দ্বীপজ্যোতি সাৰ পাই ৰূপমৰ কানে কানে কলে -
"অই দোস্ত , আকাশৰ ফালে চাই কচোন তই কি দেখিছ ; আৰু তোৰ অনুভৱ কি?"...
আমাৰ ৰূপম মানুহজন আকৌ বেছ কাব্যিক !
সি বোলে-
"মই দেখিছো বহুত তৰা যেন সৰগৰ কোনো পৰীয়ে পিন্ধা... থুপ থুপ মুকুতাৰ মালা !"....
দীপজ্যোতি - "অ' হয় নেকি, কচোন ইয়াৰপৰা তই কি বুজিলি !"...
ৰূপম -
"এই সুন্দৰ বিশাল মুক্ত আকাশ...  মন গৈছে মোৰ; প্রিয়াক দুবাহুত সাবতি একেলগে এখন আকাশী ৰথত উঠি  ঘূৰি ফুৰিবলৈ !...
মন গৈছে এটি  ৰোমান্টিক কবিতা লিখিবলৈ!!!......."

দ্বীপজ্যোতি - "আব্বে গৰু, গাধা , কবিতা'ৰ বাপেক !... বন্ধ কৰ তোৰ কবিতা !
আব্বে আমাৰ তম্বু
.
.
.
চুৰি হৈ গ'ল বে !!! "...........