Wednesday 29 November 2017

|| উৰাজাহাজত কলিং বেল ||

এবাৰ এখন উৰাজাহাজত এটা ভাটৌ আৰু নগেনে কেইবাজনো যাত্ৰী সহ যাত্ৰা কৰি আছিল ।

কিছুদূৰ যোৱাৰ পিছত ভাটৌটোৱে কলিং বেলৰ চুইচ টিপি দিলে । লগে লগে এয়াৰ হোষ্টেচ আহি ,,,

মই আপোনাক সহায় কৰিব পাৰোঁনে ,,,?

ভাটৌ :- নাই নহয় । এনে অলপ মজা লৈ আছিলোঁ ।

অলপ পিছতে ভাটৌটোৱে আকৌ আগৰ দৰেই চুইচ টিপি দিলে । এয়াৰ হোষ্টেচে আহি ঠিক আগৰ দৰেই সূধিলে :- মই আপোনাক সহায় কৰিব পাৰোঁনে ,,,?

ভাটৌ :- নাই ,,,! নহয় । এনে অলপ মজা লৈ আছোঁ ।

এইবাৰ নগেনে ভাবিলে, চাল্লা এটা ভাটৌ চৰাইয়ে যদি এয়াৰ হোষ্টেচৰ লগত চেনি খাব পাৰে তেন্তে মই কিয় খাব নোৱাৰিম ।
শেষত ভবামতেই কাম । নগেনে চুইচ টিপি দিলে । এয়াৰ হোষ্টেচে আহি যেতিয়া সোধে তেতিয়া কয় যে এনে অলপ মজা লৈ আছোঁ । এনেদৰে যেতিয়া তিনি চাৰিবাৰ এয়াৰহোষ্টেচ জনীক বিৰক্তি কৰিলে তেতিয়া এয়াৰ হোষ্টেচে গৈ পাইলটক এই বিষয়টো অৱগত কৰিলে । পাইলটে ক'লে - আগতে যি কৰিলে কৰিলে আৰু । যদি নতুনকৈ কোনোৱে এনেকুৱা কৰে তেন্তে দুয়োটাকে ফ্লাইটৰ পৰা দলিয়াই পেলাই দিলেই হ'ল ।
এনেতে নগেনে আৰু এবাৰ চুইচ টিপি দিলে । এয়াৰ হোষ্টেচে আহি দুয়োটাকে ফ্লাইটৰ পৰা দলিয়াই পেলাই দিলে ।

ভাটৌ টোৱে উৰি আছে আৰু নগেনক কৈ আছে :- মই তো উৰিব পাৰোঁ । তুমি উৰিব পাৰানে ,,,?

নগেন :- মই মানুহ দেখোন । মই কিবা তহঁতৰ দৰে প্ৰাণী নেকি যে উৰিব পাৰিম ,,,?

ভাটৌ :- তেতিয়াহ'লে মানুহ হৈ মোৰ দৰে জন্তুৰ ব্যৱহাৰ তই কিয় কৰিলি হা ,,,? ইমান সময় তই এয়াৰ হোষ্টেচৰ লগত মজা লৈ আছিলি ন' ,,,? এতিয়া এয়াৰ হোষ্টেচে তোৰ মজা লৈ আছে বাপ্পেকে ,,,!!!

||মাঁকৰ ঘৰ||

By: Rumi B Das

বিৰেনৰ বিয়া হোৱা এবছৰ হল।তাৰ ঘৈনীয়েক এবছৰৰ পিচত গৈছে মাঁকৰ ঘৰলৈ।বিৰেনে ঘৈনীয়েকক আনিবলৈ বুলি গৈছে শহুৰৰ ঘৰলৈ।লগত তাৰ বন্ধু এজনো গৈছে।সি যাওঁতেই বন্ধু জনক কৈ থৈছে "অই, মই শহুৰৰ ঘৰলৈ প্ৰথম যাম।আমাৰ খাতিৰ-বাতিৰ বহুত হব।তই কিন্তু পাগল হৈ নেযাবি, অলপ বাহাদুৰি মাৰি থাকিবি।"
দুয়োজন পালেগৈ শহুৰৰ ঘৰ।ঘৰৰ দৰ্জা বন্ধ।কলিং বেল মৰাৰ পিচত বহু দেৰিকৈ ওলাই আহিল কলেজত পঢ়ি থকা খূলশালী জনী।
"অ ভিনদেউ, আহক আহক।ঘৰৰ সকলো বোৰ শুই আছিলো, ভাত-পানী খায়।"বিৰেন "মই আহিম বুলি খবৰ দিছিলোৱেই দেখোন।"
খূলশালী "অঅ, হয় নেকি ! বাইদেউৱে কবলৈ পাহৰিলে ছাগৈ।"
দুয়োজন বহিল ঘৰৰ ভিতৰত।বহু দেৰিকৈ ওলাই আহিল শাহুৱেক।
"অ জোঁৱাই দেখোন।এই জনীক নিব
লৈ আহিলা ছাগৈ।আজিয়েই যাবাগৈ নে থাকিবা !"
বিৰেন মনে মনে থাকিল।ভিতৰি ভিতৰি লাজ পাইছে বন্ধুৰ আগত।
শহুৰ ওলাই আহিল "ঘৰত চাহ দিবলৈকো একো এটা আনিব নহল।তুমি কিবা-কিবি আনিছা নেকি !"
বিৰেন আহিছিল শুদা হাতেৰে।সি বৰ লাজ পালে।
শহুৰ "তোমাৰ ইনকাম পাতি আগতকৈ বাঢ়িছেনে ?"
শাহুৱেক "মোৰ ছোৱালী জনীক কাপোৰ দুযোৰ মান দি পথাইছো।নতুন কাপোৰ এবছৰে লোৱাই নাই বোলে।"
খূলশালী "আমাৰ বা আগতে বৰ চৌখিন আছিল।এতিয়া একেবাৰে ওলোটা হৈ গল।কি হল জানো !"কোনো মতে শুদাই-নিকাই খাই ৰাতি শুবলৈ আহিল বিৰেন।সি ঘৈনীয়েকক কলে "বৰ লাজ পালো তোমালোকৰ ঘৰলৈ আহি।জোঁৱায়েকক এনে ৱ্যবহাৰ কৰে নেকি?দুদিন মান থকাকৈ আহিছিলো, এতিয়া আৰু নেথাকো।কাইলৈ ৰাতিপুৱাই যামগৈ।তুমি লগত গলে যাবা, নগলে নাই !"
কথাবোৰ খূলশালী জনীয়ে শুনি আছিল।তাই তেতিয়া বিৰেনক কলে "ভিনদেউ, মোৰ বা আপোনালোকৰ ঘৰলৈ বিয়া হৈ যোৱা এবছৰ হৈ গল।কেতিয়াও বেয়াকৈ কোৱা নাই আপোনালোকৰ ঘৰৰ কথা।এইবাৰ ঘৰলৈ আহোঁতেহে মই তাইৰ মনটো মৰা দেখি সুধাত তাই কথাবোৰ কলে।বিয়াত কিমান সোন আনিলে, ঘৰৰ পৰা কি কি আনিলে।ইটো শিকোৱা নাই, সিটো শিকোৱা নাই।পঠা ভালকৈ বনাব নোৱাৰে, ঘৰৰ কাম -বনত ভাল নহয়।কেতিয়াবা কিবা এটাৰ উত্তৰ দিব গলেও কব সংস্কাৰ নাই তাইৰ।সেইবোৰৰ কথা শুনিহে আমি এই নাটক কৰিলো আপোনাৰ লগত।আপোনাক এদিন ভাল ব্যৱহাৰ নকৰাত আপুনি তাইক এৰিয়েই যাবলৈ ওলাইছে।তাই যে এবছৰ ইমান লাজ-অপমান সহ্য কৰি আছে, কেতিয়াবা আপোনাক এৰি অহাৰ কথা কৈছেনে ?সংবিধানে লৰা-ছোৱালীক সমান অধিকাৰ দিছে, কিন্তু কিছূমান মানুহে আজিও নাৰীক অবহেলিত কৰি আহিছে।জোঁৱায়েকে যদি সন্মান পাব লাগে, তেন্তে বোৱাৰী গৰাকীও শহুৰৰ ঘৰত মৰম পাব লাগিব।"
কথাবোৰ শুনি বিৰেনে বৰ লাজ পালে।সি লাজতে তাৰ লগৰটোৰ চকুলৈ চালে।লগৰ জনৰ মুখত মিঠা হাঁহি এটা।সি কলে "বিৰেন তই বৰ লাকী।এনেকোৱা ঘৰ এখন পাইছ, এনেকোৱা খূলশালী এজনী পাইছ।তই লাজ পোৱাতকৈ গৌৰব অনুভৱ কৰিব লাগে।তোৰ খূলশালী জনীৰ দৰে ছোৱালী এজনী মই পোৱা হলে, লগে লগে বিয়াই পাতিলো হয়।……………

Friday 24 November 2017

লাচিত বৰফুকন

লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) আছিল অসমৰ আহোম সাম্ৰাজ্য এজন সেনাপতি। ১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।
"দেশতকৈ মোমাই ডাঙৰ নহয়"
প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰ্স্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰতে গড় (ওখ মাটিৰ দেৱাল) বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাবধানৰ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পন কৰিছিল। শেহ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই। মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱালে। নিজৰ কৰ্তব্য
পিছ কৰা দেখি লাচিতে খঙত একো নাই হৈ ঠিতাতে হেংদাঙেৰে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি মোমায়েকৰ শিৰশ্চেদ কৰিলে। তাৰ পিছত ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈছিল। লাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ।

সাহসৰ অন্তিম নিদৰ্শন

শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনী আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছহুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল । সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশি কৈছিল-“ যদি তোমালোক উভতি যাব খুজিছা, যোৱা, কিন্তু স্বৰ্গদেৱে মোক এই দায়িত্ব দিছে, গতিকে ম‍ই শেষ মুহুৰ্তলৈ যুঁজ দিম। মোগলে মোক লৈ যাবলৈ দিয়া। তোমালোকে মাত্ৰ স্বৰ্গদেৱক ম‍ই তেওঁৰ আজ্ঞা পালন কৰি শেষ মুহুৰ্তলৈ যুঁজ দিছো বুলি কবা।” এইকথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।

লাচিত-দিৱস
প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয় |

Wednesday 22 November 2017

|| দেউতা ||

সকলোৰে হাতে হাতে 'এন্দ্ৰইড' মবাইল।সিওঁ এটা নতুন মবাইল লাগে বুলি জিদ কৰিব ধৰিলে।সেই মানুহজনে হাঁহি এটা মাৰি কলে "ঠিক আছে, অহামাহত লৈ লবি।'
দুদিনমানৰ পিছত এদিন তাৰ চকুত পৰিল সেই মানুহজনৰ 'মবাইলটো'।তিনিটা বুতাম বেয়া।ৰং-চং গৈ মবাইলৰ অবস্থা নাই।তাকে দেখি তাৰ নিজৰ মবাইলটোকে দিব খুজিলে।তেতিয়া মানুহজনে কলে " থ থ, তোৰ মবাইল তোৰ ওচৰতে থ।এইটো নকিয়া মবাইল বুজিছ, কোনোবাই লাখ টকা দিলেও নিদিওঁ………",বৰ সুন্দৰ অভিনয় কৰিব জানে সেই মানুহ জনে !!
তেতিয়া বজাৰত নতুনকৈ 'উডলেন্ড' জোতা ওলাইছিল।লগৰ সকলোৱে পিন্ধা বাৱে সিওঁ সেই মানুহ জনক জোতা এজোৰ 'ডিমান্দ' কৰিলে।একেই সহজ হাঁহি এটা মাৰি কলে "ৰ, অহামাহত দিম।"………তাৰ খঙ উঠিছিল, এজোৰ জোতাৰ বাৱে এমাহ ৰব লাগিব !! খঙতে সি মাঁ'ককে বকিলে।
ভাল পালে share  কৰিবলৈ নাপাহৰিব 
ৰাতি শুৱাৰ সময়ত মাঁ'কে তাৰ ওচৰলৈ দুযোৰ জোতা লৈ আহিল।এজোৰৰ বয়স ২৫ বছৰ আৰু আনজোৰৰ বয়স ১০ বছৰ।জোতা দুই জোৰৰে তল ফালে তাপলি মৰা।তথাপিও জোতা দুজোৰ পলিচ-চলিচ কৰি জিলিকাই থৈছে সেই মানুহজনে।তেওঁৰেই জোতা সেই দুজোৰ।
সি ৰাতিপুৱা মানুহ জনক কলে যে তাক নতুন জোতা নেলাগে।তেওঁকহে এজোৰ নতুন জোতা লোৱাৰ কথা কলে।মানুহ জনৰ উত্তৰ "মোক আজিকালিৰ তহঁতৰ দৰে জোতা নেলাগে।এইকেইজোৰ মোৰ 'ইটালিয়ান লেডাৰৰ' জোতা বুজিছ।কত পাবি আজিকালি।তোকেই দিম দে নতুন এজোৰ।"…………আকৌ সুন্দৰ অভিনয় সেই মানুহ জনৰ।সেই মানুহ জন অকল লোকৰ বাবেই জীয়াই আছে নেকি !!!!
এবাৰ তাৰ কিবা বেয়া স্বভাৱৰ বাবে সেই মানুহজনে তাক পিটিলে।খঙতে সি ঘৰলৈ তিনি দিন নাহিল।ঘৰলৈ আহি মাঁকে কোৱাত হে সি গম পালে যে যোৱা তিনিদিন সেই মানুহজনে মুখেৰে একো কোৱা নাই যদিও একো এটা খোৱা নাই!!…………অদ্ভূত সেই মানুহজন, মৰম থাকিলেও প্ৰকাশ নকৰে।কি সুন্দৰ অভিনয় কৰিব জানে সেই মানুহজনে।
নিজৰ বুকুৰ বিষ'ক গেচ হৈছে বুলি কৈ ডাক্টৰক নেদেখোৱাই।গোটেই জীৱনটো তাৰ মবাইল, জিন্স, বাইক, স্কুল-কলেজৰ ফিজ……নানান ধৰনৰ চাহিদা পুৰন কৰোঁতেই বুঢ়া হৈ গল।সি কিন্তু সেই ধাৰ মাৰিব নোৱাৰিলে।আজি সেই মানুহজন নাই, এই পৃথিৱীত।সি অভাগাই সেই মানুহজনৰ ধাৰ মৰাৰ কোনো সুযোগেই নেপালে!!!!!!
কোনোবা সোভাগ্যবানৰ লগত যদি সেই মানুহজন আছে, তেন্তে তেওঁৰ ধাৰবোৰ জীয়াই থাকোতেই মাৰি দিব।
বৰ অদ্ভূত সেই মানুহজন, নিজৰ দুখ-কস্টৰ বিষয়ে কাকো একো নকয়।বৰ সুন্দৰ অভিনয় কৰিব জানে, সেই মানুহজনে………………………
#সংগ্ৰহ