Saturday 21 September 2013

জীৱজন্তুৰ ফেচবুক

অবলা জীৱজন্তুৰ যদি ফেচবুক থাকিলে হয় তেওঁলোকৰ ষ্টেটাচ আপডেট কেনেকুৱা হ'ল হয়?

 পইঁতাচোৰা- ছোৱালী এজনীয়ে যি চিঞৰ মাৰিলে মোৰ কাণতাল মাৰি গ'ল! অক'ণ কান্ধত হে উঠিছিলোঁ!

 মুৰগী- কাইলৈ যদি মোক লগ নোপোৱা জানিবা KFC ত ফুৰিবলৈ গৈছোঁ।

 গৰু- বন্ধুসকল সাৱধানে থাকিবা দেই...কোৰবানি আহি আছে!

 পৰুৱা- মানুহবোৰৰ চকু নাই নেকি অ'?? আমাক দেখা নাপায় নেকি? এইদৰে আৰু কিমান গণহত্যা কৰিব?

 কুকুৰ - কালি তিনি বন্ধুয়ে মিলি বিয়া এঘৰলৈ গৈছিলোঁ। ওৱাও! কি দিন এটা গ'ল!!!

 মেকুৰী- বাঘ মোৰ মামা হয় জানা নে নাজনা? লাইক এটা দিবলৈ ইমান থেৰোগেৰো কেলৈ কৰিছা?

 কাছ- শহাপহুটো আকৌ আহিছে ৰে'চ লগাবলৈ। sleeping tablet খুৱাই থৈ দিম বাপ্পেকে!

 সিংহ- কাইলৈ হৰিনা চিকাৰ কৰিব যাম দেই! pl wish for me!

 ভালু- মানুহ এটাই মোক দেখি মৰাৰ ভাও জুৰি শুই আছিলে! দিলো ধৰি লৈ !!

 বান্দৰ- এইমাত্র বান্দৰনী দুজনীক জোকাই আহিলোঁ!

Via: Rogor

Wednesday 11 September 2013

মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে

মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে · ·…… আমাৰ ভূপেনদাৰ গানটো আলোচনা কৰিছে কৰুণ গগৈ আৰু কালন্ত কৃষ্ণই ৷

 কৰুণ গগৈ = দেত ইজ অলচ' এ ইমপৰ্তেন্ত কথা যে কালন্ত আমি তো অলচ' মানুহৰ বাবে বহুত ভাবিছো নহয় জানো? মিছা কলে কিদাল হ'ব নহয় জানো ৷
কালন্ত কৃষ্ণ শৰ্মা = হয় ছাৰ ৷ আপোনাৰ দৰে টো কোনেও ভাবিবই নোৱাৰে ৷

 কৰুণ গগৈ = হেহ হেহ হেহ ৷ মিছা ক'লে কিদাল হ'ব, তেওঁলোকক মই ৩ টকাত চাউল দিছো, কোনে দিব পাৰিছে হে ৷ নহয় জানো এন্দ মোৰ মিনিস্টাৰেও অলচ' ২:৫০ টকাত ভাত খোৱাৰ কথা কৈয়েই দিছে ৷ এতিয়া অলচ' ৰাইজে এসপ্তাহত এদিন কাম কৰিলেই হ'ল মাহেকীয়া খৰছ গোটাই বিন্দাছ বাকি ৬ দিন অলচ' শুই থাকিলেই হ'ল ৷ নহয় জানো কালন্ত,?

 কালন্ত কৃষ্ণ শৰ্মা = হয় ছাৰ… হয় ছাৰ ৷ কিন্তু ছাৰ মানুহ বিলাক এলেহুৱা হৈ যাব কিজানি ৷ আৰু তেতিয়া আমাক ভোট দিবলৈ এলাহ নকৰে তো ৷ 

কৰুণ গগৈ = কি কথা কৈছা হে তুমি ৷ অল ইজ ৱেল অল ইজ ৱেল ৷ মই কাকো কেয়াৰ নকৰোঁ ৷ কিবা এটা আচনি উলিওৱাৰ কথা চিন্তা কৰা ৷

By: Jayanta Hazarika

চুচচচচমিতাৰ ফাডাৰ

চুচচচচমিতাৰ ফাডাৰ :- তই আৰ বেলেগ আপা নাপলি বিয়াৰ বাবে হা ?
পুপু কলিতাৰ দৰে চুপাৰ ডুপাৰ ফেনটাচতিক হেন্দচুমু আপা যি আজিলৈ কোনো আপীৰ লগতেই কথা পাতি পোৱানাই তাক কিবাকৈ বাবা ইলাহী শেখৰ পৰা তাবিজ নি পতাই লবা নল্লি , হা ?
এই বুঢ়া মি.ৰাজকুমাৰকহে পালি না ? কিমান টকা আছে হা তাৰ ? কত কত কি সম্পত্তি আছে ?
চুচচচমিতা :- ফাডাৰ , তোমালোক পুৰুষবোৰ সকলো একেই। চেলিম দা আই মিন ৰাজকুমাৰ দায়ো একে কথাকে সুধিছিল মানে তোমাৰ টকা পইছা কত কিমান আছে সেইবোৰ। আমাৰ প্ৰেমক টকাৰে বাধা নিদিবা দেই।
 ফাডাৰ :- উফফফফফ , দে দে হব দে কালি মাত তাক ঘৰত। ইন্টাৰভিউ লম মই কালি তাৰ ।
 পিছদিনাখন মি.ৰাজকুমাৰ চুচচচমিতাৰ ঘৰত আহিল।
ফাডাৰ :- কি নাম তোমাৰ ?
মি.ৰাজকুমাৰঃ- ৰেহমান মেৰা নাম ইনচাফ মেৰা কাম
ফাডাৰ :- কি কাম কৰা ?
মি.ৰাজকুমাৰঃ- মই ৰেন্জাৰ , ৰেন্জাৰ মানে হ‘ল ডেন্জাৰ
ফাডাৰ :- তুমি আচাৰ-ব্যৱহাৰ নাজানা নেকি একো । ডাঙৰৰ আগত কথা পাতোতে মুখত চুইংগাম কিয় চোবাই আছা ?
মি.ৰাজকুমাৰঃ- চুইংগাম মই এনে নাখাও , চিখৰ খাই উঠিহে খাওঁ।
 ফাডাৰ :- কি কলা , তুমি চিখৰ ও খোৱা ?
মি.ৰাজকুমাৰঃ- এনে নাখাও , ভাং বা চিগাৰেট খাই উঠিহে খাওঁ।
ফাডাৰ :- তুমি ভাং-চিগাৰেট ও খোৱা ?
মি.ৰাজকুমাৰঃ- এনে নাখাও , চুলাই খোৱাৰ পাছতহে খাও
ফাডাৰ :- হে ভগৱান চুলাইয়ো খোৱা , তোমাৰ একো ইজ্জত নাই নেকি হে ?
মি.ৰাজকুমাৰঃ- সদায় চুলাই নাখাও , বিদেশী মদ খাই নিচা নালাগিলে আৰু হাতত টকা নাথাকিলে খাও
ফাডাৰ :- হে ভগৱান , তুমি দেশীৰ লগত বিদেশীও খোৱা ?
মি.ৰাজকুমাৰঃ- বিদেশী বিধ যতে ততে নাখাওঁ , মুন্নীয়ে নচা সেই বিয়েৰবাৰখনতহে খাও
ফাডাৰ :- কি কলা ? সেইবদনামী বাৰখনত ও যোৱা তুমি ?
মি.ৰাজকুমাৰঃ- আগতে যোৱা নাছিলো , জেলৰ পৰা ওলোৱাৰ পিছতহে আৰম্ভ কৰিলো
 ফাডাৰ :- হাই ৰে আল্লাহ , জেলতো গৈছা মানে তুমি ?
 মি.ৰাজকুমাৰঃ- এবাৰেই গৈছিলো মাৰ্ডাৰ কেচ এটাত
 ফাডাৰ :- মোৰ মুৰটো ঘুৰাইছে......মাৰ্ডাৰ ও কৰিছা তুমি
 মি.ৰাজকুমাৰঃ- এজনকেই কৰিছিলো লাইফত। মই পচন্দ কৰা ছোৱালীএজনীৰ হাত খুজিবলৈ তাইৰ ঘৰত যাওতে বাপেকে মোৰ তাত ছোৱালী নিদিও বুলি কৈছিল। খঙতে মাৰি পেলাইছিলো বাপেকক ।

 ফাডাৰ :- তোমাক মোৰ পচন্দ হৈছে , দৰা সাজি কেতিয়া আহিবা কোৱা মোৰ ঘৰত ?

By:Apurba Kalita

Saturday 7 September 2013

"হ'ল-চেল" ৰগৰ

১) গ্ৰাহক: কাপোৰৰ ৰংটো ভালেই লাগিছে, পিছে 'ডিজাইন'টোহে পচন্দ হোৱা নাই।
 দোকানী: …না না, সেইটো চিন্তাই নকৰিব, এবাৰ ধুই দিলেই চব ডিজাইন উঠি যাব…!!

 ২) (ভিক্ষাৰীক উদ্দেশ্যি): …কি হে, দুটা 'বাটী'-লৈ বহি আছা যে?
 ভিক্ষাৰী: …ব্যৱসায় টো অলপ ডাঙৰ কৰিব বিচাৰিছো, …
হে হে হে, এইটো মোৰ Branch office…!!

 ৩) পত্নী: হেৰি কথাটো হয়নে, স্বৰ্গত হেনো 'স্বামী-স্ত্ৰী'-ক একেলগে থাকিব দিয়া নহয়…
 স্বামী: …সেই আঁকৰী, সেই কাৰণেতো তাক 'স্বৰ্গ' বুলি কয়।

 ৪) :মাজনী তুমি ডাঙৰ হৈ কি হবা?
 : বিয়া হম…
 : …বেয়া কথা, এতিয়াৰ পৰাই আনৰ 'বেয়া' হোৱাটো বিচাৰিব নাপায় নহয়…!!

 ৫) (পান দোকানত) পত্নী: আপুনি 'পান' নাখায় নিকি?
স্বামী: …না না, মই 'পান' নোখোৱাকৈয়ে মনে-মনে থাকিব পাৰো…!!

 ৬) : আমাৰ ঘৰত বাৰে-বাৰে ভিক্ষা খুজিবলৈ তোমাৰ লাজ নালাগে?
: …না না, কিহৰ লাজ? ইয়াত কৈ ও 'কাঙ্গাল' মানুহৰ ঘৰত ভিক্ষা খুজাৰ 'ৰেকৰ্ড' আছে…!!

 ৭) 'বিশেষ-অজ্ঞ'-ৰ মন্তব্য: …'মূল্যবৃদ্ধি' আৰু 'নিবনুৱা' সমস্যাৰ পৰা হাত হাৰিবলৈ, চৰকাৰে আৰম্ভ কৰা 'আধাৰ-কাৰ্ড' -তকৈ,
 …পাৰিলে 'ধাৰ কাৰ্ড'ৰ হে ব্যৱস্থা কৰিব লাগে।

 ৮) 'বিশেষ-অজ্ঞ' -ৰ মন্তব্য: সিংহই দিনটোৰ ১২ঘন্টা শুৱে, আৰু গাধই দিনটোৰ ১২ঘন্টা কাম কৰে।
…পৰিশ্ৰমেই যদি সফলতাৰ মূল 'চাবি-কাঠি' হ'ল হেতেন, তেন্তে,
 …'বনৰ ৰজা' গাধ নহ'ল হেতেন নে…??

By: Udoy Senapati

পানীৰ মটৰ

নগেন কাই ৰেডিঅ স্টেচনত ফোন কৰিলে।

 নগেনঃ হেল্লো

 RJ: হয় মই RJ সমিৰে কৈছো।

 নগেনঃ মোৰ মাতটো শুনিছেনে?

 RJ সমিৰঃ হয়, আপোনি কি কব বিছাৰিছে?

 নগেনঃ অসমৰ সকলো মানুহে শুনিছে নে?

 RJ সমিৰঃ অ সকলো মানুহে শুনি আছে।

 নগেন কাইঃ তাৰ মানে আমাৰ ভন্তি জনীওঁ শুনি আছে।

 RJ সমিৰ খংত কলে অ মহাসয় শুনি আছে।



 নগেন কাইঃ ভন্তি তই জলদি পানীৰ মটৰটো চলাই দে, মই পাইখানাত আছো পানী শেষ হৈ গল।


 RJ সমিৰ ও বেহুচচচচচচচচ হৈ গ'ল।!

ছোৱালীৰ স্বভাৱ

ছোৱালী এজনীয়ে নতুন কাপোৰ পিন্ধি ধুনীয়াকৈ ওলাই মেলি ফুৰিব যাব ওলাল . .

 ছোৱালীৰ স্বভাৱ এটা আছেই নহয় . . কোনোৱে তৰিফ নকৰিলে নিজে নিজে উলিয়াব ধৰে নিজৰ কথা . .

 ছোৱালী জনী : অই মোক ভাল লাগা হোৱা নাই ন ?
ল’ৰা এজন : নাই নাই , খুব ধুনীয়া লাগিছে তোমাক . . কাপোৰযোৰ ধুনীয়াকৈ মিলিছে তোমাৰ লগত |

ছোৱালী : ই হৱ হৱ , একো ভাল লাগা নাই মোক . . মিছাকৈ ভাল লাগা বুলি নকৱা |

 আকৌ চাব দেই . . .

ছোৱালী : অই মোক ভাল লাগা হোৱা নাই ন ?

ল’ৰা : উম .. . সিমান এটা থিক লাগা নাই দেখোন . . . !!

 ছোৱালী : ( মুখ খন ফুলাই ) হুহ . . হৱ . . চৱে মোক ভাল লাগা বুলি কৈ আছে , কেৱ্ল তুমি হে বেয়া দেখিলানে !!

By: Priyangshu Sarma

নাজানিলে নাজানুং কব লাগে

এটা শিয়ালে নিজকে বৰ দাদা বুলি ভাবে,

এদিন শিয়ালে DON NO 1 চিনেমা খন ছাই হাবিৰ মাজেৰে চিগাৰেত সুপি সুপি গৈ আছিল.....

তেনেতে এটা নিগনি তাৰ সন্মুখত আহিল.....
 শিয়ালে নিগনিক এক লাদ মাৰি দিলে, নিগনি তিন লুতি খাই পৰিল,

শিয়ালে নিগনিক সুধিলেঃ ঐ নিগনি বনৰ ৰজা কোন...?
 নিগনিঃমহাৰাজ আপুনি....
শিয়ালঃঊম, কোনোবাই কিবা কলে মোক কবি।

তাৰ পাছত শিয়াল আগ বাহিল,এইবাৰ শিয়ালে এটা সেপাক পালে,
শিয়ালে সেপাক কান এখনত ধৰি উঠাই দিলে,শিয়ালৰ একেই প্ৰন্শ বনৰ ৰজা কোন...?
সেপাঃমহাৰাজ আপুনি। শিয়ালঃউম,কোনোবাই কিবা কলে মোক কবি..।

 তাকে কৈ শিয়াল গৈ থাকিল,অকনমান দুৰৈত এটা হাটীয়ে কল গছ খাই থকা শিয়ালৰ চকুত পৰিল,

 শিয়ালে গৈ হাটীৰ টিকাত খুছিবলৈ ধৰিলে,আৰু কৈছেঃ ঐ ঐ বনৰ ৰজা কোন, বনৰ ৰজা কোন...?

হাটীৰ খং উঠিল আৰু এক লাদ মাৰি দিলে শিয়ালক শিয়াল উফৰি গৈ বান্দৰ এটাৰ সন্মুখত পৰিল,

বান্দৰে খিক খিক কৈ হাহিঁ দিলে,

তেতিয়া শিয়ালে কৈছেঃনাজানিলে নাজানুং কব লাগে এনেকে লাদ মাৰি দিব নালাগে নহয়...


সকলো একেই আছে

আদহীয়া মানুহ এজনে কলেজ হোষ্টেলৰ ৰুম এটাৰ দৰজাত knock কৰিলে।

 অলপ পিছত ল'ৰা এটা ওলাই আহিল।

 আদহীয়া মানুহ- মই ভিতৰলৈ আহিব পাৰোঁ নে? মই ১৯৮১ চনত এইখন কলেজতেই পঢ়িছিলোঁ আৰু এইটো কোঠাতেই আছিলোঁ।

 ল'ৰাটোৱে অলপ ইতস্তত কৰি ভিতৰলৈ মাতিলে।

 আদহীয়া মানুহজনে অলপ নষ্টালজিক হৈ ক'ব ধৰিলে-

আহ...সেই পুৰণি কোঠা...সেই একেই পুৰণি ফাৰ্ণিচাৰ....একেই আলমাৰী!

এইদৰে স্মৃতি ৰোমন্থন কৰি কৰি আলমাৰীৰ দৰজাখন খুলি দিওঁতে ভিতৰৰ পৰা দিপলিপ ছোৱালী এজনী ওলাই আহিল !!

 ল'ৰাটোৱে থতমত খাই ক'লে- এইজনী মোৰ cousin ! . . . .

আদহীয়া মানুহ- আহ্......! সেই আমাৰ দিনৰেই পুৰণা বাহানা !!!!!!!


 সকলো একেই আছে, একো সলনি হোৱা নাই!

By: Ashish Majumdar