Saturday 28 May 2016

বোৰ্ণভিতা

From Rogor:
বহুত ক্ষীণ একপ্ৰকাৰ হাড়ে চালে লগা লৰা এজন বাটেৰে গৈ আছিল ।
:
এজনী খুৱ ধুনীয়া ছোৱালী দামী গাড়ী এখনত আহি লৰা জনৰ কাষত ৰখি দিলে । আৰু গাড়ীত উঠিবলৈ অনুৰোধ কৰিলে ।
:
লৰাজনে ভাবিলে ...... ইমান ধুনীয়া আৰু ধনী মানুহৰ ছোৱালীয়ে তাক অনুৰোধ কৰিছে !! যদি এইৰ লগত মই বিয়া হওঁ খুৱ ধনী হম আৰু সুখেৰে থাকিব পাৰিম ।
:
লৰাজন যাবলৈ মান্তি হ'ল আৰু গাড়ীত বহি ললে ।
:
ছোৱালী জনীয়ে তাইৰ ঘৰলৈ লৈ গ'ল । ঘৰ মানে তাইৰ খুৱ ধুনীয়া অট্টালিকা ।
:
ছোৱালী জনীয়ে লৰাজনক একেবাৰে ডাইনিং ৰুমলৈ লৈ গ'ল আৰু বহিবলৈ দি তাই অপেক্ষা কৰিব কলে ।
:
লৰাজনে আনন্দতে কি কৰো কি নকৰো লাগিল ।
:
অলপ পিছত ছোৱালী জনীয়ে দুটা সৰু লৰা ছোৱালী লৈ আহিল আৰু লৰাজনক দেখুৱাই কলে ..................
চোৱা বাবা মাইনা যদি বোৰ্ণভিতা নোখোৱা এই আংকল জনৰ নিচিনা হবা ।

গৰুৰ বিষয়ে ৰচনা

অসমীয়া ক্লাছত গৰুৰ বিষয়ে ৰচনা লিখিবলৈ দি চাৰ অলপ বাৰান্দাত ৰল। ৫ মিনিটৰ পিছত মন্টু বহী লৈ চাৰৰ ওচৰ পালেগৈ।
চাৰ:-ভাল হৈছে ভাল হৈছে। যা, এইবাৰ শংকৰদেৱৰ বিষয়ে লিখ গৈ।
মন্টুয়ে কেৱল গৰুৰ বিষয়েহে জানে। লাগিল লেঠা। সিও কম ভকত নহয়। জেপৰ পৰা মুখত এটা mintofresh ভৰাই লিখিবলৈ start কৰিলে।
শংকৰদেৱ আমাৰ গুৰু।তেওঁ সৰুতে আমাৰ দৰে আছিল। তেওঁ সৰুতে সাতুৰিব পাৰিছিল। তেওঁ এবাৰ এটা ষাঁৰ গৰু বগৰাই দিছিল। ষাঁ‌ৰ হ'ল এটা ডাঙৰ গৰু। গৰু পোহনীয়া জন্তু। গৰুৰ ঠেং চাৰিখন। গৰুৰ কান দুখন। পিছৰ খিনি আগৰ গৰু ৰচনাখনকেই লিখি দিলে
মুখত বিন্দাছ হাঁহি মাৰি মন্টু চাৰৰ ওচৰত। চাৰে ভাবিলে ৱা ই দেখুন গৰুৰ বিষয়েহে লিখিলে। ৰহ এইবাৰ বেলেগ দিও।
চাৰ:- যা এইবাৰ গছৰ বিষয়ে লিখ।
মন্টুৰ মাঠা গৰম। আকৌ দিছে। মুখেৰে বেয়া মাত মাতি নিজৰ জেগাত বহি লিখিবলৈ ধৰিলে।
গছ হল সেউজীয়া উদ্ভিদ। বৰ ডাঙৰ হয়। ৰ'দ দিলে মায়ে গছত আমাৰ গৰুতো বান্ধে। বছ ইয়াৰ পিছত সি জনা ৰচনা খন। গৰু আমাৰ পোহনীয়া জন্তু। গৰুৰ ঠেং চাৰিখন। গৰুৰ কান দুখন, আগৰ দৰেই আৰম্ভ😬
বহীলৈ মন্টু চাৰৰ ওচৰত। চাৰ অবাক। ৱা ই দেখুন যিয়ে নিদিও গৰুৰ বিষয়েহে লিখে। ৰহ এইবাৰ হেলিকপ্তাৰ লিখিবলৈ দিও। ওপৰত উৰা খন দিলে কত ই গৰু খনকেই লিখিব!!
চাৰ:-যা এইবাৰ হেলিকেপ্তাৰৰ বিষয়ে ৰচনা লিখ।
আকৌ মন্টুয়ে মুখেৰে বেয়া মাত ৰচনা আৰম্ভ কৰিলে।
হেলিকপ্তাৰ টিঙেৰে বনায়। ইয়াক পাইলটে চলায়। ই আকাশত উৰে। ই পথাৰৰ ওপৰেদিও উৰে। ওপৰৰ পৰা তলত গৰুৱে হাল বোৱা দেখে। গৰু এবিধ পোহনীয়া জন্তু।গৰুৰ ভৰি চাৰিখন। গৰুৰ কান দুখন..........😬