Saturday 17 December 2016

বিনামুলীয়া পৰামৰ্শ

নগেন দেৱালীৰ দিনা ৰাতি মালতীৰ লগত বন্ধু খগেনৰ ঘৰলৈ খানা খাবলৈ গল৷ ৰাতি বাৰটা মান বজাত ঘৰ আহি পাই দেখে দুৱাৰ খোলা আৰু গোটেই ঘৰ লন্ডভন্ড৷ চোৰ সোমাল৷ মালতীয়ে চিঞৰ বাখৰ লগালে পুলিচৰক খবৰ দিবলৈ৷ নগেনে বুলে ৰবাচোন, কিবা পালেহে নিব চোৰে৷ দাইনিং টেবুল খনৰ ওপৰত খাম এটা আৰু চিঠি এখন৷ নগেনে পঢ়িলে...

মহাশয়,
নমস্কাৰ গ্ৰহন কৰিব৷ আজি সুদিৰ্ঘ ১০ বছৰীয়া চোৰ জীৱনত শুদা হাতে উভতিব লগা হোৱাত অতি বিমৰ্ষ মনেৰে চিঠি খন লিখিব লগা হল৷ কেইটামান বিনামুলীয়া পৰামৰ্শ আপোনালৈ আগবঢ়ালো৷
১) ঘৰত কমেও দহ হাজাৰ মান টকা নগধ ৰাখিব৷ ঘপহকৈ কিবা বিপদত কামত আহিব৷ ৰাতিখন কত বেংক খুলা পাব৷
২) টিভি টো হলাবৰ হল৷ ইমান গধূৰ লৰচৰেই কৰিব নোৱাৰিলো৷ আজি কালি পাতল চেপেটা টিভি পাই৷
৩) পনী খাইছে কলহত থৈ পিচে ভাত খাইছে প্লাষ্টিকৰ প্লেটত৷ কাঁহৰ কাঁহি ব্যৱহাৰ কৰিব৷ স্বাস্থ্যৰ বাবেও ভাল আৰু বেচিলে বজাৰত দামো পোৱা যায়৷
৪) বহুত চেষ্টাৰে আলমাৰীটো খুলিলো কিন্তু থবলৈ যদি বস্তুয়ে নাই সেইটো জেগা বন্দি কৰি টৰঙাই থোৱাৰ কি প্ৰয়োজন?
৫) মানুহজনীক দুই এপদ আছল সোনৰ গহনাও দিব৷ বিপদত কামতো আহিব৷
৬) আপোনাৰ ধুনীয়া মানুহ জনীৰ যিহে Old fashioned কাপোৰ, মোৰ জনীয়ে সেইবোৰ কেতিয়াও নিপিন্ধে৷ খামটোত টকা এহেজাৰ থৈ গৈছো৷ মানুহজনীক ধুনীয়া গুলপীয়া শাৰী এখন কিনি দিব৷ আপুনি নাচায় নাই অন্তত আমি বুৰেই চাই শান্তি পাম৷
দেৱালীৰ শুভেচ্ছাৰে....... শ্ৰী মান চোৰ৷
...........  নগেন বেহুচ  ...........৷

Thursday 1 December 2016

কিযে তোমাৰ সংগ প্ৰিয়ে ………

By: নিকুঞ্জ কাশ্যপ
নিউ দিল্লী ৰেল'ৱে ষ্টেচন  । গুৱাহাটি আভিমুখি উজনিমুৱা ৰেলখনত উঠিলোঁ । নিজৰ চিটতো বিচাৰি লৈ বহিচো । দীঘলিয়া উকি এটা মাৰি ট্ৰেইনখনে দিল্লী ষ্টেচন এৰিলে । ৰ'ব নোৱাৰা ফুৰ্তিত মিচিক কৈ হাঁহি এটা ওলাই আহিল ……কিমান দিনৰ পিছত যে ঘৰ গৈ আছো  ।
তেনেতে দুটা ট্ৰলি বেগ হাতত লেদিচ বেগ এটা লৈ সেমেনা-সেমেনীকৈ এজনী উৰ্বশী আহিল ।
- " আপুনি অসমৰ " (চিধাই মোকেই )

- " হে হে গামোচাখন দেখিয়েই ধৰিলোঁ  ।
মোৰ চিতটো কনফাৰ্ম হোৱা নাই তিনি নম্বৰ ৱেইটিঙতে আছো ।  আপুনিও গুৱাহাটি যাব ? "
মই বুজিলোঁ । উৰ্বশীয়ে বহিব বিচাৰিছে । মনতে মোৰ চিনেমা চিনেমা লগা  ভাৱনা অকমান আহিল মই যেন চেন্নাই এক্সপ্ৰেচৰ ছাহৰুখ খান  ,দিপীকাইহে আহি যেন মোক কৈছে । আয়ৈ দেহি ।
- অ বহা বহা । টি টি আহিলে কথা পাতি চাবা । এতিয়া বহি লোৱা ইয়াতেই । অসমৰে ছোৱালী ।
"বেগটো অকমান "
অ অ … বেগদুটা ধৰি মোৰ চিতৰ তলত সুমাই দিলোঁ | বাপ্পাঐ এক কুইন্টলমানৰ ট্ৰলি বেগ কি বা জানো ভৰাই আনিছিল ।
এবাৰ ভাবিছিলোঁ আজিকালি আকৌ ট্ৰেইনত হেনো উৰ্বশীৰ বেশ লৈ সহযাত্ৰী হৈ মোহিনী লগাই লুটপাত কৰি লৈ যায় ।  যিহে দিনকাল ।
হেই নহয় "আপোন ভালেই জগত ভাল" । আৰু তাতে অসমৰহে ছোৱালী । এইবিলাক ভাল বেয়া মনৰ ভিতৰত নিজে নিজে ভাবি আছিলোঁ । হ'লেও কথা-বতৰা খুব সাবধানে পাতিছো ।

 দিল্লীত পঢ়ে । মোতকৈ বেছি শিক্ষিতা । ঘৰ শিৱসাগৰত । দেউতাকৰ চাকৰি গুৱাহাটিত । ভায়েক টেটৰ মাষ্টৰ । টিকত কৰিছিলে এমাহ আগতে কনফাৰম নহ'ল । তৎকালটো কৰিছিলে তেওঁ নহ'ল ।  ইপিনে মাহীয়েকৰ বিয়া । সেইবাবে মৰসাহ কৰি ৱেইতিঙতে আহিছে তাকো অকলে  । নাম শতাব্দী ।
এক মিনিটো লগা নাছিল চাগে কথাখিনি কওঁতে ।  কথাবোৰ একেবাৰে শতাব্দী এক্সপ্ৰেচৰ দৰেই পট পট…। মই ভালকৈ ধ্যানসহকাৰে শুনা কাৰণেহে ধৰিব পাৰিছিলোঁ ।

- হ'ব এদযাষ্ট কৰিম দিয়া ।  যাব পাৰিবা দিয়া চিন্তা কৰিব নালাগে  । লাহেকৈ ক'লোঁ ।

 শতাব্দীয়ে পট পট কৈ গৈ থাকিল ঘৰৰ ,গাঁৱৰ ,হোষ্টেলৰ ,অমুক-তমুকৰ । মোৰো ভালেই লাগিল । বৰ খোলা মনৰ ছোৱালী আৰু যথেষ্ট সাহসী আৰু অভিজ্ঞ যেনো লাগিল । আৰু স্মৃতি শক্তিও সাংঘাতিক মোৰ লগত কথা পাতি পাতি ৱাতচএপটো চাতিং কৰি আছে
- " অসমৰে ল'ৰা এটা লগ পাইছো । তেওঁৰ চিটতে এদযাষ্ট কৰি বহিব দিছে । চিন্তা কৰিব নালাগে দে " ।
জানো কাক বা দি আছিল মেছেজটো । আৰু মোৰ সম্মুখতে মেছেজ টাইপিং লুকা চুৰিও নাই ।

"অই পেটলি " আগৰপিনে আৰু কিবাকিবি লিখিছিল ভালকৈ নাচালো ।

"আপোনাৰ অসুবিধা নহয়তু "। মেছেজটো লিখি থাকি মোৰপিনে চাই সুধিলে ।
 - নাই নাই একো নাই । মনে মনে হে বোলো কি অদ্ভুত ৰে এইজনী ।
কথাবতৰাবোৰো  শুনি শুনি একেবাৰে বহু পুৰণি বান্ধৱীৰ দৰেই হৈ পৰিলোঁ । সন্ধিয়া হ'ল । ট্ৰেইনতে ভাত পানী খাই ল'লোঁ । দিনত তাই বনাই অনা ৰুটি চব্জিকে খালোঁ । মোৰো এশ টকা এটা বাচিল ।
ভাত পানী খাই লাহে লাহে যাত্ৰীবোৰ শুব ধৰিছে । বেগৰ পৰা লেপটপটো উলিয়াই " অসমীয়া চিনেমা চোৱানে " ?
- ও চাওঁ মাজে মাজে ।
"জোন জ্বলে কঁপালত " লগাই দি লেপটপটো মোৰ হাতত দি দিলে ।
মোৰ অলপ মূৰটো বিষোৱা যেন লাগিছে  । অলমান শুই লওঁ । মোৰ বেগদুটাও  অলপমান চাবাদেই প্লিজ " ।
তাৰ পিছত ভৰিদুখন মোৰ পিনে দি শুই গ'ল । তাৰমানে তুমি এতিয়া চিনেমা চাই থাক মই শুই থাকোঁ ।
ৱাহ কি দিমাগ লগাইছে । দিল্লীত পঢ়া ছোৱালীটো । মোৰ চিত আৰু লেৱেল বেলেগৰ ।
  হ'ব দিয়া হে অসমৰে ছোৱালী । এইবুলি বহি বহি বেগ ৰখিয়া হৈ " জোন জ্বলে কঁপালত" চাব ধৰিলোঁ । তাৰ পিছত লাহে লাহে আৰম্ভ হ'ল নহয়  নাকৰ হোটোৰনী ।
কচমচে ছোৱালীয়ে নাক বজোৱা সেইদিনাই প্ৰথমবাৰ দেখিছিলোঁ । কি ঝেং ছোৱালী অ এইজনী ।
ভাবিছিলোঁ মাজতে এবাৰ শোৱাৰপৰা উঠি ক'ব চাগে  এতিয়া আপুনি অলপ শুই লওক ।
 পিছে ক'তা গোটেই ৰাতিটো নাক বজাই শুই থাকিল । আৰু মই লেপটপত "জোন জ্বলে কপালত",,"যৌৱনে আমনি কৰে "  চিনেমা চাই বেগ ৰখি ৰখি ৰাতি পুৱাই দিলোঁ ।
ৰাতিপুৱা শুই উঠিয়েই  " মোৰ ইমান টোপনি আহিল গমকে নাপালো আপুনি গোটেই ৰাতি বহিয়ে থাকিল নে মোক জগাই দিব লাগিছিল " ।
হে হে তুমি কিন্তু টোপনিত নাক বহুত বজোৱাদেই । ফুলশয্যাৰ নিশা ভুলতো টোপনি নাযাবা দৰা ভয় খাই দৌৰ মাৰিব । ৰাতিৰ খঙতে এবাৰ এনেকৈ কৈ দিও বুলিয়ে ভাবিছিলোঁ । পিছে লাজ পাব বুলি নকলো ।

গুৱাহাটি পাওঁ পাওঁ । চুলি ফণিয়াই ,ক্ৰিম পাউদাৰ লগাই ল'লে লেদিচ পাৰফিউমো মাৰিলে । মোকো সুধিলে " ল'ব নেকি "?
মইয়ো নলওঁ বুলি নকলো । চাৰ্টতো ঘামত গোন্ধাই আছিল । ঠিকচে লেদিচ পাৰফিউমকে মাৰি দিলো বাপ্পেকে । অৱশেষত ৰাতিপুৱা ১০ টামান  বজাত গুৱাহাটি আহি পালোঁ । এক এক কুইন্টেলৰ বেগ দুটা নমাইও দিলোঁ ।
লগ পাই  ভাল লাগিল । আকৌ কেতিয়াবা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এইবুলি  ঘৰা ঘৰি হ'লোঁ ।  ল'ৰা এজনে শতাব্দীক নিব ৰৈ আছিল ।
" বয়ফ্ৰেইন্দ  এন্গেজমেন্ট হৈ গৈছে অহাবছৰ বিয়া "
চিনাকী কৰাই দিছিল ।
তাৰপিছত শেষ শব্দ দুটি ।  নমস্কাৰ । বিদায় ।
শতাব্দীৰ বয়ফ্ৰেইন্দৰ মুখলৈ চালোঁ । একেই শতাব্দী এক্সপ্ৰেচৰ দৰেই আৰু তাই নাক বজালেও ভয় খাই  পলোৱা জাতৰ নহয়  দেখিলেই গম পায় ।।