Saturday 17 December 2016

বিনামুলীয়া পৰামৰ্শ

নগেন দেৱালীৰ দিনা ৰাতি মালতীৰ লগত বন্ধু খগেনৰ ঘৰলৈ খানা খাবলৈ গল৷ ৰাতি বাৰটা মান বজাত ঘৰ আহি পাই দেখে দুৱাৰ খোলা আৰু গোটেই ঘৰ লন্ডভন্ড৷ চোৰ সোমাল৷ মালতীয়ে চিঞৰ বাখৰ লগালে পুলিচৰক খবৰ দিবলৈ৷ নগেনে বুলে ৰবাচোন, কিবা পালেহে নিব চোৰে৷ দাইনিং টেবুল খনৰ ওপৰত খাম এটা আৰু চিঠি এখন৷ নগেনে পঢ়িলে...

মহাশয়,
নমস্কাৰ গ্ৰহন কৰিব৷ আজি সুদিৰ্ঘ ১০ বছৰীয়া চোৰ জীৱনত শুদা হাতে উভতিব লগা হোৱাত অতি বিমৰ্ষ মনেৰে চিঠি খন লিখিব লগা হল৷ কেইটামান বিনামুলীয়া পৰামৰ্শ আপোনালৈ আগবঢ়ালো৷
১) ঘৰত কমেও দহ হাজাৰ মান টকা নগধ ৰাখিব৷ ঘপহকৈ কিবা বিপদত কামত আহিব৷ ৰাতিখন কত বেংক খুলা পাব৷
২) টিভি টো হলাবৰ হল৷ ইমান গধূৰ লৰচৰেই কৰিব নোৱাৰিলো৷ আজি কালি পাতল চেপেটা টিভি পাই৷
৩) পনী খাইছে কলহত থৈ পিচে ভাত খাইছে প্লাষ্টিকৰ প্লেটত৷ কাঁহৰ কাঁহি ব্যৱহাৰ কৰিব৷ স্বাস্থ্যৰ বাবেও ভাল আৰু বেচিলে বজাৰত দামো পোৱা যায়৷
৪) বহুত চেষ্টাৰে আলমাৰীটো খুলিলো কিন্তু থবলৈ যদি বস্তুয়ে নাই সেইটো জেগা বন্দি কৰি টৰঙাই থোৱাৰ কি প্ৰয়োজন?
৫) মানুহজনীক দুই এপদ আছল সোনৰ গহনাও দিব৷ বিপদত কামতো আহিব৷
৬) আপোনাৰ ধুনীয়া মানুহ জনীৰ যিহে Old fashioned কাপোৰ, মোৰ জনীয়ে সেইবোৰ কেতিয়াও নিপিন্ধে৷ খামটোত টকা এহেজাৰ থৈ গৈছো৷ মানুহজনীক ধুনীয়া গুলপীয়া শাৰী এখন কিনি দিব৷ আপুনি নাচায় নাই অন্তত আমি বুৰেই চাই শান্তি পাম৷
দেৱালীৰ শুভেচ্ছাৰে....... শ্ৰী মান চোৰ৷
...........  নগেন বেহুচ  ...........৷

No comments:

Post a Comment