Wednesday 6 December 2017

হেলমেট



কামৰ পৰা উভতি আহোঁতে মাজে মাজে লগৰ বন্ধুৰ সংগত পৰি ৰঙা এটুপি খাব লগা হয়।
তাকে লৈ ঘৰত সদায় য়ে অশান্তি।
ৰাতি সদায় মদক লৈ য়ে পত্নী লগত যুজঁ।

ৰাতিপুৱা মুখ খন ধুই চাহ কাপ খাব লওঁতে পত্নীয়ে কলে,


" হেৰী আপুনি শপত খাই কওঁক যে আজিৰ পৰা মদ আপুনি মুখত নলয়।"

কথাবোৰ অলপ ভাৱি চাই দেখিলো কথা টো মিছা নহয়,মদৰ বাবেই ঘৰত সদায় কাজিয়া হয়।
সেই বাবে পত্নীক কলো,

"ঠিক আছে ,তোমাৰ শপত খাই কৈছোঁ আজিৰ পৰা মদ আৰু কেতিয়াও মুখত নিদিওঁ।"

৯ বজাত কৰ্মৰ বাবে অফিচলৈ বুলি ওলালোঁ।
অফিচত গৈ গম পালোঁ লগৰে কৰ্মচাৰী এজনৰ আজি জন্মদিন।
সেয়ে তেওঁ সৰু কৈ পাৰ্টি এটা দিছে।
মোকো তালৈ নিমন্ত্ৰণ দিছে।
নগলে বেয়া পাব বুলি লগৰ বোৰৰ লগত গলো।

পাৰ্টি চলি আছে।
পাৰ্টি মানে জানিছেই চাগে,
মাংসৰ লগতে ৰঙা বিধ।
পত্নীৰ ৰাতিপুৱা কথাবোৰ মনত পৰিলত বন্ধুকেইজনক মই সেই বিধ নাখাও বুলি য়ে কলো।
হলে কি হব সিহঁতে বৰকৈ জোৰ কৰাত বাধ্যত পৰি খাব লগা হ'ল।

ইফালে ৰাতিও হ'ল।
নিচা টো অলপ বাঢ়িব ধৰিলে।
কি কৰা যায়, এনেকৈ গলে পত্নী য়ে গোন্ধ পাই গম পাব পাৰে।
গোন্ধ নাপাবলৈ সেয়ে ৰজনীগন্ধা পা লং ইলাচী লৈকে অলপ খাই ঘৰলৈ বুলি বাইকখনত উঠিলোঁ।
যেনেতেনে বাইকখন চলাই ঘৰ পালোঁ।
লাহেকৈ বাইকখন ৰখাই ভিতৰলৈ গলো।
ভিতৰলৈ যাওঁতে দৰ্জা খন বৰ ওখ যেন লাগিল।

পত্নী য়ে টিভিত কিবা চাই থকা যেন লাগিল।
ময়ো একো নকৈ তাই গম পাই বুলি ডাইৰেক্ট বিচনালৈকে গলো।পত্নী য়ে গম পাই বুলি শুই দিলোঁ।

অলপ পৰ শোৱাৰ পিছত কোনোবাই মোৰ মূৰটো টানি থকা যেন লাগিল।
মই যিমানেই মূৰটো চুবলৈ যাওঁ সিমানেই যেন কিহবাই মূৰটো টানি নিছে।
মনলৈ ভূতৰ ভয় ভাৱ এটাত চিঞঁৰি দিলোঁ,

" হেৰা এইফালে আহা। কিহবাই মোৰ মূৰটো টানি টানি নিছে।
তুমি বিশ্বাস কৰা আজি মই তোমাৰ শপত খোৱাৰ পৰা মদ মুখত দিয়া নাই।"

তেনেকুৱাতে পত্নী য়ে মুখত পানী এছাটি মাৰি কলে,

" মদাহী,আপোনাৰ মূৰটো ভূতে টনা নাই।
ৰাতি শু তেওঁ যে এই হেলমেট ডাল পিন্ধি লৈছে সেই ডাল হে মই খুলিছোঁ।
আজিও যে মদ খাই আহিছে মই আপুনি আহোঁতেই গম পালোঁ,যেতিয়া আপুনি খুলি থোৱা দৰ্জা খনে নাহি ধানৰ বস্তা বোৰ বগাই খিৰিকীৰে পাৰ হৈছিল।

আচল মজা কাইলৈ উলিয়াইছোঁ ৰব।"

পত্নী কথা শুনি হে মোৰ হুঁচ আহিল।
তাৰ মানে আজিও পত্নী য়ে মই খাই অহা.......................….....….............!

Monday 4 December 2017

ৰূপক ৰূপহী

ৰূপক বজাৰলৈ বুলি ওলাইছে! তেনেতে তাৰ ভন্টি ৰূপহীয়ে মাত লগালে, ঐ দাদা, ক'লৈ যাও?
-- বজাৰ যাম, কিয় সুধিলি?
-- উভতি আহোঁতে মোলৈ এখন গল্পৰ কিতাপ আনিবি।
-- ঠিক আছে আনিম, টকা দে!
-- টকা দে মানে? তোৰ টকা দি কিনি আনিবি, পাছত দি দিম।
-- বুজিলো! তই কিমান দিবি জনা আছে। বাকীৰ বহীততো কম টকা জমা হোৱা নাই।
উত্তৰ শুনি ৰূপহীয়ে খং কৰি গুচি গ'ল। ৰূপকে ভাবিলে, কোনোমতে ৰক্ষা! অন্ততঃ দুই-তিনিশ টকা বাচিল। সদায় কিতাপ আনি দিওঁ, কিন্তু এপইচা ও নিদিয়ে।
ৰাতি ৯ টা বজাত ৰূপক ঘৰলৈ আহিল। বজাৰৰ পৰা অহাৰ লগে-লগে সদায় তাৰ একমাত্ৰ ভন্টি ৰূপহীয়ে পানীৰ ঘটি লৈ দৌৰি আহে, কিন্তু আজি তাই নাহিল। ৰূপকে চিঞৰি চিঞৰি মাতিলে, তথাপিও তাইৰ কোনো খবৰ নাই। অৱশেষত সি তাৰ ৫ বছৰীয়া ভতিজাটোক ক'লে, বাবু যোৱাচোন আন্টিক মাতি লৈ আহা।
সি ক'লে, মই নোৱালিম, নিদে গৈ মাতি লৈ আহা।
ৰূপকে ভোৰভোৰালে "অত্তেৰী... সাংঘাতিক কথা হৈ গ'ল দেখোন। চাবা বাবু আজি তোমাৰ আন্টিক বহুত মাৰিম।"
এইবাৰ সি বহুত আনন্দিত হৈ চিঞৰিছে, আন্টি.......! আন্তুলে আদি তোমাক বহুত মাল দিব। মাতি আতে তোমাক।
ৰূপহী সোমাই আহিল। ৰূপহী অহা দেখি তাইক মাৰ দিবলৈ প্ৰিপেয়াৰেচন লবলৈ আৰম্ভ কৰিলে ৰূপকৰ ৫ বছৰীয়া ভতিজাটোৱে।
সি তাৰ ভন্টিক ক'লে, কি ৰে... আজি পানী লৈ নাহিলি?
ৰূপহীয়ে কান্দো কান্দো সুৰেৰে ক'লে, এহহহহ! মই তোৰ বিচনা পাৰি দিওঁ, ৰুম চাফা কৰি দিওঁ, কাপোৰ ধুই দিওঁ! আৰু মই কিতাপ আনিব ক'লে আনি নিদিয়! এতিয়া আকৌ পানী কিয় বিচাৰিছ?
ৰূপকে বেগটোৰ পৰা দুখন চকমকিয়া গল্পৰ কিতাপ ওলালে। গল্পৰ কিতাপ দেখি ৰূপহীয়ে এনেকৈ হাঁহিলে যে ৰূপকে ভন্টিৰ হাঁহি দেখি একমুহূৰ্তৰ কাৰণে গোটেই পৃথিৱীখনৰ কথা পাহৰি গ'ল, তাৰ দুচকুৱেদি আনন্দৰ চকুপানী ওলাই আহিল। এনেকুৱা হাঁহিৰ কাৰণে সি যেন সীমান্তৰ যুদ্ধত যাবলৈ সাজু। কিতাপ হাতত লৈ ৰূপহীয়ে ক'লে, পানী গৰম কৰি থৈছোঁ, ৰ' লৈ আহিছোঁ।
তাই গুচি যোৱাৰ পিছত ভতিজাই সুধিলে, আন্তুল, তুমি আন্তিক নামালিলা কিয়? তুমি ধলিলেইতো মই মাল আলম্ভ কলি দিলো হয়। ৰূপক হাঁহি হাঁহি বিচনাৰ ওপৰত শুই পৰিল! ইফালে সৰু ভতিজাটোৱে তাৰ পিঠিত বহি মনৰ তৃপ্তি মিটাই ধুমদাম ঔ কিল দিছে।
.
জীৱন সুন্দৰ। বহুত বেছি সুন্দৰ। বিশেষকৈ যাৰ ঘৰত ৰূপহীৰ দৰে ভন্টি আৰু ৰূপকৰ দৰে দাদা আছে।
.
By: ছাবিৰ লাভলী আহমেদ

অসমীয়া কৌতুক