Saturday 20 April 2013

Kalita Mastor


কলিতা মাষ্টৰে শ্ৰেণীকোঠাত বৰ যত্নৰে পঢ়ুৱায় | 

নপঢ়ুৱাবই বা কিয় ? 

টেটৰ টপাৰ আছিল কলিতা | 
মুখ্যমন্ত্ৰীয়ে নিজ হাতেতে নিয়োগপত্ৰ দিছিল কলিতাক | 

হেন জানি সন্মানৰ কথাও জড়িত হৈ আছে তেওঁৰ | 

টপাৰ হেতুকে বাকী মাষ্টৰবোৰৰ লগত বিশেষ হলি গলি নকৰে কলিতাই |

 ষ্টেটাছৰ কথা আছে নহয় | বছৰেকীয়া পৰীক্ষা ওচৰ চাপি আহিল | 

কলিতাও ব্যস্ত ছাত্ৰবোৰক ৰিভিজনৰ ফাইনেল টাচ্ছ দিয়াত |এদিন শ্ৰেণীকোঠাত........

কলিতা : ছাৱা, ছ’লীহ’ত, তহঁতৰ কিবা সুধিব লগা আছে যদি আজিয়েই সুধি ল’, পিছলৈ আৰু সময় নাই কিন্তু |
তীখৰ : ছাৰ.......

কলিতা( পুলকিত হৈ): কি আছে ক’ আক’, ভয় নকৰিবি, মই আছো নহয় ....

তীখৰ (তামাম লেবেলত): ছাৰ, প্ৰশ্নকাকতখন কোনটো প্ৰেছত ছপাবলৈ দিছে ?

by Sushmita D

মদ খোৱাৰ পিছত


মদ খোৱাৰ পিছত লগৰজনৰ প্ৰতি মুখৰ পৰা ওলোৱা ৮টা বাক্যঃ

১) তইটো মোৰ ভাই হয় দোষ্ট...

২) গাড়ী কিন্তু মই চলাম দেই...

৩) এইটো নাভাবিবি যে মই মদ খাই কৈ আছো...

৪) মই তোক অন্তৰৰ পৰা সন্মান কৰো দেই...

৫) আজি নিচা লগা নাই বে’...

৬) এটা সৰু পেগ আৰু দি লওঁ দে...

৭) ভাই তই ক তোক কি লাগে? তোৰ বাবে টো জান হাজিৰ বে’... দে, চিগাৰেট এটা দে...

৮) মই থাকোতে তই টেনশ্যন কিয় লৱ বে’???

আৰু আটাইতকৈ অন্তৰ চুই যোৱা কথাষাৰ
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*

বুজিছ! কালিলৈৰ পৰা আৰু মদ নাখাওঁ...

by Jnan Jyoti

কাৰ বেছি খং ?


থুলুক: - ল’ৰাৰ বেছি সোনকালে খং উঠে নে ছোৱালীৰ?

চ’নিয়া: - ল’ৰাৰ, অফ কৰ্ছ ল’ৰাৰ...

থুলুক: - না, ছোৱালীৰ বেছি সোনকালে খং উঠে

চ’নিয়া: - কেনেকৈ? প্ৰমাণ?

থুলুক: - ধৰি লোৱা ম‍ই টপৰকৈ তোমাক চুমা এটা খাই দিলোঁ, কেনেকুৱা লাগিব?

চ’নিয়া: - হোৱা.. ট? হাউ ডেয়াৰ ইউ? 

থুলুক: দেখিলা? উঠিলেই নহয় পটকৈ খং? এতিয়া তুমি মোক যিমান মন যায় সিমান চুমা খোৱা, চাবা... মোৰ খঙেই নুঠে|

~ সঁচা ক’লে থুলুক বেয়া ~

by Changmai

থুলুক ফৌজীত থকাৰ দিনৰ কথা


থুলুক ফৌজীত থকাৰ দিনৰ কথা । কাৰ্গিল সীমান্তৰ ডিউটী । ছুটী পোৱা বৰ মুস্কিল । তথাপিও বিহু বুলি এসপ্তাহৰ ছুটীৰ দৰ্খাস্ত লৈ আমাৰ থুলুক মেজৰৰ ওচৰ পালেগৈ । থুলাকৰ হাতত দৰ্খাস্ত দেখিয়েই মেজৰ গৰজি উঠিল । কলে বোলে ,"যা আগতে সিপাৰৰ পৰা টেংক এখন ধৰি লৈ আহ , ছুটী-তুটী পাচত দেখা যাব "

যেনে মেজৰ তেনে জোৱান । সঁচাকে পাছদিনা থুলুক পাকিস্তানৰ টেংক এখন লৈ মেজৰ আগত হাজিৰ ।

মেজৰে খুচ হৈ কলে ,'চাব্বাচ , কোনটো ডিভিজনৰ পৰা আনিলি ?'
.
.
.
.
.
.

থুলুক : ছাৰ এইখন আমাৰেই । যোৱাৱাৰ ঈদত ছুটী লবলে ৰহিমে লৈ গৈছিল |

by Subrat Chetia