Tuesday 18 February 2014

লটাৰী

By: ৰিদিপ চেতিয়া
আগতে পঢ়িলে মোৰ গাত দোষ নাই দেই, আকৌ লিখো দিলো বাপেকে.....

এদিন এজন ভিক্ষাৰীৰে লটাৰীত এককোটি টকা জিকিলে । ভিক্ষাৰী এজনেও কোটি টকা জিকা কাৰণে সংবাদ মাধ্যমৰ পৰা তেখেতক সাত্‍ক্ষাতকাৰ লবলৈ আহিল ।
সাংবাদিক ~ আপুনি ১কোটি টকা জিকা শুনি আমি নথৈ আনন্দিত । কওঁকচোন আপুনি এই টকাৰে কি কৰিব ?
ভিক্ষাৰী ~ মই চহৰৰ মাজ-মজিয়াত এডোখৰ মাটি কিনিম আৰু তাত মোৰ ব্যৱসায় আৰম্ভ কৰিম ।
সাংবাদিক ~ ভাল কথা । আপুনি ভাল চিন্তাই কৰিছে । কওঁকচোন কি ব্যৱসায় কৰিম বুলি ভাৱিছে ?
ভিক্ষাৰী ~ তাত এটা ধুনীয়া মন্দিৰ বনাম ।
সাং ~ মন্দিৰ ! মন্দিৰতনো আপুনি কি ব্যৱসায় কৰিব ?
ভি ~ (অলপ গহীনহৈ) তাত মই মোৰ ভিক্ষাবৃত্তি আৰম্ভ কৰিম আৰু কোনো ভিক্ষাৰীকেই সেই ঠাইত থাকিব নিদো । কেৱল মই । চাওকচোন কিমান টকা হব মোৰ ।

(নীতি শিক্ষা কিবা পালেনে বন্ধুসকল)

No comments:

Post a Comment