Tuesday 18 February 2014

মই এটা ভূত

By: Ratul Rajkhowa
অটব্য অৰণ্যৰ মাজত এজোপা প্ৰকাণ্ড গছ । লেৰেলা-চেপেটা যুৱক এজনে গছ জোপাৰ তলত ৰৈ কিবা ভাবি আছে....

তেনেতে জপহকৈ ভূত এটা তাৰ সন্মুখত থিয় হৈ সুধিলে...
__ কোন তই ইয়াত কি কৰি আছ ?

যুৱক== তই কোন ?

ভূত-- মই এটা ভূত, ইয়াৰ ৰজা । তোৰ নাম কি ? ইয়ালৈ কিয় আহিছ

যুৱক== মোৰ নাম বাস্তৱ ।মই ইয়ালৈ আত্মহত্যা কৰিবলৈ আহিছো ।

ভূতটোৰ তালৈ কিবা মৰম লাগিল..
--হেৰৌ বাস্তৱ কচোন তই কিয় মৰিবলৈ আহিলি...

বাস্তৱ== নকব আৰু ভূত দা ছোৱালী এজনীয়ে...

-- কি হ'ল কিক মাৰিলে ?

== হয় ভূত দা ..!

-- কিয় ?

== তাই কয় মোৰ হেনু গাড়ী টকা ঘৰ একো নাই...

-- বিয়া নহওঁ বুলি কৈছে ?

== অ'

-- তই কল্পনাক ভাল পাৱ ?

== অ' খুউব ভাল পাঁও..! তাইক নাপালে মই মৰি যাম..!

ভূতটোৱে দেখিলে ই বেচেৰা বৰ চিধা , নামতহে বাস্তৱ কামত কল্পনাতকৈও পাতল..!!
ভূত টোৰ দয়া উপজিল আৰু ক'লে..

*
*
*
*
*
*

__ তোক মই ঘৰ, টকা, গাড়ী চব দিলো । এতিয়া ঘৰলৈ গৈ কল্পনাৰ লগত সুখে শান্তিৰে থাকগৈ যা...

সিও ঘৰলৈ আহি ভূতে কোৱাৰ দৰে সকলো সলনি দেখি তৰা-নৰা চিঙি কল্পনাৰ ওচৰ পালেগৈ..
দুয়োৰে প্ৰেম চলি আছে চলি আছে...
কিছুদিনৰ পাছত...
!
!
!
!
!
ভূত__ হেৰৌ লেৰেলা , তই আকৌ কিয় মৰিবলৈ আহিছ ?

বাস্তৱ== কি ক'ব ভূত দা মোৰ এই চেহেৰাটোৰ কাৰণে তাই হেনো লাজ পায় । সেই কাৰণে মোৰ লগত নাথাকো বুলি কৈছে !

ভূত== হব যা তোক চেহেৰা দিলো এতিয়া তাইৰ লগত সুখেৰে থাকগৈ...

বাস্তৱ আৰু কল্পনা এতিয়া যেন চিনেমাৰ নায়ক নায়িকাহে ! সুখ হাঁহি আনন্দেৰে চলি আছে..
চলি আছে.. চলি আছে...
এদিন হঠাৎ..
.
.
.
.
ভূত-- এইবাৰ তোৰ কি হ'ল হেনচাম স্মাৰ্ট বয় ?
বাস্তৱ== এইবাৰ আৰু মোক বাধা নিদিব ভূতদা, মই মৰি যাম ! তাই মোৰ লগত নাথাকে মোৰ হেনো জ্ঞান-বুদ্ধি নাই মই মূৰ্খ বুৰ্বক...
ভূত== তোক দিলো,যা এতিয়া সুখেৰে থাকগৈ...

দিন গৈ আছে..

গৈ আছে..

এদিন সেই অটব্য অৰণ্যত হাঃ হাঃ হাঃ কৈ হাঁহি সেই ভূতটোৱে...
.
.
.
.
?
.

.
.
হেৰৌ ইমান ধুনীয়া ছোৱালীজনী... তই পিছে কিয় মৰিবলৈ আহিছ ?
কান্দি কান্দি ছোৱালী জনীয়ে কবলৈ ধৰিলে..মই ল'ৰা এটাক..
ভূত== হ'ব মই চব বুজিলো ?
বাস্তৱে তোক বিত্ৰে কৰিলে ! শুন কল্পনা, তই গাড়ী টকা  ঘৰ চেহেৰা এইবোৰ বিচাৰিছিলি ঠিকেই আছিল কিন্তু
এটা ভুল কৰিলি...

কল্পনা (কান্দি কান্দি)...কি ভুল কৰিলো ভূতদা ?

ভূত== আকৰী ছোৱালী , তই তাৰ জ্ঞান-বুদ্ধি কিয় বিচাৰিছিলি ? জ্ঞান-বুদ্ধি হোৱাৰ পিছত সি বাৰু কিয় তোৰ ওচৰত থাকিব....!!!!
হাঃ হাঃ হাঃ....

No comments:

Post a Comment