Monday 16 December 2013

মোৰ ত্ৰিশূল দাল

দেৱতা সকলৰ কাতৰ অনুৰুধত সিদিনা ভঙুৱা বাবা শিৱই ধ্যানৰ পৰা মূৰ তুলিলে কোনোমতে। অত্যাচাৰী অসুৰ এটাক দমন কৰিবলৈ শিৱ ৰেদি হল।
: হেৰা মোৰ ত্ৰিশূল দাল আনাহে। শিৱই পার্বতীক কলে।
: সেইদাল নাই, কার্তিকে নিছে। পাকঘৰৰ পৰাই পার্বতীৰে উত্তৰ দিলে।
: মোৰ ত্ৰিশূল দালৰ লগত আকৌ তাৰ কি কাম। শিৱ জাঙুৰ খাই উঠিল।
: এ নকবা আৰু, মই মানা কৰাতো নুশুনিলে। সি হেনো গার্লফেণ্ডৰ লগত মেগী খাবলৈ যায়। যাওঁতে কৈ গৈছে, বোলে দেউতা কাটা চামুচ পাতকে লগত লৈ যাওঁ।

By: সীমান্ত কেওঁট

লরা সকলর কিছুমান গুণ




আজি ছোবালী সকলর হৈ ....
লরা সকলর কিছুমান গুণর কঠা কও . . . . .
.
.
.
১. লরা সকলে গা ধুবলৈ বর টান পাই . Pasport siz, stump siz ত গা ধুবে ।
.
.
.
.
২. মদ , ভাঙ , বিড়ি , চাদা ইত্যাদির প্রতি বেছি ভাগ লরাই আসক্ত ।
.
.
.
.
৩. ধার করি হলেও ছোবালীক রেষ্টুরেন্টত খুবাই বর গৌরব অনুভব করে ।
.
.
.
.
.
৪. ছোবলী সকল তেওলোকর বাবে মাল ! !
.
.
.
.
.
৫.কোনে কেইজনী পটালে সেয়া তেওলোকর আলোচ্য বিষয়
.
.
.
.
.
.
.
আরু নকও দেই মারিব এতিয়া

বছাওওওওওওওওও ও ও ।


By: Abhijit Chetia

মই মনমোহন

ফলাফল ঘোষণাৰ পিছৰ কথা !

যোৱা কালি দিগ্বিজয় সিংহে আহি ৰাহুল গান্ধীক কলে---- "চল বেটা, এবাৰ ফুৰি আহো "

ৰাহুল : এনেয়ে ইমান বেয়াকৈ হাৰিলো এতিয়া মানুহক মূখ কেনেকৈ দেখাম, নাযাঁও ফুৰিব ।

দিগ্বিজয় : মই আছো নহয় বাবা, তুমি চিন্তা নকৰিবা । এটা কাম কৰো দিয়া, তুমিও এখন শাৰী পিন্ধি লোৱা মইও এখন শাৰী পিন্ধি লও, কোনেও আমাক চিনিব নোৱাৰে ।

কথামতেই কাম !

দুয়ো শাৰী পিন্ধি ইণ্ডিয়া গেট
পালেগৈ ।

গেটৰ ওচৰত এজনী অঘৰী যেন লগা মহিলা সিঁহতৰ কাষ চাপি আহি সুধিলে ----

" তহঁত দুটা ৰাহুল আৰু দিগ্বিজয় নহয়নে " ?

দিগ্বিজয় : নহয়টো, আমি 'সীতা আৰু গীতা' হে ...!

মহিলা : মই ভালকৈ জানো তহঁতে মিছা কৈছে । তহঁত 'দিগ্বিজয় আৰু ৰাহুল' !

এইবাৰ ৰাহুল গান্ধী ভেশধাৰী মহিলা গৰাকীয়ে সুধিলে----

কি প্রমাণ আছে তোৰ ওচৰত ??

..
..
..
..

....... প্রমাণ লাগে, চা তেন্তে

..

..

(শাৰী খন ঢাঙি) এইয়া ভালকৈ চা !

মই মনমোহন, তহঁতৰ প্রধানমন্ত্রী !
By: Dípankar Nath

র্গালফেণ্ড


বন্ধুসকল, আজি এবিধ আছৰিত প্রাণীৰ বিষয়ে পঢ়ো আহক....!

যাৰ নাম হ'ল ---- "র্গালফেণ্ড" !

এই প্রাণীবিধ সহজে চহৰ অঞ্চলত উপলব্ধ ।

ইহঁতৰ প্রধান খাদ্য হ'ল ---বয়ফেণ্ডৰ 'মানিবেগ' টো !

তৃণভোজী প্রাণীয়ে এঠাইত ঘাঁহ শেষ হলে ঠাই সলনি কৰাৰ দৰে এই প্রাণী বিধেও খাদ্যৰ সন্ধানত এজনক এৰি আনজনক চিকাৰ কৰিব পাৰে ।

প্রানী বিধৰ প্রিয় ঠাই হ'ল -- শ্বপিং মল, ৰেষ্টুৰা, বাইকৰ পিছ ছিট টো ।

প্রাণী বিধে হাতত সদায় কিবা এডাল 'ষ্মার্ট ফোন' নামৰ যন্ত্র লৈ থাকে । 'মিছকল' দিয়া টো প্রাণীবিধৰ পৰম্পৰাগত লক্ষণ !

..
..

ইন্টাৰনেটৰ ভাষাত প্রাণী বিধক 'ভাইৰাছ' বুলি কোৱা হয় ।

যিয়ে আপোনাৰ পকেট অকষ্মার্টে 'ফৰমেট' মাৰিব পাৰে !

সেইহে বন্ধুসকল --

অনুগ্রহ কৰি আপোনালোকৰ 'র্গালফেণ্ড' ৰ নাম্বাৰ বোৰ মোক দিয়ক !

কাৰণ

মই জন্ম সূত্রেই এটা --

..

..

...."প্রফেচ'নেল এন্টিভাইৰাছ" !
By: Dípankar Nath

বুৰঞ্জীমুলক নাটক

আমাৰ গাওঁত নাটক এখনৰ আখৰা চলি আছে । বুৰঞ্জীমুলক নাটক আকৌ ।
মই পৰিচালকক খাতিৰ কৰিলো বোলো মকো এটা পাৰ্ট দিয়ক । পৰিচালকে নিদয়ে আগতে অভিজ্ঞতা নাই বাবে । ময়ো নাছোৰ বন্ধা –সৰু পাৰ্ট এটাকে দিয়ক এবাৰ ওলাব পৰা মই আপোনাক নাটকৰ দিনা বস্তু অকন খুৱাম (বিলাতি সৰুকৈ কাণে কাণে কলো) ।
লগে লগে পৰিচালক ৰেডি একাষলৈ মাতি আনি মোক ক’লে ভীমৰ পাৰ্টটোকে দিম মাত্ৰ এটা চিন মই তোক ডাইল’গ খিনি আৰু কেনেকৈ ওলাব লাগে লিখি দিম তই ঘৰত পূৰা মুখষ্ঠ কৰিবি আখৰা কৰিব নালাগে চিধা মঞ্চত মই লিখি দিয়া খিনি গাই যাবি আৰু ডাঙৰ গদা এটা বনাই আনিবি আৰু (সৰুকৈ কাণে কাণে মোক হাফ এটা আৰু মেকআপৰ জনক পোৱালি এটা হা ।)
ঘৰত আহি লিখিদিয়া খিনি পুৰা মুখষ্ঠ কৰি পেলালো ।
নাটকৰ দিনা ঘৰৰ ছাগলি এটা বেছি
সকলোকে সন্তুষ্ঠ কৰি মঞ্চত উঠিলো
মনতে ভাবি গাঁওৰ ধুনীয়া ছোৱালিবোৰ
মোৰ পিচত পৰিবই এইবাৰ বুলি।
ডাইৰেক্টৰে লিখি দিয়াৰ দৰে মঞ্চত গাই গ’লো-----
মাতিত গোৰ মাৰি ভীমৰ প্রবেশ কাণ্ডতলৈ ডাঙৰ গদা
----------------------------------
তাৰ পিছত কি হ’ল নকও আৰু লাজ লাগেহে
আজিলৈ হাৱাই চেণ্ডল নিকিনাকে চলি আছো দিয়ক ।

(বন্ধু সকল আপোনালোক হে কলো আনক নকবদে আজিও গাওঁত চেৰেলা ভীম বুলি মাতে এই অমুকাক )

By:Nabajyoti Deka

ডাক্টৰ আৰু ৰোগী

ডাক্টৰ - আপুনি ভয় নাখাব । মই ফটকে উঘালি আনিম। গমেই নাপাব । দুখ পোৱাৰটো দুৰৰ কথা।
ৰোগী - নাই নাই ডাক্টৰ , মোৰ বৰ ভয় লাগিছে । দুখ পালে কি হ'ব।
ডাক্টৰ - এটা কাম কৰক , ইয়াতে ৰামৰ বটল এটা আছে ২ পেগ মান মাৰি লক। ভয়টো নাইকীয়া হ'ব।
কিছু সময়ৰ পাছত

ডাক্টৰ - সাহস বাঢ়িছেনে ?
ৰোগী - কোন কুত্তাই দাঁত উঘালে চাম নহয় । দাঁতত হাত দিলেই ঘুচিয়াই নাক ভাঙি দিম।
By: Biman Borgohain

চিভচাগৰৰ কথা

বহুত পুৰণা। দিবলৈ মন নাছিল। কিন্তু খলইতাৰ কাৰণে হামু বেকত কৰন্তি। বেয়া পালে মনে মনে পঢ়িব হা।

খলইতা এদিন ছেংমাইৰ অৰিজিনেল ঘৰলৈ গৈ আছিল। বাটতে চাইকেলখনৰ চেইন পৰিল। চেইনডাল তুলিলে কিন্তু হাতখন লেতেৰা হ'ল। মানুহ এঘৰত হাতখন ধুবলৈ সোমাল। দুৱাৰ মুখতে হনুমান আৰু মনমোহন সিংৰ ফটো লগাই থৈছে। ভেৰী স্মাৰ্ট ছোৱালী এজনী ওলাই আহিল। বহিবলৈ ক'লে। খলইতা বহিল। ছোৱালীজনীক মাকে ভিতৰৰ পৰা চিঞৰিলে।
: কোন আহিছে অ'? ধানখিনি ক'ত আছে? তই এইফালে আহছোন।
: আই ডোণত।
খলইতাই ভাবিলে i don't.. বাপ্পা ঐ কি চলি এইটো। বেছ টেলেণ্টেড দে।
: কিমান পঢ়িলা ভণ্টি?
: আইয়ে নিদিলে।
খলইতাই ভাবিলে আই এ পৰীক্ষা নিদিলে বেচেৰী। এইটো আপি মজ্জা। আকৌ আহিম দক বুলি খলইতাই খুব জোৰেৰে চাইকেল চলাই চেংমাইৰ ঘৰ পালেগৈ। কেছটো ক'লত চেংমায়ে ক'লে সেইটো আপিক চিনি পাওঁ। নাং-ৰ আপায়েকৰ পেহিয়েকৰ ছোৱালী। সেইটো মোৰ হে চলি। তই লাইন নামাৰিবি। তই লাগিলে নাং-কে এক এপ্ৰিলৰ দিনা তাৰাই মাৰিবি।
: মোৰ চাইকেলৰ চেইন পৰা প্লাচ কা নাম বটা ৰে টু।-খলইতা গৰজি উঠিল।
: চিভচাগৰ।

বাকিখিনি আৰু কি ক'ম। খলইতাই ক'ব সুধিলে চিভচাগৰৰ কথা।

By: Chandan Jyoti

আমাক চাইড দিয়া ৰে


আমাক চাইড দিয়া ৰে আমিতো কাওৰি বালা

************

মানুহৰ মগজটো এটা আজৱ যন্ত্র । দিনৰাতি ২৪ ঘন্টাই কাম কৰে । জন্মৰ পৰা মৃত্যু পর্যন্ত কাম কৰিয়েই থাকে । মাত্ৰ পৰীক্ষাৰ হলত সোমুৱাৰ আগে আগে কাম কৰাৰ বন্ধ কৰি দিয়ে ।

*************

আমাৰ জীৱনত সূর্যতকৈও চন্দ্ৰৰ প্ৰয়োজন বহুত বেছি । কাৰণ ৰাতি যেতিয়া পোহৰ নাথাকে তেতিয়া চন্দ্ৰই পোহৰ দিয়ে ।

*************

শিক্ষক :- আনজনে শুনিব নিবিচাৰিলেও যিয়ে অনর্গল কথা কয়, তাক কি বুলি কোৱা হয় ?

ছাত্র :- ছাৰ, তাকে কোৱা হয় শিক্ষক ।

*************

এটা হাতী আহি থকা দেখি....

১ম পৰুৱা :- মই সেইটোক মাৰি পেলাম |

২য় পৰুৱা :- মই তাৰ ঠেং ভাঙিম |

৩য় পৰুৱা :- বেচেৰাক এৰি দে । আমি ৩ টা, আনফালে সি এটাহে !

*************

সৈন্য :- ছাৰ, আমি পলাবলৈ কোনো পথ নাই । শত্রুৱে চাৰিওফালে আগুৰি ধৰিছে ।

মেজৰ :- ভয় নকৰিবা, এতিয়া আমি যিকোনো ফালেই এটেক কৰিব পাৰিম ।

*************

শিক্ষক :- তোমাৰ দেউতাৰ বয়স কিমান ?

ছাত্র :- মোৰ আৰু মোৰ দেউতাৰ বয়স একেই |

শিক্ষক :- কি ? এইটো কেনেকৈ সম্ভব ?

ছাত্র :- আৰেই ছাৰ, মই জন্ম হোৱাৰ পাছৰ পৰাইতো তেওঁ দেউতা হৈছে ।

************

দত্ত :- যোৱাকালি চুট-পেনট পিন্ধি বজাৰলৈ গৈছিলো, শাক পাচলিৰ দাম বহুত ললে, কিন্তু আজি গেণ্জী আৰু লুঙ্গি পিন্ধি গ'লো দাম কম ললে |

কলিতা :- কাপোৰ নিপিন্ধাকে গ'লে ফ্ৰীতেই পাবি |

************

স্বামী :- মই গোঁফ ৰাখিলে কেনেকুৱা দেখিব কোৱাচোন ?

স্ত্রী :- তোমাৰ নাকটো কি ইমানেই ইম্পৰর্টেন্ট হ'ল যে নাকটোৰ তলত আন্দাৰলাইন মাৰিব লাগে ।

************

আমাক চাইড দিয়া ৰে আমিতো কাওৰি বালা


By: Deep Jyoti Nath

Saturday 30 November 2013

মোৰ দেউতা যদি এটা ষাঁড় আৰু মা যদি গাই হ’লহেতেন...

এটা ৯ -১০ বছৰীয়া সৰু ল’ৰা বাছত উঠিল আৰু ঠিক ড্ৰাইভাৰৰ পিছতে বহি একেৰাহে আঁওৰাব ধৰিলে...

মোৰ দেউতা যদি এটা ষাঁড় আৰু মা যদি গাই হ’লহেতেন, মই এটা দমৰা হ’লোহেতেন...
.
.
.

কিছু সময় মনে মনে থাকি পুণৰ আঁওৰাব ধৰিলে~ মোৰ দেউতা যদি মতা হাতী আৰু মা মাইকী হাতী হ’লহেতেন, মই পোৱালী হাতী হ’লোহেতেন...
.
.
.

আকৌ কিছু সময় মনে মনে থাকি পুণৰ আঁওৰাব ধৰিলে~ মোৰ দেউতা যদি মতা গাহৰি আৰু মা মাইকী হ’লহেতেন, মই এটা পোৱালী গাহৰি হ’লোহেতেন...

দুবাৰলৈকে যেনেতেনে সহ্য কৰিলে, কিন্তু এই তৃতীয়বাৰ ড্ৰাইভাৰৰ আৰু সহ্য নহ’ল...
গতিকে গাড়ীত ব্ৰেক্ মাৰি কৈয়েই পেলালে, “ঐ পোৱালী তই যে ইমান চিঁঞৰ -বাখৰ কৰি আছ, তোৰ বাপেৰ ডকাইত আৰু মাৰ বেশ্যা হোৱাহেতেন তই কি হলিহেতেন...? ”
.
.
.

“হি: হি: আংকল, একেবাৰে সহজ উত্তৰ~ আপোনাৰ দৰে এজন বাছ ড্ৰাইভাৰ হলোহেতেন...” , লৰাটোৱে তপৰাই উত্তৰ দিলে...!!!

(মূল কথাখিনি ইংৰাজী ভাষাৰ এটি ৰগৰত পাই নিজে অনুবাদ কৰি, কিছু মছলা সংযোজন কৰি আপোনালোকলৈ আগবঢ়ালো )


By: Hemanta Hazarika

পুলিচ নগেন...

এবাৰ স্কটলেণ্ড য়াৰ্ড, কেজিবি আৰু ভাৰতৰ পুলিচৰ মাজত প্ৰতিযোগিতা হৈছিল কোন সকলোতকৈ ভাল পুলিচ তাকে চাবলৈ৷ ভাৰতৰ দলটোৰ নেতা আছিল আমাৰে নগেন৷
প্ৰতিযোগিতা হ'ল এখন অটব্য অৰণ্যৰ কাষত৷
সকলোকে কোৱা হ'ল,
অৰণ্যৰ ভিতৰলৈ সোমাই যাব লাগিব আৰু এটা বাঘ ধৰি আনিব লাগিব৷ যিটো দলে কম সময়ৰ ভিতৰত বাঘ এটা ধৰি আনিব, সেইটো দলেই জিকিব৷
প্ৰথমে গ'লস্কটলেণ্ড য়াৰ্ড৷ প্ৰায় এঘন্টামানৰ ভিতৰতে বাঘ এটা ধৰি আনিলে৷
তাৰ পাছত গ'ল কেজিবি৷
তেওঁলোকে আধাঘন্টাতে ধৰি আনিলে৷
এইবাৰ গ'ল নগেনৰ দল৷
আধাঘন্টা গ'ল, এঘন্টা গ,ল, দুঘন্টা গ'ল... দলটোৰ দেখা-দেখি নাই৷ প্ৰায় ছঘন্টামান পাৰ হোৱাৰ পাছত সকলোৰে চিন্তা হ'ল, কিজানি নগেনৰ দলটোক বাঘে........
বেছি অপেক্ষা কৰা উচিত নহ'ব বুলি ভাবি সকলোবোৰ হাবিৰ ভিতৰ সোমাই গ'ল৷ কিছুদূৰ যোৱাৰ পাছত এডাল ডাঙৰ গছৰ তলত দেখা গ'ল নগেনৰ দলটোক৷
নগেনেহঁতে এটা ভালুক ধৰি গছত বান্ধি লৈ উধাই-মুধাই পিটিছে আৰু কৈছে
: ঐ তই কৈ দে তই বাঘ বুলি
ভালুকটোৱে কয়,
: মই ভালুকহে
: নাই তই বাঘ , কৈ দে বাঘ বুলি৷ বাঘ বুলি ক'৷


By: ডঃ মাখন লাল দাস

বুদ্ধিয়ক কনটিলৌ


এদিন শ্রেণী কোঠাত বাইদেউয়ে কণমানি ছাত্র-ছাত্রী সকল বুজাই আছে -----

" যদি তোমালোকে শুদ্ধ মনেৰে ভগবানক পূজা কৰা তেন্তে মনৰ কামনা পূর্ণ হবই " ।

বুদ্ধিয়ক কনটিলৌ : মিছা কথা বাইদেউ !!

যদি তেনেকুৱা হ'লহেতেন আপুনি তাত থিয় হৈ নাথাকে ----

..

..

..

..

..

..

মোৰ দুবাহুত সোমাই থাকিলহেঁতেন ।
By: Dípankar Nath

আশিষ দা আৰু ৰামায়ণ


আমাৰ আশিষ দা অধিবক্তা পঢ়ি থকা সময়ৰ কথা । উদয় দাই কেচ এটা আনিছে সমাধান কৰিব লাগে ।

ৰামায়ণৰ সীতাক ৰাৱনে হৰণ কৰা নাছিল, সীতা নিজে গৈছিল।
আশিষ দা ৰামায়ণ পঢ়া আৰম্ভ কৰি দিলে । আৰু আইন ৰ কিতাপ আৰু এটা সমাধান দিলে

-“মায়াবী সোণৰ হৰিণা ধৰিবলৈ ৰামে পহু ৰূপী মায়াবী ৰাক্ষস মাৰীচক খেদি গৈছিল। বহুদুৰ গৈয়ো যেতিয়া ৰামে হৰিণ ধৰিব পৰা নাছিল তেতিয়া উপায়ন্তৰ হৈ ৰামে হৰিণক উদ্দেশ্যি শৰ মাৰিছিল। মৰাৰ আগেয়ে মাৰীচে ৰামৰ মাতেৰে কাতৰ স্বৰেৰে ‘ভাই লক্ষ্ণণ। ৰাক্ষসে মোক মাৰিলে, তুমি তৎক্ষণাৎ আহি মোক ৰক্ষা কৰা বুলি চিঞৰিলে। সীতাৰ ৰখিয়াৰ দায়িত্বত থকা লক্ষ্ণণক সীতাই স্বামীক ৰক্ষা কৰিবলৈ পঠাই দিছিল | তেতিয়াই ৰাৱণে ব্ৰাহ্মণৰ বেশ ধৰি সীতাক হৰণ কৰি লৈ গৈছিল।”

-“সেই কথা সকলোৱে জানে কিন্তু সীতা দেৱীয়ে জনক ৰজাৰ ঘৰত থকা প্ৰকাণ্ড হৰধণুখন বাওঁহাতেৰে দাঙি সোঁহাতেৰে ঘৰ মচি আনিছিল। আচলতে জানকী মানৱী নহয়, দেৱী লক্ষ্ণী আছিল। তেওঁৰ ক্ষমতাৰ তুলনা নাই, তেওঁ মহাশক্তিশালিনী দেৱী। গতিকে মহাদেৱৰ সেই ধনুখন দাঙি ধনুৰ তলৰ ঠাইখিনি মচি অনা মিছা নহয়।”

জানকী সীতাই যিখন হৰধনু বাওঁ হাতেৰে দাঙি ধৰি অনায়াসে সদায় ধনুৰ তলৰ ঠাইখিনি মচিছিল সেইখন ধনু সয়ম্বৰ
সভালৈ আনোতে প্ৰকাণ্ড আঠটি চকাযুক্ত গাড়ীত উঠাই শতাধিক মানুহে ঠেলি ঠেলি আনিছিল। দেৱী সীতাই অনায়াসে বাওঁহাতেৰে দাঙিব পৰা ধনুখন ৰাজসভালৈ আনোতে যিদৰে আনিছিল তাৰপৰা বুজাযায় সেইখন এখন প্ৰকাণ্ড ধনু
আছিল। দেৱী জানকীৰ সয়ম্বৰ সভালৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ প্ৰতাপী-মহাপ্ৰতাপী বহু ৰজা- ৰাজকুমাৰৰ আগমণ ঘটীছিল। তাৰ মাজত লংকাধিপতি ৰাৱণো আছিল। সেই ৰাৱণে কিন্তু হৰধনুখন ধনু ৰখা ঠাইৰপৰা চাৰি আঙুল ওপৰলৈও তুলিব পৰা নাছিল। 

তাৰ পৰা বুজা যায় যে তেওঁৰ শক্তি দেৱী জানকীতকৈ বহুগুণে কম আছিল। 

তেন্তে আপোনালোকে কওকচোন সেইজনী দেৱী জানকীক ৰাৱণে বনৰ মাজত হাতৰ ধৰি হৰণ কৰাৰ শক্তি আছে বুলি কেনেকৈ বিশ্বাস হয় ? মই ভাবো জানকীয়ে ইচ্ছা কৰিয়ে ৰাৱণৰ লগত গুচি গৈছিল। কাৰণ শক্তিৰে ৰাৱণে জানকীক
কেতিয়াও বলে নোৱাৰিলেহেঁতে।”

আদালতৰ ওচৰত আশিষ দাৰ সেই যুক্তি খণ্ডন কৰিবলৈ একো উত্তৰ নাছিল । যুক্তি শুনি আদালতে “হায় মা জানকী” বুলি আশিষ দাৰ হকে ৰাই দিলে।

সম্পূৰ্ণ ধাৰ কৰা।


By: Bitupon Saikia

Friday 29 November 2013

কোন কুকুৰৰ পোৱালী ৰে?

এবাৰ থুলুকৰ লগত ঘৈনীয়েকৰ দুৰ্বাদল কাজিয়া। বিষয় সিহতৰ পুতেকে কাক বেছি ভাল পায়। অনেক তৰ্ক-বিতৰ্কৰ পাছত দুয়ো এটা উপায় ভাৱি উলিয়ালে যে পুতেকক গোটাচেৰেক শিলগুটি মৰা হওঁক।
যদি পুতেকে মা বুলি চিঞঁৰে তেন্তে মাক জিকিব আৰু দেউতা বুলিলে থুলুক!
কথা মতেই কাম।
থুলুকে পুতেকলৈ শিলগুটি এটা দলিয়ালে।
কাণ থিয় কৰি থকা থুলুক-থুলুকনীৰ কাণত বাজিলহি...
-
-
-
-
-
"কোন কুকুৰৰ পোৱালী ৰে?"


By: Anupam Medhi

মহাপ্রতাপী ৰজা মহাৰাজ উদয়

আজিৰ পৰা প্রায় ৮০০ বছৰমান আগৰ ঘটনা । অসমৰ উত্তৰ -পশ্চিম প্রান্তত ৰাজত্ব কৰিছিল এজন মহাপ্রতাপী ৰজা মহাৰাজ উদয় । তেওঁৰ উদাৰ , ধার্মিক , নির্ভীক প্রকৃতিৰ আছিল । তেখেতক সুখে দুখে সংগ দিছিল তেখেতৰ অতি ৰূপৱতী , অতিকে মোহনীয় পত্নী মহাৰানী "দর্শনাই " ।

হঠাতে এবাৰ ৰাজ্যত বহুতো বিদ্রোহী সংগঠনৰ আবির্ভাব হল আৰু ৰজাৰ বিৰুদ্ধে মহাযুদ্ধ ঘোষনা কৰিলে । প্রজা হিতঁৰ বাবে মহাৰাজেও সিদ্ধান্ত লৈ সৈন্য -সামন্ত ,হাতী -ঘোৰা লৈ যুদ্ধলৈ যাব ওলাল আৰু যোৱাৰ আগত তেওঁৰ অতিকে মৰমৰ পত্নী দর্শনাক সকলো সা সুবিধা প্রদান কৰি অট্টালিকা এটাত ডাঙৰ তলা এটা লগাই আবদ্ধ কৰি থলে আৰু আটাইতকে বিশ্বাসী প্রিয় বন্ধু আশীশক মাতি আনি কলে " হে প্রিয়বন্ধু , তোমাক এই চাবিপাত অর্পন কৰিলো যদি মই তিনিদিনত ঘূৰি নাহো তেন্তে যুদ্ধত মোৰ মৃত্যু হোৱা বুলি ভাবিবা আৰু চতুর্থদিনা তুমি চাবিপাতেৰে অট্টালিকাৰ তলাতো খুলি মহাৰানীক চিৰদিনৰ বাবে তোমাৰ নিজৰ কৰি লবা , এয়াই মোৰ শেষ সিদ্ধান্ত ।। "
দুখমনে আশীষে চাবিপাট গ্রহণ কৰিলে ।।

মহাৰাজ উদয়ক তিলক লগাই জয়গান গাই , ঢোল পেপা বজাই সৈন্য সামন্তৰে যুদ্ধলৈ বুলি বিদায় দিলে ।

ৰাজপাতাকা উৰুৱাই , হাতী ঘোৰা দৌৰাই মহাৰাজ উদয় আগবাঢ়িব ধৰিলে ।

প্রায় এঘন্টামান আহি আঠ - ন মাইলমান যোৱাৰ পাছত পিছৰ পৰা ধুলি বালি উৰুৱাই এজন তীব্রবেগী অশ্বাৰোহী তেওঁলোকৰ পিনে অহা দেখা পালে ! মহাৰাজে সকলোকে সতর্ক কৰিলে । কিন্তু ওচৰ পোৱাত অশ্বাৰোহীজন দেখি সকলো আচৰিত কাৰন তেওঁ আছিল আশীষ ।

মহাৰাজে সুধিলে " প্রিয়বন্ধু কি হল তুমি এনেকে আকস্মাত বলিয়াৰ দৰে পর্দাপন কৰিলাযে , একো অমংগল হোৱা নাইতো ? "

আশীষে ফোফাই জোফাই উত্তৰ দিলে

" ক্ষমা কৰিব মহাৰাজ , সকলো কুশলেই আছে কিন্তু আপুনি মোক এপাত ভুল চাবি দি আহিছে " !!




By: Shyamal K Bhattacharjee

দাঁতৰ চিকিৎসক...


ডা0 মাখন দা তেতিয়া দাঁতৰ চিকিৎসক । এদিন সন্ধিয়া দেখা গ'ল চেম্বাৰৰ বাহিৰত তেওঁ আনন্দৰে নাচি আছে । তেনেতে তেওঁৰ ব্যক্তিগত সহকাৰী সেংমাই আহিল, ''ছাৰ কিবা সমস্যাত পৰিছে নেকি ?''

মাখন দা -- সমস্যা হ'লে কি মই এনেদৰে আনন্দত নাচি থাকিম ।

সেংমাই :-- সেইবাবেইতো সুধিছো ছাৰ । ভিতৰত ৰোগী বহি আছে আৰু আপুনি বাহিৰত নাচি আছে !!

মাখন দা :-- ভিতৰত যি জন ৰোগী বহি আছে তেওঁ কোন জান্ জানো ?

সেংমাই :-- নাজানো, কোননো ছাৰ ?

মাখন দা :-- এজন পুলিচ চাৰ্জেন্ট, সেইদিনা ষ্পীডত গাড়ী চলোৱাৰ অপৰাধত ৩০০ টকা মোক জৰিমনা কৰিছিল । আজি তাক পাইছো বাপপেকে ।

Thursday 28 November 2013

দুই মহিলাৰ কথোপকথন


(দুই মহিলাৰ কথোপকথন)

১ম মহিলা : আপোনাৰ লৰা আৰু ছোৱালীৰ তো বিয়া হৈ গল, কওঁকচোন আপোনাৰ বোৱাৰী আৰু আপোনাৰ জোৱাইক কেনে পাইছে !....

২য় মহিলা: এহ্ নকব আৰু মোৰ বোৱাৰী বুইছে সাংঘাতিক বেয়া । ...... বুইছে কুলক্ষনীজনী ৰাতিপূৱা সদায় পলমকৈ শুই উঠে আৰু সদায় মোৰ লৰাই তাইৰ কাৰনে চাহ বনাই খুৱাব লাগে । তাই ঘৰৰ কামৰ নামত কুটা এগচো নোচোৱে আৰু প্রায়েই মোৰ লৰাক বাহিৰৰ হোটেলত খানা খাবলৈ লগ ধৰি থাকে । মোৰেই কিবা দূর্ভাগ্য বুইছে সেইকাৰণেহে সেইজনীক বোৱাৰী হিচাবে পালো !.....

১ম মহিলা : আৰু
আপোনাৰ জোৱাই ?.....

২য় মহিলা : বুইছে মোৰ জোৱাই একেবাৰে সাইলাখ দেৱতাৰ দৰে... আই ঐ দেহি মোৰ জীয়ৰীয়ে কষ্ট পাব বুলি সদায় ৰাতিপুৱা জোৱায়ে আগতে উঠি তাইক চাহ বনায় খুৱায় , ঘৰৰ কামৰ নামত জোৱায়ে তাইক কুটা এগচো চুবলৈ নিদিয়ে আৰু প্রায়েই মোৰ জীয়ৰীক জোৱায়ে বাহিৰলৈ খানা খুৱাবলৈ লৈ যায় । বুইছেনে একেবাৰে ভাগ্যবানজনকহে এনেকুৱা জোৱাই মিলে !..........

(গুগল হিন্দী ধেমেলীয়া কৌতুকৰ অসমীয়া অনুবাদ )

By: Nâvâ Kríshñá DéKá

Assamese Joke SMS


আমাৰ নগেন দাইটি

আমাৰ নগেন দাইটিৰ সৌ সিদিনা জন্ম হোৱা ল’ৰাটোৰ কাহিনী এটা ক’ব খুজিছো...

সেইদিনা মানে তাৰ জন্মৰ দিনা ৰাতিপূৱা খুৰীদেউৰ যন্ত্ৰনা বেছি হোৱাত দাইটিয়ে একেকোবেই চহৰৰ একেবাৰে দামী ডাক্তৰৰ ওচৰলৈ লৈ গ’ল...
.
.
.
ডাক্তৰো একেবাৰে বিলাত ফেৰৎ, গতিকে প্ৰাৰম্ভিক অনুসন্ধানবোৰ কৰিয়েই দাইটিক ক’লে যে নতুন মেচিন এটা আছে, যিটোৱে হ’বলগা সন্তানৰ মাকৰ প্ৰসৱ বেদনাৰ পৰিমাণ দেউতাকলৈ ট্ৰান্সফাৰ কৰে তাকো ইনডাইৰেক্তলি... কেৱল খৰচ কিছু বেছি...
.
.
আমাৰ দাইটিৰ ঘৈণীয়েকলৈ বৰ মৰম নহয়, গতিকে খৰচৰ কথা কেতিয়াঁও নাভাবে~ গতিকে নতুন মেচিনত ট্ৰিটমেন্ট আৰম্ভ..
.
.
ঘৈণীয়েকৰ বিচনাৰ কাষতে দাইটি বহি লৈছে আৰু সিফালে ডাক্তৰে মেচিনত ট্ৰিটমেন্ট আৰম্ভ কৰিছে...
.
.
দাইটিৰ এনেধৰণৰ প্ৰথম অভিজ্ঞতা, গতিকে ডাক্তৰে ১০% দি ক’লে যে দাইটিৰ ওপৰত নিৰ্ভৰ কৰি যন্ত্ৰনাৰ পৰিমাণ বঢ়াই যোৱা হ’ব...
.
.
দাইটি এনেই বৰ মজবুত, গতিকে ১০, ২০, ৩০... এইদৰে বঢ়াই একেবাৰে ১০০% কৰি ল’লে... ডাক্তৰৰো চকু কপালত, বেলেগ মানুহে ২০% ই লব নোৱাৰে, এইজনে দেখোন ১০০ % লৈয়ো মুখেৰে মাত এটা নামাতিলে...
.
.
যিহঁওক খুৰীদেউৱে টিলমানো কষ্ট নোপোৱাকৈ ল’ৰাটো জন্ম দিলে...
.
.
দাইটিও বিৰাট সুখী, এফালে ল’ৰা, তাতে ডাক্তৰৰ ওচৰত ৰেকৰ্ড কৰি আহিছে...

গতিকে মাছে -মাংসই, মিঠাইৰে সপৰিয়ালে ঘৰত আহি হাজিৰ...

কিন্তু আহিয়েই দেখে ঘৰৰ বাৰান্দাত দাইটিৰ ঘৰত সদায় গাখীৰ দিয়া ডেকা ল’ৰাটো মৰি ফ্লেট্ হৈ আছে.....

(দাইটিয়ে নুবুজিলে, ৰগৰীয়ান বুজিলেনে...! )


By: Hemanta Hazarika

নগেনৰ ঘৈণীয়েকঃ

নগেনৰ ঘৈণীয়েকঃ ড° আমাৰ এও মোৰ লগত ৰোমাঞ্চ
নকৰে।
ডাক্তৰঃ মই ৩০টা টেবলেট দিম । সদাই এটাকৈ ১মাহ
খুৱালে ঠিক হৈ যাৱ ।
ঘৰলৈ আহি ঘৈণীয়েকে নগেনক এটা টেবলেট খুৱালে আৰু
সেইদিনা ৰাতি নগেনে অলপ ৰোমাঞ্চ কৰিলে ।
পাছদিনা দুটা টেবলেট খুৱাই দিলে আৰু সেইদিনা অলপ
বেছিকৈ ৰোমাঞ্চ কৰিলে ।
তাৰ পাছদিনা ঘৈণীয়েকে বাকী থকা ২৭টা টেবলেট
ভাতৰ লগত মিহলাই একেলগত খুৱাই দিলে ।
.
.
.
.
৩ দিন পাছত ড° জনে নগেনৰ পুতেকক হস্পিতালৰ ওচৰত
লগ পায় মাকৰ বিষয়ে সোধাত সি কলে যেঃ
.
.
.
.
.
.
মা মৰি গল ।
মাহী আৰু পেহী মেডিকেলত পৰি আছে ।
কাম কৰা বাই জনী পলাই গল ।
ওচৰৰ আন্টি এজনীয়ে দেউতাৰ ওপৰত ৰেপ কেছ দিছে ।
মোৰ পিছফালটো এতিয়াও বিষাই আছে ।
ভাইটি বিচনাৰ তলত লুকাই আছে ।
দেউতাই কুকুৰ এটাৰ পিছে পিছে এতিয়াও দৌৰি আছে ।

সেইটো বান্দৰ নহয় নহয় !!!

এদিনৰ কথা|
দত্তকাই তেতিয়া সৰু আছিল...|

মাকৰ লগত দোকানলৈ গ’ল| মাকে কিনি আছে, আমাৰ দত্ত‍ই কিবা কিবি চাই ফুৰিছে| পিৰিক পাৰাক পিৰিক পাৰাক|

লাষ্টত যেতিয়া মাকৰ চব বস্তু কিনি অঁতাই হ’ল, পোৱালি দত্ত‍ই থেনথেনাবলৈ ধৰিলে- "মা মা, মোক সেই বান্দৰ পোৱালিটো লাগে লাগে|"

দোকানী: কোনটো?
দত্ত: সেইটো...

দোকানী: হে হে হে হে... সেইটো বান্দৰ নহয় নহয়/ সেইখন আইনা হে....

By Dibyamohan Gogoi 

পৰীক্ষাৰ বহী এখনৰ কিয়দাংশ

/ অসমীয়া মাহৰ(Months) নাম লিখা
উঃ.. মটৰ মাহ, বুট মাহ, মাটি মাহ, মগু মাহ ইত্যাদি।
/ কেইটামান পোক(insects) নাম লিখা
উঃ.. মাৰ পোকৰ, পাপাৰ পোকৰ, বাৰ পোকৰ, ককাৰ পোকৰ...
/ বাক্য ৰচনা কৰাঃ
আলাসৰ লাৰুঃ
"
নাৰিকলৰ লাৰু খাইচো, এই আলাসৰ লাৰুটোহে আজিলৈকে খাই পোৱা নাই"

ডলাৰ বগৰীঃ "মায়ে ৰদত শুকুৱাই থোৱা ডলাৰ বগৰীখিনি মই চুৰ কৰি কৰি খাওঁ"

হাত দীঘলঃ "হাত দীঘল চার্ট এটা পিন্ধি সি ওলাই গল"


আকৌ বুৰঞ্জী..

১) বুৰঞ্জীৰ পৰীক্ষাত বাৰে-বিংকৰা কথা লিখি পাত ভৰাই দিয়া স্বভাৱ ছাত্ৰসমাজত আছেই৷
আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ বিষয়ে এবাৰ এগৰাকীয়ে এনেদৰে লিখিছিল: (শুনা কথা, হুবহু একে নিশ্চয় হোৱা নাই, কিন্তু মুল কথাখিনি একে হোৱা বুলি ক’ব পাৰি)
আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ সময়ত ভাৰতৰ ৰজা আছিল পুৰু৷ দুয়োৰে মাজত তুমুল যুদ্ধ হৈছিল৷ পুৰু বৰ ডাঙৰ ৰজা আছিল৷ আলেকজেণ্ডাৰো ডাঙৰ ৰজা আছিল৷ গতিকে বহু ডাঙৰ যুদ্ধ হৈছিল৷ পুৰু আছিল ঝীলাম নদীৰ ইপাৰে আৰু আলেকজেণ্ডাৰ আছিল সিপাৰে৷ যুদ্ধ চলি আছে , চলি আছে৷ তেনেতে ধাৰাসাৰ বৰষুণ আহিল৷ অতি দুখৰ কথা যে ঝীলাম নদীৰ ইপাৰেহে বৰষুণ আহিল, সিপাৰে নাহিল৷ গতিকে পুৰুৰ ফালে মাটি বিলাক বোকা বোকা হৈ গ’ল৷ পুৰুৰ সৈন্য বিলাকে ধনু-কাঁড় মাৰিবলৈ যায় কিন্তু বোকাত পিচল খাই খাই পাৰে৷ গতিকে একো কৰিব নোৱাৰে৷ কিন্তু আলেকজেণ্ডাৰ আছিল সিটো পাৰত, শুকান মাটিত৷ গতিকে পুৰু যুদ্ধত পৰাস্ত হ’ল৷ 

২) আকৌ বুৰঞ্জীৰ পৰীক্ষাত ডাঙৰ মানুহৰ ইংৰাজী উদ্ধৃতি দিয়াটোও এটা প্ৰচলিত নিয়ম আছিল৷ এবাৰ এজন ছাত্ৰই একো উদ্ধৃতি দিব নোৱাৰি নিজে বনাই বনাই এনেদৰে এটা উদ্ধৃতি দিছিল:
আকবৰৰ এজন বিখ্যাত ৰজা আছিল৷ তেওঁৰ বিষয়ে বিখ্যাত বুৰঞ্জীবিদ এজনে এনেদৰে কৈছিল:
How can I suscendify the bombholastic characteristics of Akbar, The Akbar , superculous, feciculous….
ইয়াৰ অৰ্থ কি চিন্তা কৰাৰ সময় ক’ত?


By: Makhan Lal Das

নগেনৰ কুকুৰ আৰু শুভবিবাহ..

নগেনৰ তিনিটা কুকুৰ৷ তিনিওটা দেখিবলৈ হুবহু একে, কিচকিচিয়া ক'লা৷ নগেনে নাম দিছে, কালু-১, কালু-২ আৰু কালু-৩ ৷
এদিন নগেন সপৰিয়ালে বিয়া খাবলৈ গ'ল৷ ঘৰত কোনো নাই৷ কালুহঁতেও বুজিলে সিহঁতো বিয়া খাবলৈ যোৱা ভাল৷
কালুহঁত বিয়া ঘৰৰ পৰা অলপ আঁৰত ৰ'ল৷ তেতিয়া আন্ধাৰ হৈছে৷ খোৱা-বোৱা চলি আছে৷ মাংসৰ গোন্ধ ভাহি আহিছে৷ কালুহঁতৰ লোভ লাগিল৷
কালু-১ প্ৰথমে যাবলৈ ওলাল অলপ আলেখ-লেখ চাবলৈ৷বাকীদুটা দূৰত ৰৈ থাকিল৷
সি গৈ পিছপিনৰ চুৱা-পাতনিৰ কাষত থিয় হ'ল৷ দূৰৰ পৰা ৰান্ধনিয়ে কালু-১ ক দেখি ভাবিলে৷ আহিল এই চুৱাখোৱাটো৷ ইয়াক এসেকা নিদিলে আমনি কৰি থাকিব৷
সেইবুলি ৰান্ধনিজনে এচৰিয়া গৰমপানী আনি কালু-১ৰ গালৈ মাৰি পঠিয়ালে৷ কালু-১ এ অলপ সময় কেং কেং কৈ চিঞৰি , অলপ বেলেগফালে গৈ বহিল৷ গাটো জোকাৰি জোকাৰি নোমবোৰ অলপ শুকুৱালে৷ তাৰপাছত লাহে লাহে বাকীদুটা কালুৰ ওচৰ পালেগৈ৷ তাক দেখি বাকী দুটাই আগ্ৰহেৰে সুধিলে,
:কি হ'ল কচোন ক'৷
: কি হ'ব আৰু, মোক দেখাৰ লগে লগে একেবাৰে গৰমে গৰমে খুৱাই দিলে৷ বৰ ভাল লাগিল৷ একেবাৰে পেটভৰাই খাই আহিলো৷
তাকে শুনি অতি উত্সাহেৰে কালু-২ যাবলৈ ওলাল৷
কালু-২ ক দেখি ৰান্ধনিয়ে ভাবিলে,
: আও, ইয়াক গৰম পানী মাৰিলো, তথাপি আহিছে৷ ৰহ বাপ্পেকে৷
সেইবুলি জ্বলাখৰি এডালেৰে কালু-২ ৰ ভৰিতে দিলে দুকোবমান৷ কালু-২ ঠাইতে বাগৰি পৰিল৷ তাতে অলপসময় বাগৰি থাকিল৷ তাৰপাছত অলপ লেঙেৰাই লেঙাৰেই কিন্তু যিমানপাৰে সহজ হৈ উভতি গ'ল৷ তাক দেখি বাকীদুটাই সুধিলে,
:তোক কি কৰিলে?
: হয় দেই৷ বৰ মৰমিয়াল৷ মোক দেখিয়েই বহুৱাই দিলে খাবলৈ৷
কালু-১ এ যি বুজিব লাগে বুজিলে৷ সি মনে মনে থাকিল৷
এইবাৰ ওলাল কালু-৩৷
তাক দেখি ৰান্ধনিয়ে ভাবিলে৷ কি কথা? বাৰে বাৰে মাৰ খাইও আকৌ আহি আছে এই ক'লা কুকুৰটো৷ এইবাৰ ইয়াক ভালদৰে এসেকা দিম৷
ৰান্ধনিয়ে কালু-৩ ক ধৰি ৰচীৰে খুটা এটাত বান্ধিলে৷ তাৰপাছত গোটেই ৰাতি আহোঁতেও এটা গোৰ যাওঁতেও এটা গোৰ শোধায়৷ ৰাতিপুৱা কালু-৩ক এৰি দিয়াৰ পাছত সি কেঁকাই কেঁকাই উভটি আহিল৷ বাকী দুই কালু ওচৰ চাপি আহি সুধিলে৷
: তোক খাবলৈ দিলেনে?
কালু-৩ এ ক'লে,
: বৰ মৰম৷ আহিবই নিদিয়ে৷ গোটেই ৰাতি খুৱায়েই আছে, খুৱায়েই আছে৷ ৰাতিপুৱাহে আহিবলৈ দিলে৷

গজিনী ০২ ৰ দুটা চি’ন...

যয়ন্ত টালুকডাৰৰ গজিনী ০২ ৰ দুটা চি’ন (not SIN): -

১/
দত্ত: ডাক্তৰ আজিকালি মোৰ এটা বেমাৰ হৈছে, ম‍ই কথাবোৰ ফট ফট পাহৰি যাওঁ|
কলিতা: কিমান দিন হৈছি এই বেমাৰটো হোৱাৰ?

দত্ত: কোনটো বেমাৰ? ম‍ই একো বুজা নাই....!!!

২/ দত্ত: ডাক্তৰ আজিকালি মোৰ এটা বেমাৰ হৈছে, মোৰ তামাম খং উঠে... ফট ফট ফট
কলিতা: কিমান দিন হৈছি এই বেমাৰটো হোৱাৰ?

দত্ত: তোক কেলে লাগে বে? ত‍ই জানি কি কৰিবি? চিনি পোৱা নাই ম‍ই কোন? দম আছে যদি মোক চিকুটি দেখা %#%ঽঽ$###

Tuesday 26 November 2013

বিদেশত নগেন দ্ৰাইভাৰ

নগেন বিদেশলৈ নতুনকৈ আহিছে৷ দ্ৰাইভাৰৰ চাকৰি কৰে৷ বিদেশত ট্ৰেফিক নিয়ম ভঙ্গ কৰিলে (যেনে, অধিক বেগত গাড়ী চলালে) ধৰা পেলাবলৈ কেমেৰা আছে ৷

এদিন নগেনে গাড়ী চলাই গৈ আছে৷ এঠাইত ট্ৰেফিক কেমেৰাই নগেনৰ গাড়ীৰ ফটো তুলিলে, খেচেক৷

নগেনে ভাবিলে, মইতো বেছি জোৰত গাড়ী চলোৱা নাই তেনেহলে কেমেৰাই ভুলতে ফটো তুলিলে৷ কেমেৰাটো পৰীক্ষা কৰিবলৈ নগেন অলপ দূৰ গৈ উভতি আহিল আৰু অলপ বেগ কমাই পাৰ হৈ গ’ল৷ 

কিন্তু সেইখিনি পোৱাৰ লগে লগে আকৌ কেমেৰাই ফটো তুলিলে, খেচেক৷

কেমেৰাটোত নিশ্চয় কিবা বিজুতি ঘটিছে, নগেনে ভাবিলে৷ আকৌ উভতি আহিল আৰু বেগ আৰু কমাই কেমেৰাটোৰ আগেৰে পাৰ হ’ল৷ 
এইবাৰো কেমেৰাই একে ধৰণেই ফটো তুলিলে, খেচেক৷

নগেনে বৰ ৰস পালে৷ বিদেশতো যান্ত্ৰিক বিজুতি ঘটে তেনেহলে৷ আকৌ উভতি আহি আৰু লাহে লাহে গাড়ী চলাই পাৰ হ’ল৷
 কেমেৰাই আকৌ ফটো তুলিলে৷

নগেন আকৌ উভতিল৷ এইবাৰ একেবাৰে শামুকীয়া গতিৰে , যাওঁ নাযাওঁকৈ গাড়ী চলাই আহিল৷ কিন্তু কেমেৰাই তথাপি ফটো তুলিলে৷

 খে-চে-ক৷

হাঃ হাঃ হাঃ, একো লাভ নাই৷ কেমেৰাই আজি সকলোকে ফটো তুলিব৷ বুলি কৈ নগেন ঘৰ পালেগৈ৷
পিছদিনা নগেনলৈ জৰিমনা কৰা পাঁচটা ট্ৰেফিক টিকেট আহিল৷ ট্ৰেফিক আইন ভংগ কৰা বাবে৷ নগেনৰ অপৰাধ?


চীট-বেল্ট নলগোৱাকৈ গাড়ী চলাইছিল৷