আকৌ বুৰঞ্জী..

১) বুৰঞ্জীৰ পৰীক্ষাত বাৰে-বিংকৰা কথা লিখি পাত ভৰাই দিয়া স্বভাৱ ছাত্ৰসমাজত আছেই৷
আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ বিষয়ে এবাৰ এগৰাকীয়ে এনেদৰে লিখিছিল: (শুনা কথা, হুবহু একে নিশ্চয় হোৱা নাই, কিন্তু মুল কথাখিনি একে হোৱা বুলি ক’ব পাৰি)
আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ সময়ত ভাৰতৰ ৰজা আছিল পুৰু৷ দুয়োৰে মাজত তুমুল যুদ্ধ হৈছিল৷ পুৰু বৰ ডাঙৰ ৰজা আছিল৷ আলেকজেণ্ডাৰো ডাঙৰ ৰজা আছিল৷ গতিকে বহু ডাঙৰ যুদ্ধ হৈছিল৷ পুৰু আছিল ঝীলাম নদীৰ ইপাৰে আৰু আলেকজেণ্ডাৰ আছিল সিপাৰে৷ যুদ্ধ চলি আছে , চলি আছে৷ তেনেতে ধাৰাসাৰ বৰষুণ আহিল৷ অতি দুখৰ কথা যে ঝীলাম নদীৰ ইপাৰেহে বৰষুণ আহিল, সিপাৰে নাহিল৷ গতিকে পুৰুৰ ফালে মাটি বিলাক বোকা বোকা হৈ গ’ল৷ পুৰুৰ সৈন্য বিলাকে ধনু-কাঁড় মাৰিবলৈ যায় কিন্তু বোকাত পিচল খাই খাই পাৰে৷ গতিকে একো কৰিব নোৱাৰে৷ কিন্তু আলেকজেণ্ডাৰ আছিল সিটো পাৰত, শুকান মাটিত৷ গতিকে পুৰু যুদ্ধত পৰাস্ত হ’ল৷ 

২) আকৌ বুৰঞ্জীৰ পৰীক্ষাত ডাঙৰ মানুহৰ ইংৰাজী উদ্ধৃতি দিয়াটোও এটা প্ৰচলিত নিয়ম আছিল৷ এবাৰ এজন ছাত্ৰই একো উদ্ধৃতি দিব নোৱাৰি নিজে বনাই বনাই এনেদৰে এটা উদ্ধৃতি দিছিল:
আকবৰৰ এজন বিখ্যাত ৰজা আছিল৷ তেওঁৰ বিষয়ে বিখ্যাত বুৰঞ্জীবিদ এজনে এনেদৰে কৈছিল:
How can I suscendify the bombholastic characteristics of Akbar, The Akbar , superculous, feciculous….
ইয়াৰ অৰ্থ কি চিন্তা কৰাৰ সময় ক’ত?


By: Makhan Lal Das
কেনে লাগিল:

Post a Comment

0 Comments