আমাৰ আশিষ দা অধিবক্তা পঢ়ি থকা সময়ৰ কথা । উদয় দাই কেচ এটা আনিছে সমাধান কৰিব লাগে ।
ৰামায়ণৰ সীতাক ৰাৱনে হৰণ কৰা নাছিল, সীতা নিজে গৈছিল।
আশিষ দা ৰামায়ণ পঢ়া আৰম্ভ কৰি দিলে । আৰু আইন ৰ কিতাপ আৰু এটা সমাধান দিলে
আশিষ দা ৰামায়ণ পঢ়া আৰম্ভ কৰি দিলে । আৰু আইন ৰ কিতাপ আৰু এটা সমাধান দিলে
-“মায়াবী সোণৰ হৰিণা ধৰিবলৈ ৰামে পহু ৰূপী মায়াবী ৰাক্ষস মাৰীচক খেদি গৈছিল। বহুদুৰ গৈয়ো যেতিয়া ৰামে হৰিণ ধৰিব পৰা নাছিল তেতিয়া উপায়ন্তৰ হৈ ৰামে হৰিণক উদ্দেশ্যি শৰ মাৰিছিল। মৰাৰ আগেয়ে মাৰীচে ৰামৰ মাতেৰে কাতৰ স্বৰেৰে ‘ভাই লক্ষ্ণণ। ৰাক্ষসে মোক মাৰিলে, তুমি তৎক্ষণাৎ আহি মোক ৰক্ষা কৰা বুলি চিঞৰিলে। সীতাৰ ৰখিয়াৰ দায়িত্বত থকা লক্ষ্ণণক সীতাই স্বামীক ৰক্ষা কৰিবলৈ পঠাই দিছিল | তেতিয়াই ৰাৱণে ব্ৰাহ্মণৰ বেশ ধৰি সীতাক হৰণ কৰি লৈ গৈছিল।”
-“সেই কথা সকলোৱে জানে কিন্তু সীতা দেৱীয়ে জনক ৰজাৰ ঘৰত থকা প্ৰকাণ্ড হৰধণুখন বাওঁহাতেৰে দাঙি সোঁহাতেৰে ঘৰ মচি আনিছিল। আচলতে জানকী মানৱী নহয়, দেৱী লক্ষ্ণী আছিল। তেওঁৰ ক্ষমতাৰ তুলনা নাই, তেওঁ মহাশক্তিশালিনী দেৱী। গতিকে মহাদেৱৰ সেই ধনুখন দাঙি ধনুৰ তলৰ ঠাইখিনি মচি অনা মিছা নহয়।”
জানকী সীতাই যিখন হৰধনু বাওঁ হাতেৰে দাঙি ধৰি অনায়াসে সদায় ধনুৰ তলৰ ঠাইখিনি মচিছিল সেইখন ধনু সয়ম্বৰ
সভালৈ আনোতে প্ৰকাণ্ড আঠটি চকাযুক্ত গাড়ীত উঠাই শতাধিক মানুহে ঠেলি ঠেলি আনিছিল। দেৱী সীতাই অনায়াসে বাওঁহাতেৰে দাঙিব পৰা ধনুখন ৰাজসভালৈ আনোতে যিদৰে আনিছিল তাৰপৰা বুজাযায় সেইখন এখন প্ৰকাণ্ড ধনু
আছিল। দেৱী জানকীৰ সয়ম্বৰ সভালৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ প্ৰতাপী-মহাপ্ৰতাপী বহু ৰজা- ৰাজকুমাৰৰ আগমণ ঘটীছিল। তাৰ মাজত লংকাধিপতি ৰাৱণো আছিল। সেই ৰাৱণে কিন্তু হৰধনুখন ধনু ৰখা ঠাইৰপৰা চাৰি আঙুল ওপৰলৈও তুলিব পৰা নাছিল।
তাৰ পৰা বুজা যায় যে তেওঁৰ শক্তি দেৱী জানকীতকৈ বহুগুণে কম আছিল।
তেন্তে আপোনালোকে কওকচোন সেইজনী দেৱী জানকীক ৰাৱণে বনৰ মাজত হাতৰ ধৰি হৰণ কৰাৰ শক্তি আছে বুলি কেনেকৈ বিশ্বাস হয় ? মই ভাবো জানকীয়ে ইচ্ছা কৰিয়ে ৰাৱণৰ লগত গুচি গৈছিল। কাৰণ শক্তিৰে ৰাৱণে জানকীক
কেতিয়াও বলে নোৱাৰিলেহেঁতে।”
কেতিয়াও বলে নোৱাৰিলেহেঁতে।”
আদালতৰ ওচৰত আশিষ দাৰ সেই যুক্তি খণ্ডন কৰিবলৈ একো উত্তৰ নাছিল । যুক্তি শুনি আদালতে “হায় মা জানকী” বুলি আশিষ দাৰ হকে ৰাই দিলে।
সম্পূৰ্ণ ধাৰ কৰা।
By: Bitupon Saikia
সম্পূৰ্ণ ধাৰ কৰা।
By: Bitupon Saikia
No comments:
Post a Comment