Tuesday 26 November 2013

বিদেশত নগেন দ্ৰাইভাৰ

নগেন বিদেশলৈ নতুনকৈ আহিছে৷ দ্ৰাইভাৰৰ চাকৰি কৰে৷ বিদেশত ট্ৰেফিক নিয়ম ভঙ্গ কৰিলে (যেনে, অধিক বেগত গাড়ী চলালে) ধৰা পেলাবলৈ কেমেৰা আছে ৷

এদিন নগেনে গাড়ী চলাই গৈ আছে৷ এঠাইত ট্ৰেফিক কেমেৰাই নগেনৰ গাড়ীৰ ফটো তুলিলে, খেচেক৷

নগেনে ভাবিলে, মইতো বেছি জোৰত গাড়ী চলোৱা নাই তেনেহলে কেমেৰাই ভুলতে ফটো তুলিলে৷ কেমেৰাটো পৰীক্ষা কৰিবলৈ নগেন অলপ দূৰ গৈ উভতি আহিল আৰু অলপ বেগ কমাই পাৰ হৈ গ’ল৷ 

কিন্তু সেইখিনি পোৱাৰ লগে লগে আকৌ কেমেৰাই ফটো তুলিলে, খেচেক৷

কেমেৰাটোত নিশ্চয় কিবা বিজুতি ঘটিছে, নগেনে ভাবিলে৷ আকৌ উভতি আহিল আৰু বেগ আৰু কমাই কেমেৰাটোৰ আগেৰে পাৰ হ’ল৷ 
এইবাৰো কেমেৰাই একে ধৰণেই ফটো তুলিলে, খেচেক৷

নগেনে বৰ ৰস পালে৷ বিদেশতো যান্ত্ৰিক বিজুতি ঘটে তেনেহলে৷ আকৌ উভতি আহি আৰু লাহে লাহে গাড়ী চলাই পাৰ হ’ল৷
 কেমেৰাই আকৌ ফটো তুলিলে৷

নগেন আকৌ উভতিল৷ এইবাৰ একেবাৰে শামুকীয়া গতিৰে , যাওঁ নাযাওঁকৈ গাড়ী চলাই আহিল৷ কিন্তু কেমেৰাই তথাপি ফটো তুলিলে৷

 খে-চে-ক৷

হাঃ হাঃ হাঃ, একো লাভ নাই৷ কেমেৰাই আজি সকলোকে ফটো তুলিব৷ বুলি কৈ নগেন ঘৰ পালেগৈ৷
পিছদিনা নগেনলৈ জৰিমনা কৰা পাঁচটা ট্ৰেফিক টিকেট আহিল৷ ট্ৰেফিক আইন ভংগ কৰা বাবে৷ নগেনৰ অপৰাধ?


চীট-বেল্ট নলগোৱাকৈ গাড়ী চলাইছিল৷

No comments:

Post a Comment