Saturday 30 November 2013

পুলিচ নগেন...

এবাৰ স্কটলেণ্ড য়াৰ্ড, কেজিবি আৰু ভাৰতৰ পুলিচৰ মাজত প্ৰতিযোগিতা হৈছিল কোন সকলোতকৈ ভাল পুলিচ তাকে চাবলৈ৷ ভাৰতৰ দলটোৰ নেতা আছিল আমাৰে নগেন৷
প্ৰতিযোগিতা হ'ল এখন অটব্য অৰণ্যৰ কাষত৷
সকলোকে কোৱা হ'ল,
অৰণ্যৰ ভিতৰলৈ সোমাই যাব লাগিব আৰু এটা বাঘ ধৰি আনিব লাগিব৷ যিটো দলে কম সময়ৰ ভিতৰত বাঘ এটা ধৰি আনিব, সেইটো দলেই জিকিব৷
প্ৰথমে গ'লস্কটলেণ্ড য়াৰ্ড৷ প্ৰায় এঘন্টামানৰ ভিতৰতে বাঘ এটা ধৰি আনিলে৷
তাৰ পাছত গ'ল কেজিবি৷
তেওঁলোকে আধাঘন্টাতে ধৰি আনিলে৷
এইবাৰ গ'ল নগেনৰ দল৷
আধাঘন্টা গ'ল, এঘন্টা গ,ল, দুঘন্টা গ'ল... দলটোৰ দেখা-দেখি নাই৷ প্ৰায় ছঘন্টামান পাৰ হোৱাৰ পাছত সকলোৰে চিন্তা হ'ল, কিজানি নগেনৰ দলটোক বাঘে........
বেছি অপেক্ষা কৰা উচিত নহ'ব বুলি ভাবি সকলোবোৰ হাবিৰ ভিতৰ সোমাই গ'ল৷ কিছুদূৰ যোৱাৰ পাছত এডাল ডাঙৰ গছৰ তলত দেখা গ'ল নগেনৰ দলটোক৷
নগেনেহঁতে এটা ভালুক ধৰি গছত বান্ধি লৈ উধাই-মুধাই পিটিছে আৰু কৈছে
: ঐ তই কৈ দে তই বাঘ বুলি
ভালুকটোৱে কয়,
: মই ভালুকহে
: নাই তই বাঘ , কৈ দে বাঘ বুলি৷ বাঘ বুলি ক'৷


By: ডঃ মাখন লাল দাস

No comments:

Post a Comment