আমাৰ নগেন দাইটি

আমাৰ নগেন দাইটিৰ সৌ সিদিনা জন্ম হোৱা ল’ৰাটোৰ কাহিনী এটা ক’ব খুজিছো...

সেইদিনা মানে তাৰ জন্মৰ দিনা ৰাতিপূৱা খুৰীদেউৰ যন্ত্ৰনা বেছি হোৱাত দাইটিয়ে একেকোবেই চহৰৰ একেবাৰে দামী ডাক্তৰৰ ওচৰলৈ লৈ গ’ল...
.
.
.
ডাক্তৰো একেবাৰে বিলাত ফেৰৎ, গতিকে প্ৰাৰম্ভিক অনুসন্ধানবোৰ কৰিয়েই দাইটিক ক’লে যে নতুন মেচিন এটা আছে, যিটোৱে হ’বলগা সন্তানৰ মাকৰ প্ৰসৱ বেদনাৰ পৰিমাণ দেউতাকলৈ ট্ৰান্সফাৰ কৰে তাকো ইনডাইৰেক্তলি... কেৱল খৰচ কিছু বেছি...
.
.
আমাৰ দাইটিৰ ঘৈণীয়েকলৈ বৰ মৰম নহয়, গতিকে খৰচৰ কথা কেতিয়াঁও নাভাবে~ গতিকে নতুন মেচিনত ট্ৰিটমেন্ট আৰম্ভ..
.
.
ঘৈণীয়েকৰ বিচনাৰ কাষতে দাইটি বহি লৈছে আৰু সিফালে ডাক্তৰে মেচিনত ট্ৰিটমেন্ট আৰম্ভ কৰিছে...
.
.
দাইটিৰ এনেধৰণৰ প্ৰথম অভিজ্ঞতা, গতিকে ডাক্তৰে ১০% দি ক’লে যে দাইটিৰ ওপৰত নিৰ্ভৰ কৰি যন্ত্ৰনাৰ পৰিমাণ বঢ়াই যোৱা হ’ব...
.
.
দাইটি এনেই বৰ মজবুত, গতিকে ১০, ২০, ৩০... এইদৰে বঢ়াই একেবাৰে ১০০% কৰি ল’লে... ডাক্তৰৰো চকু কপালত, বেলেগ মানুহে ২০% ই লব নোৱাৰে, এইজনে দেখোন ১০০ % লৈয়ো মুখেৰে মাত এটা নামাতিলে...
.
.
যিহঁওক খুৰীদেউৱে টিলমানো কষ্ট নোপোৱাকৈ ল’ৰাটো জন্ম দিলে...
.
.
দাইটিও বিৰাট সুখী, এফালে ল’ৰা, তাতে ডাক্তৰৰ ওচৰত ৰেকৰ্ড কৰি আহিছে...

গতিকে মাছে -মাংসই, মিঠাইৰে সপৰিয়ালে ঘৰত আহি হাজিৰ...

কিন্তু আহিয়েই দেখে ঘৰৰ বাৰান্দাত দাইটিৰ ঘৰত সদায় গাখীৰ দিয়া ডেকা ল’ৰাটো মৰি ফ্লেট্ হৈ আছে.....

(দাইটিয়ে নুবুজিলে, ৰগৰীয়ান বুজিলেনে...! )


By: Hemanta Hazarika
কেনে লাগিল:

Post a Comment

0 Comments