Showing posts with label Google Assamese Jokes. Show all posts
Showing posts with label Google Assamese Jokes. Show all posts

Wednesday 26 February 2014

★নগেন দাইটিৰ জমনী এটা শুনক… ★

By: Sanjeeb Borkakati

আমাৰ নগেন দাইতি যে…
শনিবাৰ বজাৰত বজাৰ কৰিব গৈছে ! তেওক
দেখি আলু বেপাৰি এজনে চিঞৰি মাতিলে -
: দাদা আহক আহক, আলু লওক…
: এই ককাই নলও দে, তহতে বহুত দাম ক'…
(নগেন দাইতিয়ে বেপাৰিৰ ওচৰলৈ আহি কলে)
: নাই নকও আহক, আজি কমকৈ কম !
কালিতকৈ দাম অলপ আজি কমিচে…
: কিমান কমিচে…
: কালি ১০ টকাত এক কেজি আছিল, আজি ১০
টকাত দুই কেজি পাব …
: হেৰৌ মূর্খ, মোক ঠগিবলৈ আহিচ' ! দাম
টো দেখুন…
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
একেই আছে, আলুহে বাহিল ! কতনো দাম
কমালি ! চাল্লা মোক ঠগিব নোৱাৰ দেই ! নলও যা …!

Monday 24 February 2014

এইমাত্ৰ

By: Arun Bhadhara

এখন ৰেলৰ এটা দবাত গৈ থকা তিনিগৰাকী মহিলাৰ কথোপকঠন-
১ম মহিলা-মোৰ বয়স বেছি হোৱা নাই নহয়।১২ বছৰ পাৰ হৈ এই জাষ্ট ১৩ বছৰত সোমাইছোহে। ২য় মহিলা-মোৰতো আপোনাতকৈ কম।মই ১১ পাৰ কৰিছোহে।
৩য় মহিলা-মোৰতো তেনেহলে বয়স নাই হোৱা বুলিয়েই কব পাৰি।এই ১০ বছৰত ভৰি দিছোহে।

ওপৰৰ বার্থটোতে শুই আছিল এজন বৃদ্ধ। মহিলাকেইগৰাকীৰ কথাৰ তাণ্ডবত থাকিব নোৱাৰি বুঢ়াই ওপৰৰ পৰা জাপ মাৰি মহিলাকেইগৰাকীৰ মাজতে পৰি দিলে।মহিলাকেইগৰাকীয়ে চিঁঞৰ-বাখৰ কৰাত বৃদ্ধই লাহেকৈ মাত লগালে-ভয় নকৰিবা আইটিহঁত।মই এইমাত্ৰ জন্ম হৈছোহে।

Tuesday 18 February 2014

কাজিয়া

By: Bitupon Saikia
ট্ৰেইন ত ছোৱালী দুজনী কাজিয়া লাগিল এজনী ইজনীক ডাইনী বুলি গালি পাৰে সিজনীয়ে এই জনীক ডাইনী বুলি গালি পাৰে এনেদৰে চলি আছে আমাৰ উদয় দা আকৌ অকন মান ধৰি লতং পতং কৈ ছোৱালী দুজনী ৰ কাষতে বহি আহিছে ঘটনাটো হল ট্ৰেইন ৰ খিৰিকী এখন খোলা মেলা ক লৈ এগৰাকীৰ জ্বৰ আছে বুলি খিৰিকী ৰ গ্লাছ খন জপাবলৈ লাগে আৰু দ্বিতীয় জনীক গৰম উঠিছে বুলি গ্লাছ খন মেলি লব লাগে । সিহঁতৰ কাজিয়া ইমান দুৰ পালেগৈ এজনীয়ে কয় এই মদকী টো টোৰ পয়েৰে আকৌ ইজনীয়ে কলে সেই মদকী টো টোৰ হে পয়েৰে। অলপ ৰৈ উদয় দাই কলে
,
,
,
,
,,
,,
,
,
,,
,,
,,
,,
,,
,,
,
,
,
,
,
হেৰা ভন্টি মই বাৰু কোন জনীক পত্নী বুলি মানিম আৰু ঘৰত আছেই এগৰাকী । মিছামিছি কাজিয়া কৰি আছা যে এবাৰ ভালকৈ পৰীক্ষা কৰাচোন খিৰিকী খনত গ্লাছ নাইয়ে । তোমালোকে জপাবলৈ মেলিবলৈ ।

★জমনী দেই★

By: Sanjeeb Borkakati

আমাৰ যুগু দা মানুহটো ধর্মীয় ক্ষেত্রত যঠেষ্ট
আগ্রহ আছে ! নাম-প্রসংগ বোৰত প্রায়েই
তেও উপস্থিত থাকেই !
ভাদ মাহৰ কথা ! এদিন নামঘৰৰ পাঠেক জনৰ
কিবা লেঠা উলোৱাত সেইদিনা তেও আহিব
নোৱাৰা হল ! সেইদিনা পাল পৰিল আমাৰ যুগু
দাৰ ! কিন্তু যুগুদাই সৰু হৈ থাকোতে, চিলেটত
ডাঙৰ ডাঙৰকৈ ক-খ খন লিখোতেই স্কুল
এৰিলে ! তাৰ পিছৰ পৰা আৰু স্কুল
যোৱা নাই ! এতিয়া তেও এই পুথি খন
কেনেকৈ পহে…? পৰিল নহয় মহা বিপদত !
পিছে যুগু দাও সহজে হাৰ মনা ভকত নহয় !
ইজ্জতৰ কথা আছে ! সকলোকে দেখুৱাই তেও
পুথিখনৰ প্রথম পৃষ্ঠাটো মেলিলে ! তাৰ পাছত
চচমাযোৰ লগাই পুথিখনত প্রথমে 'ক'
টো বিচাৰিবলৈ ধৰিল ! কোনোমতে এটা 'ক'
বিচাৰি উলিয়ালে ! 'ক' টো দেখিয়েই তেও
আচৰিত হল - আগৰ দিনত ইমান ডাঙৰ ডাঙৰ
'ক' আছিল, এতিয়া ইমান সৰু হৈ গল ! এই
ভাৱিয়েই তেও পুথি পহা আৰম্ভ কৰি দিলে…
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
এ ৰাম কি ক আছিলি, কি ক তই হলি ;
খাবলৈ নাপাই তই শুকাই খীনাই গলি !

নগেন ওপৰৰ পৰা পৰিল..

By: ডঃ মাখন লাল দাস

আমাৰ নগেন বৰ কৃপণ ৷
এবাৰ নগেন ঘৈণীয়েকৰ লগত কিছুদিনৰ বাবে চহৰলৈ গৈছিল কিবা কামত৷
ত্ৰিশশমহলীয়া বিল্ডিং এটাৰ দহ নম্বৰ মহলাৰ এটা সৰু ফ্লেট ভাড়া লৈ দুয়ো থাকে৷
এদিন ৰাতিপুৱা নগেন কিবা এটা চাবলৈ ত্ৰিশমহলীয়া ঘৰটোৰ একেবাৰে ওপৰলৈ গৈছিল৷ ওপৰৰ পৰা তললৈ চাই বৰ ভাল লাগে বাবে নগেনে সকলো পাহৰি তললৈ চাই আছিল কিছুপৰ৷
কিন্তু অতি দুখৰ কথা যে নগেনৰ ভৰি পিছল খালে আৰু ওপৰৰ পৰা তললৈ পৰিব ধৰিলে৷ নগেনে বুজিলে আজি তাৰ মৃত্যু অনিবাৰ্য...
ত্ৰিশ মহলাৰ পৰা নগেন তললৈ পৰি আহি আছে, আহি আছে৷
আহি আহি বিশ মহলা পালে..
তাৰপাছত পোন্ধৰ মহলা..
তাৰপাছত তেৰ, বাৰ, এঘাৰ মহলা.. নগেন সাজু হ'ল..
দহমহলাত নগেনহঁতৰ ফ্লেট..
পৰোঁতে নগেনে দেখিলে ঘৈণীয়েকে ৰুটি বনাবলৈ আটা মাৰি আছে..
নগেনে পৰি থাকোঁতেই চিঞৰি চিঞৰি ঘৈণীয়েকক কৈ গ'ল..
" মোৰ কাৰণে ৰুটি নবনাবা দেই........"
(সংগ্ৰহ)

Friday 14 February 2014

বাৰে বাৰে চাই আছোঁ

By: Bitupon Saikia
সন্ধীয়া আন দিনাৰ দৰে আজিও নগেন দাই বাৰ এখনলৈ গৈ এবাৰ জেপলৈ চাই ওৱেতাৰক পেগ বনাই আনিব কলে ১ পেগ ২পেগ এনেকৈ বহু পেগ হল প্ৰত্যেক বাৰেই কিন্তু এবাৰ জেপলৈ চাই হে পেগৰ অৰ্ডাৰ দিছিল । তাকে বাৰে বাৰে জেপটো মন কৰি থকা দেখি ওৱেতাৰ জনৰ অখান্তি লাগিল সি লাহেকৈ সুধিয়ে পেলালে,,,
দাদা আপোনাক গোটেই ৰাতি পেগ বনাই খোৱাম মাত্ৰ আপুনি কওকচোন বাৰে বাৰে জেপটো কিয় চাই আছে। কি আছে আপোনাৰ জেপত ??

,
নগেন দা: - ধুৰ,,,,,,,
জেপটোত মোৰ শ্ৰী মতীৰ ফটো এ কপি আছে । খাই খাই বাৰে বাৰে চাই আছোঁ যেতিয়া ই ধুনীয়া দেখিম গম পাম ঘৰলৈ যাব হৈছে ।

লৰাবোৰ সদায়ে সুখী

By: Jaan Deepjyoti Borah
লৰাবোৰ সদায়ে সুখী থকাৰ ১০ টা কাৰণ বান্ধৈঁহতলৈ আগবঢ়াই দিলোঁ ।ভূল হলে ক্ষমা মাৰ্জনা কৰিব ।
১.লৰাৰ কথাবতৰা মবাইলত ৩০ ছেকেণ্ডত সম্পূৰ্ণ হয়।
২.ফুৰিবলৈ গৈ কৰবাত ফচি গলে এটা জিন্চ পেন্টেৰে কাম চলাই দিয়ে ।
৩.কোনো বন্ধুৱে যদিহে ভুলক্ৰমে কোনো অনুষ্ঠানলৈ মাতিব নোৱাৰিলে ।তেঁও বন্ধুত্বৰ এনাজৰীদাল চিঙি নেযায়।
৪.এটাই হেয়াৰ স্তাইল বছেৰেকলৈ ব্যৱহাৰ কৰে।(যদিহে তপা নহয়)
৫.লৰাই ৫০ টামান বস্তু কিনিবলৈ মাত্র ২৫ মিনিটমান সময়ৰ প্ৰয়োজন।
৬.কোনোবা অচিনাকী বন্ধুৱে যদি একেই কাপোৰ পিন্ধি আহে কোনো অনুষ্ঠানলৈ হিংসা নকৰি বৰং বন্ধু বুলি সাৱটি লয়।
৭.লৰাই সদায় ছোৱালীবোৰক সহায় কৰিবলৈ সাজু হৈ থাকে ।কিমান খোলা অন্তৰৰ চিন্তা কৰা।
৮.লৰাই সদায় কোনো খাদ্য বা কাপোৰৰ মাজত ভিন্নতা বিচাৰ নকৰে ।যেনেকুৱাই কাপোৰ নিপিন্ধক কিয় দেখাত সদায় ROCK.
৯.বন্ধুৰ ঘৰৰ কিবা অনুষ্ঠানলৈ যদি মাতিবলৈ পাহৰে অনুষ্ঠানত উপস্থিত হৈ কয় যে তই মোক মাতিবলৈ পাহৰিছিলি।কথাটো গম পাই মই গুছি আহিলো বুলি হাতেপাতে মিলি অনুষ্ঠান শেষ কৰে।
১০.যদি পিন্ধি থকা চোলাটো লগৰ বন্ধু জনৰ পচন্দ হয়,তেন্তে কথ হব দে দুয়োটাই মিলিজুলি পিন্ধিম।
আপোনালোকৰ মতামতৰ অপেক্ষাত ........................

Sunday 9 February 2014

বেংক ডকাইতি

By: DrBhupendra Saikia

(বহুদিনীয়া পূৰণি গাজা এটা ৷নপঢ়াসকলে ৰস লব পাৰে৷)

ডকাইতৰ লিডাৰে বেংকত সোমাই ঘোষণা কৰিলে - বেংকৰ টকা হ'ল ৰাজহুৱা ধন৷ কিন্তু জীৱনটো হ'ল আপোনাৰ নিজৰ৷যদি জীৱনটো বচাব খোজে তেন্তে মাটিত শুই পৰক৷পলম নকৰি সকলোৱে পকাত বাগৰি পৰিল৷ ইয়াকে কয়- 'Mind Changing Concept'

এজন এম কম পাচ ডকাইতে কলে -টকাখিনি গণি লওঁ৷ আন এজন ডকাইতে কলে -
নালাগে, নিউজতে চাই লম৷ইয়াকে কয় - 'Experience' ৷

ডকাইতে ২০লাখ টকালৈ উধাও হ'ল৷ কেচিয়াৰে মেনেজাৰক কলে-পুলিচত এফ আই আৰ দিওঁ ? মেনেজাৰে কলে -ৰৈ যোৱা ১০লাখ আতৰাই লোৱা, লগত আমি আগতে মৰা ৫০লাখ যোগ দিয়া৷ ইয়াকে কয় - 'Opportunity'
(ভগবানে যেন প্ৰত্যেক মাহত এনেদৰে বেংকলৈ ডকাইত পঠিয়াই দিয়ে !)

টিভিত ডকাইতে নিউজ শুনিলে ৮০লাখ টকাৰ বেংক ডকাইতি৷
নোট বাৰে বাৰে গণটি কৰি ২০লাখহে পাই বুজি পালে - আমাতকৈ ডাঙৰ ডকাইত বেংকতে আছিল৷
ইয়াকে কয়- 'MANAGEMENT KA FANDA' !

ৰিপ্লাই

By: Bhaskarjyoti Das
ৰামৰ চিঠিখন পাই সীতাই দিয়া ৰিপ্লাইটো:

হাই ৰামু,
হাও আৰ ইউ জানু? মই তুমি ভবাৰদৰে বিন্দাচ আছোঁ কিন্তু তোমাক বৰ মিচ কৰিছো৷ ময়ো বি.এচ.এন.এল.ৰ চিম এখন ল’লোঁ৷ কিন্তু ইয়াতো ইম্মান বেয়া চাৰ্ভিচ৷ সিদিনা চানবাথ কৰিবলৈ যাওঁতে ওচৰৰ ৰাক্ষসী বডিগাৰ্ড এজনীয়ে কি বুলি মোৰ ম’বাইলটো হাতত তুলি লওঁতেই সেইটো ভাগি থাকিল৷ আই এম ফিনিছদ্৷ এতিয়া মন্দোৰ পৰা এটা চেকেন্ড হেন্ড ম’বাইল পাই চলাই আছো৷ মডেল 1100 ৷ জানু, মোলৈ মাইক্ৰ’মেক্সৰ ম’বাইলটো সোণকালে পঠাবা৷ চেহনাজ হুছেইনৰ প্ৰডাক্ট ইয়াত নাপায়৷ মন্দোৱে লেকমিৰ প্ৰডাক্তহে দিয়ে৷ তাই আজিকালি অ’ৰিফ্লেম ডিল কৰে৷ কিন্তু প্ৰডাক্তবোৰ ইমান কষ্টলি৷ মোৰ বাবে এফ’ৰ্ডেবুল হোৱা নাই৷ চ’ ওইথ ডা ম’বাইল, মোৰ চুইচ বেংকৰ এ.টি.এম.টো পঠাই দিবা৷
এতিয়ালৈ এৰিছো৷ ৰাৱন আহিছে৷

ইতি,
তোমাৰ লাভ
ছীতা

(বি.দ্ৰ:ৰাৱনৰ চেইনডাল হাফ কেজিমান হ’ব৷ মোকো হাফ কেজিৰ এডাল দিব লাগিব৷ নহ’লে কাট্টি৷ লাভ ইউ জানু৷ এল.অ’.এল.)

Saturday 8 February 2014

৩ চোৰ

By: Dipa Moni
৩ চোৰ চেংমা, দুত্তা আৰু কলিতা এবাৰ পুলিচৰ ভয়ত পলাই ৩ টা বস্তাত সোমায় থাকিল। পুলিচে বিচাৰি বিচাৰি নাপায় বস্তা কেইটাৰ ওচৰত ৰ'লহি। তেনেতে এটা পুলিচে এটা বস্তাত গোৰ মাৰি দিলে, গোৰ খায় কলিতা চিঞৰি উঠিল- "মেউ মেউ।"
পুলিচটোৱে ক'লে, অহ এইটোত মেকুৰি আছে।
এইবাৰ ২ নং বস্তা গোৰ মাৰি দিয়াত ভিতৰৰ পৰা দুত্তাই মাত দিলে- "ভৌ ভৌ"
পুলিচ : অহ, এইটো কুকুৰ হে।
পুলিচটোৱে ৩ নম্বৰ বস্তাত গোৰ মাৰিলে।
কোনো মাত নাহিল।
এইবাৰ ৪ ৫ টা মান গোৰ শোধালে, তেতিয়াও কোনো মাত নোলাল।
একেৰাহে ২৫ টা গোৰ মাৰাৰ পিছত ভিতৰৰ পৰা চেংমায়ে চিঞৰি কলে, "আব্বে এইটো আলুৰ বস্তা হয় বে ! কেনেকৈ মাত দিব আকৌ "

Saturday 1 February 2014

জেনেটিকছ - অথঃ মালি সংবাদ

বহুদিন মালিৰ খবৰ নাই ৷
সিদিনা লগ ফাৰ্মাছী এখনৰ বাহিৰত লগ পালো ৷
‘‘আৰে ভাই মালি, বহু দিন খা-খবৰ নাই যে ?’’
মালি, ‘‘এহ্ নক’ব আৰু দাদা ৷ মোৰ হাই ব্লাড প্ৰেছাৰ !’’
কথাটো শুনি বেয়া লাগিল ৷ সুধিলো, ‘‘ডাক্টৰক দেখুৱালা নে নাই ?’’
মালি, ‘‘দেখুৱাইছো দাদা ৷ পাছে ফেমেলিতেই আছে ৷ গতিকে উপায় নাই আৰু !’’
মই সান্তনা দিবলৈ তাক ক’লো, ‘‘হেহ্ ! ফেমেলিত থাকিলেও ব্লাড প্ৰেছাৰ হে ! দৰব খালে ভাল হৈ যায় ৷ ফেমেলি মানে তোমাৰ দেউতাৰ ফালৰ কথা কৈছা নে মাৰ ফালৰ কথা কৈছ ?’’
মই এনেদৰে প্ৰশ্ন কৰিলো যে মই ডাঙৰ জেনেটিক বিশেষজ্ঞহে ৷
মালি, ‘‘নাই নাই দাদা ৷ মা-দেউতাৰ ফালে প্ৰেছাৰৰ প-টোও নাই ৷ মোৰ ৱাইফৰ ফালৰ পৰা পাইছো ৷’’
মোৰ খং উঠিল, ‘‘কি যা তা কথা কৈছা হে ? তোমাৰ ৱাইফৰ ফালৰ পৰা আকৌ কেনেকৈ ব্লাড প্ৰেছাৰ হ’ব হে ?’’
মালি, ‘‘দাদা, এবাৰ লগ পোৱাই দিম দিয়ক ! আপোনাৰো হৈ যাব ৷’’


By: Pratibhu Dutta

ফেচবুকৰ লীলা মায়া

এজন ল'ৰাই এজনী ছোৱালীক Friend request পঠালে | লগে লগে সেইটো ছোৱালী জনীয়ে গ্ৰহনো কৰিলে |
.
.
.
.
.
ল'ৰাজনে ভাবিলে "ইমান ফাষ্ট, এই ফচিব লাগে মোৰ লগত | মেছেজ দিবা লাগিল |"

যেনে ইচ্ছা তেনে কাম | আৰম্ভ কৰি দিলে মেছেজৰ প্ৰদান | reply আহিল | যিখিনি কথা তেওঁলোকৰ মাজত হ'ল মই গম পালো আৰু সেইখিনি তলত দিয়া ধৰণৰ....
.
.
.
.
ছোৱালী : হেল্লৌ ?

ল'ৰা : হাই... তুমি দেখাত ইমান ধুনীয়া কিহৰ কাৰণে বাৰু? পৰীৰ দৰে দেখা হৈছেদেই তোমাক | মা-কচম কৈছো |
(সম্পূৰ্ণ নম্বৰ| নহয় জানো? কি ভাবে?)

ছোৱালী : হয় নিকি? অশেষ ধন্যবাদ | আপোনাকো খুব হেণ্ডচাম দেখা হৈছে |
(উস, ভগৱান, ইয়াৰ কপাল ফুলিল যেন পাইছো ! কি ভাবে আপোনালোকে?)

ল'ৰা : আপোনাক দেখি মোৰ এনে লাগিছে যেন মই কেবল তোমাৰ ফ'টোকে চাই থাকিম|
(ফুল স্পীডত বহাই দিলে, ইছ ইছ, ভগৱান, ৰক্ষা কৰিবাহে ইয়াক)

ছোৱালী : হা হা হা, লাজ নিদিব পাই | মই ইমান ধুনীয়া নহয দেই...
(ইছ, তাইৰ লাজ চা না..)

ল'ৰা : নাই নাই, সচাঁয় কৈছো |
(ই কিজানি ভাবিলে, এ. টি. এম. ত আজিয়ে গৈ টকা উলিয়াব লাগিল, পাৰ্টী দিবা লাগবু |)

ছোৱালী : আপুনি সচাঁয় খুব ভাল আৰু ধেমেলীয়া মানুহ দেই | মোৰ স্বামীৰ স্বভাব কিন্তু আপোনাতকৈ সম্পূৰ্ণ বিপৰীত | আপোনাৰ লগত তেওঁক কথা পতাই দিম দিয়্ক... খুব ভাল লাগিব |
(ন' কমেন্ট:P)
.
.
.
.
.
ল'ৰা: চাল্লী হাৰামজাদী, মৰতী, কামিনী, বান্দেৰী, মৰণ-নহইটি, তই যদি বিয়ায়ে হৈ মৰচা, কিয়া পিছে single দি থৈ দিছা....?
নৰকত পঁচি পঁচি মৰবি যা..

ছোৱালী :...., মই তাইৰ গিৰিয়েক, তই আহ | কোনদিনা তোক ৰাস্তাত দেখা পাঁও | কাটি আছো তোক |
.
লগে লগে, আমাৰ ল'ৰাই Unfriend কৰি log out কৰি লেপৰ তলত শুই থাকিল |
By: Nayanjit Deka

মানুহ তিনিটা, কণী যে চাৰিটা

`যোৱাবেলিৰ পিকনিকৰ আগদিনাৰ ঘটনা এয়া। চেংমা, দত্ত আৰু কলিতাই কথাটো ৰাজহুৱা কৰাৰ বাবে মোক পিটিব চাগে।
পিকনিকৰ বাবে যা যোগাৰ সম্পূৰ্ণ হৈ গৈছে তেতিয়া । পিচদিনা ৰাতিপুৱা যোৱাটোহে কথা। পিকনিকৰ সকলো খোৱা সামগ্ৰী দত্তৰ ৰুমত । চেংমা আৰু কলিতাও দত্তৰ কোঠাতে ৰাতিটো কটোৱা প্লেন কৰিলে ।( আচলতে দত্তই পেপ্চিৰ মাজু মাইনা এটা আনি থৈছিলে আক')। লগতে পিকনিকত ব্ৰেকফাষ্টৰ বাবে কণী সিজোৱাৰ দায়িত্বও দত্তৰ ওপৰতে। তিনিওয়ে পেপচি খাই খাই কণী সিজাই আছিলে। এনেতে দত্তই আবিস্কাৰ কৰিলে যে পিকনিকত যাব লগা মানুহৰ সংখ্যাৰ বিপৰিতে কণী ৪ টা বেছি আছে। ত্ৰিমূৰ্তি খুচ।
দত্তঃ “ অই চেং, ৪টা কণীৰ বাকলি গুচা জলদি।”
চেংমাঃ “মেৰি, ৪টা কণী আমি কেনেকৈ খাম বে?”
দত্তঃ “আগত বাকলি গুচাই দে। তাৰ পাচত কেনেকৈ খাব লাগে শিকাই দিম।”
চেংমাঃ ”নহয় মানে মানুহ তিনিটা, কণী যে চাৰিটা। তাকেহে কৈছো। ”
ইমান টাইম মনে মনে থকা কলিতাই মাত লগালেঃ “কাম এটা কৰা হওক। এতিয়া তিনিটা কণী তিনিও খাই শুই থাকো । ৰাতি কোনে কি সপোন দেখা পাও, ৰাতিপুৱা সবকে কব লাগিব। যিয়ে সাংঘাতিক সপোন এটা দেখিব তাকে বাকী থকা কণীটো খাব দিয়া হব।”
“অ’কে । ইট উইল বি নাইচ ।“ লাষ্ট পেগ মাৰি দত্তই নিজৰ ভাগৰ কণীটো খালে আৰু চেংমা-কলিতাকো সিহঁতৰ ভাগৰ কণী দুটা দি ৪নং কণীটো ৰাতিপুৱালৈ বুলি থৈ দিলে।।(সিবিধ খালে দত্ত কাইটিৰ ইংৰাজী অলপ বেছিকৈ ওলাই যে)
“ৰাতিপুৱা কণীটো ময়েই খাম বাপ্পেকে। এনেকুৱা সাংঘাতিক সপোন দেখিম নহয় আজি।” তিনিও কণীৰ লোভত ইকাতি সিকাতি কৰোতেই নিশা পাৰ হ’ল। সপোন হলে কোনেও একো নেদেখিলে।
কুকুৰাই ডাক দিয়াৰ আগতেই তিনিও উঠি বহিল।
“কালি ৰাতি সপোনত মোৰ বিয়া হোৱা দেখিলো বে। একদম ঠৌগা বগী মেম যেন ছোৱালী। বিয়াৰ দিনা কেচা হালধী গাত দিয়াৰ পাচত মোকো তামাম বগা হেন্দচাম লাগিছিলে। আমি হনীমুনত পেৰিচ গৈছিলো। তামাম এনজ’য় কৰিলো বে।”, দত্তই এতিয়া উঠি কণীটো খায়েই আৰু।
“অ’ই বেটা ৰ’। কাম নাইকিয়া ইম্পচিবল সপোনবোৰ দেখিলেই তই কণী খাব পাৰিবি নেকি হা?” চেংমাই দত্তৰ কাণত ধৰি বিছনাত বহুৱাই থলে, ” মোৰ সপোনটো শুন এতিয়া। এইবাৰ ধুম ফ’ৰ চিনেমাত মোক মেইন ৰ’ল কৰিব দিলে নহয়। তাতে অভিশ্বেক আৰু উদয়ো ৰিতায়াৰ হ’ল নহয় । মেৰি, তোক দিয়া হৈছিল উদয়ৰ পাৰ্ট আৰু অপু হ’ল অভিশ্বেক। হিৰোইন কোন গম পাও নাই। আমাৰ চানী আক’ ।”
“চানী দেউল কেতিয়াৰ পৰা হিৰইন হ’ল বে।” ইমান টাইম মনে মনে থকা অপুৱে টপকে মাত লগালে।
“গাধ, তই কোনখন দুনীয়াৰ প্ৰাণী বে। চানী দেউল নহয়, চানী লেওন। মাকচম কি একটিং কৰিছো ৰে মই, ফালি দিছো। এতিয়া কণীটোও ময়েই খাম।”
“কালি মই ইমান এটা খাচ সপোন দেখা নাপালো” গহীনকৈ অপুৱে মাত লগালে, “মোৰ সপোনত কালি খোদ মহাদেব আহি বৰ বেয়াকে গালি দিলে ৰে। তাৰ পাচত মোৰ গলত ত্ৰিশুল ডাল লগাই কলে যে তই এতিয়াই কণীটো গিলি থ, নহলে তোৰ সৰ্বনাশ হব। মই বাবা মহাদেবৰ আদেশ সৰোগত কৰি ৰাতিয়ে কণীটো খাই থলো”
“খা বাপেকে ভীম কলটো এতিয়া।“

By: Hemanta Medhi

মোক কেনেকৈ চিনি পোৱা হে?

চেং :হৌৰা, এই টিভিটো কেইটকাত দিবা?

দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো!

চেং(এক মাহৰ পিছত দাৰি-চুলি কাটি একদম ফিটফিটিয়া হৈ) :হেৰা, এই টিভিটোৰ দাম কিমান?

দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো!

আকৌ এক মাহৰ পিছত চেং এইবাৰ ফৰ্মেল দ্ৰেছত দন্দায়মান...

চেং(ইংলিচত হে আকৌ) : হাউ মাছ ফৰ দিচ টিভি?

দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো!

ৰণচণ্ডীমূৰ্তি ধৰি চেং এইবাৰ গৰজি উঠিল...
"হৌৰা, বাৰে বাৰে তুমি মোক কেনেকৈ গাঁওলীয়া ভূত বুলি চিনি পোৱা হে?"

দোকানীঃ এইটোক মাইক্ৰৱেভ অভেন বুলি কয় ৰে গৰু!

মাল ক'ত ৰাখিছে

দত্তই ১ কোটি টকা আৰু বহুতো সোন চুৰি কৰি পলাই এজন বোবা মানুহৰ ঘৰত লুকাইছিল গৈ !

সেই ঘৰতেই সি টকা আৰু সোন ৰাখি বোবাজনক ক'লে “কাইলৈ নিমহি ” ।

দ্বিতীয় দিনা দত্তই সেই ঠাইলৈ গৈ দেখে যে তাৰ মালখিনি সি ৰখা ঠাইখিনিত নাই, তেতিয়া সি ঘৰৰ মালিক মানে বোবাজনক তাৰ মালৰ কথা সুধিলে । কিন্তু বোবাজনে এনেকুৱা ইঙ্গিত দিলে যে সি সেই বিষয়ে একোকে নাজানে !

ইয়াৰ পাচত দত্তই তাৰ বন্ধু কলিতাক আনিলে যাতে বোবা জনৰ ইংগিতৰ কথা বুজিব পাৰে ।

দত্তই তাৰ বন্ধুক ক'লে, “তাক ক্ .. মাল ক'ত ৰাখিছে, যদি নকয় গুলি কৰি মাৰি পেলাম” ।

বোবা মানুহজনে ভয়তে ইংগিতৰদ্বাৰাই জনালে, “ঘৰৰ পিছফালে যে আম গছজোপা আছে, তাৰ তলতে ৰাখিছে” !

দত্তই বুজিব নোৱাৰি তাৰ বন্ধু কলিতাক সুধিছে, “কি কৈছে বে'... এইটোৱে ?''

বন্ধু কলিতাই ক'লে, “কৈছে যে, গুলি মাৰ তথাপিও মই নকওঁ !!''


By: Deep Jyoti Nath

ওকণী মাৰা যন্ত্ৰ

টি. ভি. ত বিজ্ঞাপন দিলে -

‘ওকণী মাৰা যন্ত্ৰ’, মাত্ৰ ১৯৯৯ টকাত ।
ফ্ৰী হোম ডেলিভাৰী ।
২০ বছৰৰ গেৰাণ্টী (যদিহে ব্যৱহাৰ নকৰে)।
লগতে ওকণী ধৰিবৰ বাবে এখন প্লাষ্টিকৰ মজবুত ফনী সম্পূর্ণ বিনামূল্যে ।

বিজ্ঞাপনটো দেখি চেংমাৰ প্ৰডাক্টটো পচণ্ড লাগিল । এনেই ‘মেগী’হেন চুলিখিনত বহুদিনৰে পৰাই ওকণীয়ে অত্যাচাৰ চলাই আছে ।

লগে-লগে চেংমাই নির্দিষ্ট ঠিকনাত মানী অর্ডাৰ যোগে ১৯৯৯ টকা আৰু নিজৰ নাম-ঠিকনা লিখি পঠিয়াই দিলে ।

কেইদিনমান পাছত এটা ডাঙৰ বাকচত ওকণী মাৰা যন্ত্ৰ চেংমাৰ ঘৰ পালেহি ।

বাকচটো ভিতৰলৈ নি আথে-বেথে খুলি দেখিলে তাত দুটা চেংগুটি খেলিব পৰা জোখৰ শিলগুটি, প্লাষ্টিকৰ পকেট ফনী এখন আৰু এখন কাগজৰ বাহিৰে অইন একো নাই !

কাগজখনত লিখা আছিল :-

‘‘এই ‘অত্যাধুনিক’ ওকণী মাৰা যন্ত্ৰ বিধ ১৯৯৯ টকা ভৰি অর্ডাৰ কৰাৰ বাবে ধন্যবাদ । বাকচটোত থকা ফনীখনেৰে নিজৰ মূৰৰ ওকণীবোৰ ধৰি আনি এটুকুৰা শিলত দি আন টুকুৰাৰে হেচা মাৰি নিধন কৰিব ! এই অত্যাধুনিক ‘ওকণী মাৰা যন্ত্ৰ’বিধ ব্যৱহাৰ কৰি আপুনি সুফল পাব বুলি আশা কৰিলো ।

বিঃ দ্ৰঃ - নকলৰ পৰা সাবধান ।

ধন্যবাদ !!’’


By: আকাশ জ্যোতি দেৱ গোস্বামী

ছোৱালীবোৰ সচাঁয় বদমাছ্

মদন গাভৰুপথাৰ অঞ্চলৰ বিৰাত বিখ্যাত তজবজীয়া ডেকা ।
ইজনীক এৰি সিজনীৰ প্রেমত পৰে , তেনেকৈয়ে বিয়াৰ বয়স পাৰ হবৰ হ’ল আৰু,
বিয়া পাতিবৰ বাবে কইনা বিচাৰি ফুৰিছে, গাঁৱৰ ছোৱালী, কাৰণ তাৰ মতে গাৱঁৰ ছোৱালীবোৰৰ স্বভাৱ চৰিত্র হেনো ভাল, টাউনৰ বোৰ ভেজাল সি জানে ,সকলো তাৰ নখ দৰ্পনত,
এদিন গাৱঁৰে খুউব ধূনীয়া ছোৱালী বিয়া পাতি আনিলে । ঘৰতে বহি কইনাক বুজাইছে
মদন : বুজিছা ৰীণা, তুমি আমাৰ ইয়াৰ মানে টাউনৰ ছোৱালী /গাভৰুবোৰৰ লগত বৰকৈ হলিগলি নকৰিবা, বৰ বদমাছ্ সিহঁত. বৰ মিছলীয়া , যাৰে তাৰে মিছা মিছি কথাবোৰ লগাই ফুৰে ।
ৰীণা :- হয়নেকি ? আমি যে তেনেকুৱা নহয় দেই ।
মদন : আৰু কি জানা এই ছোৱালীবোৰে যাৰে তাৰে লগত থাকিবলৈ যায় আৰু বহু টকা লয় ।
ৰীণা :- অ’ হয়নেকি ? টকা লয় ?........ও আমাৰ গাৱঁত ভাওনা চাওনা হলে নয়নদাদাসঁতে বাদাম/চানা এপেকেত দিলেই আমি থাকোগৈ ,টকা চকা নলও দেই,
ইয়াৰ ছোৱালীবোৰ সচাঁয় বদমাছ্ দেই…………!

: সংগ্রহীত
By: Nayanjit Deka

দুখ নকৰিবি মেৰী

ধীমানৰ দেউতাক ঢুকাওতে সকলোৱে খবৰ লব গৈছিল, সকলোৱে শান্তনা দিলে,
জয় - দুখ নকৰিবি ধীমান, যোৱা মানুহ যাবই, মানুহজন খুব ভাল, ধুনীয়া আছিল অন্তৰৰ পৰা, তেওঁ অকল তোৰেই দেউতা নাছিল, মোৰ ব্য়ক্তিগত জীৱনত তেওঁক নিজৰ দেউতা বুলিয়েই ভাবিছিলো ৷

- - - - - - - - - - - - - - - - - -
মেৰীৰ ঘৈনীয়েকক কুকুৰে কামুৰি মাৰিলে
কইলতা খবৰ লব গৈ দেখে
মেৰী ছুইচাইড কৰে আৰু পেপচি খায়, ছুইচাইড কৰে আৰু পেপচি খায়
কইলতা - দুখ নকৰিবি মেৰী, মানুহজনী খুব ভাল আছিল,ফিগাৰ ভাল আছিল, তেওঁ অকল তোৰেই ঘৈণী নাছিল ব্য়ক্তিগত জীৱনত তাইকেই মই ঘৈণী বুলি ভাবিছিলোঁ ...............

কইলতা দিছপুৰ পলিক্লিনিকত আছে, ড:বৰদলৈয়ে বাচি থকাৰ আশা প্ৰায় নাই বুলি কৈছি |


By : Dhiman Adhikary

Sunday 26 January 2014

বগাতোক নে ক'লাতোক?

এবাৰ আমাৰ News LiTe চেনেলত চন্দন প্ৰতিম ধৰ্ম বৰদৈলৈয়ে এজন খেতিয়কক মাতি আনি সাক্ষাত্‍কাৰ পাতিলে।
বৰদৈলৈ : স্বাগতম জনাইছো আপোনাক আমাৰ চেনেললৈ।শুনিছো আপুনি এজন আদৰ্শ খেতিয়ক, আপুনি আপোনাৰ গৰুক কি খুৱাই?
খেতিয়ক: কোনটোক বগাতোক নে ক'লাতোক?
: বগাতোক
: ঘাঁহ খোৱাও
: আৰু ক'লাতোক?
: তাকো ঘাঁহ খোৱাও।

: ধন্যবাদ, আপুনি গৰু দুটাক ক'ত ৰাখে?
: কোনতোক বগাতোক নে ক'লাতোক?
: বগাতোক
: গোঁহালীত
: আৰু ক'লাতোক?
: তাকো গোঁহালীত

: ধন্যবাদ, আপুনি গৰু দুটাক কিহেৰে গা ধুৱাই?
: কোনতোক বগাতোক নে ক'লাতোক?
: ক'লাতোক
: নদীৰ পানীৰে
: আৰু বগাতোক?
:তাকো নদীক পানীৰে।

(চন্দন প্ৰতিম ধৰ্ম বৰদলৈ খংত জ্বলি পকি) : যদি দুইতাৰে চব একে কৰে তেন্তে বগাতো নে ক'লাতো বুলি কিয় শুধে?
খেতিয়ক : কাৰন বগা গৰুতো মোৰ।
: আৰু ক'লা গৰুতো?
: হেইতোও মোৰ...


By:লক্ষ্য জ্যোতি নাথ

টিকেট দেখাওক ?

এজন বলবান,যি ৬ ফুট ওখ আৰু বহুত শক্তিশালী আছিল ।
.
.
বলবানজনে এদিন এখন বাচত যাত্ৰা কৰিছিল,
আৰু বাচকণ্ডাক্টৰজনে আহি বলবানজনক ক'লে,
.
কণ্ডাক্টৰ : দাদা ক'ত যাব, টিকেট দেখাওক ?
বলবান : মই টিকেট নাকাটো ।
.
কণ্ডাক্টজনৰ খং উঠিল যদিও বলবানজনক দেখি ভয়তে একো ক'ব নোৱাৰিলে ।
.
দ্বিতীয়দিনাও সেই একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিল,
.
সেই ঘটনাটোৱে বাচকণ্ডাক্টৰজনৰ মনত আঘাত কৰিলে আৰু নিজেও বলবানজনৰ নিচিনা হ'বলৈ পিছদিনাই গৈ এটা ‘জিম’ত জইন কৰিলে ।
.
.
কিন্তু বলবানজন প্ৰতিদিনে যাত্ৰা কৰিয়ে থাকিল আৰু কণ্ডাক্টৰজনে টিকেট বিচাৰিলে কয়,"মই টিকেট নাকাটো"
.
.
.
এনেদৰেই ৬ মাহ পাৰ হৈ গ'ল,
.
.
.
বাচ কণ্ডাক্টৰজনো বলবানজনৰ দৰে শক্তিশালী হৈ উঠিল ।
.
.
পিছৰ দিনা বাচকণ্ডাক্টৰজনে বলবানজনক ক'লে,
.
কণ্ডাক্টৰ : দাদা টিকেট আছেনে ?
.
বলবান : মই টিকেট নাকাটো ।
.
.
.
কণ্ডাক্টৰজনে চোলাটো দাঙি বাহু দেখুৱাই বলবানজনক খঙেৰে ক’লে,"অই তই টিকেট কিয় নাকাট্ বে"
.
.
.
.
বলবান : মোৰ ‘পাচ্’ বনোৱা আছে, মই গোটেই ভাৰতত যিকোনো
বাচত বিনামূল্যে যাত্ৰা কৰিব পাৰো, মোৰ দেউতা এজন স্বাধীনতা সংগ্ৰামী আছিল আৰু মোক টিকেট বিচাৰি সদায়ে অসুবিধা কৰাৰ বাবে তোক এতিয়াই পুলিচত দিব পাৰো ।।।।।

নীতিশিক্ষা : যিকোনো এটা কাম কৰিবলৈ যাঁওতে বিষয়টো ভালদৰে জানি বুজি ল'ব লাগে নহলে নিজেহে বিপদত পৰাৰ সম্ভাবনা থাকে ।
By:Dharmeswar Saikia