Saturday 1 February 2014

মানুহ তিনিটা, কণী যে চাৰিটা

`যোৱাবেলিৰ পিকনিকৰ আগদিনাৰ ঘটনা এয়া। চেংমা, দত্ত আৰু কলিতাই কথাটো ৰাজহুৱা কৰাৰ বাবে মোক পিটিব চাগে।
পিকনিকৰ বাবে যা যোগাৰ সম্পূৰ্ণ হৈ গৈছে তেতিয়া । পিচদিনা ৰাতিপুৱা যোৱাটোহে কথা। পিকনিকৰ সকলো খোৱা সামগ্ৰী দত্তৰ ৰুমত । চেংমা আৰু কলিতাও দত্তৰ কোঠাতে ৰাতিটো কটোৱা প্লেন কৰিলে ।( আচলতে দত্তই পেপ্চিৰ মাজু মাইনা এটা আনি থৈছিলে আক')। লগতে পিকনিকত ব্ৰেকফাষ্টৰ বাবে কণী সিজোৱাৰ দায়িত্বও দত্তৰ ওপৰতে। তিনিওয়ে পেপচি খাই খাই কণী সিজাই আছিলে। এনেতে দত্তই আবিস্কাৰ কৰিলে যে পিকনিকত যাব লগা মানুহৰ সংখ্যাৰ বিপৰিতে কণী ৪ টা বেছি আছে। ত্ৰিমূৰ্তি খুচ।
দত্তঃ “ অই চেং, ৪টা কণীৰ বাকলি গুচা জলদি।”
চেংমাঃ “মেৰি, ৪টা কণী আমি কেনেকৈ খাম বে?”
দত্তঃ “আগত বাকলি গুচাই দে। তাৰ পাচত কেনেকৈ খাব লাগে শিকাই দিম।”
চেংমাঃ ”নহয় মানে মানুহ তিনিটা, কণী যে চাৰিটা। তাকেহে কৈছো। ”
ইমান টাইম মনে মনে থকা কলিতাই মাত লগালেঃ “কাম এটা কৰা হওক। এতিয়া তিনিটা কণী তিনিও খাই শুই থাকো । ৰাতি কোনে কি সপোন দেখা পাও, ৰাতিপুৱা সবকে কব লাগিব। যিয়ে সাংঘাতিক সপোন এটা দেখিব তাকে বাকী থকা কণীটো খাব দিয়া হব।”
“অ’কে । ইট উইল বি নাইচ ।“ লাষ্ট পেগ মাৰি দত্তই নিজৰ ভাগৰ কণীটো খালে আৰু চেংমা-কলিতাকো সিহঁতৰ ভাগৰ কণী দুটা দি ৪নং কণীটো ৰাতিপুৱালৈ বুলি থৈ দিলে।।(সিবিধ খালে দত্ত কাইটিৰ ইংৰাজী অলপ বেছিকৈ ওলাই যে)
“ৰাতিপুৱা কণীটো ময়েই খাম বাপ্পেকে। এনেকুৱা সাংঘাতিক সপোন দেখিম নহয় আজি।” তিনিও কণীৰ লোভত ইকাতি সিকাতি কৰোতেই নিশা পাৰ হ’ল। সপোন হলে কোনেও একো নেদেখিলে।
কুকুৰাই ডাক দিয়াৰ আগতেই তিনিও উঠি বহিল।
“কালি ৰাতি সপোনত মোৰ বিয়া হোৱা দেখিলো বে। একদম ঠৌগা বগী মেম যেন ছোৱালী। বিয়াৰ দিনা কেচা হালধী গাত দিয়াৰ পাচত মোকো তামাম বগা হেন্দচাম লাগিছিলে। আমি হনীমুনত পেৰিচ গৈছিলো। তামাম এনজ’য় কৰিলো বে।”, দত্তই এতিয়া উঠি কণীটো খায়েই আৰু।
“অ’ই বেটা ৰ’। কাম নাইকিয়া ইম্পচিবল সপোনবোৰ দেখিলেই তই কণী খাব পাৰিবি নেকি হা?” চেংমাই দত্তৰ কাণত ধৰি বিছনাত বহুৱাই থলে, ” মোৰ সপোনটো শুন এতিয়া। এইবাৰ ধুম ফ’ৰ চিনেমাত মোক মেইন ৰ’ল কৰিব দিলে নহয়। তাতে অভিশ্বেক আৰু উদয়ো ৰিতায়াৰ হ’ল নহয় । মেৰি, তোক দিয়া হৈছিল উদয়ৰ পাৰ্ট আৰু অপু হ’ল অভিশ্বেক। হিৰোইন কোন গম পাও নাই। আমাৰ চানী আক’ ।”
“চানী দেউল কেতিয়াৰ পৰা হিৰইন হ’ল বে।” ইমান টাইম মনে মনে থকা অপুৱে টপকে মাত লগালে।
“গাধ, তই কোনখন দুনীয়াৰ প্ৰাণী বে। চানী দেউল নহয়, চানী লেওন। মাকচম কি একটিং কৰিছো ৰে মই, ফালি দিছো। এতিয়া কণীটোও ময়েই খাম।”
“কালি মই ইমান এটা খাচ সপোন দেখা নাপালো” গহীনকৈ অপুৱে মাত লগালে, “মোৰ সপোনত কালি খোদ মহাদেব আহি বৰ বেয়াকে গালি দিলে ৰে। তাৰ পাচত মোৰ গলত ত্ৰিশুল ডাল লগাই কলে যে তই এতিয়াই কণীটো গিলি থ, নহলে তোৰ সৰ্বনাশ হব। মই বাবা মহাদেবৰ আদেশ সৰোগত কৰি ৰাতিয়ে কণীটো খাই থলো”
“খা বাপেকে ভীম কলটো এতিয়া।“

By: Hemanta Medhi

No comments:

Post a Comment