Sunday 9 February 2014

ৰিপ্লাই

By: Bhaskarjyoti Das
ৰামৰ চিঠিখন পাই সীতাই দিয়া ৰিপ্লাইটো:

হাই ৰামু,
হাও আৰ ইউ জানু? মই তুমি ভবাৰদৰে বিন্দাচ আছোঁ কিন্তু তোমাক বৰ মিচ কৰিছো৷ ময়ো বি.এচ.এন.এল.ৰ চিম এখন ল’লোঁ৷ কিন্তু ইয়াতো ইম্মান বেয়া চাৰ্ভিচ৷ সিদিনা চানবাথ কৰিবলৈ যাওঁতে ওচৰৰ ৰাক্ষসী বডিগাৰ্ড এজনীয়ে কি বুলি মোৰ ম’বাইলটো হাতত তুলি লওঁতেই সেইটো ভাগি থাকিল৷ আই এম ফিনিছদ্৷ এতিয়া মন্দোৰ পৰা এটা চেকেন্ড হেন্ড ম’বাইল পাই চলাই আছো৷ মডেল 1100 ৷ জানু, মোলৈ মাইক্ৰ’মেক্সৰ ম’বাইলটো সোণকালে পঠাবা৷ চেহনাজ হুছেইনৰ প্ৰডাক্ট ইয়াত নাপায়৷ মন্দোৱে লেকমিৰ প্ৰডাক্তহে দিয়ে৷ তাই আজিকালি অ’ৰিফ্লেম ডিল কৰে৷ কিন্তু প্ৰডাক্তবোৰ ইমান কষ্টলি৷ মোৰ বাবে এফ’ৰ্ডেবুল হোৱা নাই৷ চ’ ওইথ ডা ম’বাইল, মোৰ চুইচ বেংকৰ এ.টি.এম.টো পঠাই দিবা৷
এতিয়ালৈ এৰিছো৷ ৰাৱন আহিছে৷

ইতি,
তোমাৰ লাভ
ছীতা

(বি.দ্ৰ:ৰাৱনৰ চেইনডাল হাফ কেজিমান হ’ব৷ মোকো হাফ কেজিৰ এডাল দিব লাগিব৷ নহ’লে কাট্টি৷ লাভ ইউ জানু৷ এল.অ’.এল.)

No comments:

Post a Comment