Sunday 9 February 2014

বেংক ডকাইতি

By: DrBhupendra Saikia

(বহুদিনীয়া পূৰণি গাজা এটা ৷নপঢ়াসকলে ৰস লব পাৰে৷)

ডকাইতৰ লিডাৰে বেংকত সোমাই ঘোষণা কৰিলে - বেংকৰ টকা হ'ল ৰাজহুৱা ধন৷ কিন্তু জীৱনটো হ'ল আপোনাৰ নিজৰ৷যদি জীৱনটো বচাব খোজে তেন্তে মাটিত শুই পৰক৷পলম নকৰি সকলোৱে পকাত বাগৰি পৰিল৷ ইয়াকে কয়- 'Mind Changing Concept'

এজন এম কম পাচ ডকাইতে কলে -টকাখিনি গণি লওঁ৷ আন এজন ডকাইতে কলে -
নালাগে, নিউজতে চাই লম৷ইয়াকে কয় - 'Experience' ৷

ডকাইতে ২০লাখ টকালৈ উধাও হ'ল৷ কেচিয়াৰে মেনেজাৰক কলে-পুলিচত এফ আই আৰ দিওঁ ? মেনেজাৰে কলে -ৰৈ যোৱা ১০লাখ আতৰাই লোৱা, লগত আমি আগতে মৰা ৫০লাখ যোগ দিয়া৷ ইয়াকে কয় - 'Opportunity'
(ভগবানে যেন প্ৰত্যেক মাহত এনেদৰে বেংকলৈ ডকাইত পঠিয়াই দিয়ে !)

টিভিত ডকাইতে নিউজ শুনিলে ৮০লাখ টকাৰ বেংক ডকাইতি৷
নোট বাৰে বাৰে গণটি কৰি ২০লাখহে পাই বুজি পালে - আমাতকৈ ডাঙৰ ডকাইত বেংকতে আছিল৷
ইয়াকে কয়- 'MANAGEMENT KA FANDA' !

No comments:

Post a Comment