এবাৰ আমাৰ লোকেল ডেকা পাৰ্টী টোৱে অনুভৱ কৰিলে যে ঠাইখনৰ আটাইতকৈ ধনী ব্যক্তি থুলুকে
আজিলৈকে এটকাও সিহতক চান্দা দিয়া নাই।
লগে লগে দুজন ডেকা থুলুকৰ ঘৰত হাজিৰ!
ডেকা: আমাৰ অনুসন্ধানত গম পোৱা গৈছে যে আপোনাৰ অজস্ৰ সম্পত্তিৰ এক পইচাও আপুনি দান কৰা নাই।
সেয়ে আপুনি সামান্য টকা দান কৰি সমাজৰ বৰঙনি যোগাওক!
থুলুকে তভক মাৰি কিবা এটা ভাবিলে…
থুলুক: বাৰু… প্ৰথম কথা, তোমালোকে এইটো অনুসন্ধান কৰিছানে যে মোৰ মা দীৰ্ঘদিনৰ পৰা বেমাৰত ভুগী চিকিৎসালয়ত পৰি আছে আৰু তেঁওৰ দৰমহাৰ কেইবাগুনো বেছি টকাৰ বিল হৈ আছে?
ডেকা: (অলপ লাজ পাই) অহ নাই..মানে…
থুলুক: দ্বিতীয়তে, মোৰ ভাইটী শাৰীৰিক ভাবে বিকলাংগ।
সি অন্ধ আৰু হুইলচেয়াৰ নহ’লে এক ইঞ্চিও লৰচৰ কৰিব নোৱাৰে।
চকিত হৈ আমাৰ ডেকাই ক্ষমা খুজিব ওলাওতেই…
থুলুক: তৃতীয়তে, যোৱা মাহত মোৰ আপোন ভনী বিধবা হৈছে আৰু গিৰিয়েকে তিনিটা ল’ৰা-ছোৱালীৰ বাহিৰে কোনোধৰনৰ টকা-পইছা তাইৰ বাবে এৰি যোৱা নাই।
অত্যন্ত লজ্জিত হৈ আমাৰ ডেকাই কিবা এটা ক’বলৈ খুজোতেই থুলুকে আকৌ মাত লগালে…
“ আৰু ইহতকে মই এটকাও দিয়া নাই… তুমি কোন কূটা?”
by: Anupam Medhi

0 Comments