Sunday 26 January 2014

টিকেট দেখাওক ?

এজন বলবান,যি ৬ ফুট ওখ আৰু বহুত শক্তিশালী আছিল ।
.
.
বলবানজনে এদিন এখন বাচত যাত্ৰা কৰিছিল,
আৰু বাচকণ্ডাক্টৰজনে আহি বলবানজনক ক'লে,
.
কণ্ডাক্টৰ : দাদা ক'ত যাব, টিকেট দেখাওক ?
বলবান : মই টিকেট নাকাটো ।
.
কণ্ডাক্টজনৰ খং উঠিল যদিও বলবানজনক দেখি ভয়তে একো ক'ব নোৱাৰিলে ।
.
দ্বিতীয়দিনাও সেই একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিল,
.
সেই ঘটনাটোৱে বাচকণ্ডাক্টৰজনৰ মনত আঘাত কৰিলে আৰু নিজেও বলবানজনৰ নিচিনা হ'বলৈ পিছদিনাই গৈ এটা ‘জিম’ত জইন কৰিলে ।
.
.
কিন্তু বলবানজন প্ৰতিদিনে যাত্ৰা কৰিয়ে থাকিল আৰু কণ্ডাক্টৰজনে টিকেট বিচাৰিলে কয়,"মই টিকেট নাকাটো"
.
.
.
এনেদৰেই ৬ মাহ পাৰ হৈ গ'ল,
.
.
.
বাচ কণ্ডাক্টৰজনো বলবানজনৰ দৰে শক্তিশালী হৈ উঠিল ।
.
.
পিছৰ দিনা বাচকণ্ডাক্টৰজনে বলবানজনক ক'লে,
.
কণ্ডাক্টৰ : দাদা টিকেট আছেনে ?
.
বলবান : মই টিকেট নাকাটো ।
.
.
.
কণ্ডাক্টৰজনে চোলাটো দাঙি বাহু দেখুৱাই বলবানজনক খঙেৰে ক’লে,"অই তই টিকেট কিয় নাকাট্ বে"
.
.
.
.
বলবান : মোৰ ‘পাচ্’ বনোৱা আছে, মই গোটেই ভাৰতত যিকোনো
বাচত বিনামূল্যে যাত্ৰা কৰিব পাৰো, মোৰ দেউতা এজন স্বাধীনতা সংগ্ৰামী আছিল আৰু মোক টিকেট বিচাৰি সদায়ে অসুবিধা কৰাৰ বাবে তোক এতিয়াই পুলিচত দিব পাৰো ।।।।।

নীতিশিক্ষা : যিকোনো এটা কাম কৰিবলৈ যাঁওতে বিষয়টো ভালদৰে জানি বুজি ল'ব লাগে নহলে নিজেহে বিপদত পৰাৰ সম্ভাবনা থাকে ।
By:Dharmeswar Saikia

No comments:

Post a Comment