Hot Posts

6/recent/ticker-posts

ছোৱালীবোৰৰ মনোজগত

নাৰীৰ হেনো মহিমা অপাৰ। তথাপি ছোৱালীবোৰৰ মনোজগতত চলি থকা অনুভূতি বিশেষৰ কিছুমান বাহ্যিক লক্ষণ তথাপ্ৰেমৰ বাবে বিশেষ কিছুমানকথা ৰাইজৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছো-

(১) ছোৱালীয়ে যেতিয়া আপোনাৰলগত হোৱা কথা বতৰা নাইবা চিনাকী পর্বৰ মাজত অথবা আপোনাৰ আশে পাশে থকা অৱস্থাত বাৰে বাৰে চুলিসোপা চুই থাকে তেন্তে বুজিব তেওঁ আপোনাৰ দৃষ্টি আকর্ষণ কৰিবলৈ চেষ্টা কৰি আছে।

(২) যদি ছোৱালীজনীয়ে আপোনাৰসৈতে হোৱা কথা বতৰাৰ মাজে মাজে মিছিকিয়া হাঁহি মাৰে, বুজিব তেওঁ আপোনাৰ প্ৰতি দুর্বল। কিন্তু ভাল পোৱা প্ৰকাশ কৰাবলৈ আপুনি নিজৰ যোগ্যতা প্ৰমাণ কৰিব লাগিব পাৰে।

(৩) যদি ছোৱালীজনীয়ে আপোনাকলগ পাওঁতে অথবা একেলগে কৰোবালৈ যাওঁতে বেছিভাগ সময়ে মোবাইলত ব্যস্ত হৈ থাকে অথবা ব্যস্ত দেখুৱায় তেন্তে বুজিব তেওঁ আপোনাক কাষত বিচৰা নাই। পাৰাপক্ষততেওঁৰপৰা আঁতৰি থাকক। আৰু যদি তেওঁ পিছত আপোনাক সুধে কিয় আঁতৰি আছে বুলি তেন্তে এই কথাখিনি তেওঁক স্পষ্টকৈকৈ দিয়ক।

(৪) কোনো ছোৱালীয়ে আপোনাৰ সৈতে যদি কথা কৈ থাকোতে মাজে মাজে ওঁঠ চেলেকি থাকে বুজিব তেওঁ আপোনাক সন্মান কৰে আৰু তেওঁ আপোনাৰ আগত ক'বলগীয়া অথবা আলোচনা কৰিবলগীয়া বহুতো কথা আছে।

(৫) যদি কোনো ছোৱালীয়ে এজনীবান্ধবীৰ লগত কিবা কথা কৈ থাকোতে আন বান্ধবীয়ে একদম কাষৰপৰাই তাইক উদ্দেশ্যে কিবা কয় অথচ তাই গুৰত্ব নিদিয়ে আৰু অলপ পিছত ক'বলৈওকোনো ইংগিত নিদিয়ে আৰু এনেকুৱা তাই বহুতৰে লগত কৰে তেন্তে তেনেকুৱা ছোৱালীৰ লগত প্ৰেমতো বাদেইবন্ধুত্ব কৰাও অনুচিত। নহ'লে আপুনি কেতিয়াবা হ'লেও ভুক্তভোগী হোৱাৰ সম্ভাৱনা আহি যায়।

(৬) সাধাৰণতে ছোৱালীয়ে আইচক্ৰিম আৰু টেঙা বৰ ভাল পায়। যিবিলাক ছোৱালীয়ে হাতেৰে এনেই নাকটোৰ ঘাম মুচাৰ নিচিনা কৰি থাকে আৰু নাকটো হোৱাই নহোৱাই ঢাকি ৰাখে তেনেকুৱা ছোৱালীৰ জিভাত কেইটামান আইছক্ৰিম পেলাই আপোনাৰ প্ৰেমপর্বৰ শুভ আৰম্ভনি কৰক। কাম দিব।

(৭) সকলো ছোৱালীয়ে গিফ্ট ভাল পায়। সৰু সৰু মৰমলগা এনেকুৱা কিছুমান গিফ্ট দিয়ক যিবোৰে তাইক আপোনাৰ কথা মনত পেলাই দি থাকে। প্ৰথমতে দামী গিফ্ট ভুলতো নিদিব।

(৮) যদি কেতিয়াবা কোনো ছোৱালীয়ে নিজৰ ভৰি দুখন বিনা কাৰণত এনেই বাৰে বাৰে ঘহাই থাকে বুজিব তেওঁৰ বেটৰী ফুল চার্জ হৈ আছে।
By: Ashok Kumar Nath
কেনে লাগিল:

Post a Comment

0 Comments