Showing posts with label Best Assamese Jokes. Show all posts
Showing posts with label Best Assamese Jokes. Show all posts

Tuesday 13 May 2014

@জোনবাই ২০৫০@

by: চিন্ময় দত্ত

আমাৰ পৰৱর্তী প্রজন্মই "জোনবাই এ বেজি এটি দিয়া বুলি..." গানটো কেনেকৈ গাব জানেনে

জোনবাই এ;
মবাইল এটি দিয়া বুলি
পদ্য মতা বয়সত;
তুমি পঢ়িছিলা এচি ৰুমত বহি
এপেল আইফোন ৰে লগত।।
আৰু মই তোমাকে 3G কল কৰি চালো জান ঐ;
ফটোচপ ৰ ইডিটিংত তোমাৰ মুখনি
নতুন ৰঙেৰে উঠিছিল জিলিকি।।


জোনবাই এ;
লেপটপ এটি দিয়া বুলি পদ্য মতা বয়সত,
আমি পঢ়িছিলো আৰামী চকীত বহি
প্লে-স্কুলৰ চোতালত।।
আৰু মই তোমাৰে ফটো লৈছিলো জান ঐ;
মৰম বুজি তুমি নাপালা ঐ,
ৱালপেপাৰ তেতিয়াৰ পৰাই তোমাৰে অ।।

মৰমজান ঐ;
ফেচবুকৰ বুকুতে চাটিং কৰা বয়সত;
তুমি পঢ়িছিলা ডুবাইৰ স্কুলত
এইটত নে ও নাইনত।।
আৰু মই তোমালৈ সদায় ৰাতি কৰি চাটিং;
ফটো টেগ কৰো তুমি ভাল পাবায়ে বুলি;
কোৱাই নহল জানা তোমাকে ও,
ভাল পাও বুলি এবাৰ চাটিংত অ।।

দেহাজান ও;
জীৱনত প্রথমবাৰ মিনি স্কার্ট পিন্ধোতে;
তুমি জোকাইছিলা গাল ৰঙা পেলাই ডিস্ক বাৰত পাই অকলে।
আৰু মই উচুপি উচুপি কান্দিলো জান ঐ;
কোমল বয়সৰ কোমলীয়া মন;
দেহাত জাগিছিল যৌৱনৰ শিশৰণ।।

কোন হয়?

BY: ডঃ মাখন লাল দাস

নগেন আৰু খগেন মিলিটেৰীত ভৰ্ত্তি হ'ল৷

প্ৰশিক্ষণ আৰম্ভ হ'ল৷ সকলো শাৰী পাতি থিয় হৈ আছে৷


প্ৰশিক্ষকজন খগেনৰ ওচৰ পালে আৰু খগেনৰ হাতত থকা বন্দুকটোলৈ আঙুলিয়াই সুধিলে..
: এইটো কি?

খগেনে লগে লগে উত্তৰ দিলে..
: এইটো বন্দুক..

প্ৰশিক্ষকজনে অতি গহীনাই কিন্তু সকলোৱে শুনাকৈ ক'বলৈ ধৰিলে..
: এইটো বেলেগ মানুহৰ কাৰণে বন্দুক৷ কিন্তু তোমাৰ বাবে এইটোৱেই তোমাৰ সকলো৷ই তোমাৰ মান, সন্মান, সাহস, অনুপ্ৰেৰণা..... চমুকৈ ক'বলৈ গ'লে এইটো তোমাৰ মা.....

খগেনে মূৰ দুপিয়াই শলাগিলে...

এইবাৰ প্ৰশিক্ষকজন নগেনৰ ওচৰ চাপি আহিল৷ তেওঁ নগেনৰ হাতত থকা বন্দুকটোলৈ আঙুলিয়াই সুধিলে..
: তুমি কোৱাচোন এতিয়া, তোমাৰ হাতত এইটো কি?

নগেনে তপৰাই ক'লে..
: এইটো খগেনৰ মা...
মানে আমাৰ আন্টি....

পতি-পত্নী

by: Dibakor Borah

এবাৰ এজনী খুলালী নিজৰ ভিনিহিয়েকৰ সৈতে ৰেলত গৈ আছিল। ৰাতি তাই বহু দেৰিলৈকে ভিনিহিয়েকক নিজৰ কাহিনী শুনাই আছিল।

অকস্মাতে ভিনিহিয়েকে তাইক সুধিলেঃ

“আহা আজিৰ ৰাতিটো আমি দুয়োজনে “পতি-পত্নীৰ” দৰে কটাও.. কেনেকূৱা হ’ৱ বাৰু ?”


তেতিয়া খুলালীয়েকে লাজ লাজ ভাৱে ক’লেঃ

“উম..., যেনেকৈ আপোনাৰ ইচ্চা”













ভিনিহিয়েকঃ “ঠিক আছে, তেতিয়া হ’লে তোমাৰ মুখৰ বক-বকনী বন্ধ কৰা আৰু মোক শুবলৈ দিয়া।”

পেহী

by: Ideal Hero Janardan Neog

এজনী ছোৱালীয়ে কলেজত এডমিচন ল’লে প্রথমদিনাৰে পৰা ক্লাছৰ সকলোৱে তাইক 'পেহী'বুলি জোকাবলৈ ল’লে।

বেচেৰীয়ে কিছুদিন সেই জ্বালা সহ্য কৰিলে।কিন্তু শেষত তাই বিৰক্ত হৈ পিন্সিপালক আপত্তি দিলে ।

ছোৱালীজনীৰ কথা শুনি পিন্সিপালৰ বৰ খং উঠিল ।তেও ক্লাছৰুমলৈ গ’ল আৰু সকলোকে ক’লে , "যিয়ে এওক পেহী বুলি মাতা তেওলোক থিয় হোৱা ।"


এটা এটাকৈ ক্লাছৰ সকলো থিয় হ’ল ।

কেৱল পাপু বহি থাকিল , তাকে দেখি পিন্সিপাল আচৰিত হ’ল আৰু তাক সুধিলে , "কি হ’ল পাপু তুমি বহি থাকিলা যে?তুমি এওক পেহী বুলি নামাতা নেকি?"

পাপুয়ে হুমোনিয়াহ এটা কাঢ়ি ক’লে , "নহয় ছাৰ , মই মানে এই ক্লাছৰ পেহা।"

Wednesday 30 April 2014

লিপিপেহীৰ ছাতিটো

Pankaj Neog

বহু দিন Lipika পেহীৰ কথা কোৱাই হোৱা নাই.....
যোৱাবাৰ বাৰিষা লিপিপেহীৰ ছাতিটো চুৰে নিলে.... নিলে মানে হেৰি আৰু... বৰষুণ দি থাকোতে ছাতিলৈ তাৰিখনি (ডেটিং) কৰিবলৈ গ'ল... কিন্তু ঘুৰি আহোতে বৰষুণ নথকাত ছতিটো পাহৰি আহিল।
.. এইবাৰ পেহীয়ে এটা নতুন ছাতি কিনিলে। ফেছবুকত ষ্টেটাছো দিলে... "মই আৰু মোৰ নতুন ছাতি'' ... কিন্তু আমাৰ বিগবছ তো কম মানুহ নহয়..
ছোৱালীয়েই হওক বা ছাতিয়েই হওক
তন্ন তন্ন কৈ ফটো চোৱাটো কৈশোৰে অভ্যাস...
,,,, বিগবছে ফটোখন দেখি অবাক
বিগবছ : হাউ লিপি... কি ছাতি কিনলা হে .. ওপৰৰ ফালে দেখুন ফুটা?
লিপিপেহী: নহয় হা... মই কৰি লৈছো ফুটাটো..
বিগবছ: কিয়া.....
লিপিপেহী: বৰষুন দিছি না ৰ'দ দিছি কেংকে জানিম নহলে???

নিমন্ত্ৰণ

Nilutpal Kalita
মই যেতিয়া বিয়া পাতিবলৈ


ছোৱালী চাব গৈছিলো মোৰ
এটা উত্তৰতে মোক......
.
.
.
ভাবিব কিটো আছে?
চিধাই নাকচ কৰিছিলে
বেঙে মূতা পাপীটোৱে ।
(ছোৱালীৰ দেউতাকে)
.
মোক যেতিয়া ছোৱালীৰ
দেউতাকে সুধিছিল..
"তুমি মদ খোৱা নেকি?"


মই আনন্দত ক'ব নোৱাৰা হৈ
কৈ দিলোঁ -
'এইটো মোক প্ৰশ্ন সুধিছেনে?
নে নিমন্ত্ৰণ জনাইছে দেউতা?'

শব্দ

Bikash Singha Ujjal

* আইনা ভাঙিলে কি শব্দ শুনা যাই বাৰু ??
.
.
খেৰেং ? নহয় !
.
.
খাৰাং ? ওহোঁ, নহয় !
.
.
ঠেকেচ ? নাই, নহয় !
.
.
.
সেইটোও নাজানে ??
.
.
.
.
.
.
.
.
.
আৰে,


আইনা ভাঙিলে পাকঘৰৰ পৰা এটা শব্দ শুনা যায় :

"ভাঙিলিনে আইনাখন ? ভাঙ, ভাঙ, সোপাকে ভাঙি শেষ কৰ কটা কুলক্ষণীয়া ! কি যে আসাঠনীয়া জীৱ জন্ম দিলো ঐ..."

Sunday 13 April 2014

বাপুৰ কি বিলাই

By: Rituparna Deka
আমাৰ বাপুৰ কি বিলাই ,শুনকছোন , কিজানিবা কেইটামান দাঁত ওলায়েই -----------------

আমাৰ বাপুই কেইমাহমান আগতে চাকৰি কৰিছিল ,এম্বুলেণ্ছ চলোৱাৰ । এবাৰ কি হ'ল, এদিন মাজনিশা বাপুই তাৰ লগত থকা দীপৰ লগত মৰা মানুহ এজন লৈ গৈ আছিল । সেইদিনা আছিল টামাম ঠাণ্ডা । দুয়োটাৰে মনত ভয়ো লাগি আছিল ,মৰা শ এটা লগত লৈ আছে । কথা এষাৰ আছে নহয় বোলে , য'তে বাঘৰ ভয় ,তাতে ৰাতি হয় । দুয়োটাৰে চুচু কৰা লাগিল । কৃষ্ণ কৃষ্ণ কৰি ওলাল বাহিৰলৈ চুচু কৰিব ।
এনেতে ঠাণ্ডাত পেপুৱা লাগি থকা পগলা এজন সোমাল গাড়ীৰ ভিতৰত আৰু মৰা মানুহটোৰ কাপোৰ খন নিজে উৰি লই বহি থাকিল । দীপ আৰু বাপুই গমেই নাপালে । দুয়োটাই চুচু কৰি আহি গাড়ীত সোমাল । বাপুই ক'লে দীপক,


"অই , চাধা এখোলা মাৰ বে ,অলপ দেহাটো গৰম লগাওঁ "

দীপে চাধা মাৰি উঠি বাপুক ক'লে , " অ' ল ধৰ ।

@
@
@
@
@
@
চাধাৰ কথা শুনি পগলাটো আৰু ৰ'ব নোৱাৰিলে , সিও মাত লগালে

"মোকো অলত দিয়াহে partner !!!"

@
@
@
@
দীপ আৰু বাপুৰ মাথা গৰম,

হাই ৰে, মৰা মানুহটো দেখোন উঠি বহিছে !!

দীপ আৰু বাপুই এইমাত্ৰ চুচু কৰি আহিছিল হে, আকৌ কৰি দিলে ।

এটোপোলা ৰগৰ

By: Dipshikha R Kachari

আপোনালোকৰ বাবে এটোপোলা ৰগৰ

১/পিণ্টু:-ভাই কাইলৈ লগৰ এটা আহিব মোৰ।এই চেইন নেকলেচবোৰ লুকুৱাব লাগিব।
চিন্টু:-কিয় তোৰ বন্ধু কি চুৰ নেকি?
পিণ্টু:-নহয় কিন্তু সি নিজৰ বস্তুবোৰ চিনি পাই যে।



২/পুলিচ:-তোমাৰ বন্ধুৰ মৃত্যু কেনেকৈ হল?
ৰিংকু:-নাজানো ছাৰ সি কৈছিল তাৰ পেটত নিগনী দৌৰি ফুৰিছিল সেইয়ে মই তাক নিগনী মৰা দৰৱ খুৱাই দিলো।


৩/পত্নি:-কি বিছাৰি ৰুমটো ঘিটমিটাই ফুৰিছা?
পতি:-অদৃশ্য কেমেৰা।
পত্নি:-:হে কি কেনেকৈ গম পলা ইয়াত অদৃশ্য কেমেৰা আছে বুলি?
পতি:-দেখা নাই বাৰে বাৰে টি ভি ত কৈ আছে আপোনালোকে চাই আছে নিউজ লাইভ। তাহাঁতি কেনেকে গম পালে আমি নিউজ লাইভ চোৱা বুলি।


৪/মুন্নিয়ে গা ধুই আছিল হঠাতে তাই ঘৰলৈ কোনোবায়ে বৌম এটা দলিয়াই দিলে।তাকে দেখি ওচৰৰ মানুহবোৰে চিঞৰিলে
:-মুন্নি বৌম মুন্নী বৌম।
মুন্নি:-ধেত্‍ এতিয়া নহয়।গাভৰুতেহে মই বৌম আছিলো।


৫/ৰাজু:-ঐ তই মিছা ধৰা পেলোৱা মেচিনটো দেখিছ নে?
কালু:-দেখাই নাই মই বিয়াও কৰাইছো।মোৰ লগতে থাকে।


৬/মেনেজাৰ:-তুমি ক'ত জন্ম?
খেপৌ:-গুৱাহাটিত।
মেনেজাৰ:-গুৱাহাটি কোন অংশ?
খেপৌ:-ঐয়ে গোটেই বডিটোৱেই গুৱাহাটিত জন্ম।


৭/টিকু:-কি লিখি আছ?
টিকলৌ:-চিঠি লিখিছো লগৰ এটালৈ।
টিকু:-কিন্তু তই দেখোন লিখিবয়ে নাজান।
টিকলৌ:-তাতে কি হল সিয়োটো পঢ়িব নাজানে।


দিনটো হাঁহি থাকক আনকো হঁহুৱাওক

Sunday 6 April 2014

কোৱা কি কৰিব লাগে...?

By: Karuna Talukdar

শুভ দুপৰীয়া বন্ধুসৱ....
পঢ়কছোন কিজানিবা ভাল লাগেই....

আমাৰ পাপুৱে এবাৰ তাৰ হিয়াৰ আমঠ মালতী ক লগত লৈ সিহঁতৰ নতুনকৈ কিনা 4whlr খনত long drive বুলি ওলালে...।পাপুৰ মন খুৱ ৰোমাণ্টিক মালতীক অকলশৰীয়া কৈ পাইছে ওচৰতে বহিছে...মনটো তাৰ সাতখন-আঠখন লাগিছে , হাত এখনে মালতীক স্পৰ্শ কৰিব খুজিওঁ লাজ আৰু ভয়ত পিছুৱাই আহিছে...॥ এনেতে হঠাতে মালতীয়ে মাত লগালে ......


মালতী:- দেহা তুমি এখন হাতেৰে drv কৰিব পাৰিবানে...?

পাপু:- (ভিতৰি ভিতৰি মালতীয়ে চাগে তাক green sgnl দিছে তাৰ আশা পূৰণ হব)সি তপৰাই কলে পাৰিম.. পাৰিম...জান কোৱা কি কৰিব লাগে...?

মালতী :- একো অসুবিধা নহয়টো.দেহা..।

পাপু:- আহ: জান একো অসুবিধা নহয়..কোৱা কি কৰিব লাগে...?

মালতী :-
.
.
.
.
দেহা অসুবিধা নহয় যদি এখন হাতেৰে তোমাৰ নাকটো মোচা.....

Friday 4 April 2014

পাঁচ গিলাচ জুচ

by: Ashish Majumdar

আমাৰ ছোটা ডনে মানুহ এঘৰলৈ গৈ পানী এগিলাচ খুজিলে।
সৰু ল'ৰা এটা ওলাই আহি- পানী নাই, আমৰ জুচ আছে খাবনে?
ছোটা ডন- গৰমত আমৰ জুচ! বঢ়িয়া !

ছোটা ডন পাঁচ গিলাচ জুচ খাই ল'ৰাটোক সুধিলে- তোমালোকৰ ঘৰত জুচ্ কোনেও নাখায় নেকি?
ল'ৰা- খায়..কিন্তু আজি জুচৰ বটলটোত জেঠী এটা পৰি মৰি আছিলে..সেয়ে কোনেও নাখালে।

কথাটো শুনি ছোটা ডন হাতৰ পৰা গিলাচটো পৰি থাকিল।

ল'ৰা- (কান্দি কান্দি) মা.......!! মানুহজনে গিলাচটো ভাঙি পেলালে! এতিয়া আমাৰ টমীয়ে কিহত গাখীৰ খাব???

Sunday 30 March 2014

ইন্টাৰনেচনেল পুলিছ কম্পিটিচন

By: Dhiman Adhikary
তো এবাৰ ইন্টাৰনেচনেল পুলিছ কম্পিটিচন হল কাজিৰঙাত

চব দেশৰ পুলিছ আহিল আৰু চবৰে বাবে এটাই খেল ৰাখিলে

কাজিৰঙাৰ ভিতৰত শহাপহু এটা এৰি দিব আৰু কিমান কম সময়ৰ ভিতৰত কোন দেশৰ পুলিছে শহাপহুটো উলিয়াই আনিব পাৰিব. !!!!!!!!!!!!

১/ স্কটলেণ্ড য়াৰ্ড গল, তিনি মিনিটৰ ভিতৰত শহাপহুটো উলিয়াই আনিলে

২/ এফ বি আই গল, দুই মিনিটৰ ভিতৰত শহাপহুটো উলিয়াই আনিলে

৩/ অসমৰ পৰা পুলিছ নিউ ফুকন গল

.......................................................
.......................................................

দুদিন পিছত বান্দৰ এটাক গায়ে মুৰে চিনিব নোৱাৰাকৈ পুলিচ নিউ ফুকনে বেন্দেজ কৰাই ৰাইডাং বেতেৰে বৈদ্য মাৰ দি কাজিৰঙাৰ পৰা উলিয়াই আনিলে, আৰু মা কচম বান্দৰটোৱে চিঞৰি চিঞৰি কান্দি কান্দি কৈ আছে " আবে নামাৰিবি আৰু মোক, মই শহাপহু হয়, মই শহাপহু হয় "

মাইকী কুকুৰা

By: Dip Chutia

এবাৰ এটা শিয়াল চিকাৰৰ উদ্দেশ্যে এটা গড়ালৰ কাষ পালেগৈ । সেই সময়ত গড়ালত ৰাজহাঁহ সাৰে আছিল । হৰ্থাৎ বাহিৰত খচমচনি শুনি বাহিৰলৈ চাই শিয়ালক দেখি .....ডকাইত....... ডকাইত....... বুলি চিঞৰিব ধৰিলে । ৰাজহাঁহৰ চিঞৰত গড়ালৰ সকলো সদস্য সাৰ পাই গল ।ৰাজহাঁহক তেনেকৈ চিঞৰা দেখি গড়ালৰ মাইকী কুকুৰাই মাত লগালে

;-ক'ত..... ক'ত..... ক'ত.... ক'ত..... ,,,

তেনেতে শিয়ালক বাহিৰত দেখি পাতিহাঁহে কলে :- তাত.......তাত.......তাত......তাত.....

মতা পাতিহাঁহটোৱে সকলোকে উদ্দেশ্যি ক'লে;- চুপ..... চাপ...,চুপ..... চাপ...,চুপ..... চাপ...,

কথা বিষম দেখি শিয়ালে চিকাৰৰ আশা বাদ দি গুছি গল ।ৰাতিপুৱা মতা কুকুৰাটোৱে ৰাতিৰ ঘটনাটোৰ খং সামৰিব নোৱাৰি বুকুত পাখি চপৰিয়াই চিঞৰিব ধৰিলে :- (ঢাপ-ঢাপ, ঢাপ-ঢাপ ) শিয়াল কুকুৰ ক'ত.......... (ঢাপ-ঢাপ, ঢাপ-ঢাপ ) পোৱাহ'লে তাক .............(ঢাপ-ঢাপ, ঢাপ-ঢাপ ) শিয়াল কুকুৰ ক'ত.......... (ঢাপ-ঢাপ, ঢাপ-ঢাপ ) পোৱাহ'লে তাক .............

তেনেতে মাইকী কুকুৰাই কালিনো কি চাই আছিল ভাৱেৰে ঠাট্টা কৰি লাহেকৈ ক'লে :- থঅঅঅক........ থক থক থক থক থক থক...........

অসমীয়া কৌতুক


Saturday 29 March 2014

ৰচনা লিখা-১) গৰু অথবা ২) মহাত্মা গান্ধী

By: Ŕïňků Møñî Khâńìkãŕ
বছৰেকীয়া পৰীক্ষা। প্ৰশ্ন আহিল ৰচনা লিখা-১) গৰু অথবা ২) মহাত্মা গান্ধী
গুণীন চোকা ল'ৰা।সি ভাবিলে গৰু ৰচনাখনকে লিখা যাওঁক। গতিকে লিখিলে- গৰু পোহনীয়া জন্তু। তাৰ ঠেং চাৰিখন………… ।
ওচৰতে বহি থকা কণপায়ে জুমি জুমি কেইশাৰীমান লিখিলে। সি চাই চাই লিখি থকা শিক্ষকে দেখা পালে। গতিকে তেওঁ গুণীনক সুধিলে- গুণীন ৰচনা কি লিখিছাঁ?
গুণীন-ছাৰ গৰু।
শিক্ষক-তোমাৰ দৰে চোকা ল'ৰা এটাই গৰুৰ ওপৰত ৰচনা লিখিলে নুশুৱায়। মহাত্মা গান্ধীৰ ওপৰত লিখা।
এইবুলি শিক্ষকজন আঁতৰি গ'ল। গুণীনেও লৰালৰিকৈ ৰচনাখন কাটি মহাত্মা গান্ধীৰ ওপৰত ৰচনা লিখাত লাগি গ'ল।
এইফালে কণপাইৰ মহা পয়মাল হ'ল। সি ফুচফুচাই গুণীনক ক'লে- ঐ ৰচনাখন দেখুৱা না!!!
গুণীন- মোক বেয়া নাপাবি, মাত্ৰ ১৫ মিনিটহে আছে, দেখুৱাব নোৱাৰিম।
কণপায়ে কুটুৰি আছে, গুণীনে নেদেখুৱায়। শেষত অতিষ্ঠ হৈ ক'লে- ঐ কণপাই, তই তোৰ ৰচনা খনত য'ত য'ত গৰু শব্দটো লিখিছ তাৰ ঠাইত মহাত্মা গান্ধী লিখি দে। বাচ ৰচনা হৈ যাব।
কণপাইক আৰু কোনে পায়। সিও লাগি গ'ল লিখিবলৈ- মহাত্মা গান্ধী এবিধ পোহনীয়া জন্তু। মহাত্মা গান্ধীৰ ঠেং চাৰিখন। মাইকী মহাত্মা গান্ধীয়ে গাখীৰ দিয়ে‌.………………

সংগ্ৰহীত

গাটো ভাল নহয়

By: Mrinal Talukdar
ঘটিৰামে নতুনকৈ এটা চাকৰি পাইছে ।

হঠাৎ এদিন ঘটিৰামৰ গা বেয়া হোৱা বাবে কথাটো জনাই তেওঁ অফিচৰ বচলৈ এটা এচ.এম.এচ পঠালে ঃ “ ছাৰ মোৰ গাটো ভাল নহয় আজি , সেয়ে অফিচলৈ যাব নোৱাৰিম আজি ...”

ঘটিৰামৰ এচ.এম.এচ পোৱাৰ লগে লগেই বচে তেওঁলৈ ৰিপ্লাই দিলে আন এটা এচ.এম.এচ পঠাই ঃ “ তোমাৰ মেচেজ পালোঁ । মোৰ গা বেয়া মই মোৰ পত্নীক চুমা খাওঁ আৰু তেওঁৰ সতে সময়বোৰ কটাওঁ। মনটো ভাল লাগে । তুমি ও সেইটো কৰি চাবাচোন । মনটো ভাল লাগিব নিশ্চয় তোমাৰ ! ...

প্রায় দুঘন্টামান পাচত ঘটিৰামে বচলৈ আকৌ এটা মেচেজ পঠালে ঃ “ ধন্যবাদ ছাৰ । আপোনাৰ পত্নী সঁচাকৈয়ে বৰ মৰমীয়াল আৰু কিউট । মই এতিয়া একেবাৰে সুস্থ ! ...... “

বিয়নী মেল

By: Ripunjoy Chetia
এজনী হাঁহ আৰু এজনী কুকুৰাৰ মাজত বিয়নী মেল চলি আছে।কিছুসময় পৰচর্চা কৰাৰ পিছত অলপ নিজৰ কথাও ওলাল।
.
হাঁহ: আমাৰ এওঁ মোক আজিকালি বহুত মৰম কৰে জানা।
.
কুকুৰা: (বিশেষ গুৰুত্ব দিয়া যেন নেদেখুৱাই): কিয়?
.
হাঁহ:মই যে আজি এক মাহ ধৰি একেৰাহে কণী পাৰি আছোঁ।
.
কুকুৰা(বেকাকৈ হাঁহি এটা মাৰি):সেইটোনো কি কথা?মই দেখোন দুমাহ একেৰাহে কণী পাৰি আছোঁ।
.
হাঁহ(নাকৰ পাহি দুটা অলপ ফুলাই):
মোৰ কণীকেইটা ডাঙৰ আৰু সেইকাৰণে দামো বেছি।তোমাৰ বাৰু এটা কণীৰ দাম কিমান?
.
কুকুৰা: ৭ টকা।
.
হাঁহ: মোৰ যে এটাৰ দাম ৮টকা।
.
কুকুৰা(ষ্টাইলত পাখি দুখন অলপ মেলি আকৌ জপাই):এটকাৰ কাৰণে ইমান কষ্ট কৰিবলে এওঁ মোক নিদিয়ে দেই,আফটাৰ অল ফিগাৰো বেয়া হ'বতো!

Sunday 23 March 2014

অলপ কৌতুক!!!! অলপ সাথৰ!!!!

By: Achinta S. Projai

কোনোবাই যদি আগতে পাইছে, ইতিকিং নকৰিব!!!! অলপ পুৰণি!!!!

চাৰিজন পাঞ্জাবী বন্ধুৱে ব্যৱসায় কৰিবলৈ ওলাল!!!
প্ৰথমে তেওলোকে গাড়ীৰ গেৰেজ এখন খুলিলে, কিন্তু কি আচৰিত!? কোনেও গাড়ী বনাবলৈ সেইখন গেৰেজলৈ নাহিল!!!!
কিয় ?????








কাৰণ গেৰেজখন তেওলোকে বিল্ডিঙৰ চতুৰ্থ মহলাত বনাইছিল!!!!


গেৰেজৰ ব্যৱসায় নচলা দেখি তেওলোকে এইবাৰ মিঠাইৰ দোকান খুলিলে, কিন্তু এইবাৰো তেওলোকৰ মিঠাই খাবলৈ কোনো গ্ৰাহক নাহিল!!!!!
কব পাৰিবনে??? কিয় ????



ভাবক, ভাবক!!!








কাৰণ তেওলোকে মিঠাইৰ দোকানত আৰি থোৱা গেৰেজৰ বোৰ্ড খন আতৰাই দিবলৈ পাহৰিলে!



এই ব্যৱসায়ো যেতিয়া নচলা হল, এইবাৰ তেওলোকে টেক্সিৰ ব্যৱসায় কৰিবলৈ সিদ্ধান্ত ললে আৰু এখন car কিনি ভাৰা মাৰাৰ কথা ভাবিলে!?? কিন্তু কি আচৰিত!!!! তেওলোকৰ গাড়ীত কোনো যাত্ৰী (passenger) নহা হল!!!!

কিয়??????






চিন্তা কৰক!!!








কিয়নো চাৰিজন বন্ধুৱেই গাড়ীৰ ভিতৰত অনবৰতে বহি থাকে!!!!




এদিন হঠাৎ তেওলোকৰ গাড়ী খন বেয়া হৈ থাকিল!!!! গেৰেজলৈ নিম বুলি চাৰিওজনে গাড়ী খন ঠেলিব ধৰিলে!!!!
কিন্তু গাড়ী খন একেটা জাগাতে ৰৈ থাকিল!!!!

কওকচোন!!!! কিয়?????












কিয়নো গাড়ী খনক দুজনে আগফালৰ পৰা আৰু আন দুজনে পিছফালৰ পৰা ঠেলি আছিল!!!!




বাল্লে বাল্লে ৷৷৷৷৷

গৱেষনা

By: লক্ষ্য জ্যোতি নাথ
ফেচবুকত বহু দিনৰ গৱেষনা অন্তত কেইতামান তথ্য ডাঙি ধৰিলো-

মুখমণ্ডল কিতাপ (ফেচবুকত) আজি কালি তিনি-চাৰি প্ৰকাৰ মান প্ৰাণী ওলাইছে যি আপোনাক ফেচবুকত তামাম কামোৰ দিয়ে, এই প্ৰাণী কেইবিধ আপোনাৰ 'ফেণ্ড লিষ্ট'ত থাকিলে আপুনি 'নটিফিকেচন'ৰ উটপাতত 'ফেচবুক' খুলিব ভয় খাব। আহঁকচোন আমি এই প্ৰাণী কেইবিধনো কোন, তেওঁলোকৰ বৈশিষ্ট্য কি অলপ চাওঁ-

টেগি বাবা :- এই বিধ প্ৰাণী আজিকালি ফেচবুকত প্ৰায়ে পোৱা যায়। এই প্ৰাণী বিধৰ বৈশিষ্ট্য হ'ল এই প্ৰাণী বিধে আপোনাক নানা অযথা ফটো টেগাই টেগাই আপোনাৰ 'টাইম লাইন' খন লেটেৰা কৰা লগতে 'নথিফিকেচন'ৰ উটপাতত আপোনাক মুৰৰ বিষ কৰায় 'ডিচপ্ৰিণ' খাব বাধ্য কৰাব। এনেকোৱা প্ৰাণী আপোনাৰ 'ফেণ্ড লিষ্ট'ত যদি দহতাও থাকে তেন্তে দুদিনত আপোনাৰ ৱাল উৰুৱাই দিব ফটো টেগাই টেগাই।

প'ক (POKE ) বাবা :- এই প্ৰাণী বিধৰ কিছুমান মহত্ব আছে। এই প্ৰাণী বিধৰ বেছি সংখ্যকে আপোনাক 'ফেণ্ড ৰিকুয়েষ্ট' নপঠাই, তাৰ সলনি প'ক (Poke) কৰিব, যাৰ অৰ্থ আমি অনুসন্ধান কৰি পাইছো যে তেওঁ ব্লক হৈ আছে, আপুনি তেখেতক 'ফেণ্ড ৰিকুয়েষ্ট' পঠাব লাগে। এই প্ৰাণী বিধৰ কিছুমান ব্যতিক্ৰমো আছে যি আপোনাৰ 'ফেণ্ড লিষ্ট'ত আছে আৰু আপোনাক 'প'ক' কৰি থাকিব, আপুনি 'প'ক বেক' কৰক তেওঁ 'প'ক বেক' কৰিব। সেইতোৱে কাম।

লাইক গুৰু :- এই বিধ আপুৰুগীয়া প্ৰাণী আপোনাৰ 'ফেণ্ড লিষ্ট'ত থাকিবও পাৰে নাথাকিবও পাৰে, এই প্ৰাণী বিধৰ বৈশিষ্ট্য হ'ল এই প্ৰাণী বিধে আপোনাক এটা বাৰ্তা (মেছেজ) পঠাব য'ত লিখা থাকিব "প্লিজ লাইক মাই পি.পি (প্ৰফাইল পিকচাৰ) " আপুনি ইচ্ছা কৰিলে তেওঁক এটা 'লাইক' দিব পাৰে নহ'লে কওক "নেক্ষ্ট প্লিজ" (আগলৈ যাওঁক)

গ্ৰোপ মেছেজ মেনিয়া :- এই জাতৰ প্ৰাণী বিধৰ আৰ্বিভাব হোৱা বৰ বেছি দিন হোৱা নাই। এই প্ৰাণী বিধৰ বৈশিষ্ট্য এই প্ৰাণী বিধে আপোনাক এটা বাৰ্তাগোট (মেছেজ গ্ৰোপ) ত এড(যোগ) কৰিব আৰু তেওঁৰ লগতে সেই গোটতোৰ আন সদস্য বোৰেও যি তি মেছেজ দি দি আপোনাক এসেকা দিব। আপুনি Messages(1) দেখি কোনোবায়ে দৰকাৰী বাৰ্তা দিছে বুলি খুলিব আৰু দেখিব গ্ৰোপ মেছেজত কোনোবায়ে "Hi add me" , "" , "Hello" আদি বুলি লিখি মেছেজ দিছে। আপোনাৰ যদি হাই প্ৰেচাৰ আছে, সোনকালে তেজ গৰম হয় তেন্তে লগতে 'Leave these conversation' এপলাই কৰি গ্ৰোপতোক লগতে তেখেত সকলক বিদায় দিয়ক।

(ফেচবুকৰ হৃতাৰ্থে প্ৰচাৰিত)
-লক্ষ্য জ্যোতি নাথ
পি.এইচ.ডি ইন ফেচবুক

হাতী আৰু পৰুৱা

By: Deep Jyoti Nath

এবাৰ ''কমেডী নাইটচ ওইথ কপিল''ত আমাৰ অসমৰ জুবিন দা গ'ল । দৰ্শক হিচাপে মই আৰু ৰুপম গ'লো । জমনী-চমনী, গান-নাচ আদি সকলো হৈ গ'ল ।

কপিলঃ - এইয়া আমাৰ মাজত উপস্থিত থকা অসমৰ ৰকিং চুপাৰ ষ্টাৰ গায়ক জুবিনক দৰ্শক ৰাইজে কিবা সুধিব বিচাৰিলে এজন-এজনকৈ সুধিব পাৰে ।

মই ফটাফট থিয় হৈ সুধিলো, ''জুবিন দা, আপুনি সকলো ভাষা আৰু সকলো বিষয়তে গান গাইছে, কিন্তু আজিলৈকে 'বিয়া নাম'ত কিয় গোৱা হোৱা নাই ?''

জুবিনে কিবা অলপ কোৱাৰ পাচত কপিলে মোক মঞ্চলৈ মাতিলে । মই উঠি গ'লো, মোৰ পিছে পিছে টিভিত উঠা হেঁপাহত ৰুপমো উঠি গ'ল । কপিলে ৰুমপক দেখুৱাই মোক সুধিলে, ''কৌন হে ইয়ে আদমি ?''

মই :-- ছাৰ মোৰ বন্ধু..... আমি দুটায়ে এক্ট এটা কৰিম বুলি ভাবিছোঁ ! ছাৰ, কাৰ এক্ট ভাল হয় আপুনি চাই দিব দেই ।

কপিলে অনুমতি দিলে । ৰুপম আৰু মই আমাৰ এক্ট আৰম্ভ কৰি দিলোঁ ।

মই প্ৰথম আৰম্ভ কৰিলো এনেকৈ........ এবাৰ হাতী আৰু পৰুৱানীয়ে প্রেম কৰি ধৰা পৰিল ।
পৰুৱানীৰ মা :- তোৰ ইমান ডাঙৰ সাহস, মোৰ ছোৱালী হৈ হাতীৰ লগত প্ৰেম কৰ্ ! আজিৰপৰা হাতীৰ লগত তোৰ যোগাযোগ বন্ধ !
পৰুৱানী :- (কান্দি কান্দি) তেনেকুৱা নকৰিব মা, মোৰ পেটত হাতীৰ সন্তান আছে ।
(সকলোৱে হাঃহাঃহাঃ... কৈ হাঁহি তালি মাৰিলে ।)

এইবাৰ ৰুপমে এটা ক'লে..... এদিন পৰুৱাই হাতীৰ কাষলৈ গৈ গেঞ্জিটো ধাৰলৈ বিচাৰিছে । পৰুৱাৰ কথাশুনি অবাক হৈ হাতীয়ে পৰুৱাক সুধিলে, ''অই মোৰ গেঞ্জী লৈ কি কৰিবি ?''
পৰুৱা :- কাইলৈ মোৰ ছোৱালীৰ বিয়া । ৰভা দিম ।
(এইবাৰ দৰ্শকে অলপ কমকৈ হাঁহিলে )

মই এইবাৰ ক'লো....... হাতী আৰু পৰুৱাৰ ভিতৰত দৌৰ প্রতিযোগিতা হৈছে । প্রতিযোগিতাৰ শেষত সকলোৱে দেখিলে হাতী প্রথম হ'ল, কিন্তু কম্পিউটাৰত ভাল ভাৱে লক্ষ্য কৰি দেখা গ'ল যে পৰুৱাহে প্রথম । কেনেকৈ ?
ৰুপম :- আচলতে হাতীৰ শুৰৰ আগত পৰুৱাটো আছিল । সেয়ে পৰুৱা প্ৰথম হ'ল ! (হাঃহাঃহাঃ কৈ দৰ্শক সকলোৱে হাঁহিলে...)
ৰুপম :-- এবাৰ হাতী আৰু পৰুৱা গছত উঠিল । অলপ পাচত হাতীয়ে জপিয়াই দিলে, হাতী মৰি গ'ল । কিন্তু পৰুৱাটো নমৰিল.... কিয় নমৰিল ?

মই :-- কাৰণ পৰুৱাটোৱে জপিওৱা নাছিল । (হাঃহাঃহাঃ কৈ দৰ্শক সকলোৱে হাঁহিলে)
মই :-- হাতী আৰু পৰুৱা দুয়োটাই মটৰ চাইকেল চলাইছে । হঠাৎ সিহঁত দুয়োটাৰে এক্সিডেন্ট হ'ল । হাতী মৰি গ'ল কিন্তু পৰুৱাৰ একো নহ'ল । ইয়াৰ কাৰণ কি ?

ৰুপম :-- কাৰণ পৰুৱাটোৱে হেলমেট পিন্ধি আছিল ! (হাঃহাঃহাঃ.... কৈ দৰ্শক সকলোৱে হাঁহিলে)
ৰুপম :-- হাতী আৰু পৰুৱা দুয়োটা খুব মেধাৱী ষ্টুডেন্ট । দুয়োটাই সকলো সময় খুব পঢ়া শুনা কৰি থাকে । কিন্তু পৰীক্ষাৰ শেষত দেখা গ'ল পৰুৱা পাছ কৰিলে, হাতী ফেইল কৰিলে । কাৰণ কি ?

মই :- কাৰণ হাতী হ'ল 'গজনী(আমিৰ খান)' অলপ পাছত সকলো পাহৰি যায় । (হাঃহাঃহাঃ কৈ দৰ্শক সকলোৱে হাঁহিলে)
মই :-- হাতি আৰু পৰুৱা স্কুললৈ গৈছিল । কিন্তু হাতীটো মাজ ৰাস্তাৰপৰা ঘৰলৈ গুচি আহিল । কিয় গুচি আহিল ?

ৰুপম :-- কাৰণ হাতীৰ চাৰ্টত কাউৰীয়ে হাগু কৰি দিলে । (হাঃহাঃহাঃ... কৈ দৰ্শক সকলোৱে হাঁহিলে)
ৰুপম :-- কেন্টিনৰপৰা পুৰা দুশ টকা দি বহুতো আইচক্রীম আৰু ক'ক কিনি আনিছিল দুটা হাতীয়ে । তেনেতে দুটা পৰুৱাই আহি দুয়োটাকে আগভেটি ধৰিলে । কোনো শব্দ নকৰি হাতীদুটায়ে পৰুৱাদুটাক সকলোবোৰ দি ভয়ে ভয়ে গুচি গ'ল । কাৰণ কি ?

মই :-- কাৰণ পৰুৱা আছিল ক্লাছ ইলেভেন আৰু হাতী কেৱল ক্লাছ এইট । (হাঃহাঃহাঃ... কৈ দৰ্শক সকলোৱে হাঁহিলে)

কপিল :-- হ'ব হ'ব..... তোমালোকে এনেকৈ এক্ট কৰি থাকিলে আমাৰ এই প্ৰগাম আৰু দীঘলীয়া হৈ গৈ থাকিব । দুয়োটাই তোমালোকৰ এক্ট ভাল কৰিছা, যোৱা নিজৰ চিটত বহাগৈ ।

''থেংকিউ ছাৰ'' বুলি কৈ আমি দুটা গুচি আহিলো ।

এইবাৰ কপিলে এটা ক'লে....

পৰুৱাৰ ভিচা, পাচপর্ট আদি সকলো আছে, সি প্রতিদিনে পাকিস্তান যায়...... দেখি হাতীৰো চখ হ'ল..... সিও পাকিস্তান যাব, যদিও তাৰ ভিচা-পাচপর্ট নাই ।

সি পৰুৱাক লগ ধৰিলে, ''দোস্তি, মোৰো পাকিস্তান যাবলৈ মন যায় ।''

পৰুৱাই ক'লে, ''কোনো প্ৰবলেম নাই । ব'ল পাকিস্তান যাওঁ ।''

হাতী আৰু পৰুৱা বর্ডাৰ ক্রচ কৰিছে, তেনেসময়তে বিএচএফয়ে আগভেটি ধৰিলে । হাতীক ভিচা পাচপর্ট দেখুৱাব দিলে ।

হাতীয়ে ক'লে, ''দাদা, মোৰ সেইবোৰ একো নাই এই পৰুৱাটোৱে মোক লৈ আহিছে, তাৰ সৈতে কথা পাতক ।''

তাৰপাছত পৰুৱাটোৱে আহি হাতীটোক দেখুৱাই ক'লে, ''এইবাৰ পাকিস্তানত বহুত দিন থাকিব লগীয়া হ'ব, সেয়ে লগত খাদ্য আনিছোঁ । খাদ্যৰ বাবেও ভিচা পাচপর্ট লাগে নেকি ?''