Sunday 23 March 2014

হাতী আৰু পৰুৱা

By: Deep Jyoti Nath

এবাৰ ''কমেডী নাইটচ ওইথ কপিল''ত আমাৰ অসমৰ জুবিন দা গ'ল । দৰ্শক হিচাপে মই আৰু ৰুপম গ'লো । জমনী-চমনী, গান-নাচ আদি সকলো হৈ গ'ল ।

কপিলঃ - এইয়া আমাৰ মাজত উপস্থিত থকা অসমৰ ৰকিং চুপাৰ ষ্টাৰ গায়ক জুবিনক দৰ্শক ৰাইজে কিবা সুধিব বিচাৰিলে এজন-এজনকৈ সুধিব পাৰে ।

মই ফটাফট থিয় হৈ সুধিলো, ''জুবিন দা, আপুনি সকলো ভাষা আৰু সকলো বিষয়তে গান গাইছে, কিন্তু আজিলৈকে 'বিয়া নাম'ত কিয় গোৱা হোৱা নাই ?''

জুবিনে কিবা অলপ কোৱাৰ পাচত কপিলে মোক মঞ্চলৈ মাতিলে । মই উঠি গ'লো, মোৰ পিছে পিছে টিভিত উঠা হেঁপাহত ৰুপমো উঠি গ'ল । কপিলে ৰুমপক দেখুৱাই মোক সুধিলে, ''কৌন হে ইয়ে আদমি ?''

মই :-- ছাৰ মোৰ বন্ধু..... আমি দুটায়ে এক্ট এটা কৰিম বুলি ভাবিছোঁ ! ছাৰ, কাৰ এক্ট ভাল হয় আপুনি চাই দিব দেই ।

কপিলে অনুমতি দিলে । ৰুপম আৰু মই আমাৰ এক্ট আৰম্ভ কৰি দিলোঁ ।

মই প্ৰথম আৰম্ভ কৰিলো এনেকৈ........ এবাৰ হাতী আৰু পৰুৱানীয়ে প্রেম কৰি ধৰা পৰিল ।
পৰুৱানীৰ মা :- তোৰ ইমান ডাঙৰ সাহস, মোৰ ছোৱালী হৈ হাতীৰ লগত প্ৰেম কৰ্ ! আজিৰপৰা হাতীৰ লগত তোৰ যোগাযোগ বন্ধ !
পৰুৱানী :- (কান্দি কান্দি) তেনেকুৱা নকৰিব মা, মোৰ পেটত হাতীৰ সন্তান আছে ।
(সকলোৱে হাঃহাঃহাঃ... কৈ হাঁহি তালি মাৰিলে ।)

এইবাৰ ৰুপমে এটা ক'লে..... এদিন পৰুৱাই হাতীৰ কাষলৈ গৈ গেঞ্জিটো ধাৰলৈ বিচাৰিছে । পৰুৱাৰ কথাশুনি অবাক হৈ হাতীয়ে পৰুৱাক সুধিলে, ''অই মোৰ গেঞ্জী লৈ কি কৰিবি ?''
পৰুৱা :- কাইলৈ মোৰ ছোৱালীৰ বিয়া । ৰভা দিম ।
(এইবাৰ দৰ্শকে অলপ কমকৈ হাঁহিলে )

মই এইবাৰ ক'লো....... হাতী আৰু পৰুৱাৰ ভিতৰত দৌৰ প্রতিযোগিতা হৈছে । প্রতিযোগিতাৰ শেষত সকলোৱে দেখিলে হাতী প্রথম হ'ল, কিন্তু কম্পিউটাৰত ভাল ভাৱে লক্ষ্য কৰি দেখা গ'ল যে পৰুৱাহে প্রথম । কেনেকৈ ?
ৰুপম :- আচলতে হাতীৰ শুৰৰ আগত পৰুৱাটো আছিল । সেয়ে পৰুৱা প্ৰথম হ'ল ! (হাঃহাঃহাঃ কৈ দৰ্শক সকলোৱে হাঁহিলে...)
ৰুপম :-- এবাৰ হাতী আৰু পৰুৱা গছত উঠিল । অলপ পাচত হাতীয়ে জপিয়াই দিলে, হাতী মৰি গ'ল । কিন্তু পৰুৱাটো নমৰিল.... কিয় নমৰিল ?

মই :-- কাৰণ পৰুৱাটোৱে জপিওৱা নাছিল । (হাঃহাঃহাঃ কৈ দৰ্শক সকলোৱে হাঁহিলে)
মই :-- হাতী আৰু পৰুৱা দুয়োটাই মটৰ চাইকেল চলাইছে । হঠাৎ সিহঁত দুয়োটাৰে এক্সিডেন্ট হ'ল । হাতী মৰি গ'ল কিন্তু পৰুৱাৰ একো নহ'ল । ইয়াৰ কাৰণ কি ?

ৰুপম :-- কাৰণ পৰুৱাটোৱে হেলমেট পিন্ধি আছিল ! (হাঃহাঃহাঃ.... কৈ দৰ্শক সকলোৱে হাঁহিলে)
ৰুপম :-- হাতী আৰু পৰুৱা দুয়োটা খুব মেধাৱী ষ্টুডেন্ট । দুয়োটাই সকলো সময় খুব পঢ়া শুনা কৰি থাকে । কিন্তু পৰীক্ষাৰ শেষত দেখা গ'ল পৰুৱা পাছ কৰিলে, হাতী ফেইল কৰিলে । কাৰণ কি ?

মই :- কাৰণ হাতী হ'ল 'গজনী(আমিৰ খান)' অলপ পাছত সকলো পাহৰি যায় । (হাঃহাঃহাঃ কৈ দৰ্শক সকলোৱে হাঁহিলে)
মই :-- হাতি আৰু পৰুৱা স্কুললৈ গৈছিল । কিন্তু হাতীটো মাজ ৰাস্তাৰপৰা ঘৰলৈ গুচি আহিল । কিয় গুচি আহিল ?

ৰুপম :-- কাৰণ হাতীৰ চাৰ্টত কাউৰীয়ে হাগু কৰি দিলে । (হাঃহাঃহাঃ... কৈ দৰ্শক সকলোৱে হাঁহিলে)
ৰুপম :-- কেন্টিনৰপৰা পুৰা দুশ টকা দি বহুতো আইচক্রীম আৰু ক'ক কিনি আনিছিল দুটা হাতীয়ে । তেনেতে দুটা পৰুৱাই আহি দুয়োটাকে আগভেটি ধৰিলে । কোনো শব্দ নকৰি হাতীদুটায়ে পৰুৱাদুটাক সকলোবোৰ দি ভয়ে ভয়ে গুচি গ'ল । কাৰণ কি ?

মই :-- কাৰণ পৰুৱা আছিল ক্লাছ ইলেভেন আৰু হাতী কেৱল ক্লাছ এইট । (হাঃহাঃহাঃ... কৈ দৰ্শক সকলোৱে হাঁহিলে)

কপিল :-- হ'ব হ'ব..... তোমালোকে এনেকৈ এক্ট কৰি থাকিলে আমাৰ এই প্ৰগাম আৰু দীঘলীয়া হৈ গৈ থাকিব । দুয়োটাই তোমালোকৰ এক্ট ভাল কৰিছা, যোৱা নিজৰ চিটত বহাগৈ ।

''থেংকিউ ছাৰ'' বুলি কৈ আমি দুটা গুচি আহিলো ।

এইবাৰ কপিলে এটা ক'লে....

পৰুৱাৰ ভিচা, পাচপর্ট আদি সকলো আছে, সি প্রতিদিনে পাকিস্তান যায়...... দেখি হাতীৰো চখ হ'ল..... সিও পাকিস্তান যাব, যদিও তাৰ ভিচা-পাচপর্ট নাই ।

সি পৰুৱাক লগ ধৰিলে, ''দোস্তি, মোৰো পাকিস্তান যাবলৈ মন যায় ।''

পৰুৱাই ক'লে, ''কোনো প্ৰবলেম নাই । ব'ল পাকিস্তান যাওঁ ।''

হাতী আৰু পৰুৱা বর্ডাৰ ক্রচ কৰিছে, তেনেসময়তে বিএচএফয়ে আগভেটি ধৰিলে । হাতীক ভিচা পাচপর্ট দেখুৱাব দিলে ।

হাতীয়ে ক'লে, ''দাদা, মোৰ সেইবোৰ একো নাই এই পৰুৱাটোৱে মোক লৈ আহিছে, তাৰ সৈতে কথা পাতক ।''

তাৰপাছত পৰুৱাটোৱে আহি হাতীটোক দেখুৱাই ক'লে, ''এইবাৰ পাকিস্তানত বহুত দিন থাকিব লগীয়া হ'ব, সেয়ে লগত খাদ্য আনিছোঁ । খাদ্যৰ বাবেও ভিচা পাচপর্ট লাগে নেকি ?''

No comments:

Post a Comment