Sunday 23 March 2014

বদঅভ্যাস

By: Sukannya Das
এদিন আমাৰ কণটিলাই গাড়ীৰ অপেক্ষাত নগাওঁৰ জয়শ্ৰী হলৰ সন্মূখত ৰৈ আছিল । তেনেতে এজন ভিক্ষাৰীয়ে তাৰ কাষলৈ আহি টকা খুজিব ধৰিলে । কণটিলাই তাৰপৰা পাতলা দিব ধৰিছিল কিন্তু ভিক্ষাৰীজনে তাৰ পিছ নেৰা হ'ল, তেওঁ বাৰে বাৰে তাক টকা বিচাৰি অসুবিধা দি আছিল ।
কণটিলাই ভিক্ষাৰীজনৰপৰা কেনেকৈ সকাহ পোৱা যায় ভাবিৱ ধৰোঁতেই মনলৈ এটা বুদ্ধি আহিল ! সি ভিক্ষাৰীজনক ক'লে, "মোৰ হাতত বৰ্তমান টকা নাই, যদি আপুনি আপোনাৰ অসুবিধা জনায় তেন্তে নিশ্চয় আপোনাক মই সহায় কৰিম'' ।
ভিক্ষাৰী :-- মই এক কাপ চাহ খাবলৈ বিচাৰো ।
কণটিলা :-- মই আপোনাক চাহৰ সলনি এটা চিগাৰেট দিব পাৰো.....! বুলি কৈ সি পকেটৰপৰা চিগাৰেট এটা উলিয়ালে।
ভিক্ষাৰী :-- মই চিগাৰেট গ্ৰহণ নকৰো, চিগাৰেট স্বাস্থ্যৰ পক্ষে হানিকৰ ।
কণটিলাই হাঁহিলে আৰু আনটো পকেটৰপৰা কোআটাৰ এটা উলিয়ালে আৰুভিক্ষাৰী জনক ক'লে, ''এইটো বটল লওক ।''
ভিক্ষাৰী :-- মই মদ নাখাওঁ, মদে মানুহৰ মগজৰ বুদ্ধি-শক্তি হাস কৰে আৰু লিভাৰ বেয়া কৰে ।
কণটিলাই আকৌ হাঁহি এটা মাৰি ক'লে, ''মই ৰহা যাম, তাত কিছুমান জুআৰীয়েসদায় জুআ খেলে, আজি ময়ো খেলিম, তাত যিমানেই জিকিম সিমানেই আপুনাক দিম"!
ভিক্ষাৰী :-- জুআ খেলাটো বহুত বেয়াকাম, মই জুআ খেলিব নাজানো" ।
কণটিলাই ভিক্ষাৰীজনৰ অতিপাত টেঙনি পায় শেষত ক'লে, ''আপুনি মোৰ ঘৰলৈ যাব পাৰিবনে ?''
ভিক্ষাৰীজন ভাবনাত পৰিল এওঁৰ লগতগ'লে কিবা পাম নে একো নেপাম !!, এনেই যোৱা হ'ব নেকি !!!
তেওঁ সংকোচিত হৈ সুধিলে, ''আপুনি মোক আপোনাৰ ঘৰলৈ কিয় লৈ যাব বিচাৰিছে ?''
কণটিলা :-- মোৰ মানুহজনীয়ে সদায় এনেকুৱা এজন মানুহ চা'ব বিচাৰে, যাৰ কোনো বদঅভ্যাস নাই, মই তাইক দেখুৱাব বিচাৰো যে একো বেয়া অভ্যাস নথকা মানুহৰ কি গতি ।
লাইক/কমেন্ট/শ্বেয়াৰ কৰিবলৈ নাপাহৰিব' মামা নগেনৰ শপত ।

No comments:

Post a Comment