Sunday 23 March 2014

কিয় কাজিয়া কৰিছ ?

By: Mrinal Talukdar
স্কুলত পৰীক্ষা চলি আছিল । পৰীক্ষা শেষ হোৱাৰ পাচত ক্লাচৰ পৰা ওলায়েই দুজন ছাত্রৰ মাজত এখন তৈয়াময়া কাজিয়া লগা দেখি লগে লগেই স্কুলৰ শিক্ষক এজন তেওঁলোকৰ কাষলৈ দৌৰি আহিল ......

শিক্ষকঃ তহত দুয়োৱে কিয় কাজিয়া কৰিছ ? পৰীক্ষা শেষ হৈছে ঘৰলৈ যা ...

ছাত্রঃ ছাৰ ই মূর্খই পৰীক্ষাৰ বহীত একোৱেই নিলিখিলে ...

শিক্ষকঃ সি পৰীক্ষাত একো নিলিখিলে নাই , তাত কাজিয়া কৰিব লগা তোৰ কি হ’ল ?
..............................

ছাত্রঃ ছাৰ মই ও মোৰ পৰীক্ষাৰ বহীত একোয়েই লিখা নাই , এতিয়া আমাৰ দুয়োৰে বহী দুখন দেখাত একেবাৰে একে হৈ থকা বাবে দেখোন আমি এজনে আনজনৰ পৰা চাই চাই লিখা বুলি ভাবিব আপোনালোকে !............
সেইবাবেই মোৰ বিৰাট খং উঠি আছে তালৈ ..............................

No comments:

Post a Comment