Sunday 23 March 2014

মোৰ ছাগলীটো ঘূৰাই দিবনে ?

by: Dípankar Nath
পাহাৰীয়া এটা অঞ্চল, এজন খেতিয়কে মুক্তমনেৰে নিজৰ পশুবিলাক চৰাই আছে..!
ঠিক তেনেতে তেঁওৰ কিছু আতৰত এখন হেলিকপ্টাৰ লেণ্ড কৰিলে আৰু এজন সুন্দৰ মানুহ নামি আহি খেতিয়কক জনক উদ্দেশি কলে-- এই অঞ্চলত কিমান ঘৰ মানুহ আছে, মই আপোনাক সঠিক তথ্য দিব পাৰিম বিনিময়ত আপুনি আপোনাৰ ছাগলী এজনী মোক দিব লাগিব !
খেতিয়কজনে মনতে কিছু সময় ভাবিলে, তাৰ পিছত কলে-- ঠিক আছে বাৰু মই ৰাজী !

মানুহে নিজৰ ম'বাইলত গ'গল এপচ (Google Apps)ৰ দ্বাৰা সেই অঞ্চলৰ তথ্যসমূহ জানি লৈ খেতিয়ক জন উত্তৰ দিলে -- ইয়াত ৭২ ঘৰ মানুহ আছে !

এইবুলি কৈয়ে এজনী ছাগলী বান্ধি লৈ মানুহ জনে হেলিকপ্টাৰত তুলিবলৈ ধৰিলে !

মহোদয়, মই যদি আপোনাৰ নামটো সঠিক কৈ কব পাৰো তেন্তে মোৰ ছাগলীটো ঘূৰাই দিবনে ? ...খেতিয়কজনে সুধিলে !

: ঠিক আছে দিম বাৰু, কিন্তু মোৰ নাম কি..?

-- আপোনাৰ নাম 'ৰাহুল গান্ধী' !

: ( আচৰিত হৈ ) তই কেনেকৈ গম পালি..?

..

প্রথম কথা, আপোনাক কোনেও
নমতাকৈ নিজে নিজে আহিছে !

দ্বিতীয়তে, জনতাৰ টকা খৰছ কৰি আহি মোক সেইটোকে জনাইছে যিটো মই আগতেই জানো !

তৃতীয়তে, আপুনি ছাগলী বুলি ভেড়াটোকে বান্ধি লৈছে !

..
..

এতিয়া মোৰ কুকুৰটো মোক ঘূৰাই দিয়ক !

1 comment: