Saturday 29 March 2014

গাটো ভাল নহয়

By: Mrinal Talukdar
ঘটিৰামে নতুনকৈ এটা চাকৰি পাইছে ।

হঠাৎ এদিন ঘটিৰামৰ গা বেয়া হোৱা বাবে কথাটো জনাই তেওঁ অফিচৰ বচলৈ এটা এচ.এম.এচ পঠালে ঃ “ ছাৰ মোৰ গাটো ভাল নহয় আজি , সেয়ে অফিচলৈ যাব নোৱাৰিম আজি ...”

ঘটিৰামৰ এচ.এম.এচ পোৱাৰ লগে লগেই বচে তেওঁলৈ ৰিপ্লাই দিলে আন এটা এচ.এম.এচ পঠাই ঃ “ তোমাৰ মেচেজ পালোঁ । মোৰ গা বেয়া মই মোৰ পত্নীক চুমা খাওঁ আৰু তেওঁৰ সতে সময়বোৰ কটাওঁ। মনটো ভাল লাগে । তুমি ও সেইটো কৰি চাবাচোন । মনটো ভাল লাগিব নিশ্চয় তোমাৰ ! ...

প্রায় দুঘন্টামান পাচত ঘটিৰামে বচলৈ আকৌ এটা মেচেজ পঠালে ঃ “ ধন্যবাদ ছাৰ । আপোনাৰ পত্নী সঁচাকৈয়ে বৰ মৰমীয়াল আৰু কিউট । মই এতিয়া একেবাৰে সুস্থ ! ...... “

No comments:

Post a Comment