Saturday 29 March 2014

বিয়নী মেল

By: Ripunjoy Chetia
এজনী হাঁহ আৰু এজনী কুকুৰাৰ মাজত বিয়নী মেল চলি আছে।কিছুসময় পৰচর্চা কৰাৰ পিছত অলপ নিজৰ কথাও ওলাল।
.
হাঁহ: আমাৰ এওঁ মোক আজিকালি বহুত মৰম কৰে জানা।
.
কুকুৰা: (বিশেষ গুৰুত্ব দিয়া যেন নেদেখুৱাই): কিয়?
.
হাঁহ:মই যে আজি এক মাহ ধৰি একেৰাহে কণী পাৰি আছোঁ।
.
কুকুৰা(বেকাকৈ হাঁহি এটা মাৰি):সেইটোনো কি কথা?মই দেখোন দুমাহ একেৰাহে কণী পাৰি আছোঁ।
.
হাঁহ(নাকৰ পাহি দুটা অলপ ফুলাই):
মোৰ কণীকেইটা ডাঙৰ আৰু সেইকাৰণে দামো বেছি।তোমাৰ বাৰু এটা কণীৰ দাম কিমান?
.
কুকুৰা: ৭ টকা।
.
হাঁহ: মোৰ যে এটাৰ দাম ৮টকা।
.
কুকুৰা(ষ্টাইলত পাখি দুখন অলপ মেলি আকৌ জপাই):এটকাৰ কাৰণে ইমান কষ্ট কৰিবলে এওঁ মোক নিদিয়ে দেই,আফটাৰ অল ফিগাৰো বেয়া হ'বতো!

No comments:

Post a Comment