Saturday 29 March 2014

ৰচনা লিখা-১) গৰু অথবা ২) মহাত্মা গান্ধী

By: Ŕïňků Møñî Khâńìkãŕ
বছৰেকীয়া পৰীক্ষা। প্ৰশ্ন আহিল ৰচনা লিখা-১) গৰু অথবা ২) মহাত্মা গান্ধী
গুণীন চোকা ল'ৰা।সি ভাবিলে গৰু ৰচনাখনকে লিখা যাওঁক। গতিকে লিখিলে- গৰু পোহনীয়া জন্তু। তাৰ ঠেং চাৰিখন………… ।
ওচৰতে বহি থকা কণপায়ে জুমি জুমি কেইশাৰীমান লিখিলে। সি চাই চাই লিখি থকা শিক্ষকে দেখা পালে। গতিকে তেওঁ গুণীনক সুধিলে- গুণীন ৰচনা কি লিখিছাঁ?
গুণীন-ছাৰ গৰু।
শিক্ষক-তোমাৰ দৰে চোকা ল'ৰা এটাই গৰুৰ ওপৰত ৰচনা লিখিলে নুশুৱায়। মহাত্মা গান্ধীৰ ওপৰত লিখা।
এইবুলি শিক্ষকজন আঁতৰি গ'ল। গুণীনেও লৰালৰিকৈ ৰচনাখন কাটি মহাত্মা গান্ধীৰ ওপৰত ৰচনা লিখাত লাগি গ'ল।
এইফালে কণপাইৰ মহা পয়মাল হ'ল। সি ফুচফুচাই গুণীনক ক'লে- ঐ ৰচনাখন দেখুৱা না!!!
গুণীন- মোক বেয়া নাপাবি, মাত্ৰ ১৫ মিনিটহে আছে, দেখুৱাব নোৱাৰিম।
কণপায়ে কুটুৰি আছে, গুণীনে নেদেখুৱায়। শেষত অতিষ্ঠ হৈ ক'লে- ঐ কণপাই, তই তোৰ ৰচনা খনত য'ত য'ত গৰু শব্দটো লিখিছ তাৰ ঠাইত মহাত্মা গান্ধী লিখি দে। বাচ ৰচনা হৈ যাব।
কণপাইক আৰু কোনে পায়। সিও লাগি গ'ল লিখিবলৈ- মহাত্মা গান্ধী এবিধ পোহনীয়া জন্তু। মহাত্মা গান্ধীৰ ঠেং চাৰিখন। মাইকী মহাত্মা গান্ধীয়ে গাখীৰ দিয়ে‌.………………

সংগ্ৰহীত

No comments:

Post a Comment