Sunday 13 April 2014

এটোপোলা ৰগৰ

By: Dipshikha R Kachari

আপোনালোকৰ বাবে এটোপোলা ৰগৰ

১/পিণ্টু:-ভাই কাইলৈ লগৰ এটা আহিব মোৰ।এই চেইন নেকলেচবোৰ লুকুৱাব লাগিব।
চিন্টু:-কিয় তোৰ বন্ধু কি চুৰ নেকি?
পিণ্টু:-নহয় কিন্তু সি নিজৰ বস্তুবোৰ চিনি পাই যে।



২/পুলিচ:-তোমাৰ বন্ধুৰ মৃত্যু কেনেকৈ হল?
ৰিংকু:-নাজানো ছাৰ সি কৈছিল তাৰ পেটত নিগনী দৌৰি ফুৰিছিল সেইয়ে মই তাক নিগনী মৰা দৰৱ খুৱাই দিলো।


৩/পত্নি:-কি বিছাৰি ৰুমটো ঘিটমিটাই ফুৰিছা?
পতি:-অদৃশ্য কেমেৰা।
পত্নি:-:হে কি কেনেকৈ গম পলা ইয়াত অদৃশ্য কেমেৰা আছে বুলি?
পতি:-দেখা নাই বাৰে বাৰে টি ভি ত কৈ আছে আপোনালোকে চাই আছে নিউজ লাইভ। তাহাঁতি কেনেকে গম পালে আমি নিউজ লাইভ চোৱা বুলি।


৪/মুন্নিয়ে গা ধুই আছিল হঠাতে তাই ঘৰলৈ কোনোবায়ে বৌম এটা দলিয়াই দিলে।তাকে দেখি ওচৰৰ মানুহবোৰে চিঞৰিলে
:-মুন্নি বৌম মুন্নী বৌম।
মুন্নি:-ধেত্‍ এতিয়া নহয়।গাভৰুতেহে মই বৌম আছিলো।


৫/ৰাজু:-ঐ তই মিছা ধৰা পেলোৱা মেচিনটো দেখিছ নে?
কালু:-দেখাই নাই মই বিয়াও কৰাইছো।মোৰ লগতে থাকে।


৬/মেনেজাৰ:-তুমি ক'ত জন্ম?
খেপৌ:-গুৱাহাটিত।
মেনেজাৰ:-গুৱাহাটি কোন অংশ?
খেপৌ:-ঐয়ে গোটেই বডিটোৱেই গুৱাহাটিত জন্ম।


৭/টিকু:-কি লিখি আছ?
টিকলৌ:-চিঠি লিখিছো লগৰ এটালৈ।
টিকু:-কিন্তু তই দেখোন লিখিবয়ে নাজান।
টিকলৌ:-তাতে কি হল সিয়োটো পঢ়িব নাজানে।


দিনটো হাঁহি থাকক আনকো হঁহুৱাওক

No comments:

Post a Comment