Sunday 13 April 2014

বাপুৰ কি বিলাই

By: Rituparna Deka
আমাৰ বাপুৰ কি বিলাই ,শুনকছোন , কিজানিবা কেইটামান দাঁত ওলায়েই -----------------

আমাৰ বাপুই কেইমাহমান আগতে চাকৰি কৰিছিল ,এম্বুলেণ্ছ চলোৱাৰ । এবাৰ কি হ'ল, এদিন মাজনিশা বাপুই তাৰ লগত থকা দীপৰ লগত মৰা মানুহ এজন লৈ গৈ আছিল । সেইদিনা আছিল টামাম ঠাণ্ডা । দুয়োটাৰে মনত ভয়ো লাগি আছিল ,মৰা শ এটা লগত লৈ আছে । কথা এষাৰ আছে নহয় বোলে , য'তে বাঘৰ ভয় ,তাতে ৰাতি হয় । দুয়োটাৰে চুচু কৰা লাগিল । কৃষ্ণ কৃষ্ণ কৰি ওলাল বাহিৰলৈ চুচু কৰিব ।
এনেতে ঠাণ্ডাত পেপুৱা লাগি থকা পগলা এজন সোমাল গাড়ীৰ ভিতৰত আৰু মৰা মানুহটোৰ কাপোৰ খন নিজে উৰি লই বহি থাকিল । দীপ আৰু বাপুই গমেই নাপালে । দুয়োটাই চুচু কৰি আহি গাড়ীত সোমাল । বাপুই ক'লে দীপক,


"অই , চাধা এখোলা মাৰ বে ,অলপ দেহাটো গৰম লগাওঁ "

দীপে চাধা মাৰি উঠি বাপুক ক'লে , " অ' ল ধৰ ।

@
@
@
@
@
@
চাধাৰ কথা শুনি পগলাটো আৰু ৰ'ব নোৱাৰিলে , সিও মাত লগালে

"মোকো অলত দিয়াহে partner !!!"

@
@
@
@
দীপ আৰু বাপুৰ মাথা গৰম,

হাই ৰে, মৰা মানুহটো দেখোন উঠি বহিছে !!

দীপ আৰু বাপুই এইমাত্ৰ চুচু কৰি আহিছিল হে, আকৌ কৰি দিলে ।

No comments:

Post a Comment