Tuesday 13 May 2014

পেহী

by: Ideal Hero Janardan Neog

এজনী ছোৱালীয়ে কলেজত এডমিচন ল’লে প্রথমদিনাৰে পৰা ক্লাছৰ সকলোৱে তাইক 'পেহী'বুলি জোকাবলৈ ল’লে।

বেচেৰীয়ে কিছুদিন সেই জ্বালা সহ্য কৰিলে।কিন্তু শেষত তাই বিৰক্ত হৈ পিন্সিপালক আপত্তি দিলে ।

ছোৱালীজনীৰ কথা শুনি পিন্সিপালৰ বৰ খং উঠিল ।তেও ক্লাছৰুমলৈ গ’ল আৰু সকলোকে ক’লে , "যিয়ে এওক পেহী বুলি মাতা তেওলোক থিয় হোৱা ।"


এটা এটাকৈ ক্লাছৰ সকলো থিয় হ’ল ।

কেৱল পাপু বহি থাকিল , তাকে দেখি পিন্সিপাল আচৰিত হ’ল আৰু তাক সুধিলে , "কি হ’ল পাপু তুমি বহি থাকিলা যে?তুমি এওক পেহী বুলি নামাতা নেকি?"

পাপুয়ে হুমোনিয়াহ এটা কাঢ়ি ক’লে , "নহয় ছাৰ , মই মানে এই ক্লাছৰ পেহা।"

No comments:

Post a Comment