Showing posts with label Assam Best Jokes. Show all posts
Showing posts with label Assam Best Jokes. Show all posts

Tuesday 26 November 2013

মোৰ দেউতা যদি ....

এটা ৯ -১০ বছৰীয়া সৰু ল’ৰা বাছত উঠিল আৰু ঠিক ড্ৰাইভাৰৰ পিছতে বহি একেৰাহে আঁওৰাব ধৰিলে... 

মোৰ দেউতা যদি এটা ষাঁড় আৰু মা যদি গাই হ’লহেতেন, মই এটা দমৰা হ’লোহেতেন...
.

.

কিছু সময় মনে মনে থাকি পুণৰ আঁওৰাব ধৰিলে~ মোৰ দেউতা যদি মতা হাতী আৰু মা মাইকী হাতী হ’লহেতেন, মই পোৱালী হাতী হ’লোহেতেন...
.
.
.

আকৌ কিছু সময় মনে মনে থাকি পুণৰ আঁওৰাব ধৰিলে~ মোৰ দেউতা যদি মতা গাহৰি আৰু মা মাইকী হ’লহেতেন, মই এটা পোৱালী গাহৰি হ’লোহেতেন...

দুবাৰলৈকে যেনেতেনে সহ্য কৰিলে, কিন্তু এই তৃতীয়বাৰ ড্ৰাইভাৰৰ আৰু সহ্য নহ’ল...
গতিকে গাড়ীত ব্ৰেক্ মাৰি কৈয়েই পেলালে, “ঐ পোৱালী তই যে ইমান চিঁঞৰ -বাখৰ কৰি আছ, তোৰ বাপেৰ ডকাইত আৰু মাৰ বেশ্যা হোৱাহেতেন তই কি হলিহেতেন...? ”
.
.
.

“হি: হি: আংকল, একেবাৰে সহজ উত্তৰ~ আপোনাৰ দৰে এজন বাছ ড্ৰাইভাৰ হলোহেতেন...” , লৰাটোৱে তপৰাই উত্তৰ দিলে...!!!

(মূল কথাখিনি ইংৰাজী ভাষাৰ এটি ৰগৰত পাই নিজে অনুবাদ কৰি, কিছু মছলা সংযোজন কৰি আপোনালোকলৈ আগবঢ়ালো )

সুখী জীৱন যাপনৰ কেইটামান ৰহস্য-

১. জীৱনত টকাই সকলো নহয়। মাষ্টাৰকার্ড, ভিচা আদিৰো প্রয়োজন।

২. জীৱ জন্তুক ভাল পাব লাগে। কাৰণ সেইবোৰ সোৱাদযুক্তও।

৩. ফল-মুল স্বাস্থ্যৰ বাবে লাভদায়ক। সেয়ে সেইবোৰ অসুখৰ সময়ত খাবলৈ থোৱটো ভাল।

৪. কিতাপ সদায় পবিত্র। গতিকে তাৰপৰা আঁতৰত থকাটো ভাল।

৫. কার্য্যালয়ত চিঞৰী কথা কোৱাটো অনুচিত। ই সেইঠাইত শুইথকা সকলক আমনি দিব পাৰে।

৬. প্রতিবেশীক সদায় মৰম কৰিব লাগে। কিন্তু ধৰা নপৰাকৈ।

৭. কঠিন পৰিশ্রম কৰিলে মানুহৰ মৃত্যু নহয়। কিন্তু ইয়াক প্রমান কৰাৰ কি প্রয়োজন।

৮. আজিয়েই কষ্ট কৰাৰ কোনো প্রয়োজন নাই, যদি কালিলৈ সেই কামটো হৈ যায়। আন কাৰোবাৰ দ্বাৰা।

৯. সকলোৱে বিয়া পতা উচিত। কাৰণ জীৱনত সুখেই সকলো নহয়।

অনুদিত...

বিজ্ঞানৰ আজৱ উত্তৰ..

এবাৰ হাইস্কুল এখনৰ ছমহীয়া পৰীক্ষাৰ বহী চাবলৈ পোৱাৰ সুযোগ ঘটিছিল৷ অষ্টম নে নৱম শ্ৰেণীৰ বিজ্ঞানৰ বহী৷ উত্তৰবোৰ পঢ়ি পঢ়ি যথেষ্ট আমোদ পালো৷ তাৰে মনত থাকি যোৱা দুটামান উত্তৰ উল্লেখ কৰিলো৷
(ৰসৰ উৎস যদিও চিন্তনীয় বিষয়)
প্ৰশ্ন: মামৰ কি?
উত্তৰ: মামৰ এবিধ জিনিচ৷ ইয়াকে মামৰ বোলে৷

প্ৰশ্ন: ৰেলৰ চিৰিৰ মাজত ফাঁক কিয় থাকে?
উত্তৰ: বৰপেটাৰোডৰ পৰা গুৱাহাটী বহু দূৰ৷ গতিকে ৰেলেৰে যাব লাগে৷ ৰেলত বহুত মানুহ থাকে৷ ইমানবিলাক মানুহে উশাহ ল’বলৈ বহুতো অক্সিজেনৰ প্ৰয়োজন৷ সেইকাৰণে চিৰিৰ মাজত ফাঁক থাকে আৰু তাতে অক্সিজেন থাকে৷
প্ৰশ্ন: জাৰকালি ফণিৰে চুলি আঁচোৰাৰ পাছত সেই ফণিখনে কাগজৰ টুকুৰা আকৰ্ষণ কৰে৷ কিয়?
উত্তৰ: ফণিৰে চুলি আঁচুৰিলে ফণিত কিছুমান বগা বগা বস্তু লাগি আহে (ছাত্ৰ/ছাত্ৰীগৰাকীৰ নিশ্চয় মূৰত উফি হৈছিল) ৷ ইয়াৰ দ্বাৰা বুজা যায় যে ফণিখন কাগজেৰে তৈয়াৰী৷ একেজাতীয় বস্তুৱে একে বস্তুক আকৰ্ষণ কৰে৷ গতিকে ফণিখনে কাগজৰ টুকুৰা আকৰ্ষণ কৰে৷

প্ৰশ্ন: মাখিপাত কি?
উত্তৰ: মৌ-মাখিয়ে মৌ খাই যিটো পাতত পৰে সেইটোকে মাখিপাত বোলে৷
প্ৰশ্ন: আলু কাণ্ড নে শিপা?
উত্তৰ: বেছিকৈ সাৰ দিলে আলু প্ৰকাণ্ড হয়৷

Friday 22 November 2013

মাথাত খেৰ আছে....

'আৰিফুল'ৰ সৰু কালৰ কথা !!

পঢ়া শুনাত তামাম গাধা, তথাপি বাপেকে পুতেক ভাল হওক বুলিয়ে এটা ঘৰুৱা টিউচনৰ ব্যবস্থাও কৰি দিছে ।

এদিনা খন টিউচন মাষ্টৰে তাক কিবি-কিবি সুধি আছে, বেটাই একো কব পৰা নাই ।

মাষ্টৰে খঙত তাক ঠিকছে গালি দিলে । ----

'ছাল্লা গৰু, তোৰ মাথাত একো নাই, মাত্র গৰুয়ে খোৱা খেৰ আছে'
..

..

কেইদিন মান পিছৰ কথা !!

..

বাপেক : যাচোন সোনাই, গোহালিত গৰু কেইটা বান্ধি থৈ আহ !!

..

..

..

..

আৰিফুল : নোৱাৰু পিতাই, মোৰ মাথাত বোলে খেৰ আছে, গৰুয়ে যদি মোৰ মাথাটো খাই পেলায় তেন্তে কি হব ??

Sunday 17 November 2013

বিজ্ঞাপন...

এগৰাকী মহিলাৰ 'পতি' এটা আকষ্মিক পথ দুর্ঘটনাত নিহত 
হল !! 

দুখত সমভাগী হৈ সকলোয়ে তেখেতক সমবেদনা জনালে !!

ছাওতে ছাওতে...

আদ্যশ্রাদ্ধৰ দিন চমু চাপি আহিল ।

দুখত সমভাগী সকলক আদ্যশ্রাদ্ধলৈ নিমন্ত্রনৰ শৰাই আগবঢ়াবলৈ মহিলাই বাতৰি কাকতত এটা বিজ্ঞাপন দিয়াৰ কথাকে ভাবিলে ।

ভবা মতেই দি দিলে বিজ্ঞাপন ----

..

..

বিজ্ঞাপনটো আছিল ঠিক এনেধৰণৰ ----

" মোৰ পতিৰ আকষ্মিক বিয়োগত, দুখত দুখী হৈ যিসকলে সমবেদনা জনালে সেইসকলক সাদৰৰে আদ্যশ্রাদ্ধলৈ নিমন্ত্রন জনালো " ।

..............ধন্যবাদেৰে..............

গীতিকা দাস
ঘৰ-- কপাহেৰা, নগাঁও (অসম)
বয়স-- ২৪ বছৰ
গাৰ ৰঙ-- বগা
চাইজ-- ৩৪-২৪-৩৪
ফোন-- ৮৪৮৬৬৪৯৪০৩

( বি: দ্র: এটাও ল'ৰা-ছোৱালী হোৱা নাই ) !!


By: Dípankar Nath

Saturday 16 November 2013

চিৱচাগৰৰ আপী

টেট মাষ্টৰনী দিপালীৰ কথা কৈছো ।

এবাৰ চাইনীজ ফেচবুক কবি সন্মিলনত যোগদান কৰিবলৈ দিমৌ এয়াৰপৰ্টৰ পৰা উৰাজাহাজত উঠিলে ।
তাইৰ টিকেট আছিল ইকনমি ক্লাছত কিন্তু বহিলে ফাৰ্ষ্ট ক্লাছত।

 সময়ত উৰাজাহাজ উৰিলে । এয়াৰ হোষ্টেজে কথাটো গম পায় দিপালীক কলে যে মেডাম আপোনাৰ টিকেত ইকনমি ক্লাছতহে আপুনি চিটতো এৰি দিয়ক।
 দিপালী :- চাওঁক , মই টেট , মই বিউটিফুল , মই চিৱচাগৰৰ আপী , মই চাইনাত যাম আৰু মই ইয়াতেই বহিম , কি কৰা কৰ ।
 বহুত বাৰ কোৱাৰ পাছতো দিপালীৰ পৰা একে উত্তৰ পালে । উপায় নাপায় এয়াৰ হোষ্টেজগৰাকীয়ে সহকাৰী পাইলতক কলে কথাটো ।

 সহকাৰী পাইলতে নিজে অনুৰোধ কৰিব গ‘ল
এইবাৰ কিন্তু সেই একে উত্তৰ ...... চাওঁক , মই টেট , মই বিউটিফুল , মই চিৱচাগৰৰ আপী , মই চাইনাত যাম আৰু মই ইয়াতেই বহিম , কি কৰা কৰ । 

 উৰাজাহাজৰ কৰ্মচাৰীবোৰৰ মাজত হুলস্থুল লাগিল। এনে বিপদৰ সন্মুখীন আগতে কেতিয়াও হোৱা নাছিল ।
 কলিতা উপাধীৰ মানুহ এটাই গোটেই কান্ড-কাৰখানা চাই আছিল।

 তেখেত এইবাৰ নিজে উপযাচি গ‘ল দিপালীৰ আগত । কানে কানে কিবা এটা কলে আৰু অলপ সময়ৰ পাছত দিপালী গৈ ইকনমি ক্লাছত বহিব গ‘ল ।
 জাহাজৰ কৰ্মচাৰীসকলো আচৰিত , কলিতাক শুধিলে আপুনি কি কলে নো তাই যে লগে লগে আপোনাৰ কথা শুনিলে ।

 কলিতা :- চিৱচাগৰৰ আপীৰ কথা নাজনা না তুহুন ? মই তাইক কলো যে ফাৰ্ষ্ট ক্লাছ খিনি চাইনালৈ নাযায় ।

ইকনমিৰ খিনিহে যাব ।

By: Apurba Kalita

মুছল কাট, মুছল কাট…

পৰীক্ষাৰ সময়ত নানা ধৰণৰ আমোদজনক ঘটনা ঘটে৷
কিছুমান মনত ৰৈ যায়৷

 আগতে বুৰঞ্জী, ভুগোল আদি সুকীয়া সুকীয়া বিষয় আছিল৷ বুৰঞ্জীত আকৌ অসম বুৰঞ্জী বুলি বেলেগ এটা ভাগ আছিল৷ নৱম-দশম শ্ৰেণীত ইংলেণ্ডৰ বুৰঞ্জীও আছিল৷বুৰঞ্জী বিষয়টো সাধাৰণতে বৰ টান৷ চন-তাৰিখ আদি মনত ৰাখিবলৈ কোনেও ভাল নাপায়৷ তথাপি উপায় নাই৷ পৰীক্ষাত ভাল কৰিবৰ বাবে পঢ়িবই লাগিব৷ উৰাই-ঘূৰাই মুখস্থ কৰিব লাগিব৷

অসম বুৰঞ্জীৰ কিছুমান খুব দৰকাৰী প্ৰশ্নৰ ভিতৰত অসম বুৰঞ্জীৰ সমল, মিৰজুমলাৰ (মুছলমানৰ) অসম আক্ৰমণ , শৰাইঘাটৰ ৰণ, মহাৰাজ নৰনাৰায়ণ, মানৰ আক্ৰমণ, মোৱামৰীয়া বিদ্ৰোহ আদিৰ কথা আজিও মনত পৰে৷ এনে কেইটামান বছা বছা বিষয়ৰ নোট তৈয়াৰ কৰি লৈ সেইবোৰ ভালদৰে মুখস্থ কৰি গ’লে পৰীক্ষা ভাল হ’বই৷

এবাৰ পৰীক্ষা চলি আছে৷ দুই বন্ধুয়ে একেলগে বহি লিখি আছে৷ এজন তুলনামূলকভাবে অলপ চোকা, আনজনৰ অৱস্থা তথৈবচ৷ নকলৰ টুকুৰা লিখি আনি নকল কৰাৰ সাহস কৰিব পৰা বয়স তেতিয়াও নাই হোৱা৷ অলপ চোকাজনে ধুম-ধাম লিখিছে মুছলমানৰ অসম আক্ৰমণৰ বিষয়ে৷ ঘৰত ৰাতিপুৱা পঢ়ি আহিছিল, কমন পৰি গৈছে৷ লগৰজনেও সুবিধাবুজি চাই চাই লিখি আছে৷

 ঠাণ্ডাৰ দিন৷ ইনভিজিলেটৰজন বাৰান্দাত ৰ’দ পুৱাই আছে৷ গতিকে চাই-চাই লিখাত বিশেষ অসুবিধা হোৱা নাই৷ মাজে মাজে তেখেত ভিতৰ সোমাই আহি সকলোকে এবাৰ সাবধান কৰি দিয়ে৷ সকলো সন্ত্ৰস্ত হৈ পৰা দেখিলে আকৌ বাহিৰত গৈ বহেগৈ৷

পৰীক্ষা শেষ হ’বলৈ বেছি সময় নাই৷ মুছলমানৰ অসম আক্ৰমণৰ কথা যিমান পাৰে বহলাই লিখি শেষ কৰিলে দুয়ো বন্ধুৱে৷ বাকী দুটামান প্ৰশ্ন যি জানে অলপ-অচৰপ লিখিলে৷ তাৰপাছত কৰিবলৈ একো নথকাত অলপ চোকা বন্ধুজনে আনৰ নিচিনাকৈ ৰিভাইজ কৰিবলৈ ধৰিলে৷

 হঠাতে তাৰ চকু কপালত উঠিল৷ প্ৰশ্নত মানৰ আক্ৰমণৰ বিষয়েহে সুধিছিল দেখোন৷ কিন্তু সি লিখিলে মুছলমানৰ আক্ৰমণৰ বিষয়ে৷ কি কৰে এতিয়া৷ সময়ো নাই৷ মূৰ খজুৱাই চিন্তা কৰোঁতে হঠাতে মনত বুদ্ধি এটা খেলালে৷ মুছলমানৰ মুছলটো কাটি দিলেই মান হৈ পৰিব দেখোন৷ ইমান সহজে সমাধান বিচাৰি পাই সি আনন্দমনে যিমানবোৰ “মুছলমান” শব্দ আছিল সেইবোৰ বিচাৰি বিচাৰি তাৰ পৰা “মুছল”বোৰ কাটিবলৈ ধৰিলে৷

তাৰপাছত সি লগৰজনক লাহেকৈ ক’লে,


 : ঐ, মুছল কাট, মুছল কাট৷

By: Makhan Lal Das [http://drmakhanlaldas.blogspot.com]

Thursday 14 November 2013

চখ্ৰবৰ্ত্তী দাৰ কথা...

কওতে কওতে শেষেই নহয় আমাৰ চখ্ৰবৰ্ত্তী দাৰ কথা...

 এবাৰ চখ্ৰৱৰ্ত্তী দাৰ ভীষণ পেটচলিল...

.উপায় নাই আৰু ডক্টৰৰ তাততো যাবই লাগিব এতিয়া..

.ইফালে বৌৰ খেচখেচনি কি কৰা যায়...!

উপায় নাপাই লাজ লাজকৈ গ’ল ডক্টৰৰ ওচৰলৈ....

 ডক্টৰে সকলোবোৰ ভালকৈ চাই মেলি আমাৰ চখ্ৰৱৰ্ত্তী দাক সুধিলে:

 ডঃ : পায়খানা কেনেকুৱা...?


 (চখ্ৰৱৰ্ত্তী দাই সেমেনা-সেমেনিকৈ উত্তৰ দিলে)

চখ্ৰৱৰ্ত্তী দা : এহ চাৰ দুখীয়া মানুহ, কোনোৰকমে চলি আছো আৰু...



পায়খানা “ শিল আৰু চিমেন্ট”ৰ চাৰ...

By: Manjit Kumar Ray

Thursday 7 November 2013

হাও হৈ নাকি হা

নিৰজু বা নতুনকৈ টেটৰ পৰীক্ষা পাছ কৰি দীপাহতৰ বিদ্যালয়ৰ লৈ গল ৷
 নিৰজু বাৰ ভালে লাগিছে ছাত্ৰ ছাত্ৰীবোৰ বৰ আময়িক ৷
 মাত্ৰ দীপা বোলা জনী অলপ আঘাইটং ৷

 দীপা কেইবাদিনো আহা নাই ৷
আহি পোৱাৰ দিনা নিৰজু মিছ - দীপা তুমি ইমান ক্ষতি কৰিছা ৷ কলৈ গৈছিলা
দীপা - কোহও যেনাই হা মিছ ৷ দাদাৰ বিয়া আছিল ৷ আপি এটা বিয়া কৰি আনচি ৷
 আহবা পৰা নাই হা সেইকুনটি ৷
নিৰজু মিছ - হৰৌ নিধক ছোৱালী ৷
মহিলা বিয়া নকৰাই আনি কাক আনিবো পূৰুষক আনিব নি ৷
 কি যে জধা মূৰ্খ ৷

 দীপা ( শেখুন মুছি) হাহি মাৰি কলে - হাও হৈ নাকি হা, আমাৰ মালতী বাই দেখুন আৰু মতা এটাক লেগি হি বিয়া হৈ গেলাক ৷

নিৰজু মিছ হৈ গল ফিউজ

By: কালু দি কলা কুকুৰ

Thursday 31 October 2013

'বডী'-ত হাত নিদিব!

(নতুনকৈ অহা 'টিউচন' মাষ্টৰক, বাপেকে বুজাই আছে…)

: এইডাল 'মস্ত গাধা'…!

ৰিক্সা যোৱাৰ দৰে, লাহে-লাহে, ঘেঁহাই-ঘেঁহাই যায়। ইয়াক অন্ততঃ, 'চিটি বাচ'ৰ দৰে যাব পৰা কৰি দিয়ক…!

: নাই নাই, আপুনি চিন্তাই নকৰিব। ইয়াক মই 'নাইট চুপাৰ'ৰ দৰে যাব পৰা কৰি দিম।

(ল'ৰাটোৱে এইবাৰ লাহেকৈ মাত লগালে)

  : চাৰ…, 'চিটিবাচে'ই কৰক, বা 'নাইট চুপাৰে'ই কৰক…, কৰি থাকক।

লাগিলে 'মাথা'ৰ গিয়েৰ-বক্স ভাঙি দিয়ক।

মাত্ৰ গাড়ীৰ… . . . . . . . . . .






  'বডী'-ত হাত নিদিব…!

by:Udoy Senapoti

থুলুক পূৰান

এবাৰ আমাৰ লোকেল ডেকা পাৰ্টী টোৱে অনুভৱ কৰিলে যে ঠাইখনৰ আটাইতকৈ ধনী ব্যক্তি থুলুকে আজিলৈকে এটকাও সিহতক চান্দা দিয়া নাই।

 লগে লগে দুজন ডেকা থুলুকৰ ঘৰত হাজিৰ!

 ডেকা: আমাৰ অনুসন্ধানত গম পোৱা গৈছে যে আপোনাৰ অজস্ৰ সম্পত্তিৰ এক পইচাও আপুনি দান কৰা নাই।
সেয়ে আপুনি সামান্য টকা দান কৰি সমাজৰ বৰঙনি যোগাওক!

 থুলুকে তভক মাৰি কিবা এটা ভাবিলে…

 থুলুক: বাৰু… প্ৰথম কথা, তোমালোকে এইটো অনুসন্ধান কৰিছানে যে মোৰ মা দীৰ্ঘদিনৰ পৰা বেমাৰত ভুগী চিকিৎসালয়ত পৰি আছে আৰু তেঁওৰ দৰমহাৰ কেইবাগুনো বেছি টকাৰ বিল হৈ আছে?

 ডেকা: (অলপ লাজ পাই) অহ নাই..মানে…

 থুলুক: দ্বিতীয়তে, মোৰ ভাইটী শাৰীৰিক ভাবে বিকলাংগ।
সি অন্ধ আৰু হুইলচেয়াৰ নহ’লে এক ইঞ্চিও লৰচৰ কৰিব নোৱাৰে।
 চকিত হৈ আমাৰ ডেকাই ক্ষমা খুজিব ওলাওতেই…

 থুলুক: তৃতীয়তে, যোৱা মাহত মোৰ আপোন ভনী বিধবা হৈছে আৰু গিৰিয়েকে তিনিটা ল’ৰা-ছোৱালীৰ বাহিৰে কোনোধৰনৰ টকা-পইছা তাইৰ বাবে এৰি যোৱা নাই।

 অত্যন্ত লজ্জিত হৈ আমাৰ ডেকাই কিবা এটা ক’বলৈ খুজোতেই থুলুকে আকৌ মাত লগালে…


 “ আৰু ইহতকে মই এটকাও দিয়া নাই… তুমি কোন কূটা?”

by: Anupam Medhi

Wednesday 30 October 2013

৩ টা ফলৰ নাম কোৱাচোন?

১ ম শ্ৰেনীৰ লৰা এজনক শিক্ষকে শুধিলেঃ ৩ টা ফলৰ নাম কোৱাচোন?

লৰাঃ নাজানো চাৰ।
 শিক্ষকঃ ঠিক আছে, আজি ঘৰত গৈ সিকি আহিবা। কালি কবা।
 ঘৰত গৈ খুড়াকক সুধিলেঃ খুড়া ৩ টা ফলৰ নাম কোৱা।
খুড়াকঃ তোৰ ফটোয়ামি কথাৰ কাৰনে মোৰ তাত টাইম নাই।
 যা ইয়াৰ পৰা।
 লৰাজনে লিখি ললে।
 দাদাকক সুধিলেঃ দাদা ২ টা ফলৰ নাম কোৱা।
 দাদাকঃ ৰ মোৰ গাৰ্লফ্ৰেন্দৰ ফোন আহিছে।
লৰাজনে লিখিললে।
 তাৰপিছত এটা সৰুলৰাক শুধিলেঃ ১ টা ফলৰ নাম ক।
 সৰু লৰাঃ তই এটা পাগল ।
 লৰাজনে লিখিললে।

 পিছদিনা স্কুলত....

 শিক্ষকঃ ৩ টা ফলৰ নাম পঢ়ি আহিছ নে?
 লৰাঃ অ চাৰ।
শিক্ষকঃ তেতিয়া হলে কোৱা।
 লৰাঃ তোৰ ফতোয়ামি কথাবোৰৰ কাৰনে মোৰ তাত টাইম নাই। ইয়াৰ পৰা যা।
 শিক্ষক(খংৰে)- টাইম নাই ন তোৰ, বল মোৰ লগত এতিয়ায়ে প্ৰধান শিক্ষকৰ তাত।
 লৰাঃ ৰ মোৰ গাৰ্লফ্ৰেন্দৰ ফোন আহি আছে।
 শিক্ষকঃ কি ৰে তই মোক কি বুলি ভাবিছা।

 লৰাঃ তই এটা পাগল।
By: Gautam Das Asom

কুকুৰৰ ওপৰত ৰচনা

জুইদা স্কুলত পঢ়ি থকা সময়ৰ কথা এটা।

 অসমীয়াৰ ক্লাচ আৰম্ভ হোৱাৰ আগে আগে শিক্ষকে সকলোকে সুধিলে-"ল'ৰাহঁত, তহঁতে মই দিয়ামতে ৰচনাবোৰ লিখি আনিছনে?"

 উত্তৰ আহিল-"আনিছো চাৰ"

 সকলোৱে নিজৰ বহীসমুহ চাৰৰ টেবুলৰ ওপৰত ৰাখিলে।

 চাৰে বহীসমুহ ৰোল নম্বৰ অনুযায়ী দাগ দিলে যদিও জুইদাৰ বহীখন তাত নেদেখিলে।

 খঙত শিক্ষকে জুইদাক সুধিলে- জুই, তই ৰচনা লিখা নাই যে!!!

 জুই দা- "চাৰ বহু চেষ্টা কৰিছিলো। কিন্তু, লিখিবলৈ লওতেই পলাই যায়।"

 শিক্ষক- "হেৰৌ, কি পলাই যায়।"

 জুইদা- "কুকুৰটো।"

 শিক্ষক-"কি? হেৰৌ, ৰচনাৰ লগত কুকুৰ পলাই যোৱাৰ কথা ক'ৰ পৰা আহিল?

 জুই দা- . . . . . . . . . . . . . . . . . . . . . . . . . . . .



"চাৰ, আপুনিয়েই কৈছিল কুকুৰৰ ওপৰত ৰচনা লিখিবলৈ"

By: Bhaskarjyoti Das

অথঃ অৰ্নিবান কথা :

অৰ্নিবান দাই সিদিনা তীৰ খেলাত কেমেৰা এটা জিকিলে,

মানে ভূল নুবোজিবো সদায় নেখেলে তীৰ, মদ খাই নিচা হলে খেলে,
সদায় মদ নাখাই আকৌ কাৰোবাক টুপি পিন্ধালে হে খাই৷
হব বাৰু ৰামায়ন খন নোখোলো ৷
 কেমেৰা জিকিলে এনেদ মোৰ তাত আহিল ৷

 ফেচবুকত বোলে লাইক নাপায় চো মোৰ খং উঠা ফটো এখন লৈ গল ৷ লাইক পাবো পোজ দিলো, লাইক পাইছে বোলে৷ যি নহওক নতুন কেমেৰা গাওঁলৈ গৈ খুব ফটো উঠাইছে ৷
জবা,কুসম,ৰাধা সকলোৰে ফটো উঠাইছে কথা কৈ কৈ ৷
 যি নহওক গাওঁৰ ইজ্জত ৰাখিছে ৷

ঠিক সেইদিনা একে গাওঁৰ বুঢা এজন ঢুকাল৷
 স্মৃতি ৰাখি ফটো উঠাবো অৰ্নিবান দাক মাতিলে৷

 কিন্তু সেইদিনা অৰ্নিবান দাৰ কেমেৰাও ভাংগিল আৰু পাব্লিক ঢুলাইও খালে কিয় জানে নে৷


বেলেগক কোৱাৰ দৰে মৰা মানুহৰ ফটো উঠাবো যাই কলে যে স্মাইল প্লিজ ৷ কিযে হব৷

By: কালু দি কলা কুকুৰ

Sunday 13 October 2013

HOLY WATER

খ্ৰীষ্টান সকলৰ ১ মাহ ধৰি নাম ধৰ্ম চলি আছিলে।
তেওঁলোকে সেই ১ মাহ মাছ মংহ একো নাখায়।
 সেই কলনীতে আমাৰ হাঁহিৰাম কাই আছিলে।
 যদি মাছ মংহ নাথাকে তেতিয়া হলে আমাৰ হাঁহিৰাম কাইৰ আকৌ পেটত ভাত নাজায়।
 খ্ৰীচষ্টান ধৰ্মৰ মানুহসকলে এটা বুদ্ধি কৰিলে, হাঁহিৰামক তেওঁলোকৰ গুৰুৰ ওচৰত লৈ গল আৰু গুৰুজনে হাঁহিৰামক HOLY WATER চিতাই দিলে আৰু কলে, তোৰ জন্ম হিন্দু ধৰ্মত কিন্তু আজিৰ পৰা খ্ৰীচষ্টান হৈ গলি।
হাঁহিৰাম তাৰ পৰা গুচি আহিলে।
 পিছ দিনা আকৌ হাঁহিৰামৰ ঘৰৰ পৰা মংহৰ গোন্ধ পায়, হাঁহিৰামে কি কৰি আছে বুলি ঘৰত চাব গল।
 ঘৰৰ ভিতৰত গৈ দেখিলে, হাঁহিৰামে মংহ খিনি আগত লৈ মংহখিনিত HOLY WATER চিতিয়াই দি কলে, তই মূৰ্গী হৈ জন্ম লৈছিলি কিন্তু ...........


এতিয়া তই ৰঙা লাওঁ হৈ গলি।

by: Gautam Das Asom

Sunday 6 October 2013

পূজা চেলিব্ৰেচন.......

তিনিজন নলে-গলে লগা দোৰ্ঘোৰ মদপী বন্ধুৱে পূজা অলপ বেলেগ ধৰনে চেলিব্ৰেট কৰাৰ সিদ্ধান্ত ল’লে |

বহু আলোচনা বিলোচনা ৰ পিছত ঠিক হ’ল- অষ্টমী পুজাৰ দিনা আটাইকেইজন যোৰাবাটৰ পাহাৰৰ ওপৰলৈ যাব আৰু দিনটো তাতে বহি মদ খাব !

 নিৰ্দিষ্ট দিনাখনআটাইকেইজন পাহাৰৰ ওপৰ পালেগৈ |
মদ খাবলৈ বহিহে তিনিবন্ধুৱে গম পালে ... মদৰ লগত খাবলৈ কিনা তন্দুৰী চিকেন, চানা, বুট..... সোপাকে গণেশগুৰিত এৰি থৈ আহিল !

এঘন্টামানৰ তৰ্ক-বিতৰ্ক, আলোচনা- বিলোচনাৰ পিছত এজন যেনিবা ৰাজী হ’ল গণে্শগুৰি্লৈ গৈ বস্তুখিনি আনিবলৈ !

 যাওঁতে এটা চৰ্ত্ত দি গ’ল..... তেওঁ ঘুৰি নহালৈকে কোনেও মদৰ বটলৰ সাফৰ খুলিব নোৱাৰিব !

বাকী দুজন ৰাজী হ’ল | এজন নামি গ’ল বস্তুখিনি আনিবলৈ |

 প্ৰায় দুঘন্টা পাৰ হ’ল.. নামি যোৱাজনৰ দেখাদেখি নাই !
সন্ধিয়া নামিল ! তেওঁ আহি পোৱা নাই !
ৰাতি হ’ল.... তেওঁ নাই !
 অষ্টমী পাৰ হ’ল..... তেওঁ নাই.......!
 নৱমী পাৰ হ’ল ! আহি পোৱাই নাই !
 দশমী পুজাৰ দিনা ১২ মান বজাত ৰৈ থকা দুজনে ঠিক কৰিলে যে... শুদাই শুদাই আৰম্ভ কৰি দিয়া যাওঁক !
আৰু নোৱাৰি !
 বটলৰ সাফৰ খুলিছেহে....!
তললৈ নামি যোৱাজনে প্ৰকান্ড গছ এদালৰ আৰৰপৰা মাত লগালে.....




." ম‍ই জানিছিলোৱেই তহতে এনেকুৱা কৰিবি বুলি ! চাইহে আছিলো তহত্ক যোৱা দুদিন ধৰি ! বেইমানি ম‍ই বেয়া পাওঁ দেই !!!"

By: Jyotirmoy Sarma

Wednesday 2 October 2013

দযা কৰি কিবা এটা খাবলে দিযক?

ভিক্ষাৰী – মোক দযা কৰি কিবা এটা খাবলে দিযক?

 ভদ্রলোক – হ.. অলপ মদ খা ৷

 ভিক্ষাৰী – মই মদাপী নহয ৷

ভদ্রলোক – হ.. তেনতে চুৰট পোৰ ৷

ভিক্ষাৰী – মই নোহোপো ৷

ভদ্রলোক – তেনতে জুৱা খেলোগে??

ভিক্ষাৰী – মই জুৱা নেখেলো ৷

ভদ্রলোক – তেনেহলে তোক এজনী প্রেমিকা বিচাৰি দিও??

ভিক্ষাৰী – নালাগে, মোৰ ঘৈণী আছে ৷ মই তাইক বহুত ভাল পাওঁ ৷

ভদ্রলোক – তেনতে মোৰ ঘৰলৈ বল, তোক কিবা খাবলে দিম ৷

 ভিক্ষাৰী – আপোনাৰ ঘৰলে কিয়?????

ভদ্রলোক – মই মোৰ ঘৈণীক দেখুৱাম যে.. যি বোৰে বেযা বসতু নাখাই অকল নিজৰ ঘৈণীক ভাল পাই তাৰ অৱঠা তোমাৰ দৰে হয ৷

Saturday 20 July 2013

::: ফেচবুকৰ পৰা টকা ঘটাৰ সবাতোকৈ সহজতম উপায়!!! :::



পূর্বে অনেকেই ফেচবুকৰ পৰা টকা ঘটাৰ অনেক পদ্ধতিৰ বিষয়ে কৈছে|

কিন্তু ইয়াৰ কোনোটোৱেই সঁচা নহয়|

চবেই নিজেহে ধনী হয়, আমি মাত্ৰ ঠগ খাওঁ|

এইবাৰ আপোনালোকক নিজেই টকা আয় কৰাৰ এটা পদ্ধতিৰ বিষয়ে কবলৈ ওলাইছো|

মন দি তলৰ কথাবোৰ অনুসৰণ কৰক আৰু চাব আপুনি কিদৰে সহজতেই টকাৰ ভৰাল এটা কৰিব পাৰিছে|


১. প্রথমেই আপোনাৰ ফেচবুক একাউন্টত লগ ইন কৰক!!


২. Account Setting ত ক্লিক কৰক|


৩. স্ক্রল কৰি তলত চাওঁক Deactivate লিখা আছে, তাত ক্লিক কৰিলে আৰু এটা পেজ
খুলিব, সেই পেজত তলৰ ফালে Confirm বুটামত ক্লিক কৰিলেই আপোনাৰ কাম শেষ!!


৪. এতিয়া আপুনি কম্পিউটাৰ অফ কৰি এটা চাকৰী বা ব্যৱসায়ত লাগি যাওঁক|


৫. ভালে কুশলে কৰিব পাৰিলে টকা আপোনাৰ বন্ধু হ’ব!!