Wednesday 30 October 2013

দুটাকৈ দুবাৰ "মিল" ৰ পিছত

মানে ডাক্টৰৰ মতে ইংৰাজী নক’লে হেনো ডাক্টৰৰ লেবেল নাথাকে |

 এবাৰ আহিল এক ৰোগী....." ছাৰ মোৰ ভালেমান দিনৰ পৰা "হেৰি" হোৱাই নাই, বৰ কষ্ট... উপায় দিয়ক"

ডাক্টৰ দৰদী লোক.... দৰৱ দি ক’লে, " দুটাকৈ দুবাৰ "মিল" ৰ পিছত খাবি, ভাল হৈ যাব যা"

 দুদিন পিছত ৰোগী দা লৈ হাজিৰ |
ডাক্টৰ চকড... " হোৱাট হেপেনড?"

ৰোগী " বাঘে খোৱা ডাক্টৰ, সেইদিনাৰ পৰা মই ঘটিটো এৰিবই পৰা নাই "

 ডাক্টৰ " বাট হোৱাই, মইতো ঠিকেই দৰৱ দিছিলো?"

ৰোগী..." মই ভী তো ঠিকেই খাইছিলো.... ইয়াৰ পৰা ঘৰ যাওঁতে বাটত যিমান কেইটা, ধানৰ মিল, আটাৰ মিল পায় , তাত ৰৈ ৰৈ দুটাকৈ বড়ি খাই গৈছো বাটে বাটে........."


 ৰোগীজনে আজিও চোকা দা লৈ হাজিৰ হৈছিল হেনো হাস্পাতালত ................ আগে তো ৰাম হী ৰাখে

By: Sushmita Das

No comments:

Post a Comment