Monday 10 September 2012

থোলোক


থোলোক ঘৰতে আছিল। বৰষুণ দি আছে গোটেই দিনটো, ক'লৈ নো যাব। লেণ্ডলাইন ফোনটো বাজিল। থোলোকে উঠাইলৈ বোলে হেল্ল'।
সিফালৰ পৰা সুধিছে, "হেল্ল', থোলোক?" "হয়" "ঘৰতে আছানে?"
থোলোকৰ টেমা গৰম হৈ গ'ল। উত্তৰ দিলে: "নাই, ফোনটো ডিঙিত আঁৰি লৈ বজাৰত মাছ কিনিবলৈ আহিছো।"

(সঁচা কথা ক'লেই থোলোক বেয়া)

Contributed by Rajib Ranjan

No comments:

Post a Comment