Monday 18 November 2013

এনেকৈ আৰু এক সপ্তাহ...

এজন আর্মি অফিচাৰ হাত-ভৰিত
ব্যান্ডেজ লাগাই হাস্পিটালত শুই আছিল । তাৰ
বন্ধু সকলে তাক চাবলৈ আহি এই দুর্ঘটনাটি কেনেকৈ সংঘটিত হল সুধিলে।

অফিচাৰ জনে কলেঃ মই এটা সুকান কুঁৱাত পৰি গৈছিলো আৰু তাত দুই সপ্তাহ পৰি থাকিলো ।

বন্ধু জনে কলেঃ দুই সপ্তাহ পর্যন্ত
কোনোৱে তোমাৰ খবৰ পোৱা নাছিলনে ?

অফিচাৰঃ, প্রথম দিন ই পাইছিল ।

বন্ধুঃ তেনেহলে তোমাক কিয় উঠাই অনা নাছিল ?

অফিচাৰঃ,"প্রথম দিনা এজন জুনিয়ৰে মোৰ চিঞৰ শুনি কুঁৱাৰ ভিতৰত ৰচি এদাল পেলাই দিলে ।
তেতিয়া মই সেই ৰচি দালত ধৰি প্রায় উপৰত উঠি আহিছিলো ।
যেতিয়া মোৰ জুনিয়ৰে মোৰ মুখখন দেখিলে ,লগে লগে ৰচি দাল এৰি সাল্যুট দিলে ।
আৰু মই আকৌ কুঁৱাৰ ভিতৰত পৰি গলো ।
তেতিয়া মোৰ সোঁ ভৰিখন ভাঙিলে ।
এনেকৈ সাত দিন পাৰ হৈ গল ।
প্রতিদিনই এজন কৰি জুনিয়ৰ আহিল ।
এদিন বাও ভৰি, এদিন সোঁ হাত
এইদৰে হাত-ভৰি সকলো ভাঙিল।
তাৰপিছত অষ্টম দিনা আহিল মোৰ এজন চিনিয়ৰ।"
ৰচি দালেৰে ওপৰলৈ উঠোতে উঠোতে যেতিয়া
বুজি পালো সেইজন মোৰ চিনিয়ৰ,
মই লগে লগে ৰচি এৰি
তেখেতক সেলুট দিলো । এনেকৈ আৰু এক
সপ্তাহ...

(সংগৃহীত)
ණটেটোন তামুলি

No comments:

Post a Comment