Sunday 3 November 2013

নগেনৰ ঘৈণীয়েক

নগেনৰ ঘৈণীয়েক বৰ শকত।
তেওঁৰ মুখখনো বৰ ডাঙৰ।

সেই কাৰণে নগেনে ঘৈণীয়েকক লগত লৈ যাবলৈ টান পায়, লাজ কৰে।

 এদিন নগেন কিবা কাৰণত কলিকতালৈ যাবলগীয়া হ'ল।

 তেওঁ জীয়েক পুলপুলিক লগত লৈ গ'ল।

জীয়েকো বেছ স্বাস্থ্যবান। যাত্ৰা পথত ৰে'লত ডকাইত সোমাই মানুহৰ বয়-বস্তুবোৰ লৈ গ'ল।

বুদ্ধিমতী পুলপুলিয়ে ডকাইতবোৰ দবাটোত সোমোৱা মাত্ৰকে তাইৰ সকলো গহণা খুলি মুখত ভৰাই থ'লে।

 সিহঁতৰ বাকী বস্তুবোৰ গ'ল যদিও গহণাবোৰ থাকিল আৰু সেইটো যে নিজৰ কৃতিত্ব পুলপুলিয়ে দেউতাক নগেনক দেখুৱালে।

 নগেনে নিজৰ মূৰত চপৰিয়াই ক'লেঃ- ইছ ইছ ! মাৰক অনা হ'লেতো আমাৰ বেগ আৰু ট্ৰাংক কেইটাও ডকাইতে নিব নোৱাৰিলেহেতেঁন !

ইছ ইছ !!

 শ্বেয়াৰ কৰক ණ হীৰক জ্যোতি নাথ

No comments:

Post a Comment