Sunday 3 November 2013

যোগেন নাই

নগেনৰ মতে মানুহ ধনী হৱ পাৰিছেঃ একমাত্ৰ ঠিকা কৰি।

 সেয়ে নগেনে ঠিকাৰ কাম কৰাৰ সিদ্ধান্ত ললে।

চৰকাৰী বিষয়াক খাতনি ধৰি নগেন আৰু বন্ধু খগেন, যোগেন তিনিও মিলি ৰাষ্টাৰ কাষত গছপুলি ৰোৱা কাম এটা হাতত ললে।

 তিনিও কম সময়ৰ ভিতৰতে ধনী হোৱাৰ আশাত পুৰাদ্দমে কামত লাগিল।

 টিকা ফটা ৰ'দত কাম কৰাৰ ফলত যোগেন বেমাৰত পৰিল কিন্তু নগেন আৰু খগেনে কাম কৰিয়ে থাকিল।

 নগেন আৰু খগেনৰ কামত আচৰিত হৈ মানুহ এজনে সুধিলেঃ হেৰি ডাঙৰীয়া সকল এই টিকা ফটা ৰ'দত কিয় মিছাতে এনেকৈ কাম কৰি আছে।

 নগেনঃ ঠিকাৰ কাম হাতত লৈছো কিয় মিছাতে কাম কৰিম। . . . .

মানুহজনঃ তেনেহলে কি কৰি আছে এজনে যে গাত খান্দি আছে আৰু এজনে যে গাত বোৰ পুতি আছে।

 নগেনঃ অ সেইতো আমি তিনিজন আছিলো।

 মোৰ কাম গাত খন্দা যোগেনৰ কাম গছপুলিটো গাতত সমুৱাই দিয়া আৰু খগেনৰ কাম গাতটো পুতি দিয়া। . . . . . . . . .


.যোগেন নাই বাবে আমি আমাৰ কৰ্তব্য কৰি আছো।

by:কেছ টো নগেন

No comments:

Post a Comment