Sunday 6 October 2013

পূজা চেলিব্ৰেচন.......

তিনিজন নলে-গলে লগা দোৰ্ঘোৰ মদপী বন্ধুৱে পূজা অলপ বেলেগ ধৰনে চেলিব্ৰেট কৰাৰ সিদ্ধান্ত ল’লে |

বহু আলোচনা বিলোচনা ৰ পিছত ঠিক হ’ল- অষ্টমী পুজাৰ দিনা আটাইকেইজন যোৰাবাটৰ পাহাৰৰ ওপৰলৈ যাব আৰু দিনটো তাতে বহি মদ খাব !

 নিৰ্দিষ্ট দিনাখনআটাইকেইজন পাহাৰৰ ওপৰ পালেগৈ |
মদ খাবলৈ বহিহে তিনিবন্ধুৱে গম পালে ... মদৰ লগত খাবলৈ কিনা তন্দুৰী চিকেন, চানা, বুট..... সোপাকে গণেশগুৰিত এৰি থৈ আহিল !

এঘন্টামানৰ তৰ্ক-বিতৰ্ক, আলোচনা- বিলোচনাৰ পিছত এজন যেনিবা ৰাজী হ’ল গণে্শগুৰি্লৈ গৈ বস্তুখিনি আনিবলৈ !

 যাওঁতে এটা চৰ্ত্ত দি গ’ল..... তেওঁ ঘুৰি নহালৈকে কোনেও মদৰ বটলৰ সাফৰ খুলিব নোৱাৰিব !

বাকী দুজন ৰাজী হ’ল | এজন নামি গ’ল বস্তুখিনি আনিবলৈ |

 প্ৰায় দুঘন্টা পাৰ হ’ল.. নামি যোৱাজনৰ দেখাদেখি নাই !
সন্ধিয়া নামিল ! তেওঁ আহি পোৱা নাই !
ৰাতি হ’ল.... তেওঁ নাই !
 অষ্টমী পাৰ হ’ল..... তেওঁ নাই.......!
 নৱমী পাৰ হ’ল ! আহি পোৱাই নাই !
 দশমী পুজাৰ দিনা ১২ মান বজাত ৰৈ থকা দুজনে ঠিক কৰিলে যে... শুদাই শুদাই আৰম্ভ কৰি দিয়া যাওঁক !
আৰু নোৱাৰি !
 বটলৰ সাফৰ খুলিছেহে....!
তললৈ নামি যোৱাজনে প্ৰকান্ড গছ এদালৰ আৰৰপৰা মাত লগালে.....




." ম‍ই জানিছিলোৱেই তহতে এনেকুৱা কৰিবি বুলি ! চাইহে আছিলো তহত্ক যোৱা দুদিন ধৰি ! বেইমানি ম‍ই বেয়া পাওঁ দেই !!!"

By: Jyotirmoy Sarma

No comments:

Post a Comment