Hot Posts

6/recent/ticker-posts

Too Drunk!!!

গাজাৰী নহয়, মদাহীৰ কথা। 

অভাৰ খাই পূৰা আউট।

 ঘৰলৈ গৈ থাকোতে ৰাস্তাৰ কাষতে ধপংকৈ পৰিল।

 লগে লগে বমি।

 সেই সময়তে পথেৰে এটা কুকুৰে গৈ আছিল।

 তাজা তাজা বমি দেখি লোভ সামৰিব নোৱাৰিলে। 
জিহ্বা লকলকাই উঠিল।

 চেলেপ চেলেপকৈ চেলেকিব ধৰিলে।
 উহ! কি যে সোৱাদ।
 খাই খাই বপুৰাও শুই পৰিল। 
ইপিনে নিচাত বেহুচ মদাহীয়ে খেপিয়াই খেপিয়াই থাকোতে কুকুৰ নেজত হাত পৰিল।

 নেজডাল মোহাৰি মোহাৰি ক’বলৈ ধৰিলে—প্ৰিয়তমা, আনকালে খোপা বান্ধি থাকা।
 আজি দেখোন বেণী গাঁঠি আছা। তোমাক বৰ ধুনীয়া লাগিছে দেই। শুই থাকা। 

ৰাতি পুৱাবলৈ বহুপৰ আছে।

Contributed by Ranjit KB
কেনে লাগিল:

Post a Comment

0 Comments