Saturday 16 November 2013

মুছল কাট, মুছল কাট…

পৰীক্ষাৰ সময়ত নানা ধৰণৰ আমোদজনক ঘটনা ঘটে৷
কিছুমান মনত ৰৈ যায়৷

 আগতে বুৰঞ্জী, ভুগোল আদি সুকীয়া সুকীয়া বিষয় আছিল৷ বুৰঞ্জীত আকৌ অসম বুৰঞ্জী বুলি বেলেগ এটা ভাগ আছিল৷ নৱম-দশম শ্ৰেণীত ইংলেণ্ডৰ বুৰঞ্জীও আছিল৷বুৰঞ্জী বিষয়টো সাধাৰণতে বৰ টান৷ চন-তাৰিখ আদি মনত ৰাখিবলৈ কোনেও ভাল নাপায়৷ তথাপি উপায় নাই৷ পৰীক্ষাত ভাল কৰিবৰ বাবে পঢ়িবই লাগিব৷ উৰাই-ঘূৰাই মুখস্থ কৰিব লাগিব৷

অসম বুৰঞ্জীৰ কিছুমান খুব দৰকাৰী প্ৰশ্নৰ ভিতৰত অসম বুৰঞ্জীৰ সমল, মিৰজুমলাৰ (মুছলমানৰ) অসম আক্ৰমণ , শৰাইঘাটৰ ৰণ, মহাৰাজ নৰনাৰায়ণ, মানৰ আক্ৰমণ, মোৱামৰীয়া বিদ্ৰোহ আদিৰ কথা আজিও মনত পৰে৷ এনে কেইটামান বছা বছা বিষয়ৰ নোট তৈয়াৰ কৰি লৈ সেইবোৰ ভালদৰে মুখস্থ কৰি গ’লে পৰীক্ষা ভাল হ’বই৷

এবাৰ পৰীক্ষা চলি আছে৷ দুই বন্ধুয়ে একেলগে বহি লিখি আছে৷ এজন তুলনামূলকভাবে অলপ চোকা, আনজনৰ অৱস্থা তথৈবচ৷ নকলৰ টুকুৰা লিখি আনি নকল কৰাৰ সাহস কৰিব পৰা বয়স তেতিয়াও নাই হোৱা৷ অলপ চোকাজনে ধুম-ধাম লিখিছে মুছলমানৰ অসম আক্ৰমণৰ বিষয়ে৷ ঘৰত ৰাতিপুৱা পঢ়ি আহিছিল, কমন পৰি গৈছে৷ লগৰজনেও সুবিধাবুজি চাই চাই লিখি আছে৷

 ঠাণ্ডাৰ দিন৷ ইনভিজিলেটৰজন বাৰান্দাত ৰ’দ পুৱাই আছে৷ গতিকে চাই-চাই লিখাত বিশেষ অসুবিধা হোৱা নাই৷ মাজে মাজে তেখেত ভিতৰ সোমাই আহি সকলোকে এবাৰ সাবধান কৰি দিয়ে৷ সকলো সন্ত্ৰস্ত হৈ পৰা দেখিলে আকৌ বাহিৰত গৈ বহেগৈ৷

পৰীক্ষা শেষ হ’বলৈ বেছি সময় নাই৷ মুছলমানৰ অসম আক্ৰমণৰ কথা যিমান পাৰে বহলাই লিখি শেষ কৰিলে দুয়ো বন্ধুৱে৷ বাকী দুটামান প্ৰশ্ন যি জানে অলপ-অচৰপ লিখিলে৷ তাৰপাছত কৰিবলৈ একো নথকাত অলপ চোকা বন্ধুজনে আনৰ নিচিনাকৈ ৰিভাইজ কৰিবলৈ ধৰিলে৷

 হঠাতে তাৰ চকু কপালত উঠিল৷ প্ৰশ্নত মানৰ আক্ৰমণৰ বিষয়েহে সুধিছিল দেখোন৷ কিন্তু সি লিখিলে মুছলমানৰ আক্ৰমণৰ বিষয়ে৷ কি কৰে এতিয়া৷ সময়ো নাই৷ মূৰ খজুৱাই চিন্তা কৰোঁতে হঠাতে মনত বুদ্ধি এটা খেলালে৷ মুছলমানৰ মুছলটো কাটি দিলেই মান হৈ পৰিব দেখোন৷ ইমান সহজে সমাধান বিচাৰি পাই সি আনন্দমনে যিমানবোৰ “মুছলমান” শব্দ আছিল সেইবোৰ বিচাৰি বিচাৰি তাৰ পৰা “মুছল”বোৰ কাটিবলৈ ধৰিলে৷

তাৰপাছত সি লগৰজনক লাহেকৈ ক’লে,


 : ঐ, মুছল কাট, মুছল কাট৷

By: Makhan Lal Das [http://drmakhanlaldas.blogspot.com]

No comments:

Post a Comment