Wednesday 30 October 2013

আব্বে কোন কুক্কুৰ

বন্ধুসকল, আপোনালোক বহুতেই হয়তো নাজানে যে আমাৰ আশিষ দা আৰু সেনাপতি দা ইঞ্জিনিয়াৰিং কলেজত পঢ়োতে একেলগে ভাৰাৰুমত থাকি পঢ়াশুনা কৰিছিল!

 তেওঁলোক দুয়োজন পঢ়া শুনাত বেছ ভাল আছিল !

 ইম্মান পঢ়িছিল যে, পঢ়ি পঢ়ি কেতিয়াবা ৰাতি পুৱাই দিছিল !

 এদিনাখনৰ কথা ৰাতি দুয়োজনে পঢ়ি আছে ,
 কিমান টাইম হ'ল কাৰোৰে খেয়ালেই নাই !
 হঠাত্‍ এবাৰ আশিষ দাই সেনাপতি দাক সুধিলে - "এই সেনা কেই বাজিল ঐ ?"

 আমাৰ সেনাপতি দাই আকৌ চব কাম ডিফেৰেন্ট ষ্টাইলত প্রেক্টিকেলী কৰিহে ভাল পায় !

তেওঁ লগে লগে খিৰিকীখন খুলিলে শিলগুটি এটা লৈ কাষৰ ঘৰলৈ মাৰি পঠিয়ালে !

লগে লগে কাষৰ ঘৰৰ পৰা চিঞঁৰ শুনা গল- "আব্বে কোন কুক্কুৰ বে এই ৰাতি ৩ বজাত ঘৰত শিলগুটি মাৰিছ' !"

 ৰাইজ, এয়াই হ'ল আমাৰ সেনাপতি দাৰ কামৰ ডিফেৰেন্ট ইঞ্জিনিয়াৰিং ষ্টাইল ! কেনে পালে বাৰু ?..

By: Nâvâ Kríshñá DéKá

No comments:

Post a Comment