Showing posts with label ৰগৰ. Show all posts
Showing posts with label ৰগৰ. Show all posts

Saturday 30 November 2013

পুলিচ নগেন...

এবাৰ স্কটলেণ্ড য়াৰ্ড, কেজিবি আৰু ভাৰতৰ পুলিচৰ মাজত প্ৰতিযোগিতা হৈছিল কোন সকলোতকৈ ভাল পুলিচ তাকে চাবলৈ৷ ভাৰতৰ দলটোৰ নেতা আছিল আমাৰে নগেন৷
প্ৰতিযোগিতা হ'ল এখন অটব্য অৰণ্যৰ কাষত৷
সকলোকে কোৱা হ'ল,
অৰণ্যৰ ভিতৰলৈ সোমাই যাব লাগিব আৰু এটা বাঘ ধৰি আনিব লাগিব৷ যিটো দলে কম সময়ৰ ভিতৰত বাঘ এটা ধৰি আনিব, সেইটো দলেই জিকিব৷
প্ৰথমে গ'লস্কটলেণ্ড য়াৰ্ড৷ প্ৰায় এঘন্টামানৰ ভিতৰতে বাঘ এটা ধৰি আনিলে৷
তাৰ পাছত গ'ল কেজিবি৷
তেওঁলোকে আধাঘন্টাতে ধৰি আনিলে৷
এইবাৰ গ'ল নগেনৰ দল৷
আধাঘন্টা গ'ল, এঘন্টা গ,ল, দুঘন্টা গ'ল... দলটোৰ দেখা-দেখি নাই৷ প্ৰায় ছঘন্টামান পাৰ হোৱাৰ পাছত সকলোৰে চিন্তা হ'ল, কিজানি নগেনৰ দলটোক বাঘে........
বেছি অপেক্ষা কৰা উচিত নহ'ব বুলি ভাবি সকলোবোৰ হাবিৰ ভিতৰ সোমাই গ'ল৷ কিছুদূৰ যোৱাৰ পাছত এডাল ডাঙৰ গছৰ তলত দেখা গ'ল নগেনৰ দলটোক৷
নগেনেহঁতে এটা ভালুক ধৰি গছত বান্ধি লৈ উধাই-মুধাই পিটিছে আৰু কৈছে
: ঐ তই কৈ দে তই বাঘ বুলি
ভালুকটোৱে কয়,
: মই ভালুকহে
: নাই তই বাঘ , কৈ দে বাঘ বুলি৷ বাঘ বুলি ক'৷


By: ডঃ মাখন লাল দাস

Thursday 28 November 2013

আমাৰ নগেন দাইটি

আমাৰ নগেন দাইটিৰ সৌ সিদিনা জন্ম হোৱা ল’ৰাটোৰ কাহিনী এটা ক’ব খুজিছো...

সেইদিনা মানে তাৰ জন্মৰ দিনা ৰাতিপূৱা খুৰীদেউৰ যন্ত্ৰনা বেছি হোৱাত দাইটিয়ে একেকোবেই চহৰৰ একেবাৰে দামী ডাক্তৰৰ ওচৰলৈ লৈ গ’ল...
.
.
.
ডাক্তৰো একেবাৰে বিলাত ফেৰৎ, গতিকে প্ৰাৰম্ভিক অনুসন্ধানবোৰ কৰিয়েই দাইটিক ক’লে যে নতুন মেচিন এটা আছে, যিটোৱে হ’বলগা সন্তানৰ মাকৰ প্ৰসৱ বেদনাৰ পৰিমাণ দেউতাকলৈ ট্ৰান্সফাৰ কৰে তাকো ইনডাইৰেক্তলি... কেৱল খৰচ কিছু বেছি...
.
.
আমাৰ দাইটিৰ ঘৈণীয়েকলৈ বৰ মৰম নহয়, গতিকে খৰচৰ কথা কেতিয়াঁও নাভাবে~ গতিকে নতুন মেচিনত ট্ৰিটমেন্ট আৰম্ভ..
.
.
ঘৈণীয়েকৰ বিচনাৰ কাষতে দাইটি বহি লৈছে আৰু সিফালে ডাক্তৰে মেচিনত ট্ৰিটমেন্ট আৰম্ভ কৰিছে...
.
.
দাইটিৰ এনেধৰণৰ প্ৰথম অভিজ্ঞতা, গতিকে ডাক্তৰে ১০% দি ক’লে যে দাইটিৰ ওপৰত নিৰ্ভৰ কৰি যন্ত্ৰনাৰ পৰিমাণ বঢ়াই যোৱা হ’ব...
.
.
দাইটি এনেই বৰ মজবুত, গতিকে ১০, ২০, ৩০... এইদৰে বঢ়াই একেবাৰে ১০০% কৰি ল’লে... ডাক্তৰৰো চকু কপালত, বেলেগ মানুহে ২০% ই লব নোৱাৰে, এইজনে দেখোন ১০০ % লৈয়ো মুখেৰে মাত এটা নামাতিলে...
.
.
যিহঁওক খুৰীদেউৱে টিলমানো কষ্ট নোপোৱাকৈ ল’ৰাটো জন্ম দিলে...
.
.
দাইটিও বিৰাট সুখী, এফালে ল’ৰা, তাতে ডাক্তৰৰ ওচৰত ৰেকৰ্ড কৰি আহিছে...

গতিকে মাছে -মাংসই, মিঠাইৰে সপৰিয়ালে ঘৰত আহি হাজিৰ...

কিন্তু আহিয়েই দেখে ঘৰৰ বাৰান্দাত দাইটিৰ ঘৰত সদায় গাখীৰ দিয়া ডেকা ল’ৰাটো মৰি ফ্লেট্ হৈ আছে.....

(দাইটিয়ে নুবুজিলে, ৰগৰীয়ান বুজিলেনে...! )


By: Hemanta Hazarika

গজিনী ০২ ৰ দুটা চি’ন...

যয়ন্ত টালুকডাৰৰ গজিনী ০২ ৰ দুটা চি’ন (not SIN): -

১/
দত্ত: ডাক্তৰ আজিকালি মোৰ এটা বেমাৰ হৈছে, ম‍ই কথাবোৰ ফট ফট পাহৰি যাওঁ|
কলিতা: কিমান দিন হৈছি এই বেমাৰটো হোৱাৰ?

দত্ত: কোনটো বেমাৰ? ম‍ই একো বুজা নাই....!!!

২/ দত্ত: ডাক্তৰ আজিকালি মোৰ এটা বেমাৰ হৈছে, মোৰ তামাম খং উঠে... ফট ফট ফট
কলিতা: কিমান দিন হৈছি এই বেমাৰটো হোৱাৰ?

দত্ত: তোক কেলে লাগে বে? ত‍ই জানি কি কৰিবি? চিনি পোৱা নাই ম‍ই কোন? দম আছে যদি মোক চিকুটি দেখা %#%ঽঽ$###

Tuesday 26 November 2013

উঠ চালা!

টেটোনে এদিন মদ খায় মাতাল হৈ মাজ নিশা
ঘৰলৈ উভতি আহি শুই থাকিল ।
তাৰ পিছতে তাৰ মৃত্যু হল । দুজন যমদূতে তাক টানি টানি জমৰ
আগত হাজিৰ কৰালে ।সি কান্দি কান্দি গাৰ কাপোৰ
কানি টিয়াই পেলালে আৰু
সি জম ৰজাক অনুৰোধ কৰিলে
দুনিয়াত আৰু এবাৰ ফিৰাই পাঠোৱাৰ কাৰণে ।
জমৰাজে তাক আৰু এটা সুযোগ দিলে আৰু তাক
মুৰগী বনায়
দুনিয়াত ফিৰাই পঠালে।
মুৰগী হৈয়ে সি এটা কণী পাৰিলে ।
কণীটো দেখি সি আচৰিত হৈ গল।
কণীটো আছিল সোনৰ আনন্দতে সি জোৰ
দি আৰু এটা কণী পাৰিলে ।
সেইটোওঁ আছিল সোনৰ কণী আৰু
আনন্দতে কণী পাৰিবলৈ জোৰ দিওঁতেই কোনোবা এজনে তাক
বাঢ়হনীৰে কোবালে ।
সি চকু খুলি দেখিলে তাৰ স্ত্রী ভেবলিয়ে
চিঞৰী আছে-
. . .
.
.
“উঠ চালা!
বিছনাত পেচাব কৰি তো ভহায় দিছাই
এতিয়া আকৌ পায়খানা কৰিব ধৰিছা !!!

Friday 22 November 2013

গোমৰ ফাঁক !!

সেনাপতিৰ স্কুলীয়া দিনৰ কথা...

পৰীক্ষাৰ ফীজ ৰেহাই পাবলৈ প্রধান শিক্ষকৰ ওচৰত সেনাপতিৰ দৰ্খাস্ত।
বিনীত নিবেদন এই যে মোৰ দেউতাই পৰীক্ষাৰ ফীজ দিবলৈ ৫০০ টকা দিছিলে।
 তাৰে ১০০ টকাৰ নেট পেক ভৰালোঁ, নতুন গাৰ্লফ্রেণ্ডৰ ম'বাইলত ৫০ টকা ভৰালোঁ, 
লগৰবোৰক ১০০ টকাৰ পাৰ্টি দিলোঁ আৰু বাকী ২৫০ টকা বাজীত হাৰিলোঁ। 

ইংৰাজী ছাৰৰ লগত বুৰঞ্জী বাইদেউৰ লিলিমাই চলিছে বুলি বাজী ধৰিছিলোঁ। 

হাৰি থাকিলোঁ.....আজি গম পালোঁ বুৰঞ্জী বাইদেউৰ লগত আপোনাৰ হে লিলিমাই চলি আছে!
এতিয়া বল আপোনাৰ কৰ্টত।
হয় মোৰ ফীজ ৰেহাই দিয়ক, নহ'লে.....
.
.
গোমৰ ফাঁক !!!

ইতি-
আপোনাৰ একান্ত বাধ্য ছাত্র
উদয়

নগেনৰ এক্সিডেন্ট: & নগেনৰ ছোৱালীৰ গান:

নগেনৰ এক্সিডেন্ট:
পুলিচ: তুমি ২০ জন মানুহ গাড়ীৰে কিয় খুন্দিয়াই মাৰিলা?

নগেন: কি কৰিম উপায় নাই৷ মই গাড়ী অলপ জোৰেৰে চলাই আছিলো৷ হঠাতে সম্মুখত বিয়াৰ পাৰ্টি এটা আহি ওলাল৷ ৰাস্তাৰ এফালে বিয়াৰ পাৰ্টি, আনফালে দুজন মানুহ৷ মই ব্ৰেক মাৰিবলৈ চেষ্টা কৰিলো কিন্তু ব্ৰেক ফেল৷ গতিকে কি কৰিম উপায় নাই৷ 

পুলিচ: ৰাস্তাৰ যিফালে দুজন মানুহ আছিল গাড়ীখন সেইফালে নিলে কম মানুহ মৰিলহেতেন৷ সেইফালে নিনিলা কিয়?

নগেন: তাকেইতো কৰিছিলো৷ কিন্তু মোৰ গাড়ীখন দেখি মানুহদুজন বিয়াৰ পাৰ্টিটোৰ ফালে আহি মানুহৰ মাজত সোমাই পৰিল নহয়৷ গতিকে মইও গাড়ীখন সেইফালে নিব লগাত পৰিল আকৌ৷

নগেনৰ ছোৱালীৰ গান:

নগেন: মোৰ ছোৱালীজনীয়ে গান শিকি আছে নহয়৷
খগেন: কিবা লাভ হৈছেনে?
নগেন: এৰা, ছোৱালীয়ে গান গোৱাৰ পৰা বহুত লাভ হ’ল৷খগেন: কেনেকৈ?
নগেন: মোৰ কাষত থকা মানুহঘৰে আধা দামতে ঘৰটো বেচি দিলে আৰু মই কিনি ল’লো৷


Sunday 17 November 2013

গৰম উঠিলেনে..!

কেতিয়াবা মনত অনুশোচনা জাগে...

 কামটো বৰ ভাল নহল নেকি...!

 ইমান পঢ়া -শুনা কৰি, ভাল ভাল মানুহৰ সঙ্গত থাকি মই সেই কামটো কৰিব নালাগিছিল....

 এতিয়া লাজ লগা নাই, যাৰে তাৰে আগত কৈ ফুৰিবলৈ...!

 সঁচাকৈয়ে বৰ বেয়া কাম কৰিলো নেকি বাৰু..!

 যাৰে তাৰে খুলিলো~ সৰু -ডাঙৰ, মতা মানুহ, মাইকী মানুহ , লৰা -ছোৱালী, ধুনীয়া ছোৱালী, কম ধুনীয়া ছোৱালী... 

কেতিয়াবা নিজৰো খুলিলো বেলেগৰ ওচৰত...

 উস্... এতিয়া খুলিবলৈ আৰু মন নোযোৱা হল... . . . . . . . . . . . . . . . . .



 কি..! গৰম উঠিলেনে..!



 মই lic পলিচি খোলাৰ কথাহে কৈছো....!!! হে: হে: হে:

By: Hemanta Hazarika

Saturday 16 November 2013

এদিন এখন বাছ

এদিন এখন বাছৰ ভিতৰত ককা এজনে আইতাক কোচত বহুৱাই অনা দেখি তাৰে যাত্ৰী এগৰাকীয়ে ককাক সুধিলে, . . . .

যাত্ৰী :- অ' ককা, আইতাক কিয় এনেদৰে কোচত বহুৱাই আনিছে? . . . .

ককা :- সৈয়া কি লিখা আছে দেখা নাই নেকি? . . . .

যাত্ৰী :- অ' বোলো কি লিখা আছেনো ককা? . . . .



ককা :- বোলে, "নিজৰ মাল নিজৰ লগত ৰাখিব"..........

By: Satya Prasad Kalita

আচল ইন্সপেক্টৰ

স্কুললৈ এবাৰ ইন্সপেক্টৰ আহিল ৷

শিক্ষকে ক্লাচ কৰাই আছিল ৷
ইন্সপেক্টৰে ছাত্ৰ এজনক প্ৰশ্ন এটা সোধাত সি উত্তৰ দিব নোৱাৰি ক'লে - ছাৰ মই আচল ছাত্ৰ নহয়, মোৰ দাদাহে ইয়াত পঢ়ে, আজি দাদা পথাৰলৈ গৈছে কাৰণেহে মই আহিছো ৷
ইন্সপেক্টৰৰ মাথা গৰম হৈ গ' ল, শিক্ষকজনক তামাম গালি দি ক'লে - মই আপোনাক চাচপেণ্ড কৰি দিম, চিনি পোৱা নাই ৷
 শিক্ষকে ভয়ে ভয়ে ক'লে - ছাৰ মই আচলতে আচল শিক্ষক নহয়, মোৰ দাদাহে শিক্ষক,দাদা এফালে যোৱাতহে…
ইন্সপেক্টকৰ- খালে খালে,এনেকে নহ'বএই বুলি একেকোবে প্ৰিন্সিপালৰ ওচৰ পালেগৈ ৷
পাৰে মানে গালি দিয়াৰ পিচত প্ৰিন্সিপালে মাত লগালে - ছাৰ মই আচলতে আচল প্ৰিন্সিপাল নহয়, মোৰ দাদাহে…
এইবাৰ ইন্সপেক্টৰৰ টেমা ফাটি গ'ল ৷
ক' লে - মই আপোনালোকৰ কাকো নেৰো, চবৰে চাকৰি খাম, জেলৰ ভাত খুৱাম, এনেকে স্কুল চলাব আহিছে ৷
প্ৰিন্সিপালে টকা পাঁচহাজাৰ উলিয়াই দি ক'লে - চাৰ এইবাৰলৈ ৰেহাই দিয়ক, আৰু এনেকুৱা কাম নকৰো ৷
ইন্সপেক্টৰে টকা পাঁচহাজাৰ লৈ যাবলৈ ওলাল, কিন্তু দুৱাৰ মুখৰ পৰা উভতি আহি ক'লে -

 আপোনাৰ ভাগ্য ভাল, মই বুলিহে পাঁচহাজাৰত মানিছো, আচল ইন্সপেক্টৰ অহা হ'লে…

By: Utpal Bhuyan

মুছল কাট, মুছল কাট…

পৰীক্ষাৰ সময়ত নানা ধৰণৰ আমোদজনক ঘটনা ঘটে৷
কিছুমান মনত ৰৈ যায়৷

 আগতে বুৰঞ্জী, ভুগোল আদি সুকীয়া সুকীয়া বিষয় আছিল৷ বুৰঞ্জীত আকৌ অসম বুৰঞ্জী বুলি বেলেগ এটা ভাগ আছিল৷ নৱম-দশম শ্ৰেণীত ইংলেণ্ডৰ বুৰঞ্জীও আছিল৷বুৰঞ্জী বিষয়টো সাধাৰণতে বৰ টান৷ চন-তাৰিখ আদি মনত ৰাখিবলৈ কোনেও ভাল নাপায়৷ তথাপি উপায় নাই৷ পৰীক্ষাত ভাল কৰিবৰ বাবে পঢ়িবই লাগিব৷ উৰাই-ঘূৰাই মুখস্থ কৰিব লাগিব৷

অসম বুৰঞ্জীৰ কিছুমান খুব দৰকাৰী প্ৰশ্নৰ ভিতৰত অসম বুৰঞ্জীৰ সমল, মিৰজুমলাৰ (মুছলমানৰ) অসম আক্ৰমণ , শৰাইঘাটৰ ৰণ, মহাৰাজ নৰনাৰায়ণ, মানৰ আক্ৰমণ, মোৱামৰীয়া বিদ্ৰোহ আদিৰ কথা আজিও মনত পৰে৷ এনে কেইটামান বছা বছা বিষয়ৰ নোট তৈয়াৰ কৰি লৈ সেইবোৰ ভালদৰে মুখস্থ কৰি গ’লে পৰীক্ষা ভাল হ’বই৷

এবাৰ পৰীক্ষা চলি আছে৷ দুই বন্ধুয়ে একেলগে বহি লিখি আছে৷ এজন তুলনামূলকভাবে অলপ চোকা, আনজনৰ অৱস্থা তথৈবচ৷ নকলৰ টুকুৰা লিখি আনি নকল কৰাৰ সাহস কৰিব পৰা বয়স তেতিয়াও নাই হোৱা৷ অলপ চোকাজনে ধুম-ধাম লিখিছে মুছলমানৰ অসম আক্ৰমণৰ বিষয়ে৷ ঘৰত ৰাতিপুৱা পঢ়ি আহিছিল, কমন পৰি গৈছে৷ লগৰজনেও সুবিধাবুজি চাই চাই লিখি আছে৷

 ঠাণ্ডাৰ দিন৷ ইনভিজিলেটৰজন বাৰান্দাত ৰ’দ পুৱাই আছে৷ গতিকে চাই-চাই লিখাত বিশেষ অসুবিধা হোৱা নাই৷ মাজে মাজে তেখেত ভিতৰ সোমাই আহি সকলোকে এবাৰ সাবধান কৰি দিয়ে৷ সকলো সন্ত্ৰস্ত হৈ পৰা দেখিলে আকৌ বাহিৰত গৈ বহেগৈ৷

পৰীক্ষা শেষ হ’বলৈ বেছি সময় নাই৷ মুছলমানৰ অসম আক্ৰমণৰ কথা যিমান পাৰে বহলাই লিখি শেষ কৰিলে দুয়ো বন্ধুৱে৷ বাকী দুটামান প্ৰশ্ন যি জানে অলপ-অচৰপ লিখিলে৷ তাৰপাছত কৰিবলৈ একো নথকাত অলপ চোকা বন্ধুজনে আনৰ নিচিনাকৈ ৰিভাইজ কৰিবলৈ ধৰিলে৷

 হঠাতে তাৰ চকু কপালত উঠিল৷ প্ৰশ্নত মানৰ আক্ৰমণৰ বিষয়েহে সুধিছিল দেখোন৷ কিন্তু সি লিখিলে মুছলমানৰ আক্ৰমণৰ বিষয়ে৷ কি কৰে এতিয়া৷ সময়ো নাই৷ মূৰ খজুৱাই চিন্তা কৰোঁতে হঠাতে মনত বুদ্ধি এটা খেলালে৷ মুছলমানৰ মুছলটো কাটি দিলেই মান হৈ পৰিব দেখোন৷ ইমান সহজে সমাধান বিচাৰি পাই সি আনন্দমনে যিমানবোৰ “মুছলমান” শব্দ আছিল সেইবোৰ বিচাৰি বিচাৰি তাৰ পৰা “মুছল”বোৰ কাটিবলৈ ধৰিলে৷

তাৰপাছত সি লগৰজনক লাহেকৈ ক’লে,


 : ঐ, মুছল কাট, মুছল কাট৷

By: Makhan Lal Das [http://drmakhanlaldas.blogspot.com]

Thursday 14 November 2013

এজনী বুধিয়ক ছোৱালীৰ কাহিনী ...

ছোৱালী এজনীক কিছুদিন ধৰি এক অচিনাকী নম্বৰৰ পৰা ফোন কৰি বিৰক্তি কৰি আছিল ......

তাই এই বিৰক্তিৰ পৰা মুক্ত হবলৈ নতুন চিম কাৰ্ড এখন ললে .....

 আৰু মোবাইলহেণ্ডচেটটোত চিমখনভৰায়ে প্ৰথমে সেই অচিনাকী নম্বৰটোলৈফোন লগালে .... ............ 



হেল্ল' ....মই নম্বৰ সলনি কৰি পেলালো নহয়..


এতিয়া আৰু মোক তুমি বিৰক্তি কেতিয়াও কৰিব নোৱাৰিবা.........

By: Apurba Haloi

The one in mental hospital !

পগলা ফাটেকত এদিন ডক্টৰ এজনে এজন পগলাই ৱালখনত খুব মনয়োগেৰে কান পাতি থকা দেখি সুধিলে,

 ডক্টৰ - ভাই কি শুনিসা ?

পাগল - আপুনি শুনি চাওক চোন. , , , , , , , , ,



ডক্টৰে কান খন পাতি কলে, কতা একো নাই চোন.






 পগলা - হি হি হি,,মই ইমান বচৰে কান পাতি একো নুশুনিলো. 

আপুনি আজি আহিএই কি শুনিব.

By: Gautam Deka

Tuesday 12 November 2013

' তোমাৰ প্রেম দিবলৈ নাপাহৰিবা '- মা কচম

পুৱাই পুৱাই ভ্রাম্যমান দূৰভাষত এটি অচিনাকী নম্বৰৰ পৰা এটি বাৰ্তা আহিল-

 ' তোমাৰ প্রেম দিবলৈ নাপাহৰিবা '

- - জান বাহিৰ হৈ গ'ল।
হে হৰি ক'লৈ যাওঁ, কি কৰো।
পত্নীয়ে, সত্নানে, সংসাৰে এতিয়া হাহাকাৰ হৈ যাব।

 মা-কচম জ্ঞাতে-অজ্ঞাতে কেতিয়াও আন বেলেগ নাৰীয়ে প্রেম দাবী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰা নাই।

 ......অ' ঠিকেইো প্রেম দাবী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰা নাই যেতিয়া ভয় খাইছো কিয়??
কথা পাতিবলৈ থিৰাং কৰিলো।
 মনে মনে ঘৰৰ চুক এটালৈ গৈ ফ'ন লগালো।

সিপাৰে ফ'ন উঠোৱাৰ লগে লগেই সৰু অথচ উৎকন্ঠাৰে ভৰা কন্ঠস্বৰেৰে ক'লো - -
"হেল্ল' কোন তুমি? কি প্রেমৰ কথা কৈছা? কি প্রেম বিচাৰিছা?"

..... নাৰী কন্ঠ এটা আশা কৰাতো বাৰ্তা সাপেক্ষ আছিল কিন্তু সিপাৰৰ পৰা কাণ সৰি যোৱা তীব্রতাৰে পুৰুষৰ গেলগেলীয়া মাত এটায়ে মগজু দহি পেলালে- -

" কি ফাল্টু কথা কোৱা হে তুমি?
মই মনোজ তোমাৰ বন্ধু আৰু তোমাৰ এল.আই.চি-ৰ এজেন্ট ।
 মই প্রেম (prem) নহয় প্রিমিয়াম দিবলৈহে কৈছো।......

"- সি আৰু কিবা ক'বলৈ লোৱাৰ আগতেই ফ'নটো কাটি দিলো।
 তাৰ নম্বৰটো নতুন ভ্রাম্যমান দূৰভাষত ৰখা নাছিলো।
 লাজো লাগিল, খঙো উঠিল।
আপুনিয়েই কওঁকচোন বাৰ্তা যদি এনেকৈ আহে আপুনি কি বুজিব-

 "Tumr Prem diboloi napahoriba."

এই 'চৰ্টকাট এচ এম এচ' বোৰে কেতিয়াবা প্রাণ ল'ব-
মা কচম...
 -ৰক্তিম-

By: Ractim Goswami

Sunday 10 November 2013

ভোডাফোনৰ ৰির্ছাজ

'কৃষ্ণা' নামৰ এজনী ছোৱালীয়ে নিজৰ বয়ফেণ্ডলৈ বহুত ফোন কৰে । 

এদিন সেইহে ৰির্ছাজ আনিবলৈ দোকানলৈ গল--- ......

দাদা ১০ টকাৰ ভোডাফোনৰ এটা ৰির্ছাজ দিবচোন ??

 দোকানী : বাইদেউ ১০ টকাত আপুনি ৭ টকা হে পাব !! .. ..

 কৃষ্ণা : ঠিক আছে তেন্তে ৩ টকাৰ ছানা দি দিব !! .. ..




 খা বাপ্পেকে ভীমকলটো !!

By: Dípankar Nath

Saturday 9 November 2013

Amir Khan in Assam

মই গ'লকীপাৰ

এজাক ল'ৰাই বল লৈ খেলি আছিলে।

কিন্তু এটা ল'ৰা একাষৰীয়াকৈ ঠিয় হৈ আছে।

 মনোবিজ্ঞানী এজনে দেখিলে ল'ৰাটো বিষন্নতা আৰু দ্বিধাদ্বন্দ্বত ভুগিছে।

 তেওঁ মনে মনে সংকল্প ল'লে ল'ৰাটোক কাউঞ্চেলিঙৰ জৰিয়তে ভাল কৰিব।

 তেওঁ গৈ লৰাটোক সুধিলে- মোৰ বন্ধু হবা নে?
ল'ৰা- নাই....যাওক!
মনোবিজ্ঞানী- মোৰ ধাৰণা তুমি মনোকষ্টত আছা...
 লৰা- নাই... যাওক!
মনোবিজ্ঞানী- তুমি দেখোন আন লৰাবোৰৰ দৰে দৌৰাদৌৰি কৰা নাই!
লৰা- হয়....যাওক!
মনোবিজ্ঞানী- কিয়? . . . .


ল'ৰা- মই গ'লকীপাৰ!

চেনি অলপ

এদিন কনটিলৌৰ মাকে তাক ওচৰৰে গিৰিহঁতৰ পৰা চেনি অলপ আনিব পঠালে ৷

মাকৰ কথামতে সিও চেনি আনিবলৈ গ'ল ৷ 

: কনটিলৌ :- খুৰিদেউ মায়ে আপোনাৰ পৰা চেনি অলপ নিব দিছে ৷

: মানুহগৰাকীয়ে চেনি অলপ আনি কনটিলৌক দিলে ৷ তাৰপিছত মাকে আৰু কিবা কৈছিলে নেকি তাক সুধিলে ৷

 : কনটিলৌ :- অ' মায়ে কৈছিলে যে যদি কুকুৰৰ জীয়েক জনীয়ে চেনি নিদিয়ে,
তেতিয়াহ'লে কাষৰ হাৰামজাদী জনীৰ পৰা লৈ আহিবা ৷

By: Abani Talukdar

হনুমান লংকাচন

ৰাৱনে সীতাক হৰন কৰাৰ পিচত ৰাম লক্ষ্মন'ৰ কথামতে সীতাক বিছাৰি হনুমান লংকালৈ গ'ল !
তালৈ গৈ অশোকবনত সীতাক লগ কৰিলে !
ৰাম-লক্ষ্মনৰ কুশল-মংগল বাতৰি জনালে !
পিচত ভোক লগাত গোটেই অশোকবন অসুৰ কর্মচাৰীসকলক গদাৰে কোবাই মাৰি ফল মুল খাই অশোকবন ভাগি চিগি তহিলং কৰিলে !
 শেহত যেনিবা ৰাৱন পুত্র মেঘনাদে নাগপাশ মাৰি হনুমানক আটক কৰিলে !
পিচত ৰাৱনৰ কথামতে অসুৰসকলে হনুমানৰ নেগুৰত জুই লগাই দিলে ! ........ ....

নেগুৰত জুই লৈ লংকাৰ ওপৰেৰে উৰি উৰি হনুমানে গোটেই লংকা পুৰি চাৰখাৰ কৰিবলৈ ধৰিলে ....... ......................... ........
ঠিক সেই সময়তেই তাত আবির্ভাব হ'ল চাৰি পাচজনীয়া যুবক যুবতীৰ এটা দল .....
 হাতে হাতে নানান মাৰানস্ত্র ।... ...
হাতত এবিধ দীঘলীয়া চুঙাকৃতিৰ বিশেষ অস্ত্র লৈ সকলোতকৈ আগবাঢ়ি আহিল জিন্স টি চার্ট পৰিহিতা এগৰাকী যুবতী - 

"এয়া আপোনালোকক আমি জনাবলৈ পাই সুখী যে আমিয়েই অসমৰ প্রথমতো চেনেল যি সুদুৰ শ্রী লংকাৰ পৰা আপোনালোকলৈ হনুমান লংকাচনৰ পোনপতীয়া দৃশ্যাৱলী সম্পচাৰ কৰি আছো !
এয়া আপোনালোকে টেলিভিশ্যনৰ পর্দাযোগে প্রতক্ষ কৰিবলৈ পাই আছে কিদৰে ভাৰত সন্তান হনুমানে লংকাত আহি নিজৰ বিৰত্ব দেখুৱাই আছে !....
কিন্তু এইখিনিতে প্রশ্ন হয় ! কিমান গ্রহণযোগ্য এই লংকাচন ?
পাচপর্ট ভিজা অবিহনে কৰা হনুমানৰ এই লংকা যাত্রা আচলতে কিমান আইনসন্মত ?
ইতিমধ্যে শ্রীলংকা চৰকাৰে হনুমানৰ এই অবৈধ লংকাযাত্রাৰ বিৰোধিতা কৰি ভাৰত চৰকাৰলৈ পত্র প্রেৰণ কৰিছে!

.....পৰবর্তী সময়ত ভাৰত চৰকাৰে কি পদক্ষেপ গ্রহণ কৰে সেয়া নিচ্ছয় লক্ষনীয় হব.....!!!.."........................................

By: Nâvâ Kríshñá DéKá

Wednesday 30 October 2013

Love marriage কৰিলে ঘৰৰ মানুহ বিলাকে বেয়া কিয় পায় ?

লৰা এজনে মাকৰ ওচৰলৈ গৈ কঁও-নকঁও কৈ মাকক কথা এষাৰ সুধিলে,,,, :

পুতেক : মা মা Love marriage কৰিলে ঘৰৰ মানুহ বিলাকে বেয়া কিয় পায় ? : :

 মা: তই নিশ্চয় কোনোবা হাৰামজাদিৰ চক্কৰত পৰিছ , আৰু এইবিলাক নিশ্চয় তাই তোক কব দিছে নহয় ? ,,,,
ছোৱালী বিলাকেতো কেবল লৰা বিলাকক ফচোৱাৰ তালতে থাকে, ইহঁতক নহয় ভালকৈ এসেকা দিব লাগে,
 : যতেই ভাল লৰা দেখা পাই পতোৱা আৰম্ভ কৰি দিয়ে,

মোৰ সোণতো এই ছোৱালী বিলাকৰ পৰা বাচি চলিবি, ইহঁত বৰ বেয়া, আৰু ইহঁতৰতো খান্দানো,,,,,,,,,,,,, : :



পুতেক :(অলপ খঙত) হব মা, ইমান কব নালাগে, এনেকুৱা একো নাই ৷

 মাত্ৰ দেউতাই কৈ আছিলে যে আপোনালোক দুয়োৰে Love marriage হৈছিল ৷

by: Abani Talukdar

৩ টা ফলৰ নাম কোৱাচোন?

১ ম শ্ৰেনীৰ লৰা এজনক শিক্ষকে শুধিলেঃ ৩ টা ফলৰ নাম কোৱাচোন?

লৰাঃ নাজানো চাৰ।
 শিক্ষকঃ ঠিক আছে, আজি ঘৰত গৈ সিকি আহিবা। কালি কবা।
 ঘৰত গৈ খুড়াকক সুধিলেঃ খুড়া ৩ টা ফলৰ নাম কোৱা।
খুড়াকঃ তোৰ ফটোয়ামি কথাৰ কাৰনে মোৰ তাত টাইম নাই।
 যা ইয়াৰ পৰা।
 লৰাজনে লিখি ললে।
 দাদাকক সুধিলেঃ দাদা ২ টা ফলৰ নাম কোৱা।
 দাদাকঃ ৰ মোৰ গাৰ্লফ্ৰেন্দৰ ফোন আহিছে।
লৰাজনে লিখিললে।
 তাৰপিছত এটা সৰুলৰাক শুধিলেঃ ১ টা ফলৰ নাম ক।
 সৰু লৰাঃ তই এটা পাগল ।
 লৰাজনে লিখিললে।

 পিছদিনা স্কুলত....

 শিক্ষকঃ ৩ টা ফলৰ নাম পঢ়ি আহিছ নে?
 লৰাঃ অ চাৰ।
শিক্ষকঃ তেতিয়া হলে কোৱা।
 লৰাঃ তোৰ ফতোয়ামি কথাবোৰৰ কাৰনে মোৰ তাত টাইম নাই। ইয়াৰ পৰা যা।
 শিক্ষক(খংৰে)- টাইম নাই ন তোৰ, বল মোৰ লগত এতিয়ায়ে প্ৰধান শিক্ষকৰ তাত।
 লৰাঃ ৰ মোৰ গাৰ্লফ্ৰেন্দৰ ফোন আহি আছে।
 শিক্ষকঃ কি ৰে তই মোক কি বুলি ভাবিছা।

 লৰাঃ তই এটা পাগল।
By: Gautam Das Asom