Saturday 9 November 2013

হনুমান লংকাচন

ৰাৱনে সীতাক হৰন কৰাৰ পিচত ৰাম লক্ষ্মন'ৰ কথামতে সীতাক বিছাৰি হনুমান লংকালৈ গ'ল !
তালৈ গৈ অশোকবনত সীতাক লগ কৰিলে !
ৰাম-লক্ষ্মনৰ কুশল-মংগল বাতৰি জনালে !
পিচত ভোক লগাত গোটেই অশোকবন অসুৰ কর্মচাৰীসকলক গদাৰে কোবাই মাৰি ফল মুল খাই অশোকবন ভাগি চিগি তহিলং কৰিলে !
 শেহত যেনিবা ৰাৱন পুত্র মেঘনাদে নাগপাশ মাৰি হনুমানক আটক কৰিলে !
পিচত ৰাৱনৰ কথামতে অসুৰসকলে হনুমানৰ নেগুৰত জুই লগাই দিলে ! ........ ....

নেগুৰত জুই লৈ লংকাৰ ওপৰেৰে উৰি উৰি হনুমানে গোটেই লংকা পুৰি চাৰখাৰ কৰিবলৈ ধৰিলে ....... ......................... ........
ঠিক সেই সময়তেই তাত আবির্ভাব হ'ল চাৰি পাচজনীয়া যুবক যুবতীৰ এটা দল .....
 হাতে হাতে নানান মাৰানস্ত্র ।... ...
হাতত এবিধ দীঘলীয়া চুঙাকৃতিৰ বিশেষ অস্ত্র লৈ সকলোতকৈ আগবাঢ়ি আহিল জিন্স টি চার্ট পৰিহিতা এগৰাকী যুবতী - 

"এয়া আপোনালোকক আমি জনাবলৈ পাই সুখী যে আমিয়েই অসমৰ প্রথমতো চেনেল যি সুদুৰ শ্রী লংকাৰ পৰা আপোনালোকলৈ হনুমান লংকাচনৰ পোনপতীয়া দৃশ্যাৱলী সম্পচাৰ কৰি আছো !
এয়া আপোনালোকে টেলিভিশ্যনৰ পর্দাযোগে প্রতক্ষ কৰিবলৈ পাই আছে কিদৰে ভাৰত সন্তান হনুমানে লংকাত আহি নিজৰ বিৰত্ব দেখুৱাই আছে !....
কিন্তু এইখিনিতে প্রশ্ন হয় ! কিমান গ্রহণযোগ্য এই লংকাচন ?
পাচপর্ট ভিজা অবিহনে কৰা হনুমানৰ এই লংকা যাত্রা আচলতে কিমান আইনসন্মত ?
ইতিমধ্যে শ্রীলংকা চৰকাৰে হনুমানৰ এই অবৈধ লংকাযাত্রাৰ বিৰোধিতা কৰি ভাৰত চৰকাৰলৈ পত্র প্রেৰণ কৰিছে!

.....পৰবর্তী সময়ত ভাৰত চৰকাৰে কি পদক্ষেপ গ্রহণ কৰে সেয়া নিচ্ছয় লক্ষনীয় হব.....!!!.."........................................

By: Nâvâ Kríshñá DéKá

No comments:

Post a Comment