নগেনৰ এক্সিডেন্ট:
পুলিচ: তুমি ২০ জন মানুহ গাড়ীৰে কিয় খুন্দিয়াই মাৰিলা?
নগেন: কি কৰিম উপায় নাই৷ মই গাড়ী অলপ জোৰেৰে চলাই আছিলো৷ হঠাতে সম্মুখত বিয়াৰ পাৰ্টি এটা আহি ওলাল৷ ৰাস্তাৰ এফালে বিয়াৰ পাৰ্টি, আনফালে দুজন মানুহ৷ মই ব্ৰেক মাৰিবলৈ চেষ্টা কৰিলো কিন্তু ব্ৰেক ফেল৷ গতিকে কি কৰিম উপায় নাই৷
পুলিচ: ৰাস্তাৰ যিফালে দুজন মানুহ আছিল গাড়ীখন সেইফালে নিলে কম মানুহ মৰিলহেতেন৷ সেইফালে নিনিলা কিয়?
নগেন: তাকেইতো কৰিছিলো৷ কিন্তু মোৰ গাড়ীখন দেখি মানুহদুজন বিয়াৰ পাৰ্টিটোৰ ফালে আহি মানুহৰ মাজত সোমাই পৰিল নহয়৷ গতিকে মইও গাড়ীখন সেইফালে নিব লগাত পৰিল আকৌ৷
নগেনৰ ছোৱালীৰ গান:
নগেন: মোৰ ছোৱালীজনীয়ে গান শিকি আছে নহয়৷
খগেন: কিবা লাভ হৈছেনে?
নগেন: এৰা, ছোৱালীয়ে গান গোৱাৰ পৰা বহুত লাভ হ’ল৷খগেন: কেনেকৈ?
নগেন: মোৰ কাষত থকা মানুহঘৰে আধা দামতে ঘৰটো বেচি দিলে আৰু মই কিনি ল’লো৷
By: Makhan Lal Das
0 Comments