Showing posts with label কৌতুক. Show all posts
Showing posts with label কৌতুক. Show all posts

Sunday 30 March 2014

গোপন বৈঠক

By: Dípankar Nath
'মোডী' আৰু 'ওবামা,ই এখন
গোপন বৈঠকত মিলিত হৈ আছে..!
.

তেনেতে তালৈ ৰাহুলবাবা সোমাই আহিল আৰু সুধিলে-- কি বিষয়ৰ ওপৰত আলোচনা চলি আছে..?

ওবামা : আমি ছৈধ্য হাজাৰ ভাৰতীয় আৰু 'চানী লিয়ন' ক মৃত্যু দণ্ড দিব বিছাৰিছো..!

ৰাহুল বাবা : 'চানী লিয়ন'ক কিয়..?

..
..
..
..
..

মোডী : (ওবামা উদ্দেশি) মই কৈছিলো নে, কোনোয়ে ছৈধ্য হাজাৰ ভাৰতীয়ৰ ওপৰত গুৰুত্ব নিদিব, সকলোয়ে মাথো 'চানী লিয়ন'ক মৃত্যুদণ্ড দিয়াৰ কাৰণ জানিব বিছাৰিব !

Saturday 29 March 2014

ৰচনা লিখা-১) গৰু অথবা ২) মহাত্মা গান্ধী

By: Ŕïňků Møñî Khâńìkãŕ
বছৰেকীয়া পৰীক্ষা। প্ৰশ্ন আহিল ৰচনা লিখা-১) গৰু অথবা ২) মহাত্মা গান্ধী
গুণীন চোকা ল'ৰা।সি ভাবিলে গৰু ৰচনাখনকে লিখা যাওঁক। গতিকে লিখিলে- গৰু পোহনীয়া জন্তু। তাৰ ঠেং চাৰিখন………… ।
ওচৰতে বহি থকা কণপায়ে জুমি জুমি কেইশাৰীমান লিখিলে। সি চাই চাই লিখি থকা শিক্ষকে দেখা পালে। গতিকে তেওঁ গুণীনক সুধিলে- গুণীন ৰচনা কি লিখিছাঁ?
গুণীন-ছাৰ গৰু।
শিক্ষক-তোমাৰ দৰে চোকা ল'ৰা এটাই গৰুৰ ওপৰত ৰচনা লিখিলে নুশুৱায়। মহাত্মা গান্ধীৰ ওপৰত লিখা।
এইবুলি শিক্ষকজন আঁতৰি গ'ল। গুণীনেও লৰালৰিকৈ ৰচনাখন কাটি মহাত্মা গান্ধীৰ ওপৰত ৰচনা লিখাত লাগি গ'ল।
এইফালে কণপাইৰ মহা পয়মাল হ'ল। সি ফুচফুচাই গুণীনক ক'লে- ঐ ৰচনাখন দেখুৱা না!!!
গুণীন- মোক বেয়া নাপাবি, মাত্ৰ ১৫ মিনিটহে আছে, দেখুৱাব নোৱাৰিম।
কণপায়ে কুটুৰি আছে, গুণীনে নেদেখুৱায়। শেষত অতিষ্ঠ হৈ ক'লে- ঐ কণপাই, তই তোৰ ৰচনা খনত য'ত য'ত গৰু শব্দটো লিখিছ তাৰ ঠাইত মহাত্মা গান্ধী লিখি দে। বাচ ৰচনা হৈ যাব।
কণপাইক আৰু কোনে পায়। সিও লাগি গ'ল লিখিবলৈ- মহাত্মা গান্ধী এবিধ পোহনীয়া জন্তু। মহাত্মা গান্ধীৰ ঠেং চাৰিখন। মাইকী মহাত্মা গান্ধীয়ে গাখীৰ দিয়ে‌.………………

সংগ্ৰহীত

বিয়নী মেল

By: Ripunjoy Chetia
এজনী হাঁহ আৰু এজনী কুকুৰাৰ মাজত বিয়নী মেল চলি আছে।কিছুসময় পৰচর্চা কৰাৰ পিছত অলপ নিজৰ কথাও ওলাল।
.
হাঁহ: আমাৰ এওঁ মোক আজিকালি বহুত মৰম কৰে জানা।
.
কুকুৰা: (বিশেষ গুৰুত্ব দিয়া যেন নেদেখুৱাই): কিয়?
.
হাঁহ:মই যে আজি এক মাহ ধৰি একেৰাহে কণী পাৰি আছোঁ।
.
কুকুৰা(বেকাকৈ হাঁহি এটা মাৰি):সেইটোনো কি কথা?মই দেখোন দুমাহ একেৰাহে কণী পাৰি আছোঁ।
.
হাঁহ(নাকৰ পাহি দুটা অলপ ফুলাই):
মোৰ কণীকেইটা ডাঙৰ আৰু সেইকাৰণে দামো বেছি।তোমাৰ বাৰু এটা কণীৰ দাম কিমান?
.
কুকুৰা: ৭ টকা।
.
হাঁহ: মোৰ যে এটাৰ দাম ৮টকা।
.
কুকুৰা(ষ্টাইলত পাখি দুখন অলপ মেলি আকৌ জপাই):এটকাৰ কাৰণে ইমান কষ্ট কৰিবলে এওঁ মোক নিদিয়ে দেই,আফটাৰ অল ফিগাৰো বেয়া হ'বতো!

Sunday 23 March 2014

মোৰ ছাগলীটো ঘূৰাই দিবনে ?

by: Dípankar Nath
পাহাৰীয়া এটা অঞ্চল, এজন খেতিয়কে মুক্তমনেৰে নিজৰ পশুবিলাক চৰাই আছে..!
ঠিক তেনেতে তেঁওৰ কিছু আতৰত এখন হেলিকপ্টাৰ লেণ্ড কৰিলে আৰু এজন সুন্দৰ মানুহ নামি আহি খেতিয়কক জনক উদ্দেশি কলে-- এই অঞ্চলত কিমান ঘৰ মানুহ আছে, মই আপোনাক সঠিক তথ্য দিব পাৰিম বিনিময়ত আপুনি আপোনাৰ ছাগলী এজনী মোক দিব লাগিব !
খেতিয়কজনে মনতে কিছু সময় ভাবিলে, তাৰ পিছত কলে-- ঠিক আছে বাৰু মই ৰাজী !

মানুহে নিজৰ ম'বাইলত গ'গল এপচ (Google Apps)ৰ দ্বাৰা সেই অঞ্চলৰ তথ্যসমূহ জানি লৈ খেতিয়ক জন উত্তৰ দিলে -- ইয়াত ৭২ ঘৰ মানুহ আছে !

এইবুলি কৈয়ে এজনী ছাগলী বান্ধি লৈ মানুহ জনে হেলিকপ্টাৰত তুলিবলৈ ধৰিলে !

মহোদয়, মই যদি আপোনাৰ নামটো সঠিক কৈ কব পাৰো তেন্তে মোৰ ছাগলীটো ঘূৰাই দিবনে ? ...খেতিয়কজনে সুধিলে !

: ঠিক আছে দিম বাৰু, কিন্তু মোৰ নাম কি..?

-- আপোনাৰ নাম 'ৰাহুল গান্ধী' !

: ( আচৰিত হৈ ) তই কেনেকৈ গম পালি..?

..

প্রথম কথা, আপোনাক কোনেও
নমতাকৈ নিজে নিজে আহিছে !

দ্বিতীয়তে, জনতাৰ টকা খৰছ কৰি আহি মোক সেইটোকে জনাইছে যিটো মই আগতেই জানো !

তৃতীয়তে, আপুনি ছাগলী বুলি ভেড়াটোকে বান্ধি লৈছে !

..
..

এতিয়া মোৰ কুকুৰটো মোক ঘূৰাই দিয়ক !

Sunday 9 March 2014

♣ঘোৰ মদাহী

By: Anuj Kumar Das

♣ঘোৰ মদাহী ঘটিৰামে ৰাতি 12 বজাত মদৰ বাৰখনৰ মালিকলৈ ফোন কৰি কলে-"দাদা...দোকানখন কেই বজাত খুলিব ?"
.

মালিকজনে টোপনিৰ পৰা খপজখাই সাৰ পাই উঠিল...বিৰক্ত হল যদিও ব্যবসায়ীসুলভ ভাবে উত্তৰত কলে-'ৰাতিপূবা 10 বজাত...ডাঙৰিয়া !'
.

অলপ পাছত আকৌ ফোন আহিল আৰু ঘটিৰামে সুধিলে-'এতিয়া কেইটা বাজিছে আৰু বাৰখন কেই বজাত খুলিব ?
.

ভৰ মাজ নিশা...এইদৰে ফোন অহাত মদৰ বাৰ'খনৰ মালিকজনৰ খংটো বাৰু কৈয়ে উঠিল...তথাপিও ব্যবসায়ীসূলভ কন্ঠেৰে কলে-"ডাঙৰিয়া...এতিয়া ৰাতি 2 বাজিছে...অনুগ্ৰহ কৰি শুই থাকক আৰু ৰাতিপূবা 10 বজাত দোকান খন খুলিম ।
.
.

এঘন্টা মানৰ পাছত আমাৰ ঘটিৰামে আকৌ ফোন কৰিলে...টোপনিত থকা মালিকক... এইদৰে এটা মদাহীয়ে বাৰে বাৰে ডিষ্টাৰ্ভ দিয়াত...এইবাৰ ধৈৰ্য্যৰ বাধঁ চিঙি গল আৰু খংত গোৰগোৰাই উঠি কলে-'চাল্লা হাৰামী...আৰু কিমান বাৰ কম বে ৰাতিপূবা 10 বজাত দোকানখন খুলিম বুলি ? ... টাইমৰ কথা তোক কিয় লাগে ? চুপচাপ শুই থাক...আৰু এবাৰ ফোন কৰিলে... তোৰ ঘৰত গৈ তোক বটলটোৰে মূৰ ফালি আহিম...চে-লা মদাহী !'
.
.
.

মালিকৰ কথাত মদাহী ঘটিৰামৰো খং টিঙিচ কৈ উঠি গল...আৰু মদৰ ৰাগীত মাতাল ঘটিৰামে জিভা লেকেছিয়াই লেকেছিয়াই কলে-"অই বে দম নিদিবি...তোৰ দোকানৰ বটল খাই খাই মই একেবাৰে ফিটিং...তই মোৰ ঘৰত 'বটল' দিব গৈ নালাগে...দোকানখনৰ তলাটো খুলি দে !...চাল্লা মোক দোকানৰ ভিতৰত ৰাখি তলা লগাই দি... তই ঘৰত আৰামেৰে শুই আছ ?...চে লা !!!
.
.
.

ঘটিৰামৰ কথাত দোকানী বেহুচঁ !!!
ফ্ৰি-তে বটল পাই ঘটিৰাম খুশ ।

Thursday 6 March 2014

.............ছাতি vs বন্দুক ................

By: Jaan Deepjyoti Borah

এবাৰ এজন ৮০ বছৰীয়া বৃদ্ধই এজনী ২২ বছৰীয়া ছোৱালী বিয়া কৰালে।

বিয়াৰ প্ৰায় এবছৰ মান পাছত এদিন এজন বন্ধুক লগ পাই নানান কথা বতৰা পাতিলে আৰু কলে যে তেখেত বাপেক হবলৈ উলাইছে।

তেতিয়া লগৰ বন্ধুজনে কলে শুনা মই তোমাক এটা গল্প শুনাব বিচাৰো ।

বৃদ্ধ : অ কোৱা ।

বন্ধু : এবাৰ এজন চিকাৰী জংঘললৈ গৈছিল চিকাৰ কৰিবলৈ আৰু তাৰ এটা বেমাৰ আছিল যে সি সকলো কথা পাহৰি যায়।এনেদৰে জংঘলৰ ভিতৰলৈ আগুৱাই যাওঁতেই তাৰ মুখামুখি এটা বাঘৰ লগত হয়।বাঘক দেখি সি নিজৰ বন্দুকটো উলিয়ালে আৰু দেখিলে যে সি বন্দুকৰ সলনি ঘৰৰ ছাতিটো লৈ আহিছে ।

কিন্তু একো উপায় নাপায় সি নিজৰ ছাতিটো বন্দুকৰ দৰে দেখোৱাই বাঘক ভয় খোৱালে আৰু বন্দুকৰ দৰে স্তিগাৰ দবালে।দেখিলে যে সেই ছাতিৰ পৰাই গুলী উলাই গৈ বাঘৰ মৃত্যু হল।

বৃদ্ধলোক: অসম্ভৱ ; নিশ্চয় কোনোবা আনে চিকাৰীৰ চকুৰ আৰঁৰ পৰা বন্দুকটো চলাইছিল ।

বন্ধু : অ তুমি একদম ঠিক কৈছা।

পঢ়ি বুজিলে যদি লাইক এটা মাৰক।

ৰতনকাই

By: Achinta S. Projai

হোটেলত বহি ৰতনকাই চাহৰ অৰ্ডাৰ দিলে! হোটেলৰ লৰাটোৱে চাহৰ কাপত আঙুলি সুমুৱাই চাহ একাপ লৈ অহা দেখি ৰতনকাই খংত অগ্নিশৰ্ম্মা হৈ চিঞঁৰি উঠিল: - অসভ্য কৰবাৰ, চাহৰ কাপত আঙুলি কিয় সুমুৱাইছ??
হোটেল বয়: - নহয় তাৰমানে মোৰ আঙুলিত আচিনা ওলাইছে, ডাক্তৰে কলে যে গৰম ভাপ দিলে আৰাম পাবা! সেয়েহে,,,,,,,
ৰতনকাই আকৌ উগ্ৰ হৈ চিঞঁৰি উঠিল: - কি???? আচিনা হোৱা আঙুলিটো তই চাহৰ কাপত সুমুৱাই আনিছ???? ছিঃ ছিঃ!!! যা কটা কৰবাৰ!!! তোৰ সেই আঙুলিটো তোৰ কটীৰ ফুটাত সুমুৱাই থগৈ!!! আৰু আৰাম পাবি! 


হোটেল বয়: - তাতেই সুমুৱাই থৈছিলো, পিছে চাহ আনিব লগা হল যে,,,,,,

কাইলৈ স্কূল বন্ধ

By: Rajib Saikia

কণপিতৌ তেতিয়া দ্বিতীয় নে তৃতীয় শ্রেণীৰ ছাত্র৷ এদিন সি সৰুপানী চুবলৈ স্কুলৰ কাষেৰে বৈ যোৱা নৈখনৰ পাৰলৈ যোৱাত কি দেখিলে জানে? সি দেখিলে তাৰ অংকৰ চাৰজন কিবা কাৰণত নৈখনত পৰি গৈছে আৰু নৈৰ প্রচণ্ড সোঁতে চাৰক উতোৱাই লৈ গৈছে৷ সি আধা সৰুপানী চুইয়েই দৌৰি-দৌৰি আহি গোটেই স্কুলতে গগণ ফালি চিঞৰি কি ক'ব ধৰিলে কওঁকচোন বাৰু.........
.
.
.
.
.
.
.আপোনালোকে ভাবিছে চাগৈ সি আহি কব চাৰ ডুবিব এতিয়া বচোঁৱা, বচোৱা৷ কিন্তু আপোনালোকে ভবাটো ভুল৷ আচলতে সি টিকা চপৰিয়াই-চপৰিয়াই গোটেই স্কুলতে এটা কথাই কৈ ফুৰিলে....
.
.
.
.
.
.
.
'কাইলৈ স্কূল বন্ধ, কাইলৈ স্কূল বন্ধ'৷

ভ'ডাফোন কাষ্টমাৰ কেয়াৰ

By:  Dípankar Nath

আজি দুপৰীয়া এনেই এবাৰ 'ভ'ডাফোন কাষ্টমাৰ কেয়াৰ' অফিচলৈ ফোন কৰিলো..!

হয়তু,
এজনী খুবেই সুন্দৰী ছোৱালীয়ে ফোনটো ৰিচিভ কৰিছিল, কিয়নো লগে লগেই এক সুললিত নাৰীৰ কণ্ঠত ভাঁহি আহিছিল --

..হেল্ল' ছাৰ মই আপোনাক কেনেকৈ
সহায় কৰিব পাৰো ?

দিপাংকৰ : তুমি মোৰ লগত বিয়া
হবা নেকি ?

ছোৱালী : হেল্ল' ছাৰ, আপুনি কাষ্টমাৰ কেয়াৰ অফিচত ফোন কৰিছে, বোধহয় এইটো আপোনাৰ ৰঙ নাম্বাৰ হৈছে ..!

দিপাংকৰ : মই জানো এইয়া
কাষ্টমাৰ কেয়াৰ অফিচ । তুমি মোৰ লগত বিয়া হবানে কোৱা ?

ছোৱালী : মই এতিয়া বিয়াৰ বাবে
আগ্রহী নহয় ..!

দিপাংকৰ : ভাবি ছোৱা, এনেকুৱা 'ফ্রী- অফাৰ' কোনেও নিদিয়ে, হনিমুনত ছিংগাপুৰ লৈ ফুৰাব নিম !

ছোৱালী : (খঙত) মই আপোনাৰ
লগত বিয়া হব আগ্রহী নহয়, আপুনি অফাৰ কিয় দি আছে ?

..

..

দিপাংকৰ : এতিয়া বুজিলেনে বাইদেউ, আমাৰ অশান্তি বোৰ --

যেতিয়া কোনোয়ে আপোনালোকৰ
অফাৰবোৰৰ বাবে আগ্রহী নহয় --

..
..

আপোনালেকে বাৰে বাৰে দিনে ৰাতিয়ে মেজেছ দি কিয় অফাৰ দি থাকে ?

Sunday 2 March 2014

দুটা সৰু জমনি!!

By: Pronoyon Xonowal

ক) এদিন ৰাজু আৰু বিজুৱে টি.ভি ত ক্ৰিকেট চাই আছে । এনেতে মহেন্দ্ৰ সিং ধোনীয়ে দিলে এটা চিক্স । লগে লগে ৰাজুৰ চিঞৰ-
ৰাজু: ঐ বিজু চা!! চা!! গ'ল হ'ল ।
বিজু: পগলা !! গ'ল হ'বলৈ আমি কিবা ক্ৰিকেট খেল চাই আছোনে !!
.
খ) জেইলৰ ভিতৰত এজন কয়দীক কৈছে-
আৰক্ষী: ঐ…তোক কাইলৈ পুৱা পাঁচ বজাত ফাঁচী দিয়া হ'ব ।
কয়দী: হা: হা: হা: হা:……
আৰক্ষী : তই হাঁহিছ যে???
কয়দী: আৰে চাৰ । মই পুৱা সাত বজাত উঠোহে ।হা: হা:

চাৰিবাৰ কিয় চোৰ কৰিছিলি ?

By: Hemanta Dowarah

কালিৰ ঘটনা..শিৱসাগৰ কৰ্টৰ ঘটনা ..পুলিচে ধৰি অনা চোৰ এটাক জৰ্জে সুধিছে..
হেমন্ত, তেন্তে চোৰ কৰিছ কথাটো সচা.
হেমন্ত--হয,
জৰ্জ-তই কি দোকানত চোৰ কৰিছিলি? তোৰ মুখেৰেই কথাবোৰ জানি লওছোন
হেমন্ত--কাপোৰৰ দোকানত
জৰ্জ--কি নিছিলি?
হেমন্ত--শাৰী
জৰ্জ--তলা কেইবাৰ ভান্গিলি ?
হেমন্ত-চাৰিবাৰ
জৰ্জ--তই এবাৰতে যদি তলাতো খুলিব পাৰ, তেন্তে চাৰিবাৰ কিয় চোৰ কৰিছিলি একেখন দোকানতে?
হেমন্ত( লাজ লাজ কৈ) মানে, চাৰ মানুহজনীৰ গা color লগত মিলা নাচি যে..সেই কাৰনে চাৰিবাৰ আহিব লগা হ'ল..

চিত্ৰাংকনৰ পৰীক্ষা

By: Bishnu Das Maina

চিত্ৰাংকনৰ পৰীক্ষাত সকলোৱে নিজ ইচ্ছামতে ছবি আঁকি আছিল। মাথোঁ বিপুলেহে একো নেআঁকি বগা কাগজ জমা দিলে
শিক্ষক : এয়া কি? তুমি ছবি অঁকা নাই কিয়?
বিপুল : ছাৰ, মোৰ বিষয়টো আছিল ছাগলি আৰো ঘাঁহ। পিছে ছাগলীয়ে আটাইবোৰ ঘাঁহ খাই পেলালে
শিক্ষক : ঘাঁহবোৰ বাৰো খালে, কিন্তু ছাগলী ক'লৈ গ'ল
বিপুল : পেট ভৰাই ঘাঁহ খোৱাৰ পাছত ছাগলী জানো আৰো থিয় হৈ থাকিব? বেলেগ ক'ৰবালৈ গুচি গ'ল আকৌ |

Wednesday 26 February 2014

দেত ইজ অলচ' এ ইমপৰ্তেন্ত মেতাৰ

By: Jayanta Hazarika
আমাৰ চৰকাৰে বাৰু গুটখা বন্ধ কৰিব নে নকৰে ৷ ৰুদ্ধদ্বাৰ বৈঠক বহি আছে আমাৰ অৱতৰিয়া
বানপানী হোৱা একদম মেইন জাগাত ৷

কৰুন গগৈ— দেত ইজ অলচ' এ ইমপৰ্তেন্ত মেতাৰ যে কালন্ত, তুমি অলচ' এই গুটখা বিল খন
পাছ কৰিবই নালাগিছিল ৷ বাৰু কালন্ত এই গুটখা বিলাক বন্ধ হৈ নাযাইতো ৷

কালন্ত কৃষ্ণ শৰ্মা— ছাৰ আপোনি কোনো চিন্তাই নকৰিব ৷ মই এইবোৰ সকলোঁ চেটিং কৰিথৈছো নহয়
ছাৰ ৷ আপুনি মাত্ৰ চাই থাকক আৰু গুতকা কোম্পানী বিলাকৰ পৰা টকা লৈ নিচিন্তে
জেপত ভৰাই থাকক ৷

কৰুন গগৈ— হেহ হেহ হেহ, মিছা ক'লে কিদাল হ'ব ৷ নহয় জানো কালন্ত ৷ মই তো অলচ'আগতেই জানিছিলোঁ
যে কালন্তই নিচ্চয় কিবা নহয় কিবা এটা কৰিবই ৷ হেৰি নহয় কালন্ত , এইতো কিবা নতুন আচনি
উলিয়াইছা নেকি তুমি?

কালন্ত কৃষ্ণ শৰ্মা— হয় ছাৰ ৷ এইতো মানে আপোনি আচঁনি বুলি ও ধৰিলেই হ'ল ৷ এই ধৰক গুতকা তোক আমি
তিনি ভাগত ভগাই দিলোঁ ৷ প্ৰথম হ'ল শিখৰ— ইয়াক দিছোঁ অসমৰ দুখীয়া বিলাকক খাবলৈ ৷ তেওঁলোকৰ বাবেই ইয়াৰ দাম ধৰি দিয়া হৈছে মাত্ৰ ৩ টকা ৷ ২য়তে আছে আমাৰ দিলৰুৱা— যাৰ দাম মাত্ৰ ৭ টকা ৷ ইয়াক খাবলৈ দিয়া হৈছে আমাৰ মানে মধ্যবৃত্ত মানুহখিনিক ৷ আৰু ছাৰ তিনি নম্বৰত আছে আমাৰ এই যে ধৰমপাল হতৰ ৰজনীগন্ধা ৷ ইয়াক ছাৰ খাব পাৰিব আমাৰ ধনী মানুহ বিলাকেহে ৷ কাৰন ইয়াৰ দাম আছে ১০ ৰ পৰা ১৫ টকাৰ ভিতৰত ৷ গতিকে ছাৰ আমাৰ চৰকাৰৰ কৃপাত গুটখাক ইমান সুন্দৰকৈ ভগাই দিছোঁ ৷ ৰাইজে এতিয়া ছাৰ আমাৰ নাম লৈ কিনি কিনি খোৱাৰ হে কথা আৰু ৷ নহয় জানো ছাৰ ৷

কৰুন গগৈ— হেহ হেহ হেহ, অল ইজ্ ৱেল্ - অল ইজ্ ৱেল্ ৷ কালন্ত তোমাৰ কিন্তু এইদাল মাঠা কমতি
নহয় দেই ৷ দেত ইজ অলচ' এ ইমপৰ্তেন্ত মেতাৰ যে কালন্ত তোমাৰ দৰে যদি মিনিস্টাৰ মোৰ লগত থাকে ৷ তেতিয়া মই কাকো কেয়াৰেই নকৰোঁ ৷ মিছা ক'লে কিদাল হ'ব, নহয় জানো ৷ পিছে কালন্ত আমাৰ এই আচনি তোৰ নাম বা কি?

কালন্ত কৃষ্ণ শৰ্মা— ছাৰ আমাৰ এই আচঁনি টোৰ নাম হল" গুটখা সুৰক্ষা আচঁনি "৷

কৰুন গগৈ—— হেহ হেহ হেহ অল্ ইজ্ ৱেল্— অল্ ইজ্ ৱেল্ ৷

★নগেন দাইটিৰ জমনী এটা শুনক… ★

By: Sanjeeb Borkakati

আমাৰ নগেন দাইতি যে…
শনিবাৰ বজাৰত বজাৰ কৰিব গৈছে ! তেওক
দেখি আলু বেপাৰি এজনে চিঞৰি মাতিলে -
: দাদা আহক আহক, আলু লওক…
: এই ককাই নলও দে, তহতে বহুত দাম ক'…
(নগেন দাইতিয়ে বেপাৰিৰ ওচৰলৈ আহি কলে)
: নাই নকও আহক, আজি কমকৈ কম !
কালিতকৈ দাম অলপ আজি কমিচে…
: কিমান কমিচে…
: কালি ১০ টকাত এক কেজি আছিল, আজি ১০
টকাত দুই কেজি পাব …
: হেৰৌ মূর্খ, মোক ঠগিবলৈ আহিচ' ! দাম
টো দেখুন…
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
একেই আছে, আলুহে বাহিল ! কতনো দাম
কমালি ! চাল্লা মোক ঠগিব নোৱাৰ দেই ! নলও যা …!

ভাবিছিলো

By: Bikash Shinobi Ujjal

সৰুতে মার্ৰল খেলোতে ভাবিছিলো ডাঙৰ হলে এবোস্তা মার্বল কিনিম ,
ধেত তেৰি ..ডাঙৰ হোৱাৰ পিছত মার্বল খেলিব মন নোহোৱা হল ।

হাইস্কুলত পঢ়ি থাকোতে ভাবিছিলো মেট্ৰিকত ভালদৰে পাচ কৰি ডাক্তৰ ,ইঞ্ছিনীয়াৰ হম ,
ধেত তেৰি ..মেট্ৰিকত প্ৰথম স্থানেই নাপালো ।

কলেজত পঢ়ি থাকোতে ভাবিছিলো ভাল চাকৰী এটা কৰিম ,
ধেত তেৰি ...মোটা টকাৰ ভেটি নিদিলে দেখোন চাকৰীয়েই নাপায় ।

কম্পিউতাৰ শিকি থাকোতে ভাবিছিলো ,প্ৰাইভেট কোম্পানীত চাকৰী কৰিম ,
ধেত তেৰি ...এক্সপিৰিয়েঞ্চ নহলে ইয়াতো চাঞ্চ নাই ।

ভাবিলো দোকান এখনকে দিম ,
ধেত তেৰি ..মুলধনে নাই ।

অৱশেষত ভাৱিলো বিয়াখনকে পাতো ,
ধেত তেৰি ...বেকাৰৰ ভাগ্যত কোনো ছোৱালী নাই ।

এই পোষ্টটো লিখোতে ভাবিছিলো বহুত লাইক পাম ,
ধেত তেৰি ..বেলেঞ্চ কটা যোৱাৰ ভয়ত এটাওঁ লাইক দিয়া নাই ।..ধেত তেৰি ।।

Tuesday 18 February 2014

৫ টা কথা

By: Jaan Deepjyoti Borah
ছোৱালীবোৰৰ বিষয়ে ৫ টা কথা তুমি কেতিয়াও বুজি নোপোৱা .....................
১.তুমি আজিকালি বহুত হেৰি হৈ গলা; এতিয়া হেৰি মানে কি কোনেও বুজি নাপায় ।

২. মই তোমাৰ পৰা এইটো আশা কৰা নাছিলোঁ ;তেন্তে কথা হল মোৰ পৰা কি আশা কৰা হৈছিল ।

৩.তুমি প্ৰথমৰ দৰে নোহোৱা হলা বহুতো সলনি হৈ গলা;এতিয়া কথা হল প্ৰথমে মই কেনেকুৱা আছিলো ।

৪.সচাকৈ কোৱা মই আজি দেখাত কেনেকুৱা লাগিছো। এতিয়া কথা হল সচাঁ কথা কৈ কোনে মাৰ খাব বিচাৰে ।

৫.মই বহুত স্বাৰ্থপৰ হয়নে বাৰু ?এতিয়া যদিহে হয় বুলি কওঁ এটা বিপদ যদি নহয় বুলি কওঁ তেওঁ এটা বিপদ।

বি:দ্ৰ:বোধহয় সকলোৱে যাতে এটি কৌতুক বুলি ভাবি লয়।মাথো অকণমান সকলোকে হহুৱাৰ এক সৰু প্ৰছেষ্ঠা।
আপোনালোকৰ মতামতৰ অপেক্ষাত......................

কাজিয়া

By: Bitupon Saikia
ট্ৰেইন ত ছোৱালী দুজনী কাজিয়া লাগিল এজনী ইজনীক ডাইনী বুলি গালি পাৰে সিজনীয়ে এই জনীক ডাইনী বুলি গালি পাৰে এনেদৰে চলি আছে আমাৰ উদয় দা আকৌ অকন মান ধৰি লতং পতং কৈ ছোৱালী দুজনী ৰ কাষতে বহি আহিছে ঘটনাটো হল ট্ৰেইন ৰ খিৰিকী এখন খোলা মেলা ক লৈ এগৰাকীৰ জ্বৰ আছে বুলি খিৰিকী ৰ গ্লাছ খন জপাবলৈ লাগে আৰু দ্বিতীয় জনীক গৰম উঠিছে বুলি গ্লাছ খন মেলি লব লাগে । সিহঁতৰ কাজিয়া ইমান দুৰ পালেগৈ এজনীয়ে কয় এই মদকী টো টোৰ পয়েৰে আকৌ ইজনীয়ে কলে সেই মদকী টো টোৰ হে পয়েৰে। অলপ ৰৈ উদয় দাই কলে
,
,
,
,
,,
,,
,
,
,,
,,
,,
,,
,,
,,
,
,
,
,
,
হেৰা ভন্টি মই বাৰু কোন জনীক পত্নী বুলি মানিম আৰু ঘৰত আছেই এগৰাকী । মিছামিছি কাজিয়া কৰি আছা যে এবাৰ ভালকৈ পৰীক্ষা কৰাচোন খিৰিকী খনত গ্লাছ নাইয়ে । তোমালোকে জপাবলৈ মেলিবলৈ ।

ইটোও মেকুৰি চাৰ

By: Sourav Gogoi
দুটা চুৰে ৰাতি মানুহ এঘৰত চুৰি কৰি থকা অবস্থাত আকস্মিক ভাবে প্ৰথম চুৰৰ হাতৰ
পৰা কিবা বস্তু এটা পৰি গল ।ইপিনে গৃহস্থ সাৰে আছিল ।তেঁওলোকে শব্দটো শুনি
মেকুৰীয়ে কিবা পেলাইছে বুলি ভাবি কলে :চু চু চু
সুযোগ বুজি প্ৰথম চুৰটোৱে মাত দিলে :মিউ মিউ মিউ
অলপ পিছত দ্বিতীয় চুৰটোৰ হাত লাগি কিবা বস্তু এটা পৰিল ।এইবাৰ গৃহস্থ সচকিত হৈ কৈ উঠিল:আও,ভিতৰত কি সুমাল ঔ ।
দ্বিতীয় চুৰটোৱে তত্‍ক্ষণাত মাত দিলে :ইটোও মেকুৰি চাৰ !

★জমনী দেই★

By: Sanjeeb Borkakati

আমাৰ যুগু দা মানুহটো ধর্মীয় ক্ষেত্রত যঠেষ্ট
আগ্রহ আছে ! নাম-প্রসংগ বোৰত প্রায়েই
তেও উপস্থিত থাকেই !
ভাদ মাহৰ কথা ! এদিন নামঘৰৰ পাঠেক জনৰ
কিবা লেঠা উলোৱাত সেইদিনা তেও আহিব
নোৱাৰা হল ! সেইদিনা পাল পৰিল আমাৰ যুগু
দাৰ ! কিন্তু যুগুদাই সৰু হৈ থাকোতে, চিলেটত
ডাঙৰ ডাঙৰকৈ ক-খ খন লিখোতেই স্কুল
এৰিলে ! তাৰ পিছৰ পৰা আৰু স্কুল
যোৱা নাই ! এতিয়া তেও এই পুথি খন
কেনেকৈ পহে…? পৰিল নহয় মহা বিপদত !
পিছে যুগু দাও সহজে হাৰ মনা ভকত নহয় !
ইজ্জতৰ কথা আছে ! সকলোকে দেখুৱাই তেও
পুথিখনৰ প্রথম পৃষ্ঠাটো মেলিলে ! তাৰ পাছত
চচমাযোৰ লগাই পুথিখনত প্রথমে 'ক'
টো বিচাৰিবলৈ ধৰিল ! কোনোমতে এটা 'ক'
বিচাৰি উলিয়ালে ! 'ক' টো দেখিয়েই তেও
আচৰিত হল - আগৰ দিনত ইমান ডাঙৰ ডাঙৰ
'ক' আছিল, এতিয়া ইমান সৰু হৈ গল ! এই
ভাৱিয়েই তেও পুথি পহা আৰম্ভ কৰি দিলে…
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
এ ৰাম কি ক আছিলি, কি ক তই হলি ;
খাবলৈ নাপাই তই শুকাই খীনাই গলি !

Wednesday 15 January 2014

বুজি পালে লাইক এটা দিব।(18+)

এজনী তিরোতা শিক্ষিত হলে ৫ জন মানুহক শিকাব পারে।
কিন্তু অর্ধ শিক্ষিত হলে কি হয় তলত চাওক।

এজনী ছোবালীর ইংলিছ কোবা খুব ইচ্ছা আছিল ।
বিয়ার প্রথম রাতি গম পায় যে তাইর গিরীয়েকর এটা ভরি নাই?

তাই ঘরলৈ আহে আরো মাক কয়,,
মা মোর এওর এক ফুট (foot) হে আছে ? মই কি করো !

মা- হে ভগবান ! তোক আরো কিমান দীঘল লাগে ?তেনেকে কব নাপায় (?)
মই আকৌ ভয়ে খাইছিলোঁ।।

দেখিছেনে ।

বুজি পালে লাইক এটা দিব।

কৃষ্ণ! রগর হে করিছোঁ দেই।