Thursday 6 March 2014

.............ছাতি vs বন্দুক ................

By: Jaan Deepjyoti Borah

এবাৰ এজন ৮০ বছৰীয়া বৃদ্ধই এজনী ২২ বছৰীয়া ছোৱালী বিয়া কৰালে।

বিয়াৰ প্ৰায় এবছৰ মান পাছত এদিন এজন বন্ধুক লগ পাই নানান কথা বতৰা পাতিলে আৰু কলে যে তেখেত বাপেক হবলৈ উলাইছে।

তেতিয়া লগৰ বন্ধুজনে কলে শুনা মই তোমাক এটা গল্প শুনাব বিচাৰো ।

বৃদ্ধ : অ কোৱা ।

বন্ধু : এবাৰ এজন চিকাৰী জংঘললৈ গৈছিল চিকাৰ কৰিবলৈ আৰু তাৰ এটা বেমাৰ আছিল যে সি সকলো কথা পাহৰি যায়।এনেদৰে জংঘলৰ ভিতৰলৈ আগুৱাই যাওঁতেই তাৰ মুখামুখি এটা বাঘৰ লগত হয়।বাঘক দেখি সি নিজৰ বন্দুকটো উলিয়ালে আৰু দেখিলে যে সি বন্দুকৰ সলনি ঘৰৰ ছাতিটো লৈ আহিছে ।

কিন্তু একো উপায় নাপায় সি নিজৰ ছাতিটো বন্দুকৰ দৰে দেখোৱাই বাঘক ভয় খোৱালে আৰু বন্দুকৰ দৰে স্তিগাৰ দবালে।দেখিলে যে সেই ছাতিৰ পৰাই গুলী উলাই গৈ বাঘৰ মৃত্যু হল।

বৃদ্ধলোক: অসম্ভৱ ; নিশ্চয় কোনোবা আনে চিকাৰীৰ চকুৰ আৰঁৰ পৰা বন্দুকটো চলাইছিল ।

বন্ধু : অ তুমি একদম ঠিক কৈছা।

পঢ়ি বুজিলে যদি লাইক এটা মাৰক।

No comments:

Post a Comment